আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
বিষয় ৰেইন-ডেন্স, ট'মেটিনাঃ 
সাংস্কৃতিক সংমিশ্ৰণৰ সময় আৰু সীমাৰেখা 
দেৱব্ৰত গগৈ
আনৰ ভাল ভাল সংস্কৃতিক আমি সন্মান কৰিব লাগে ঠিকেই কিন্ত আনৰ সংস্কৃতি আৰু নিজৰ সংস্কৃতিক একেলগে কিমানখিনিলৈকে ঘুটনিৰে ঘুটিব লাগে সেইখিনি নিৰ্ভৰ কৰিব আমাৰ চাৰিওফালে বিৰাজমান হৈ থকা পৰিৱেশটোৰ ওপৰত । 
বৰ্তমান সময়ত অস্ত্ৰৰ যুদ্ধৰে এটা অঞ্চলক অধিকাৰ কৰাটো যিমান কঠিন, ভাষা ,সংস্কৃতি আৰু ধৰ্মৰে সেই অঞ্চলটোৰ ওপৰত প্ৰভুত্ব খটুৱাবলৈ সিমানেই সহজ । সেয়ে হয়তো আমি আজিকালি অসমৰ চহৰবোৰৰ অলিগলিয়ে গেলা নৰ্দমাৰ কাষত এটা শিৱ মন্দিৰ , কালী মন্দিৰ , শনি মন্দিৰ দেখো , পৰিৱেশ অতিষ্ঠ হোৱাৰ পাছতো আমি বোল-বোমৰ দৰে অতপালি সহ্য কৰি থাকো , দুৰ্গা পূজাত আই নামৰ সলনি নৱৰাত্ৰিক পালন কৰাৰ কথা শুনিবলৈ পাঁও , মক্কাৰ পৰা কোনোবা আমদানীকৃত ধৰ্ম গুৰুৰ আগমণৰ ফলত ৰাষ্ট্ৰীয় ৰাজপথত অস্বাভাবিক যান-যঁটৰ সৃষ্টি হৈ সাধাৰণলোকৰ দুৰ্ভোগ ঘটাৰ পাছতো আমি নীৰৱ হৈ থাকিবলৈ বাধ্য হওঁ । 


প্ৰণৱ বড়োৰ আত্মজাহ , অখিলৰ কাৰাবাস , আগন্তক নিৰ্বাচন , গুৱাহাটী আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলবোৰৰ প্ৰায় 70% মুকলি মাটি অনা-অসমীয়া পুজিপতি আৰু বাহিঃৰাজ্যৰ কনচষ্ট্ৰাকচন কোম্পানীৰ হাতলৈ যোৱা , ফাকুৱাৰ দুদিন গুৱাহাটীৰ ৰাজপথত এজাক সুস্থ শৰীৰ আৰু মনৰ অধিকাৰীৰ যুৱক-যুৱতীৰ আনন্দ কৰাৰ নামত অস্বাভাবিক আচৰণ এই গোটেইবোৰৰ মাজতেই এডাল গোপন কিন্ত সবল যোগসুত্ৰ আছে । যিডালক আমাৰ দৰে সাধাৰণ মানুহে চিনি নোপোৱাৰ বাবেই আজি গুৱাহাটীৰ ৰেইন ডেন্স আৰু আচহুৱা বিলাহী নৃত্যক লৈ সৰ্বত্ৰ বিৰ্তকৰ জোৱাৰ উঠিছে । এই গোটেই কথাখিনি যিসকলে এবাৰ ভালদৰে ফঁহিয়াই চাইছে সেইসকলে গুৱাহাটীত যোৱা দুটা দিনত উদযাপন কৰা বৰ্ষা নৃত্য আৰু বিলাহী নৃত্যক কোনো পধ্যেই সৰ্মথন নকৰে । 

সংস্কৃতিক আদৰা আৰু সংস্কৃতিৰ আচিলা লৈ কাৰোবাৰ ওপৰত প্ৰভুত্ব খটুৱাবলৈ চেষ্টা কৰাৰ মাজত পাৰ্থক্য থাকে । যি বাহিৰা সংস্কৃতিয়ে আমাৰ সুস্থ-সুঠাম যুৱক-যুৱতীসকলক অহৰহ মানসিকভাবে পংগু কৰি আছে তেনে সংস্কৃতিক আমি সদায়েই বিৰোধ কৰি যাম । 

স্পেইনৰ বিলাহী নৃত্য পালন কৰিলে ঠিকেই , কিন্ত সেইজাক যুৱক-যুৱতীৰ কিমানজনে স্পেইনৰ বাসিন্দাৰ দৰে ভদ্ৰভাবে ট্ৰেফিক আইন মানি ঘৰমুৱা হ'ল সেই কথা জানিবলৈ দিছপুৰ , গীতানগৰ , চান্দমাৰী , লতাশিলৰ আৰক্ষী থানাত এবাৰ খৱৰ কৰিলেই গম পাব ।

যিসময়ত ফাঁচী বজাৰত অনাঅসমীয়া বেপাৰী গোষ্ঠীয়ে ৰেইন ডেন্সৰ নামত হেজাৰ হেজাৰ লিটাৰ ব্যৱহাৰযোগ্য পানী অবাবতে পেলাই দিছে তাৰ বিপৰীতে বৰ্তমানে পাহাৰত বাস কৰা , অতীতত গুৱাহাটীৰ সমতলৰ সকলোবোৰ মাটিৰ অধিকাৰী , গুৱাহাটীৰ ভুমি-পুত্ৰ কাৰ্বি আৰু বড়োসকলে এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ কৰি আছে ।

No comments:

Post a Comment