লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. কালি প্ৰায়বোৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছতে এতিয়া আৰম্ভ হব "অন্তঃসমষ্টি ভিত্তিক প্ৰাৰ্থীত্বকেন্দ্ৰিক বিসম্বাদী ফুটবল"। এই ফুটবলত বহুতো ৰথী-মহাৰথী ধৰাশায়ী হোৱাৰ সম্ভাৱনা থকাৰ লগতে গাঁৱৰ আন আন ফুটবল মেচৰ দৰেই সমৰ্থকৰ মাজত হিংসাত্মক হতাহতি হব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে জালুকবাৰীৰ জ্যোতিষী ভৃগু শৰ্মাই।

২. টিকট নোপোৱা ৰাজনৈতিক কৰ্মী সকলৰ ষ্ট্ৰেছ মেনেজমেণ্টৰ বাবে শান্তিপূৰ্ণভাৱে ক্ষোভ ৰিলিজ কৰিবৰ বাবে সেৱা দলে আয়োজন কৰিছে এক বিশেষ কাৰ্যসূচীৰ। এই কাৰ্যসূচীত টিকট নাপাই বিফল মনোৰথ হোৱা সকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ৰাজীৱ খেল ভৱনৰ ভিতৰতে টিকট পোৱা প্ৰাৰ্থী গৰাকীৰ প্ৰতিমূৰ্তিলৈ কেচুঁমতা দলিয়াই নিজৰ ক্ষোভ আৰু খঙ মৰিষণ কৰিবলৈ তেওঁলোকো সুবিধা পাব বুলিও জানিব পৰা গৈছে। লগতে মুখত ক'লা ৰঙ সানিব খুজিলেও তাতো আপত্তি নাই, মাত্ৰ দলৰ মজিয়াতে সকলো ক্ষোভ মাৰ নিয়ালেই হ'ল বুলি এই প্ৰশংসনীয় ব্যৱস্থা লোৱা সভাপতিয়ে প্ৰকাশ কৰিছে।

৩. মূল্যবৃদ্ধিৰ প্ৰভাৱ এইবাৰ নিৰ্বাচনতো পৰিব বুলি জানিব পৰা গৈছে। আচলতে মূল্যবৃদ্ধি আৰু নিৰ্বাচন এই দুয়োটা বস্তুৱেই ইটো-সিটোৰ লগত ওতঃপ্ৰোত ভাৱে সম্পৰ্কিত। কাৰণ মূল্যবৃদ্ধিৰ ফলত নিৰ্বাচনত খৰছ বেছি হ'লে, সেই খৰছ কৰিবলৈ ধন দিব লগীয়া হোৱা বেপাৰী সকলেও সেই অনুপাতে বজাৰতো মূল্যবৃ্দ্ধি কৰিব লাগিবই বুলি অৰ্থনীতিবিদ মনেমনে সিঙে আঙুলিয়াই দিছে।  আৰু গগৈ চাৰে মিচা ক'লে কি ডাল হব বুলি কৈ ব্যৱসায়ী সন্থাক এই উদ্দেশ্যে সেউজ সংকেত দিয়া বুলিও অভিযোগ উঠিছে।

৪. কিক বস্কিংৰ প্ৰস্তাৱিত প্ৰকল্পত ভূ-মাফিয়াৰ দৌৰাত্ম্য শীৰ্ষক বাতৰিয়ে সচেতন লোকৰ দৃষ্টি কাঢ়ি নিয়াৰ খবৰ পোৱা গৈছে। এই সকল মাফিয়াৰ বিৰুদ্ধেই আচলতে কিক-বক্সিংৰ সঠিক অনুশীলন কৰিব লাগে বুলিও সচেতন নাগৰিক পৰিষদে মতামত প্ৰকাশ কৰিছে। অন্তত নিজৰ প্ৰকল্পটোৰ বাবেই অন্ততঃ ইমান দিনে শিকা কিক-বক্সিংৰ সদ-ব্যৱহাৰ কৰি দৌৰাত্ম্য ৰোধ কৰাৰ বাবেও আহ্বান জনাইছে।

