হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "ভোটকেন্দ্ৰত বৰদৈচিলা", অবিজিত ভট্টাচাৰ্যই লিখি উলিয়াইছে ভ্ৰাম্যমানৰ বাবে এই বিশেষ নাটখন। আজি ইলেকচনৰ তাৰিখ চিঙাৰ আধা ঘণ্টাৰ ভিতৰতে তেওঁ "চ'তৰে শেষত আহিব ইলেকচন, মন মোৰ কেনেবা কৰিছে চেনাইধন" শীৰ্ষক গীতেৰে আৰম্ভ হব লগা এই নাটখন লিখি উলিয়াইছে। ৰাজগাদী থিয়েটাৰে এইখন নাটক অহামাহৰ ভিতৰতে মঞ্চস্থ কৰিব বুলিও বিজ্ঞপ্তিযোগে জনাইছে আৰু নগৰে-চহৰে এই নাটে খলকনি তুলিব বুলিও আশা প্ৰকাশ কৰিছে।

২. "আঁচনি" আৰু "আধাৰশিলা" নামৰ দুটি তোলনীয়া পুত্ৰ-পুত্ৰী তুলি লব বুলি প্ৰকাশ কৰিছে কইনাধৰা মহলে। এই দুটি ৰত্ন ৰাজনীতিত নমালেহে অনাগত দিনবোৰ সুৰক্ষিত আৰু ভৱিষ্যত উজ্জ্বল হব বুলিও পৰিয়াল পৰামৰ্শদাতাই বেকত কৰিছে।

৩. মহাপ্ৰয়াণ ঘটাৰ পাছতো ডিব্ৰুগড়ৰ এজন দণ্ডাধীশে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ উপস্থিত হবৰ বাবে জাৰি কৰিলে  চমন। এতিয়া সচেতন অনুৰাগী মহলে এই দণ্ডাধীশকে স্বৰ্গলৈ নি ভূপেনদাৰ সমুখত হাজিৰ কৰাব লাগে বুলি মত প্ৰকাশ কৰিছে। এই উদ্দেশ্যে যমৰাজক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী  জনাই ফেক্স কৰা  বুলিও ডাক বিভাগৰ পৰা জানিব পৰা গৈছে।

৪. "পাঁচশ টকাৰ বাবে বাছচালকৰ চকুত খুঁচিলে মহানগৰ আৰক্ষীৰ কনিষ্টবলে"। এই বাতৰি পঢ়াৰ পাছতে পাঁচশ টকা হাতে হাতে দি আৰক্ষী জনৰ চকুত এবাৰ এবাৰ খুঁচিবলৈ ড্ৰাইভাৰ সন্থা উঠি পৰি লগাৰ গোপন খবৰ। তাৰ পৰা ৰেহাই পাবলৈকে আৰক্ষীয়ে  কনিষ্টবলজনক নিলম্বন কৰি লুকাই থকাৰ সুবিধা কৰি দিয়াৰ উঠিছে অভিযোগ। "লাগিলে এহেজাৰ টকাই দিম, তাৰো চকুত এবাৰ খুচিবলৈ দিয়ক", বুলি ড্ৰাইভাৰ সন্থাই দিয়া শ্লোগানত এতিয়া কঁপিছে জালুকবাৰীয়া আৰক্ষী থানা।

৫. বাতৰি কাকতত পুৱাই পুৱাই গঁড় হত্যাৰ ফটো দেখি আৰু আপোনালোকে কাঢ়িব নালাগে হুমুনিয়াহ। এতিয়া গঁড় হত্যাৰ বাবে তিনি ৰাজ্যৰ সহযোগিতা বিচাৰিলে ৰসাল গগৈয়ে। তেখেতে কয়, "সকলোৰে সহযোগিতাত অতি সোনকালেই সকলো খতম কৰি পেলাবৰ বাবেই মই অনুৰোধ কৰিছো। এশিঙীয়া গঁড়ৰ খৰ্গকটা ফটো দেখি আমাৰ শ্ৰীমতীয়েও বেয়া পায়। সেয়েই বোলো, না-ৰহেগা বাঁহ, না থাকিব বাঁহী"! গগৈচাৰৰ এই উদ্যোগক প্ৰশংসা কৰিছে সদৌ অসম তোষামোদকাৰী সংঘই।

