মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ)

Share This
মাছ বিষয়ক এক  গৌৰৱময় গৱেষণাপত্ৰ
অসম দেশত মাছক লৈ যিমান হেপাঁহ সিমান হেপাঁহ আমেৰিকাতো নাই। আমেৰিকাতকৈ অসমত মাছ বেছিকৈ খায়। মিচা ক'লে কি ডাল হব নহয়নে!তাতে আকৌ, বিদেশত পঢ়া মানুহৰ আৰু বিদেশী বোৱাৰী অনা সকলৰ অসমীয়া মাছৰ প্ৰতি হেপাঁহটো বেছি। সেয়ে,  পৃথিৱীৰ চুকে-কোণে ঘূৰি পকি আহি অসম খালে-দোঙে ভালকৈ চালে বুজি উঠা যায়, আৰু এটা কথা কব পাৰি যে আচলতে মাছ দুবিধেই, এবিধ মতা মাছ, আনবিধ মাইকী মাছ! 

এই দাবী শুনি হাঁহিব খোজা সকলে হাঁহিব পাৰে, এয়া ডেমক্ৰেচী, হাঁহিব পাৰে, কিন্তু আমি এটা কথা দাঠি কব পাৰো যে, গুগোল মাৰিও কোনেও কোনো হিজৰা টাইপ মাছ কোনেও আৱিস্কাৰ কৰিব পৰা নাই! অসমত কিয়, আমেৰিকাতো... মিচা ক'লে কি ডাল হবহে....

যদিও এই দুবিধ মাছৰে বিভিন্ন প্ৰজাতি থাকে। আটাইতকৈ খেলিবলৈ ভাল লগা মাছ হ'ল চেঙেলী মাছ। একদম স্পৰ্টি-টাইপৰ! আংকল সকলে কোৱা মতে সাত ঘাটৰ চেঙেলীয়েই আটাইতকৈ তীখৰ মাছ। আচলতে এনেকুৱা মাছে পুখুৰীত কিয়, ৰাজনীতিৰ পথাৰতো কাৰো হাতত নপৰাকৈ সৰকি পলাই ফুৰিব পাৰে। জালুকবাৰীৰ ফালে পুখুৰীত এনে মতা মাছ পোৱা যায় বুলি দেউতাহঁতে কয়।

চেঙেলীৰ দৰেই দেখিবলৈ, কিন্তু শান্ত স্বভাৱৰ গৰৈ মাছ। এনে মাছৰ মতা মাছবোৰৰ পোহনীয়া ধৰণৰ হয়। আচলতে সৰুৰে পৰা মাকে পোনা চৰাই চৰাই এই গৰৈমাছক গহীন গম্ভীৰ কৰি তোলে, বা একেদলে দলৰ লগত থাকি ভগাই বতাই খোৱাৰ ট্ৰেইনিং দিয়ে। সেয়ে কব পাৰি, গৰৈ হ'ল দলীয় মাছ। চেঙেলীৰ দৰে ই বিসম্বাদী নহয়!

কিমান দ' পানীত থাকি ভাল পায়, তাকে লৈও মাছবোৰক কিছুমানে ভাগ ভাগ কৰে। গভীৰ পানীৰ মাছ বুলি ক'লে হেনো ই অসমীয়াত ধুৰন্ধৰ মানুহকো বুজায়। গভীৰ পানীৰ মাছক ধৰিবলৈ টান। কম পানীৰ মাছক পানী সিঁচি, বা জাল পাতি ধৰিবলৈ সুবিধা। আজিকালি পিছে ছেঙেলী টাইপৰ মাছৰ বাবে পানী কমেই হওক বা বেছিয়েই হওক, সি বেছি পাৰ্থক্য নানে। মুঠতে কম পানীতো ছেঙেলীক হাতত পেলাবলৈ টান। সেই কথা দেউতাহঁতেও স্বীকাৰ কৰিছে। ইয়াৰ পিঠিও বৰ পিছল, হাতত পৰিলেও পাক মাৰি ওলাই যায়।