৫. "এই জুই জ্বলিছে জ্বলিছে জ্বলিবই" বুলি শ্লোগানৰে গঠন হোৱা গণ পৰিষদ দলৰ এতিয়া এক নতুন শ্লোগান আমবাৰীত শুনিবলৈ  পোৱা গৈছে। "এই দল ভাগিছে, ভাগিছে ভাগিবই" বুলি শ্লোগান দি জাকে জাকে মানুহে এতিয়া প্ৰস্থান কৰা বুলি জানিব পৰা গৈছে। এতিয়া এই ভাওনাখনৰ পৰিসমাপ্তি সঁচাকৈ কেতিয়া ঘটিব তাকে লৈ গুণাঁগথা আৰম্ভ হৈছে।

৬. সাধাৰণ আম খাবলৈ টেঙা পোৱাৰ বাবে মিঃ মুছাহাৰী এতিয়া বেংগলত তৃণমূলীয় মিঠা  আম  বিচাৰি যোৱাৰ খবৰ আহিছে। মা, মাটি আৰু মানুহৰ পাৰ্টিয়ে তেখেতক শিয়ালদহৰ মিঠা আম খুৱাব বুলিও জানিব পৰা গৈছে। পিছে তেখেতে সেই গুটি আনি কোকৰাঝাৰত তৃণমূলৰ বীজহে ৰুবহি বুলিও তেখেতৰ লগুৱাই প্ৰকাশ কৰিছে।

৭. অসমত এতিয়াৰ পৰা পিচিঅ'ৰ দৰে লানি লাগিব ভ্ৰাম্যমাণ চিনেমাৰ। কালি এন কে মিউজিকে এনে এটা হল খোলাৰ খবৰ পোৱাৰ পাছতে সদৌ অসম ব্লেকমানি সন্থাই বেপাৰটো বেয়া নহয় বুলি  প্ৰকাশ কৰি, কি কি লাগিব, কিমান টকা আহিব তাকে লৈ খা-খবৰ কৰা আৰম্ভ কৰিছে।লগতে আমাৰ জিলাত বেলেগ জিলাৰ চিনেমা হলক সোমাবলৈ দিয়া নহব বুলিও স্থানীয় ব্লেকমানি কমিটিয়ে শ্লোগান তৈয়াৰ কৰিছে বুলিও গোপনে খবৰ পোৱা গৈছে।

৮. অসমত প্ৰৱল ভূইকঁপ হব বুলি ভূমিকম্প বিভাগে আশংকা প্ৰকাশ কৰিছে। এই ভূমিকম্পত গগৈ চাৰৰ চকী কঁপিবনে নাই তাকে লৈ তথ্য প্ৰকাশ নকৰাত জালুকবাৰীত প্ৰৱল প্ৰতিক্ৰিয়া হোৱাৰ খবৰ পোৱা গৈছে। বিশ্বদাইয়ো দহ টকীয়া  ভৱিষ্যতৰ তথ্য জনাৰ অধিকাৰৰ ফৰ্ম ফিলাপ কৰি সবিশেষ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি লিগিৰীয়ে এচ এম এছ যোগে জনাইছে।

৯. জগদীশ বৰভূঞাই মঞ্চস্থ কৰিছে নতুন নাটক, "হাতীৰ পৰা নামিম কিয় বে!"। আমবাৰীৰ কাষতে থকা ৰবীন্দ্ৰ ভৱনৰ নিকটবৰ্তী এখন বাৰত কালি ৰাতি এই নাটক অনুষ্ঠিত হোৱা বুলি খবৰ পোৱা গৈছে।  নাটকখনৰ স্থান, কাল সময় আগতীয়াকৈ ঘোষণা নকৰাৰ বাবেই মেডিয়াই লাইভ দেখুৱাব নোৱাৰিলে বুলিও লাইভ নিউজৰ পৰা জানিব পৰা গৈছে।

১০. সামাজিক সংগঠনে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাত সমালোচনাৰ ৰোষত পৰিল আবকাৰী বিভাগ। নিয়মীয়াকৈ ধন নি থাকিও, এনে উপদ্ৰৱৰ পৰা ৰক্ষা কৰিব নোৱাৰাৰ বাবে বিভাগটোক অবৈধ বেপাৰী সন্থাই গণ সমালোচনা কৰিছে। আৰু অচিৰেই উপযুক্ত সুৰক্ষা নিশ্চিত নকৰিলে বিহু খৰছ নিদিব বুলিও ভাবুকি প্ৰদান কৰিছে।

No comments:

Post a Comment