ৰাজনৈতিক বিশ্লেষণঃ (লোকসভা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনৈতিক বিশ্লেষণঃ (লোকসভা)

ৰাজনৈতিক বিশ্লেষণঃ (লোকসভা)

Share This
লখিমপুৰীয়া ৰাইজৰ ভৱিষ্যৎ
হেমচন্দ্ৰ দত্ত
গণতন্ত্ৰত ৰাইজে নিজৰ ভাগ্য নিজেই নিৰ্দ্ধাৰণ কৰে : সংখ্যা গৰিষ্ঠতাই এই ভাগ্যক হয় সুপথে অথবা বিপথে নিব পাৰে। ভাগ্য নিৰ্দ্ধাৰণৰ ক্ষমতাই কিন্তু ৰাইজৰ সৰ্বময় কতৃত্বৰ ইংগিত বহন নকৰে। তেনে হোৱা হ’লে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশক সামাজিক ভ্ৰষ্টাচাৰে ইমান কলুষিত কৰিবলৈ সুযোগ নাপালেহেতেন। ৰাইজে ভোট দি তেওঁলোকৰ প্ৰতিনিধিক নিৰ্বাচন কৰে ঠিকেই। পিছে, সংখ্যা-গৰিষ্ঠতাই ৰাজপাট দখলৰ কাঠামো হোৱাৰ বাবে যোগ্য ব্যক্তিয়ে দেশ শাসন কৰিবলৈ সুযোগ নাপায়।

সমাগত লোক সভা নিৰ্বাচন প্ৰকৃততে লখিমপুৰীয়া ৰাইজৰ বাবে এটা সুযোগ, অযোগ্য প্ৰতিনিধিক শাসনৰ পৰা আতঁৰাই যোগ্যজনক প্ৰতিষ্ঠা কৰাৰ। প্ৰশ্ন হয়, এই সুযোগক ভোটাৰ ৰাইজে সদ-প্ৰয়োগ কৰিব পাৰিব নে ? নে পুনৰ ৰাণী নৰহৰ হাতলৈ যাব শাসনৰ বাঘজৰী? ইমান বছৰে উন্নয়নৰ প্ৰকৃত সোৱাদৰ পৰা বঞ্চিত ৰাইজে ইতিমধ্যে এটা শিক্ষা লাভ কৰা বুলি ধাৰণা কৰিব পাৰি নে?

এই বিষয়ে আলোকপাত কৰাৰ আগতে মই নিজকে ঢকুৱাখনালৈ নিব খুজিছো৷ সেই সমষ্টিৰ বাসিন্দা হিচাপে মই উপলব্ধি কৰিছো যে আমাৰ শত্ৰু আমি নিজেই। ঢকুৱাখনাক বহুতে অসমৰ ভদ্ৰলোকৰ বাস-স্থান বুলি ক’ব খোজে। মোৰ মতে সেয়া এক ভ্ৰান্ত ধাৰণা। যি মানুহে অন্যায়ৰ প্ৰতিবাদ কৰিব নোখোজে, প্ৰতিবাদৰ ভাষা বুজি নাপায়, নিজৰ অধিকাৰৰ  প্ৰতি মুঠেও সচেতন নহয়, তেনে মানুহক কেতিয়াও ভদ্ৰ মানুহ বুলি আখ্যা দিব নোৱাৰি। শিক্ষিত হোৱাটো অৱশ্যে এটা সুকীয়া কথা। ঢকুৱাখনাত এতিয়া শিক্ষিত মানুহ আছে : ভদ্ৰ মানুহ নাই। ভদ্ৰ মানুহ থকা হ’লে সমষ্টিটোৰ উন্নয়নৰ ছবিখন ইমান পুতৌলগা হৈ নাথাকিলহেতেন।

