লোকেল গুজৱ.কম
১. সমাজসেৱা বিভাগৰ লুণ্ঠনৰ ধনেৰে পাহাৰ গঢ়ি এতিয়া মানসপুত্ৰ বৰা দিল্লীলৈ যাবলৈ ওলাইছে। কিন্তু নিজৰ ঠাইতে বেপাৰ ভাল হৈ থাকোতে দিল্লী কা লাড্ডু খাবলৈ যোৱাৰ কি দৰকাৰ বুলি তেখেতৰ ব্যৱসায়ীক সহযোগী সকলে মত প্ৰকাশ কৰিছে। চহী জাল কৰা, নিবিদা নিদিয়াকৈ কাম দিয়া আদি কাম দিল্লীত কৰিলেহে ফচিবহে লাগিব বুলিও তেওঁলোকে শংকা প্ৰকাশ কৰিছে।
২. গেৰুৱা বসন পিন্ধিবলৈ জাকে জাকে হাতীৰ মাউত ধাপলি মেলা দেখি ৰাইজৰ মাজত এক অভূতপূৰ্ব শংকাই দেখা দিছে। এনেকৈ মাউত বিহীন হ'লে হাতী ফ্ৰাষ্টেচনত ভূগি তাণ্ডৱ কৰিবলৈ লাগিলে কি কৰা যাব বুলিও প্ৰশ্ন তুলিছে। অন্ততঃ অসমৰ পৰিৱেশৰ ভাৰসাম্যতা অক্ষুন্ন ৰখাৰ স্বাৰ্থতে মাউত সকলৰ শিবিৰ এৰা বন্ধ কৰিবলৈ সকলো পক্ষকে অসম প্ৰকৃতি সন্থাই আহ্বান জনাইছে।
৩. কলিয়াবৰত বিৰোধী ঐক্যৰ নামত উমৈহতীয়া প্ৰাৰ্থী দিবলৈ পদুম সোনোৱালে হেপাঁহ কৰা বুলি জানিব পৰা গৈছে। পিছে বিৰোধী ঐক্য নামৰ সৰু বৰ ফুটাৰে ভৰপূৰ জাহাজখনত নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ কোনেও সাহস কৰা নাই বুলিও প্ৰকাশ পাইছে। কোনোবা নিৰীহ সাংবাদিক পালে সেইখন নাঁৱত উঠাই দিয়াটো খাটাং বুলিও পদুমদাই প্ৰকাশ কৰিছে।
৪. বিনা পইচাত তামোল নিদিয়াৰ বাবেই মহিলাৰ দোকান ভাঙিলে লতামাকৰী থানাৰ আৰক্ষীয়ে। থানাখনৰ বাঘা বাঘা পুলিচকেইজনে এই বীৰত্ব প্ৰদৰ্শন কৰাৰ বাবে সংবাদ শিৰোনামাত স্থান লাভ কৰিছে। লগতে স্থানীয় লোকসকলে এখতসকলক সাহসিকতাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ দিব লাগে বুলিও মত প্ৰকাশ কৰিছে।
৫. শিলনীপুখুৰী উপডাকঘৰত এতিয়া ডাকোৱাল নাই। সেয়ে চেনিমৰা বাগিচাত চিঠিবোৰ বিলাব পৰা নাই। বছৰটোৰ প্ৰথম মাহৰ পৰাই এই চিঠি দম খাই খাই পাহাৰ হৈছে বুলি প্ৰকাশ কৰি শীতকালত সেইবোৰ জুই ফুৱাবৰ বাবে কামত আহিব বুলিও চকীদাৰ দয়াৰাম নাথে মতামত প্ৰকাশ কৰিছে।
৬. অসমৰ ৰাজনীতিৰ ছাত্ৰ সকলৰ বাবে বিজয়া বাইদেৱে লিখি উলিয়াইছে এখনি অনুভৱ সংকলন। "টিকট পোৱাৰ আনন্দ" নামৰ কিতাপখন দ্ৰুতপাঠ্য ৰূপে প্ৰচলন কৰিবই লাগিব বুলি দাবী কৰি টিকট পাই উৰুলি, নোওৱা ধুওৱাৰ মাজত আনন্দিত হৈ বাইদেৱে কালি গুৱাহাটীত উন্মোচন কৰিছে। জিকক বা হাৰক, খেলত ভাগ লোৱাই আনন্দ বুলিও চংসদত কেৰাটে খেলা বাইদেৱে প্ৰকাশ কৰিছে।
৭. আচৰণ বিধি নমনাৰ বাবে সংবাদ শিৰোনামা পালে এগৰাকী মন্ত্ৰীয়ে। নিয়ম ভাঙিবলৈ শক্তি আহৰণ কৰিবলৈকেতো মন্ত্ৰী হৈছে বুলি তেখেতে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। সাধাৰণ মানুহে কিবা কৰিলে পুলিচে চোঁচৰাই নিব পাৰে, মন্ত্ৰীক জানো পাৰে, সেইকনেইতো মন্ত্ৰী হোৱাৰ সুবিধা তেওঁ লৈছে বুলিও তেখেতে আঙুলিয়াই দিয়ে।
৮. সদৌ ভাৰত ভিত্তিত চলি থকা দল-বাগৰা প্ৰতিযোগিতাত অসমেও উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আঞ্চলিকতাবাদ দলৰ পৰা গেৰুৱা দলত যোগদান কৰিবলৈ গৈ দিল্লীৰ মঞ্চত সভাপতিক সেৱা কৰো কৰোকৈ বেঁকা হৈ পৰা এজন নেতাক দেখি তেখেতৰ মেৰুদণ্ড নোহোৱা হোৱা বুলিয়েই সাধাৰণ ৰাইজে সন্দেহ কৰিছে। লগে লগে তেখেতৰ সমষ্টিৰ পৰা স্থানীয় লোক সকলে তেখেতক এইমছতে এক্স-ৰে এখন কৰি আহিবলৈকো পৰামৰ্শ দি এচ.এম.এচ প্ৰেৰণ কৰাৰ গোপন খবৰ আমালৈ আহিছে।
৯. সিজন মহাজনো এতিয়া পদুম পাৰ্টিলৈ দৌৰ মাৰিছে। বন্যপ্ৰাণীবোৰ দুস্প্ৰাপ্য হোৱাৰ লগে লগে সেইবোৰৰ বেপাৰৰ ভৱিষ্যত নোহোৱাৰ বাবেই ফুলৰ বেপাৰেৰে ৰাষ্ট্ৰীয় মঞ্চতো অসম আৰু অসমীয়াৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈকে এই পদক্ষেপ লোৱা বুলি মহাজনে প্ৰকাশ কৰিছে।
১০. অসমৰ বিভিন্ন গাঁৱতো কেজৰী ৰোগত ভোগা মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰ আহিছে। কেজৰীৱালক গালি পাৰি ষ্টেটাছ নিদিয়াকৈ বা ৰাজহুৱা স্থানত কটুক্তি নকৰালৈকে এই সকল লোকৰ খানা হজম নোহোৱা বুলিও চিকিতসক সকলে প্ৰকাশ কৰিছে। এই ৰোগে মহামাৰীৰ ৰূপ লব পাৰে বুলিও শংকা প্ৰকাশ কৰাৰ খবৰ আমালৈ আহি আছে।

No comments:
Post a Comment