ইতিবাচক ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক ব্যতিক্ৰম

ইতিবাচক ব্যতিক্ৰম

Share This
শিশুৰ বাবে এখন কিতাপৰ পৃথিৱী
নৱ-প্ৰজন্ম যেন দিনে দিনে ইলেক্ট্ৰনিকৰ পৃথিৱীত ক্ৰমাত ব্যস্ত হৈ পৰিছে টিভি, মোবাইল, লেপটপৰ সৈতে। আজিৰ শিশু সকলৰ বৰ্ধিত এনে তাড়নাই চিন্তাত পেলাবলৈ আৰম্ভ কৰিছে এই গোলকীয় পৃথিৱীৰ নতুন পিতৃ-মাতৃ সকলক। কণ কণ শিশু সকলক ভাৰতীয় সাধুকথা, সংস্কৃতি, সংস্কাৰ দিবলৈ মনে প্ৰাণে পথ বিচাৰি থকা সদা ব্যস্ত অভিভাৱক সকললৈ যেন এক আশাৰ কিৰণহে কঢ়িয়াই আনিছে এই মানুহজনে। তেওঁ লৈ আহিছে শিশুৰ বাবে হাততে ঢুকি পোৱাকৈ এখন সৰু, অথচ কিতাপৰ পৃথিৱী।

হয়, এনে ব্যতিক্ৰমী চিন্তাৰে ৰাষ্ট্ৰীয় সংবাদপত্ৰ ইণ্ডিয়া এক্সপ্ৰেছত সংবাদ শিৰোনামা পাবলৈ সক্ষম হৈছে নীলেশ গাইকোৱাড নামৰ এই মাৰাথী ভদ্ৰলোকে। তেখেত প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰত মুঠতে ১১,০০০ চৰকাৰী-বেচৰকাৰী লাইব্ৰেৰী আছে। কিন্তু সেই সমূহত নাই শিশুৰ বাবে বেলেগ বিভাগ বা বিশেষ উপযোগী গ্ৰন্থ সম্ভাৰ। নাই হাততে পাব পৰাকৈ কম দূৰত্বত এনে সা-সুবিধা। সেই কথা উপলব্ধি কৰিয়েই তেওঁ নিজে স্থাপন কৰিলে শিশুৰ বাবে ক্ষুদ্ৰ পুথিভঁৰালৰ ধাৰণা। তেখেতে মহাৰাষ্ট্ৰৰ বোলধানা জিলাত ১১৫টাকৈ এনে ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰি সফলতাৰে চলাই আছে।

এগৰাকী পাচলি বিক্ৰেতা দেউতাকৰ সন্তান হোৱা সত্বেও তেওঁ এই ব্যতিক্ৰমী কামটো কৰিবলৈহে প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। তেখেতে নিজৰ এই স্পৃহাৰ তাড়নাক মাৰ যাবলৈ নিদিলে। লাইব্ৰেৰীত সাধাৰণতে পোৱা পঞ্চতন্ত্ৰ বা হিতোপদেশৰ দৰেই আন আন শিকনি, সংস্কাৰ তথা নৈতিক শিক্ষাৰ পাঠ দিব পৰা শিশু উপযোগী বিশেষ কিতাপ প্ৰকাশ কৰাৰ বাবে তেওঁ মন মেলিলে। 

তাৰেই ফলশ্ৰুতিত এতিয়া ১০০গৰাকী নিৰ্বাচিত লেখকক  শিশু উপযোগী এনে লেখাৰ বাবে অনুৰোধ জনাই গঢ়ি তুলিছে "বাল সাহিত্য খজানা" বা "শিশু সাহিত্যৰ সঁফুৰা বা সম্ভাৰ"।  এই ক্ষুদ্ৰ পুথিভঁৰালৰ কিতাপ পঢ়িবৰ  বাবে শিশু সকলে কোনা ধৰণৰ মাচুল বা পঞ্জীয়ন মাচুল দিয়াৰ প্ৰয়োজন নাই। শিশু সকলৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে এই অভিনৱ ক্ষুদ্ৰ পুথিভঁৰাল প্ৰকল্পলৈ সচেতন লোক, সমাজৰ জ্যোষ্ঠ জনেই আশীষ ৰূপে সহায়ৰ হাত আগবঢ়াইছে। ৰাইজৰ সহযোগিতা আৰু স্পনচ'ৰাৰ সকলৰ সহায়তেই নীলেশ গাইগোৱাডে এতিয়ালৈ ১১৫টা ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰিছে।

এনে ক্ষুদ্ৰ পুথিভঁৰাল তেখেতে এতিয়া তেওঁ শৈশৱ কটোৱা থানে নামৰ মুম্বাইৰ সমীপৰ জিলাখনতো স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। তাৰে শুভাৰম্ভ কৰি থানেত অহা ৩১মাৰ্চত প্ৰথমটো পুথিভঁৰাল উদ্বোধন কৰিব। তেওঁৰ এই প্ৰচেষ্টাৰ কথা প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন ফ্লেট, হাউচিং কলনী, চ'ছাইটি আদিয়েও এনে লাইব্ৰেৰী স্থাপনৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনাইছে, আগ্ৰহ প্ৰকাশ কৰিছে । পৰবৰ্তী পৰ্যায়ত মুম্বাই আৰু থানেত অন্য ষাঠিটা স্থানত তেখেতে এনে লাইব্ৰেৰী স্থাপন কৰিব। 

"ব্যাস ক্ৰিয়েচনচ"ৰ এনে বিনামূলীয়া লাইব্ৰেৰী স্থাপনৰ বাবে আমন্ত্ৰণ কৰা সকলে কোনো ধন পৰিশোধ কৰিবৰ প্ৰয়োজন নাই। শিশু সকলৰ বাবে কিতাপৰ পৃথিৱী এখন গাইগোৱাডে শুভাকাংখী সকলৰ সাহাৰ্যৰেই কঢ়িয়াই আনিব। এনে আদৰ্শ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন প্ৰদেশতো নৱ-প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আকৰ্ষণক জীয়াই ৰখাৰ নিশ্চয় প্ৰয়োজন আছে। তাৰ বাবে প্ৰয়োজন হব হাজাৰ জন নীলেশ আগুৱাই অহাৰেই, তাৰে হয়তো এজন, আপুনি বা আমিও নিশ্চয়কৈ হব পাৰিম। 

No comments:

Post a Comment