নৰহ-বাহিনীৰ অপাৰ দুৰ্নীতিক প্ৰতিৰোধ কৰিবলৈ এক যোগ্য বিকল্প আজিও ঢকুৱাখনাই সন্ধান কৰিব নোৱাৰাটো অতি দুখৰ কথা। এনে প্ৰেক্ষাপটত সমাগত লোক সভা নিৰ্বাচনে ঢকুৱাখনা তথা সমগ্ৰ লখিমপুৰীয়া ৰাইজলৈ কিবা প্ৰত্যশা কঢ়িয়াই আনিব বুলি আশা কৰিব পৰা যায় নে ? এই কেইদিন সংবাদ-শীৰ্ষ চাই এনে ধাৰণা হৈছে যেন লখিমপুৰ লোক সভা সমষ্টিৰ ভোটাৰৰ এইবাৰ বোধ উদয় হ’ব। টিভিৰ আলোচনাবোৰতো তেনে সম্ভাৱনাৰ ইংগিত দিয়া হৈছে। পিছে পূৰ্বৰ অভিজ্ঞতাৰ পৰা কওঁ টিভিৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৰা অনুমানবোৰ বহুক্ষেত্ৰতে ফুটুকাৰ ফেন। নিৰ্বাচন সমাগত হ’লেই এনে আলোচনাবোৰে সামাজিক-নৈতিকতাক কাঠামো হিচাবে লৈ কোন জিকিব পাৰে বা কোন হাৰিব পাৰে  এনে ধৰনৰ ভৱিষ্যৎবাণীবোৰ কৰি থাকে। পিছে, ভোট গণনাৰ দিনাহে ওলোটা ছবি এখনহে ৰাইজৰ সন্মুখলৈ আহে। 

পূৰ্বৰ অভিজ্ঞতাৰ ভেটিতে কওঁ  এইবাৰো লখিমপুৰত ৰাণী নৰহেই জিকিব। অংকটো তেনেই সৰল। কৰিবলৈ নিৰ্বাচন বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। নিৰ্বাচনত জিকা হৰাটো নিৰ্ভৰ কৰে বিৰোধী শিবিৰৰ ভোট বেংকত খহনীয়া আনিব পৰাৰ ক্ষমতাৰ ওপৰত। ৰাণী নৰহে এই খহনীয়া আনিবলৈ বিশেষ প্ৰচেষ্টা হাতত নললেও এইবাৰ চলি যাব । মাথো সূতা, কম্বল আৰু নিৰ্বাচনৰ আগৰাতি বিলাব পৰাকৈ বিলাতী মদ মজুত ৰাখিব পাৰিলেই হ’ল।

এইবাৰ লখিমপুৰত আপোনা-আপুনি বিৰোধীৰ ভোট বেংকত বিপৰ্যয় হ’ব। গেৰুৱা দলৰ প্ৰাৰ্থী সোনোৱালে ৰাণী নৰহক এসেকা দিব বুলি আৰম্ভনিতে ভাৱিছিলো যদিও শেহতীয়া নিৰ্বাচনী বতাহৰ পৰা অনুমান কৰিছো যে সোনোৱালৰ ভোট বেংকত খহনীয়া হোৱাটো নিশ্চিত। সোনোৱালৰ ভোট কাঢ়ি নিব অগপ, গণ-শক্তি, আম আদমী পাৰ্টী আৰু নিৰ্দলীয়  প্ৰাৰ্থীয়ে। সমষ্টিটোত গন-শক্তিৰ নেতা ৰনোজ পেগুৰ এটা ভেটি আছে । পেগুৱে নিৰ্বাচন খেলা মানেই নৰহ-বিৰোধী শিবিৰৰ ভোট বিভাজন হোৱা। অগপৰ দিন উকলিল বুলি ধৰি ল’লেও, দলটোৰ তৃণমুল ভোটাৰ কিন্তু লখিমপুৰত এতিয়াও আছে। অগপৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলা মানেই সোনোৱালৰ ভোট হাতৰ পৰা হেৰাব। এই প্ৰক্রিয়াত হাত উজান দিব আম আদমী পাৰ্টীয়েও। প্ৰকৃততে আম আদমী পাৰ্টীয়ে এইবাৰ বিৰোধীৰ ভোট বিভাজন কৰিবলৈকে অসমত নিৰ্বাচন খেলিব। ফলত ৰাণী নৰহ কোনো প্ৰতিকূলতাৰ মুখামুখি নোহোৱাকৈ এইবাৰো লখিমপুৰৰ পৰা জিকি আহিব। এয়া পূৰ্বানুমান কৰাত অকনো খোকোজা লগা নাই, সেয়াও এক সত্য কথাই।

No comments:

Post a Comment