হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. "কলিয়াবৰত ৱাক-অভাৰ" নামৰ নাটকখনি কইনাধৰা প্ৰডাকচনৰ সৌজন্যত প্ৰস্তুত কৰি উলিয়াইছে হোজাইৰ সুগন্ধি নাট্য দলে। এই নাটকখনি অতি ভাৱগধুৰ, ওপৰে ওপৰে চালে বেলেগ আৰু তাৰ ভিতৰুৱা অৰ্থ বেলেগ বুলি জানিব পৰা গৈছে। অসমৰ ইতিহাসত এনে ডাৱল মিনিঙৰ ব্যতিক্ৰমী নাটকৰ মঞ্চায়ন প্ৰথম বাৰৰ বাবেই হব বুলি নাট্যদলটোৱে জনাইছে।

২. টেলিফোন গ্ৰাহাম বেল, ৰেডিঅ' মাৰ্কনিয়ে আৱিস্কাৰ কৰা বুলি আপুনি জানেনে?  তথাপি "আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান" শীৰ্ষক গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে ৱাজেদ বালি চৌধুৰীয়ে। এই গ্ৰন্থৰ মতে ভাৰতত লেপটপ, কম্পিউটাৰ আৰু মোবাইলৰ নিৰ্মাতা আৰু আৱিস্কাৰক এজনেই বুলি ঘোষণা কৰিছে। তেওঁৰ মতে সকলোৰে মালিক এক, সকলো মালিকৰেই সৃষ্টি। সেয়ে তেওঁ হাইকামাণ্ড মেডামৰ মালিকৰ নামকেই সৃষ্টিকৰ্তাৰ ৰূপত ইয়াত উল্লেখ কৰিছে। গতিকে আধুনিক ভাৰতৰ বিষযে সম্যক জ্ঞান লবলৈ আপুনিও সংগ্ৰহ কৰিব পাৰে এইখন মূল্যবান গ্ৰন্থ।

৩. "অখিল গগৈ মুক্তি কেতিয়া" সন্দৰ্ভত সদৌ অসম পঞ্জিকা লেখক ভৱিষ্যতবাণী সংঘই হোলী উপলক্ষে আয়োজন কৰিছে এখনি বিশেষ প্ৰতিযোগিতাৰ । সঠিক ভৱিষ্যত বাণী কৰাজনক নগদ তিনিটা গঁড়ৰ খৰ্গ তাবিজ বনাই বেচিবৰ বাবে প্ৰদান কৰিব বুলিও স্পনচৰ কৰা হাবিবন হুছেইনে প্ৰকাশ কৰিছে।

৪. "মহিলা মাছ পোহাৰ হাতপুথি" শীৰ্ষক সৰুকন গগৈৰ তত্ব-গধুৰ গ্ৰন্থখনি অসমীয়া মীন বিভাগে দ্ৰুতপাঠ্য ৰূপে ৰাজ্যৰ সকলো কৃষককে বিতৰণ কৰিবলৈ লোৱাৰ সুখবৰ। মহিলা মাছ সৱলীকৰণৰ বাবে সৰুকন গগৈৰ টিপছ লৈ অসমৰ মীন পালকে অচিৰেই ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিব পাৰিব বুলিও পুখুৰী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু লগতে মহিলা মাছক মৰম চেনেহ কৰাৰ ১০০টা টিপচো ইয়াত সন্নিবিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে।

৫. মূল্যবৃদ্ধি ও বজাৰলৈ লক্ষ্য ৰাখি সদৌ অসম হালধীয়া সাংবাদিক সন্থাই মালিক সন্থাৰ সৈতে সংগতি ৰাখি, নিজৰো দৰ-দাম নতুনকৈ ঠিক কৰাৰ বাতৰি পোৱা গৈছে। বিজ্ঞাপনৰ ৰেট নতুনকৈ নিৰ্ধাৰণ কৰাৰ দৰেই পেইড নিউজৰ দৰে অপৰাধত কম পইচাত প্ৰলুদ্ধ হৈ লিপ্ত নহও বুলিও সন্থাই সদস্য সকলক শপত বাক্য পাঠ কৰাইছে। চিকা মাৰি হাত নোগোন্ধোৱা আৰু পালে ভাল হৰিণাহে বধ কৰিবলৈ এই সকল সদস্যই এই নিৰ্বাচনী বিহু বতৰত কলম চুই শপত খাইছে বুলিও গুজৱ ওলাইছে।