মাইকী চেঙেলী মাছৰ চৰিত্ৰ বুজাটো টান, দেৱতায়ো নুবুজে! এতিয়ালৈকে হেনো এই বিষয়ত অসমৰ কোনো এখন ইউনিভাৰ্চিটিয়েই এইবিষয়ত ডক্টৰেট ডিগ্ৰী দিয়া নাই।  কিন্তু মিঃ চেঙেলীৰ লগত মিচেচ চেঙেলীয়ে জীৱনত কেনেকৈ সহযোগিতা কৰে সেয়া মানুহে জানিব লাগে। তাৰ বাবে আমি সকলোৱে সৰু বৰ পুখুৰীত পৰ্যবেক্ষণ ৰখাৰ দৰকাৰ আছে।

অসমীয়া মানুহে মাছ খায় বৰ ভাল পায়। অসমত বেছিকৈ নাপায় বাবে অন্ধ্ৰ প্ৰদেশৰ পৰা আনি হলেও এই বন্ধ প্ৰদেশে আমদানি কৰি হ'লেও খায়। মাছ বুলিলেই মেকুৰী মানে কেটলৈ মনত পৰে।  মাছলৈ কেটৰ সদায়েই লোভ। সেয়ে হেনো চালানী মাছ অনাৰ বাটতো সদায়েই এনেদুৱা দলুৱা মেকুৰী কেইটামান বহি থাকে আৰু তাৰে একাংশ গুন্দাগিৰি খায়। এনেকুৱা বাটত মাছখোৱা কেটবোৰক মানুহে ছিণ্ডিকেট বুলি মাতে। 

এইবিধ কেটৰ পৰা উপকাৰ বহুত। ৰাজনীতিৰ পথাৰত নমা মানুহৰ বাবে এনে কেটৰ সহায়ৰ প্ৰয়োজন হয়েই। ই আপোনাক সৰু সৰু সাধাৰণ দৰিকনা, খলিহনা আদি মাছ ধৰিবৰ বাবে সহায় কৰে। সাধাৰণ মাছবোৰ ধৰিবৰ বাবে কি কি টোপ দলিয়াব লাগে, ক'ত বৰশী পাতিব লাগে, ক'ত জাল পাতিব লাগে এনে দলুৱা মেকুৰী কেইটাইহে জানে। সেয়ে ভি আই পি হবলৈ হলে দুবিধ কেট লাগেই, এবিধ ব্লেক'কেট আৰু আনবিধ ছিণ্ডিকেট! এইখিনিতে এই বৰফদিয়া মাছৰ বকলাটোৰ আধ্যা পেলাইছো আৰু তাতোকৈ গুৰুত্বপূৰ্ণ মাছবিধত মনোনিবেশ কৰিবলৈ ওলাইছো। সেয়া হৈছে শুকান মাছ। শুকান মাছতো ছিণ্ডিকেট নামৰ দলুৱা মেকুৰীৰ প্ৰভাৱ অপৰিসীম। 

ধনী মানুহে বৰফত দিয়া অন্ধ্ৰ প্ৰদেশৰ মাছ নাখায়। ৰজা মানুহৰ প্ৰিয় বাংলাদেশী ইলিচেই। ইলিচ যিমানে আহে সিমানেই নেতা মানুহৰ সুখ হয়। ইয়াতকৈ বেছি ৰাজহুৱা নকৰিবলৈ দেউতাই হাক দিছে।

মুঠতে সৰ্বশেষত কও, মাছ চেঙেলীয়েই হওক বা গৰৈয়েই হওক, অন্ধ্ৰৰ চালানীয়েই হওক বা নগাঁৱৰ পুখুৰীৰ ভকুৱাই হওক, বা শুকানেই হওক বা ইলিচেই হওক, এই গৱেষণাৰ পৰা এটাই সিদ্ধান্তত উপনীত হব পাৰি যে, মাছ সঁচাকৈয়ে দুবিধেই, এবিধ মতা, এবিধ মাইকী। এই আৱিস্কাৰটোৰ বাবে আমি পেটেণ্ট কৰিমেই, সত্য আৱিস্কাৰৰ বাবে অস্কাৰো পাই যাব পাৰো....

আৰু এটা কথা চিৰ সত্য যে এটা পুখুৰীৰ মাইকী মাছৰ সৱলীকৰণ নোহোৱালৈ মাছ জাতিৰ আধাহে সৱলীকৰণ সম্ভৱ! যেনেকৈ ৰাহুদাই কৈ যোৱাৰ দৰেই... মিচা ক'লে কি ডাল হব হেঃ হেঃ হেঃ....

No comments:

Post a Comment