হিন্দী চিনেমাৰ দৰে মুঠেই নহয় কথাবোৰ
অজয় লাল দত্ত
কবি হিমাংশু প্ৰসাদ দাসৰ জনপ্ৰিয় কবিতাৰ শাৰী-
"হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ...."
আপুনিওটো দেখে, কিমান হিন্দী চিনেমাত হিৰ'ই অচিনাকি কাৰোবাৰ লগত হঠাত কাজিয়া কৰে, চৰ মাৰে, নায়িকাক বচায়। পাছত দেখিব, সেইজনো কোনোবা ডনৰ ভায়েক ! ভাই-কা ভাই ওলাবই ওলাব।
তাৰ পাছতেই হব আচল কাহিনী আৰম্ভ!
আপুনিওটো দেখে, কিমান হিন্দী চিনেমাত হিৰ'ই অচিনাকি কাৰোবাৰ লগত হঠাত কাজিয়া কৰে, চৰ মাৰে, নায়িকাক বচায়। পাছত দেখিব, সেইজনো কোনোবা ডনৰ ভায়েক ! ভাই-কা ভাই ওলাবই ওলাব।
তাৰ পাছতেই হব আচল কাহিনী আৰম্ভ!
অসমত তাৰ ৰূপটো অলপ থলুৱা! যাকেই পুলিচে সুৰাপান কৰি বেয়াকৈ গাড়ী চলোৱাৰ বাবে ধৰিব, পৰ-নাৰীৰ সতে ধৰা পেলাব, কিবা এনেকুৱা লেটিপেটিজনক কাৰবাৰত ধৰিব। তাৰ পাছত দেখিব তেওঁৰ ভিনদেউ নহ'লে ডি এছ পি, নহ'লে অমুক পাৰ্টিৰ তমুক, নহ'লে কাৰোবাৰ এলেকৰ পেলেক।
তেতিয়া ভাবো, সঁচাই জীৱনটোত অচিনাকিজনৰ কি শক্তি কি দুৰ্বলতা, কাৰ কি চিনা-জনা আছে, আগতীয়াকৈ ধৰিব নোৱাৰি। সেয়ে চাগৈ অসমীয়া ফকঁৰা যোজনা, খণ্ডবাক্যই ইয়াক কেইবাটাও ৰূপত প্ৰকাশ কৰিছে- "বাটৰ কচু গাত ঘঁহি নলবা", "অচিন কাঠৰ থোৰাও নলগাবা", "অচিন বন্ধুতকৈ চিনাকি শত্ৰুও শ্ৰেয়" ইত্যাদি।

জ্যেষ্ঠজনে এই বুলিও পৰামৰ্শ দিয়ে, "শত্ৰু হওক বা বন্ধুৱেই হওক, সন্মুখত থকাজনক কেতিয়াও গুৰুত্বহীন বুলি ভাবিব নালাগে", "ময়েই সকলো জানো, সৰ্বজান্তা, আনে কি জানে, ধুৰ সি কি জানে!" বুলি ভবাটোৱেই হেনো আজিৰ দিনৰ ডাঙৰ মুখাৰ্মি। এই মুৰ্খামি দিল্লীতো আন্নাৰ আন্দোলনৰ সময়ত "ইংৰাজী মাধ্যমৰ লুটিয়ন জ'নৰ বিয়াগোম সাংবাদিক" সকলে কৰা বুলি সেই সময়ৰ সাংবাদিক আশুতোষৰ গ্ৰন্থত আৰু সাক্ষাতকাৰত প্ৰকাশ পাইছিল।
আমিও তেতিয়া আন্নাক আনেহে পৰিচালনা কৰিছে, হাইস্কুলৰ ডেউনা পাৰ নোহোৱা মানুহেনো কি জানে বুলি প্ৰকাশ কৰা সংবাদসেৱী তথা ৰাজনৈতিক বিশেষজ্ঞৰ বক্তব্যত ক্ষুন্ন অনুভৱ কৰিছিলো। তেখেতক চিৰদিন যুদ্ধৰ ট্ৰাক ড্ৰাইভাৰৰ ৰূপতে কল্পনা কৰিব বিচৰা সকলক মনে মনে গৰিহণা দিছিলো। ভাবিছিলো, আনুস্থানিক শিক্ষাইতো সকলো নহয়। তাৰ পাছৰ কালছোৱাত কৰা সামাজিক কাম, পদে পদে ঠেকি শিকাৰ অভিজ্ঞতাই মানুহক কি কি শিকাইছে, আনে কেনেকৈ জানিব। আন্নাই নিজৰ গাঁও খনলৈ অনা ৰূপান্তৰ, কেইজন মানুহে নিজৰ জন্মভূমিলৈ আনিব পাৰিছে। ৱিকিৰ তথ্যমতে জল-ব্যৱস্থাপনাৰ পৰামৰ্শদান সমিতি এখনত তেখেতক মহাৰাষ্ট্ৰত এবাৰ কেবিনেট মৰ্যদাও যচা হৈছিল। কোনোবা বিশ্ব-বিদ্যালয়ে সন্মানজনক ডক্টৰেট ডিগ্ৰীও আগবঢ়োৱা বুলি পঢ়িবলৈ পাইছিলো। পুথিগত শিক্ষাৰ বাদেও জীৱনে কাক কেতিয়া কিমান শিকাইছে বা পৰিপুষ্ট কৰিছে আমি আচলতে ধাৰণা কৰিব নোৱাৰো বা পূৰ্ববৰ্তী ধাৰণা গ্ৰহণ কৰাটো উচিতো নহয়।

