সমাজত নাৰীজনিত অপৰাধ তথা নাৰাবীদঃ
ছ'চিয়েল মেডিয়াত কিছু বিক্ষিপ্ত চিন্তা
ছ'চিয়েল মেডিয়াত কিছুমান প’ষ্ট আৰু মন্তব্য পঢ়ি পঢ়ি আমনি অনুভৱ কৰিছো। একেখিনি কথাই চৰ্বিত-চৰ্বন কৰি থকা নিচিনা লাগিছে। আচৰিত কথা যে অসমীয়া জাতিটো জীয়াই থাকিবলৈ হ’লে নাৰীসকলক বান্ধোনত ৰাখিব লাগিব বুলিও কোৱা হৈছে। এই বান্ধোনটোনো কি আৰু এইটো বস্তু অকল নাৰীসকলৰ মূৰতহে কিয় জাপি দিয়া হৈছেনো? কিছুমান নাৰী সমাজৰ বাবে কলংক, সকলো নাৰী ধৰ্ষণৰ বলি হয় জানো, ধৰ্ষণ ব্যক্তিগত অথবা পৰিয়ালকেন্দ্ৰীক আক্ৰোশৰ কাৰণ, সাজপাৰে মহিলাক পুৰুষৰ ভোগৰ সামগ্ৰী হিচাপে সজায় – এইধৰণৰ মন্তব্যবোৰ পঢ়ি ধন্য হ’লোঁ। আমি এতিয়াও ক’ত ৰৈ গৈছোঁ বাৰু? আৰু এইবোৰৰ লগতে উপচি পৰিলেহি কুমাৰীত্ব, ৰেইন ডান্স, আধুনিকতা, নাৰীবাদ, পশ্চিমৰ অন্ধ অনুকৰণ আদি কথাবোৰ।
আমি মানি লোৱা ভাল যে অতীজৰে পৰা চলি অহা ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৰ বিশেষ একো পৰিবৰ্তন হোৱা নাই। নাৰীৰ ক্ষেত্ৰত আমাৰ বহুতৰে মানসিক ধ্যান-ধাৰণা সেই তাহানিৰ মনুৰ দিনতকৈ এঘন্টামানো আগবঢ়া নাই। এই পৰিবৰ্তনটোৱেই আটাইতকৈ প্ৰয়োজনীয় আছিল। এতিয়াও ভাৰতত নাৰী ধৰ্ষণ, নাৰী উৎপীড়ন, যৌতুক প্ৰথা, একপক্ষীয় প্ৰেমত অন্ধ হৈ নাৰীগৰাকীক এচিদেৰে আক্ৰমণ, প্ৰেম-বিবাহত আৱদ্ধ হোৱাক অপৰাধ হিচাপে গণ্য কৰি শাস্তি হিচাপে অনাৰ কিলিঙৰ দৰে হত্যাকাণ্ড আদি ভয়ানক আৰু নৃসংশ ঘটনাবোৰ অকনো কমা নাই। লগতে এটা কথা অস্বীকাৰ কৰা বৃথা যে ভাৰতীয় সমাজত প্ৰায় প্ৰতিগৰাকী নাৰীয়েই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত কম বেছি পৰিমানে ঘৰুৱা হিংসাৰ (ডমেষ্টিক ভায়’লেন্স) বলি হয়েই। ইয়াৰ এটা অন্যতম প্ৰধান কাৰণ হ’ল ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষসকলৰ নাৰীৰ প্ৰতি দৃষ্টিভঙ্গীৰ অকনো পৰিবৰ্তন হোৱা নাই।
টেহেলকাৰ তৰুণ তেজপালৰ ঘটনাটোৰ পিছত তেজপালৰ ক্ষমা বিচাৰি মেইলযোগে পঠিওৱা চিঠিখনৰ উত্তৰত সেই নিপীড়ীতা নাৰীগৰাকীয়ে ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ এটা লাজলগা দিশ উদঙাই দিছে। তেওঁ লিখিছে - “…… Unfortunately your desire to apologize to RR only reeks of your own patriarchal notion that man own and posses female bodies and that since you violated what you recognize as his property, you are in some way accountable to him. …….” এয়া একেবাৰে সঁচা কথা। ভাৰতীয় সমাজ ব্যৱস্থাত অধিক সংখ্যক পুৰুষে আজিৰ দিনতো নাৰীক এটা শৰীৰ আৰু উপভোগৰ সামগ্ৰী হিচাপেহে গণ্য কৰে আৰু সেই শৰীৰটো তেওঁলোকে নিজৰ সম্পত্তি বুলি ভাবি তাক (শৰীৰটোক) নিজৰ দখলত ৰাখিব বিচাৰে। ব্যক্তি হিচাপে, এক স্বাধীন সত্বা হিচাপে নাৰীক স্বীকৃতি দিবলৈ, নাৰীক সন্মান কৰিবলৈ আজিও অধিক সংখ্যক ভাৰতীয় পুৰুষৰ মানসিকতা অসমৰ্থ আৰু মান্ধাতাযুগীয়া হৈয়েই আছে। এই মানসিকতাৰ সলনি হোৱাটো অতি প্ৰয়োজনীয়। যিদিনালৈকে নাৰীয়ে পুৰুষ নামধাৰী এচাম কাপুৰুষৰ স্খলিত পুৰুষত্বৰ ঘৃণিত প্ৰকাশৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজৰ বেগত জলকীয়াৰ গুৰি লৈ ফূৰিব সেইদিনালৈকে আমি পুৰুষসকলে নাৰীৰ ওচৰত লজ্জিত অনুভৱ কৰা উচিত।
লগতে আমি আৰু এটা কথা মানি লোৱা উচিত যে নাৰীবাদ মানে যৌনতা, পুৰুষ-বিদ্বেষ, সমাজ-বিৰোধী অথবা সমাজক অৱমাননা কৰা ইত্যাদি নহয়। নাৰীবাদ মানে আচলতে মানৱতাবাদহে। আধুনিকতা, নাৰীবাদ আৰু মুক্ততাৰ অৰ্থ ফাকুৱাৰ দিনা বৰষুণ/বিলাহী নৃত্য অথবা নাইট ক্লাবত ড্ৰাগছ খাই এৰাতিৰ সংগীৰ লগত উদ্দাম নৃত্য নহয়।
আমাৰ এচামে যে পশ্চিমৰ দোহাই দি অনবৰতে মুক্ততা আৰু আধুনিকতাৰ কথা কয়, তেওঁলোকে আচলতে আধুনিকতা মানে কি বুজাব খোজে? আৰু পশ্চিমলৈ মূৰ তুলি চালে আমাৰ এচামে সদায় তেওঁলোকৰ মুক্ত জীৱন, উপভোগ আদিবোৰহে কিয় দেখে? পশ্চিমৰ মানুহৰ কৰ্মসংস্কৃতি, সততা, নিয়মানুৱৰ্তিতা, দেশপ্ৰেম আদিবোৰ কিয় নেদেখে?
No comments:
Post a Comment