আজিৰ ভাল খবৰবোৰ
১. ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা হকীত প্ৰথমবাৰলৈ চেম্পিয়ন হ'ল অসম। কালি ভূপালত অনুষ্ঠিত ফাইনেল খেলত হিমাচল প্ৰদেশক ৩-২ গলৰ ব্যৱধানত পৰাজিত কৰি চতুৰ্থ হকী ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা হকী (বি ডিভিজন)ৰ খিতাপ অৰ্জন কৰিবলৈ অসম দল সক্ষম হয়। (সবিশেষ)
![]() |
ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ গৌৰৱ কঢ়িয়াই অনা অসম দলটো |
২. আজি বিশ্ব ঘৰচিৰিকা দিৱস। বন্য প্ৰাণী সংস্থাৰ শেহতীয়া তথ্যমতে বিশ্বত ৫০ শতাংশ ঘৰচিৰিকা হ্ৰাস পাইছে। সেয়ে আজি ২০মাৰ্চ দিনটোক ঘৰচিৰিকা সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিশ্বৰ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনে বিশ্ব ঘৰচিৰিকা দিৱস ৰূপে পালন কৰিছে।
৩. অহা ২৬মাৰ্চত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্মৃতি দিৱসটো সাহিত্য দিৱস হিচাবে পালন কৰিব অসম সাহিত্য সভাই। এই উদ্দেশ্য অহা ২২-২৬ মাৰ্চলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ সভাই প্ৰচেষ্টা হাতত লৈছে। ৰাজ্যজুৰি জিলা সমূহতো সাহিত্য দিৱস পালনৰ বাবে আহ্বান জনাইছে। কেন্দ্ৰীয় ভাৱে গুৱাহাটীত এই উদযাপনৰ আয়োজন কৰিছে আৰু ২৬মাৰ্চত বেজবৰুৱা বঁটা মৰণোত্তৰ ভাৱে ৰাধাগোবিন্দ বৰুৱা আৰু তেখেতে প্ৰতিষ্ঠা কৰা ট্ৰিবিউন গোষ্ঠীক প্ৰদান কৰিবলৈ দিহা কৰিছে।
৪. মাত্ৰ আধা বিঘা মাটিত ছিমলা জলকীয়া (কেপচিকাম)ৰ খেতিৰে ৩লাখ ৩০হাজাৰ টকা উপাৰ্জন কৰি ৰাজস্থানৰ চিত্ৰগড়ৰ কৃষক নন্দলালে পালে সংবাদ শিৰোনামাত স্থান। নন্দলালে কৰা জলকীয়া খেতিৰ ফচল স্থানীয় বজাৰত বিক্ৰী নকৰি পঞ্চতাৰকা হোটেলৰ লগতো জাপানলৈকো ৰপ্তানি কৰাৰ ব্যৱস্থা কৰি লাভবান হৈছে বুলি জানিব পৰা গৈছে।
৫. অহা ২৯মাৰ্চ হোমেন বৰগোহাঞি ন্যাস বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন চলিছে ঢকুৱাখনাত। হোমেন বৰগোহাঞি ন্যাসে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰা সাহিত্য বঁটাটি এই বৰ্ষ নগাঁৱৰ এ.ডি.পি কলেজৰ অধ্যাপক তথা লেখক অজিত ভৰালীক প্ৰদান কৰা হব। ঢকুৱাখনা কলেজৰ প্ৰেক্ষাগৃহত হব লগা এই অনুষ্ঠানত হোমেন বৰগোহাঞি, হেমেন্দ্ৰ গগৈ, ডাঃ নিৰ্মল চাহেৱালাও উপস্থিত থাকিব।
৬. সাক্ষৰ ভাৰতৰ মূল্যায়ন কাৰ্যসূচী সুকলমে সম্পন্ন হ'ল পাহাৰীয়া জিলা কাৰ্বি আংলংৰ চিংথং ব্লকতো। প্ৰায় ৬০০গৰাকী শিকাৰুৱে এই মূল্যায়নত ভাগ লয়। আৰু মহিলা শিকাৰুৰ হাৰ পুৰুষতকৈ অধিক হোৱাৰ সুখবৰো প্ৰকাশ পালে তথ্যত।
৭. টকাৰ বিনিময়ত ভোট দি ভৱিষ্যত বিক্ৰী নকৰিবলৈ নাগৰিক সকলক আহ্বান জনালে প্ৰখ্যাত অভিনেতা কামাল হাছানে। তামিলনাডু ৰাজ্যিক আয়োগে জন-সচেতনতাৰ বাবে প্ৰচাৰ এটা ভিডিঅ'ত অংশগ্ৰহণ কৰি অভিনেতাজনে জনগণক সজাগ হৈ নিজৰ বিবেকেৰে ভোটদানৰ আহ্বান জনাইছে। আত্মসন্মান বজাই ৰাখি দেশৰ ভৱিষ্যতক বিক্ৰী কৰাৰ পৰা বিৰত থাকিবলৈকো তেওঁ কাতৰ আহ্বান জনাইছে।