৬. পদৰ পৰা আঁতৰিবলৈ নিৰ্দেশ আহিলেও চকী এৰিবলৈ টান পোৱাৰ বাতৰিয়ে সংবাদ শিৰোনামালৈ আনিলে পণ্যাগাৰ নিগমৰ চেয়াৰমেনক। অবাধ লুণ্ঠন কৰি আনন্দ উপভোগ কৰি থকা এজন মানুহে এৰ বুলিলেই চকী এৰি থৈ যাব পাৰে নেকি বুলি ওলোটাই সাংবাদিকক প্ৰশ্ন কৰিলে পণ্যাগাৰ নিগমৰ সমুখত থকা তামোলৰ দোকানীয়ে। তেওঁৰ মতে, এই মায়াৰ সংসাৰত গাদীৰ মায়া কোনে এৰিব পাৰে, গগৈ চাৰেই পাৰে, নে শৰ্মা তাৰেই পাৰে? নিজৰ বেলিকাহে কেনে থেৰোঁগেৰোঁ লাগে সেই কথা সকলোৱে অনুভৱ  কৰিব বুলিও তেখেতে অনুভৱ ব্যক্ত কৰিছে।

৭. বিগত ২৭মাহত অসমৰ পৰা মাত্ৰ ২৪৫৪গৰাকী মহিলা শিশু নিৰুদিষ্ট হোৱা বুলি শিশু অধিকাৰ আয়োগে শিশু সুৰক্ষা দিৱসত কৰিলে প্ৰকাশ। আমেৰিকাতো এনেকৈ হেৰায়, কুম্ভমেলাতো মানুহ হেৰাই, এইবোৰ একো টেনচন লব লগা কথা নহয়, টেনচন সমুখত থকা ইলেকচনহে বুলি সেই বিষয়ে প্ৰতিক্ৰিয়া দিলে গৃহদপ্তৰত বহি থকা ৰসাল গগৈয়ে। আৰু হেৰালেও কথা নাই, লাগিলে আমি চুবুৰীয়া দেশৰ পৰা অলপ বেছিকৈহে আনিম, কি কথা বুলিও তেখেতে প্ৰকাশ কৰিলে দৃঢ়তা।


৮. গুৱাহাটীত হাত দাঙি দিছে ৰসাল গগৈয়ে। হাতোৰা পাৰ্টিৰ ৰাজকুমাৰে কৰা প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া মতেই হত্যাকাণ্ডৰ অভিযোগ থকা, তথা সমাজেসেৱা বিভাগৰ পৰা তামাম ধন ঘটাৰ কৃতিত্ব লভা মানসপু্ত্ৰ বৰাই টিকট পোৱাতো নিশ্চিত হোৱাত তেওঁ বেকত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। নিজৰ অজলা ল'ৰাটোকে জিকাই নিয়াই টান হৈছে, আকৌ লোকৰ সাংঘাতিক  ল'ৰাকো জিকাই নিয়াৰ ৰিক্স তেওঁ কেনেকৈ লব বুলিও তেওঁ প্ৰশ্ন তুলিছে।

৯. "আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলো মোকো খা" নামৰ বিসম্বাদী নাটকখন হাইকামাণ্ড আইদেউৰ আগত মঞ্চস্থ কৰিবলৈ দিল্লীত শিবিৰ পাতিছে আবুল মুহিব নামৰ বিধায়কে। ৫৩জন বিধায়কে এই নাটকত অংশ লবলৈ সন্মতি দিয়া বুলি জনাই তেখেতে এই পাণ্ডুলিপিত চকুফুৰাই চাবলৈ আইদেউক আহ্বান জনাইছে। পিছে নিজৰ ল'ৰাক ৰজা পতাৰ যো-জা কৰোতেই আহৰি নোহোৱা আইদেৱে এতিয়া আন কাৰোবাক ভঙা-পতাৰ ফালে চাবলৈ সময় নাই বুলিয়েই গোপন সূ্ত্ৰত প্ৰকাশ পাইছে।

১০. কালি ক'লা চিয়াঁঞী দলিয়াই ছাহাৰা মালিকৰ মুখ ক'লা কৰিলে এজন অধিবক্তাই। এনে উদ্যমী অধিবক্তাক আচলতে আদালতত নহয়, সংসদতহে স্থান পাব লাগে বুলিও স্থানীয় লোকসকলে মন্তব্য কৰিছে। এতিয়া শিৰোনামা পোৱা অধিবক্তাক টিকট দিবলৈ কেইবাটাও দলে ফোন কৰিও ফোন পোৱা নাই বুলি জানিব পৰা গৈছে। আচলতে অধিবক্তাজন এতিয়া ৰঙাঘৰত আলহী হৈ থকাৰ বাবেই ফোন ধৰিব পৰা নাই বুলি সূত্ৰত প্ৰকাশ পাইছে। 

No comments:

Post a Comment