৬. নিৰ্বাচনী বিহুৰ বতৰত লোকেল চুলাইৰ চাহিদা কম হব আৰু সেইবাবে গ্ৰাম্য অৰ্থনীতিৰ লগতে লালি গুৰৰ ব্যৱসায়ী সকলৰো অৰ্থনীতিত কু-প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ পাইছে। এনেকুৱা বতৰত লোকেল খোৱাতকৈ দেশতে নিৰ্মিত বিদেশীবিধ খাবলৈ ৰাইজে মন কৰে বুলি প্ৰকাশ কৰি গ্ৰাহক অধ্যয়ন কেন্দ্ৰৰ পৰা সাময়িক বাবে নিৰ্বাচন পাৰ নোহোৱা পৰ্যন্ত গেলামালৰ দোকানতো বিদেশী বিধ পোৱাতো বিধিসন্মত কৰি দিবলৈ পৰামৰ্শ আগঢ়াইছে। এই পৰামৰ্শ নিৰ্বাচনৰ প্ৰাৰ্থী, ভোটাৰ, ক্ৰেতা, বিক্ৰেতা সকলোৰে সামূহিক স্বাৰ্থলৈ লক্ষ্য ৰাখিয়ে আগবঢ়োৱা হৈছে বুলি কেন্দ্ৰটোৱে জনাইছে।

৭. "ৰাণীৰ আগত কাৰ কিমান দৰ" নামৰ এখন বিশেষ প্ৰতিযোগিতা বিসম্বাদী বিধায়ক সন্থাৰ উদ্যোগত লখিমপুৰত আয়োজন কৰাৰ খবৰ আহিছে। বিগত নিৰ্বাচনত মাত্ৰ ১কোটিতে সৈ মনা সকলে এইবাৰ নিজৰ নিজৰ দাম কেনেকৈ বঢ়াব পাৰে তাকে লৈ কূটকৌশল ৰচনা কৰি আছে। আৰু বিপৰীতে ফিটিং বিশেষজ্ঞ সকলে কিমান কমতে ৰাজী কৰিব পাৰে তাকৈ লৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই কেইদিনতে ফলাফল ঘোষণা হব যদিও তাক লোকচক্ষুৰ সমুখৰ পৰা লুকুৱাই ৰখাৰ ব্যৱস্থা কৰিব বুলিও ফিটিং বিশেষজ্ঞই প্ৰকাশ কৰিছে।

৮. মাত্ৰ ১৫লাখ টকা সহ এজন হাতোৰা পাৰ্টিৰ বিধায়কক বিমান বন্দৰত আটক কৰাত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ই যে বিমান বন্দৰ আৰক্ষীৰ ঠেক মনৰ গণ্ডীৰ কথাহে প্ৰমাণ কৰিছে সেই কথাও সমালোচকে আঙুলিয়াই দিছে। আজিৰ যুগতো দহ টকীয়া নোটলৈয়ে সন্তুষ্ট হোৱা আৰক্ষীয়ে আজিকালি ধনী মানুহৰ হাত খৰছৰ বাবে লগা মাত্ৰ ১৫লাখ টকাৰ প্ৰয়োজনীয়তা কেনেকৈ বুজি উঠিব বুলিও প্ৰশ্ন তুলিছে!

৯. "তলে তলে কাটিম পাখি" নামৰ নাটক এখন লিখি শেষ কৰিছে জালুকবাৰীৰ বিশিষ্টি নাট্যকাৰ হিমুকন শৰ্মাই। তেখেতৰ এই নাটকখন অসমৰ সকলো লোকসভা সমষ্টিতে গুণগ্ৰাহীসকলৰ সহযোগত মাৰ্চৰ পৰা এপ্ৰিলৰ শেহলৈ মঞ্চস্থ কৰাৰ দিহা কৰিব বুলি জানিব পৰা গৈছে। তেখেতৰ অনুগামী সকলো নাট্যকৰ্মীয়ে ইয়াত সদলবলে অংশগ্ৰহণ কৰিব বুলিও নাট্যকৰ্মীজনে প্ৰকাশ কৰিছে।

৩. অসমৰ শিক্ষক সকল সঁচাই অনুপম আৰু বুদ্ধিত বৃহস্পতি বুলি প্ৰশংসা প্ৰকাশ কৰিছে লিখা-পঢ়া মন্ত্ৰী বিশ্ব শৰ্মাই। এজন শিক্ষকে তিনিওটা শ্ৰেণীকে একেলগে তিনিটা কোনত সুন্দৰকৈ বহাই লৈ পঢ়াই থকাৰ দৃশ্য বাতৰি কাকতত প্ৰকাশ হোৱাৰ পাছত সেই ফটো তেওঁলৈ সচেতন নাগৰিকে টুইট কৰি দিয়া বুলি জানিব পৰা গৈছে। সেই টুইটৰ উত্তৰতে সেই শিক্ষকজন আমাৰ ৰাজ্যৰ বাবে আদৰ্শ আৰু তেওঁক মন্ত্ৰী বিশেষ পুৰস্কাৰ প্ৰদান কৰিব বুলিও প্ৰকাশ কৰিছে। পিছে ছাৰে আচলতে খঙতহে টিঙিৰি-তুলা হৈ ফটো সাংবাদিকজন কোন জানিব বিচাৰি পেপাৰখনলৈ ফোন কৰা বুলিও গুজৱ ওলাইছে।

No comments:

Post a Comment