৮. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট কবি কৰৱী ডেকা হাজৰিকালৈ অসম লেখিকা সংস্থাই আগবঢ়াইছে ২০১৩বৰ্ষৰ প্ৰবীণা শইকীয়া বঁটা। উল্লেখযোগ্য যে ১৯৯৯চনৰ পৰাই লেখিকা সংস্থাই এই বঁটা অসমীয়া সাহিত্যলৈ বিশেষভাৱে বৰঙণি যোগোৱা মহিলা সাহিত্যিকক প্ৰদান কৰি আহিছে।
৯. প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰ্ব আৰম্ভ। কালি কলিয়াবৰ সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী পুত্ৰ গৌৰৱ গগৈয়ে সদলবলে মনোনয়ন পত্ৰ দাখিল কৰে। যোৰহাটত কালি প্ৰায় দুই হাজাৰ সমৰ্থকৰ সৈতে আহি মনোনয়ন পত্ৰ দাখিল কৰে চি.পি. আই দলৰ দ্ৰুপদ বৰগোহাঁইদেৱেও। আজি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰা বিশিষ্ট সাংবাদিক মনোৰম গগৈয়ে যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
১০. বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিৰণ গগৈয়ে ৰঙালী বিহুক কেন্দ্ৰ কৰি লিখি উলিয়াইচে "হুঁচৰি, বিহু আৰু বনগীত" শীৰ্ষক এখনি গ্ৰন্থ। ৪৬৮পৃষ্ঠাৰ কলেৱৰৰ গ্ৰন্থখনি স্বেচ্ছাসেৱী সংগঠন "হিতকল্প"ৰ উদ্যোগত কাইলৈ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হব। গ্ৰন্থখন উন্মোচন কৰিব সূৰ্য হাজৰিকাই, বিশিষ্ট অতিথিৰূপে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নবীন শৰ্মাদেৱে অংশ গ্ৰহণ কৰিব।
১১. প্ৰণৱ বড়োৰ আত্মজাহ গোচৰত সতীৰ্থসহ জামিন লাভ কৰিলে অখিল গগৈয়ে। এই ঘটনাত উচটনি দিয়াৰ প্ৰমাণ দাখিলত আৰক্ষী ব্যৰ্থ হোৱা বুলিও পালে সংবাদ প্ৰকাশ। পিছে আন আন গোচৰ জাপি দিয়াৰ ফলত, সেই গোচৰ সমূহৰ জামিন শুনানি নোহোৱাৰ বাবে অখিল গগৈ এতিয়াও থাকিব লাগিব ন্যায়িক জিম্মাতেই।
১২. কালি চানমাৰিস্থ গুৱাহাটী আৰ্টিষ্ট গীল্ডত উন্মোচিত হ'ল গীল্ডৰ বছেৰেকীয়া আলোচনী "ছিন্ন"ৰ ৩৩তম সংখ্য। উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি বিষয়ক বহুতো প্ৰৱন্ধৰে বিশেষ ভাৱে এই সংখ্যাটি সজাই তোলা হৈছে। আলোচনীখন উন্মোচন কৰিলে সাহিত্যিক য়েছে দৰজে থংচিয়ে।
১৩. ইক'নমিক ফ্ৰীডম অৱ দ্য ষ্টেট অৱ ইণ্ডিয়াই প্ৰকাশ কৰিলে ২০১৩বৰ্ষৰ অৰ্থনৈতিক স্বাধীনতা বিষয়ক সমীক্ষাৰ ফলাফল। ইয়াত শীৰ্ষ স্থান লাভ কৰিছে গুজৰাটে। ইয়াৰ বিপৰীতে অনুন্নত ৰাজ্যৰ পৰা দ্ৰুত উন্নতিৰে তামিনাডুৰ পাছতে তৃতীয় স্থান অধিকাৰ কৰিলে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰে। এই তালিকাত অসমে ১৯তম স্থান পোৱা বুলিও জানিব পৰা গৈছে।
১৪. দেশত অগ্ৰিম কৰ জমা দিয়াৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে তথ্য প্ৰযুক্তিৰ কোম্পানী সমূহ। এই বৰ্ষত এই কোৱাৰ্টাৰৰ বাবে জমা দিয়া অগ্ৰিম কৰ বেংকিং ক্ষেত্ৰতো ২০শতাংশলৈ বৃদ্ধি পোৱাৰ সুখবৰ প্ৰকাশ পাইছে।