আমাৰ ঘৰৰ কাষৰে এজন দাদাই নিজে ভিনিয়েকৰ কিতাপৰ দোকানত হকাৰ হোৱাৰ পৰা আৰম্ভ কৰি নিজৰ অধ্যৱসায় আৰু জীৱনৰ ব্যৱহাৰিক শিক্ষাৰে উত্তৰ-পূৱ গ্ৰন্থমেলাৰ এবাৰ শ্ৰেষ্ঠ গ্ৰন্থ প্ৰকাশক ৰূপেও স্বীকৃতি লাভ কৰিলে। তেখেতে এতিয়ালৈ প্ৰায় চাৰিশমান কিতাপ, অসমৰ বহুতো জনপ্ৰিয় তথা বৌদ্ধিক নেতাৰ গ্ৰন্থ ধেমাজিৰ পৰাই প্ৰকাশ কৰিও আমাৰ ঠাইখনৰ নাম উজ্বলালে। কেতিয়াবা মানুহে যেতিয়া, সেই মানুহজনকো তেওঁ ক'ৰ পৰা আৰম্ভ কৰিছিল সেই কথাতহে গুৰুত্ব দিবলৈ যত্ন কৰে, তেতিয়া কবলৈ মন যায়, "তুমি ক'ৰ পৰা আৰম্ভ কৰিছা, সেয়া গুৰুত্বপূৰ্ণ নহয়, কিন্তু জীৱনলৈ কলৈ গৈ আছা সেয়াহে গুৰুত্বপূৰ্ণ"। ব্যৱহাৰিক জীৱনত বহু উপদেশ সেই দাদাজনৰ পৰাও গ্ৰহণ কৰিছো, আৰু ব্যৱহাৰিক, ব্যৱসায়ীক জীৱনত তেওঁক সেই ক্ষেত্ৰৰ এজন অতি জ্ঞানী বুলিয়েই সন্মানো প্ৰকাশ কৰিছো। তেওঁৰ জীৱনৰ জ্ঞান, শিক্ষাগত অৰ্হতাত আমাৰ দৃষ্টিত বহুত বেছি পঢ়া মানুহতকৈ বেছি পৰিপক্কহে!

সকলো মানুহৰ জীৱনৰ যাত্ৰাবোৰ সুকীয়া সুকীয়া। আপুনি আমি কৰা যাত্ৰাটো কৰা নাই, সেয়ে জীৱনে আমাক শিকোৱা পাঠবোৰো আয়ত্ত কৰা নাই। আমিও আপোনাৰ! পাঠ্যপুথিগত শিক্ষাৰ বাহিৰেও আমাৰ কি জ্ঞান পাইছো, কি কিতাপ পঢ়িছো, কামত-অহা, কামত নহা জ্ঞান, মেধাৰ দৌৰ কিমান সেই কথা আপুনি জানিবইবা কেনেকৈ। যেনেকৈ আমিও নাজানো আপোনাৰ!
ৰাজনীতি বিজ্ঞান বিষয় ৰূপে নপঢ়া হলেইযে ৰাজনীতিৰ সচেতনতা বা জ্ঞান নাথাকিব সেয়া কোনো কথা নাই। পৰমাণু বিজ্ঞান বা মহাকাশ বিজ্ঞান পঢ়িলেই যে উত্তৰ-আধুনিক কবিতাৰ জ্ঞান নাথাকিব, সেয়াও নিশ্চয় নহয়। জানিবলৈ জ্ঞান লভিবলৈ মন থাকিলে যিকোনো কিতাপেই গ্ৰন্থাগাৰত উপলব্ধ। এতিয়াটো কম্পিউটাৰ, গুগোলৰ দুনিয়াত তথ্য প্ৰযুক্তিৰ যুগত তথ্য প্ৰায়েই সহজলভ্য। সহজলভ্য তথ্যসূত্ৰও। মানুহে আগ্ৰহ থাকিলে কিমানলৈকে জ্ঞান-বুদ্ধি আজি ঘৰতে বহি আহৰণ কৰিব পাৰে, তাৰো সীমা নোহোৱা হৈছে।
তথ্য, জ্ঞানৰ উপলদ্ধতাই এতিয়া নতুন প্ৰজন্মক মানসিকভাৱে সৱল কৰি তুলিছে, সৱলীকৰণ কৰিছে। আজি সৰু ল'ৰা এটায়ো কি কথা জানে, কি নাজানে আগতীয়াকৈ পূৰ্বানুমান কৰাটো কঠিন হৈ পৰিছে। যি কোনো নাগৰিকৰেই তথ্য, যুক্তি আৰু বিশ্লেষণক এতিয়া আওকান কৰাটো উচিত নহয়, বা সমাজৰ নেতৃত্ব গ্ৰহণ কৰিব বিচৰা সকলে দিনক দিনে ইয়াক আওকান কৰিব নোৱাৰা হৈ পৰিছে। চ'চিয়েল মেডিয়া বা সামাজিক যোগসূত্ৰৰ মঞ্চই এই ক্ষেত্ৰত দিনক দিনে নাগৰিকৰ সৱল ভূমিকাক প্ৰতিফলিত কৰি তুলিছে।
সেয়ে আজি, সামাজিক যোগসূ্ত্ৰৰ মঞ্চত অনুভৱৰ প্ৰকাশ কৰা, প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাগৰিক সকলক টুলুঙা বুলি গণ্য কৰিবলৈ বা আখ্যা দিয়াৰ সহজ পন্থা গ্ৰহণ কৰি আওকান কৰাটো যদিও আটাইতকৈ সৰলতম কাম। কিন্তু ই বাস্তৱক আওকান কৰাৰ এক অভিনয়হে হব! কাৰণ, বাস্তৱ বাস্তৱেই.... য'ত আমি কাব্যিক হৈ নিজক প্ৰশ্ন কৰো, "চাল্লা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ.......।"
No comments:
Post a Comment