১৫. গুগোলেও এইবাৰ স্মাৰ্ট ৱাটছৰ বাবে মুকলি কৰিলে নতুন অপাৰেটিং চিষ্টেম।
১৪. দেশত অগ্ৰিম কৰ জমা দিয়াৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে তথ্য প্ৰযুক্তিৰ কোম্পানী সমূহ। এই বৰ্ষত এই কোৱাৰ্টাৰৰ বাবে জমা দিয়া অগ্ৰিম কৰ বেংকিং ক্ষেত্ৰতো ২০শতাংশলৈ বৃদ্ধি পোৱাৰ সুখবৰ প্ৰকাশ পাইছে।
১৫. গুগোলেও এইবাৰ স্মাৰ্ট ৱাটছৰ বাবে মুকলি কৰিলে নতুন অপাৰেটিং চিষ্টেম।
আন আন গুৰুত্বপূৰ্ণ বাতৰি
১. বিজেপি দলৰ আভ্যন্তৰিণ সংঘাত পুনৰ হ'ল পৰিস্ফুত। ইচ্ছাৰ বিপৰীতে লালকৃষ্ণ আদৱানিক ভূপালৰ সলনি প্ৰদান কৰিলে গান্ধীনগৰৰ টিকট। এতিয়া ঘোষিত নহ'ল আদৱানিৰ অনুগামী বুলি জনাজাত আহমেদাবাদাৰ দুজনকৈ কেইবাবাৰো জিকা নেতাৰ প্ৰাৰ্থীত্ব। বৰোদাৰ পৰাও দ্বিতীয়খন আসনত নৰেন্দ্ৰ মোডীয়ে কৰিব প্ৰতিদ্বন্দিতা।
২. দেশত জোকাৰি যোৱা কমনৱেলথ কেলেংকাৰীৰ নায়ক সুৰেশ কালমাদীক প্ৰাৰ্থীত্ব নিদিলে কংগ্ৰেছ দলে। তেওঁৰ ঠাইত এজন যুৱ কংগ্ৰেছৰ সভাপতিক কালমাদীৰ গৃহ সমষ্টি পুনেত প্ৰাৰ্থীত্ব প্ৰদানৰ খবৰ আহিছে। তাৰ বিপৰীতে টেলিকম কেংলকাৰীৰ বাবে জেল'লৈ যোৱা এ.ৰাজাক তেওঁৰ দলে লোকসভাৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
৩. বিজ্ঞাপন গুৰু প্ৰসুন যোশী আৰু মেডিয়া প্লেনাৰ শ্যাম বালছাৰৰ তত্বাৱধানত বিজেপিৰ বহুচৰ্চিত চাৰিশ কোটি টকীয়া নিৰ্বাচনী প্ৰচাৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠাক সম্পূৰ্ণ আগুৰি লোৱাকে ধৰি দেশৰ এফ.এম ৰেডিঅ', টিভি, সংবাদ পত্ৰ, হৰ্ডিং চ'ছিয়েল মেডিয়া আদিত আগ্ৰাসী ৰূপত প্ৰকাশ পাইছে। তাৰ বিপৰীতে পাঁচশ কোটি টকীয়া চুক্তিৰে জাপানী জনসংযোগ কোম্পানীৰ তদাৰকীত দেশজুৰি ৰাহুল গান্ধীৰ ভাৱমূৰ্তি উন্নতকৰণৰ বাবে প্ৰচেষ্টা চলিছে। তাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে মাত্ৰ পোষ্টাৰ, বাটৰ নাট, ছ'চিয়েল মেডিয়া আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱা বুলি প্ৰকাশ পাইছে।
৪. খাদ্য সুৰক্ষা আইন প্ৰয়োগ কৰাৰ ফলত অহা জুন মাহৰ পৰা মুকলি বজাৰৰ পৰা চাহ বাগিচা সমূহে ৰেচন ক্ৰয় কৰিব লাগিব। তাৰ ফলত অসমতো চাহৰ উতপাদন ব্যয় ১৫শতাংশ অতিৰিক্তভাৱে বৃদ্ধ পাব বুলি টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে।
৫. ক্ৰিমিয়া ৰাছিয়ান ইউনিয়নৰ সৈতে সংযুক্ত হোৱা বিষয়ত ইউৰোপিয়ান ইউনিয়নে জাৰি কৰা আৰ্থিক প্ৰতিবন্ধকতা জাৰি কৰা পদক্ষেপৰ বিৰোধিতা কৰি ভাৰতে কৰিলে নিজৰ স্থিতি স্পষ্ট। ইউক্ৰেইনৰ দুটাকৈ নৌ সেনাৰ কাৰ্যালয় দখল কৰিলে ৰুছ সেনাই।
৫. ক্ৰিমিয়া ৰাছিয়ান ইউনিয়নৰ সৈতে সংযুক্ত হোৱা বিষয়ত ইউৰোপিয়ান ইউনিয়নে জাৰি কৰা আৰ্থিক প্ৰতিবন্ধকতা জাৰি কৰা পদক্ষেপৰ বিৰোধিতা কৰি ভাৰতে কৰিলে নিজৰ স্থিতি স্পষ্ট। ইউক্ৰেইনৰ দুটাকৈ নৌ সেনাৰ কাৰ্যালয় দখল কৰিলে ৰুছ সেনাই।
No comments:
Post a Comment