লোকেল গুজৱ.কম
১. কোঁৱৰ গাঁৱৰ স্কুলৰ পৰা চুৰ কৰি নিয়া কম্পিউটাৰ পুনৰ প্ৰধান শিক্ষকৰ চোতালত দলিয়াই দিলেহি স্থানীয় কষ্টসহিষ্ণু চোৰ সংঘই। ইমান কষ্টৰে ৰাতি তলা ভাঙি উঠাই নিয়াৰ পাছত যদি সেইবোৰ বিকল কম্পিউটাৰহে ওলায়. তেন্তে এয়া সমগ্ জাতিটোৰ বাবেই অপমানজনক বুলিও সংঘই মন্তব্য কৰিছে। লগতে চোৰ সংঘৰ এনে প্ৰতিবাদে আচলতে মফচলীয় স্কুলত কম্পিউটাৰ শিক্ষাৰ নামত চলি থকা ভেকোঁভাওনাকহে উদঙাই দিলে বুলি স্থানীয় ছাত্ৰ সন্থাই মত প্ৰকাশ কৰিছে, আৰু সকলো স্তৰৰ লোকেই এনেকৈ সমাজৰ মুখা খুলি দিব লাগে বুলিও প্ৰকাশ কৰিছে।
২. হাতোৰা পাৰ্টিয়ে এতিয়াৰ পৰাই আঠুৱা বিলাবলৈ আৰম্ভ কৰিলেই বুলি প্ৰকাশ পালে বাতৰি কাকতত। গুজৰাটৰ পৰা অহা এজাক নতুন ম'হে অসমীয়া ভোটাৰক আক্ৰমণ কৰিবলৈ লোৱাৰ খবৰ পোৱাৰ পাছৰে পৰাই আগতীয়াকৈ আঠুৱাৰ তলত নিজৰ ভোটাৰক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা হাতত লৈছে বুলি হাতোৰা সংঘৰ সূত্ৰ পৰা গম পোৱা গৈছে।

৩. পেইড নিউজক অপৰাধ ঘোষণা কৰিবলৈ লোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম যেনেতেনে চলি থকা মফচলীয় সংবাদসেৱী সন্থাই। এইটো বতৰতে খেতি চপাই যেনেতেনে পাঁচ বছৰ চলিব লাগে বুলি প্ৰকাশ কৰি, দৰমহা বৃদ্ধি কৰিবলৈ পেপাৰ মালিকক নিৰ্দেশ নিদিয়ালৈ এনে চিন্তা কৰাটো সংবাদসেৱীৰ বাবে অসুবিধাজনক হব বুলিও প্ৰকাশ কৰিছে।
৪. শুৱালকুছিত এনৰেগাৰ পৰা ১১০০টকা উলিয়াই শ্ৰমিকক মাত্ৰ ২০০টকা দি সংবাদ শিৰোনামা পালে পঞ্চায়ত কৰ্মীয়ে। নেটৱৰ্ক বিজনেজত হাজাৰ হাজৰ টকা জমা দিও এটকাও ঘূৰাই নোপোৱা ৰাজ্যত কাম নকৰাকৈয়ে ২০০টকা পোৱাটোও আচলতে ভাগ্যহে বুলি কৰ্মীজনে এতিয়া দাবী কৰিছে। তেখেতৰ মতে ট্ৰেক্টৰে মাটি কঢ়িয়াই ৰাস্তা বনোৱাৰ পাছত জবকাৰ্ড থকা সকলক মৰমতেহে ২০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হৈছে।
৫. দৰিদ্ৰ গ্ৰাহকৰ কোটি কোটি টকা লৈ উধাও হৈছে ৰেপনচিবল ৰিয়েল ইষ্টেট কোম্পানী। বিপদত পৰাৰ আগতেই শিৱসাগৰৰ পৰা সন্তপৰ্নে পলায়ন কৰি নিজৰ বাবে "প্ৰকৃত দ্বায়িত্ববোধৰ" পৰিচয় দিয়াত কোম্পানীটোৰ নামে কামে মিলি যোৱা বুলি ঠগ খোৱা ৰাইজে প্ৰকাশ কৰিছে।
৬. পাৱাৰত থাকি বহুত এনজয় কৰিলে বুলি প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। এতিয়া হাইকামাণ্ডে ক'লেই এক মিনিটতে চকী এৰি দিবলৈ সদা সাজু হৈ থকা বুলিও ব্যক্ত কৰিলে তেখেতে। এতিয়া বহাগ বিহু উপলক্ষে চকীখনক লৈ মিউজিকেল চেয়াৰ খেলাবলৈ ৫৩জন মন্ত্ৰীয়ে বৰ আইদেউৰ ঘৰত আৰ্জি দিবলৈ যোৱা বুলি শুনিয়ে গগৈ চাৰে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া।
৭. অসমৰ ৫০টা জনগোষ্ঠীক একোখনকৈ ৰাজ্য দিয়া সম্ভৱনে বুলি প্ৰশ্ন কৰিলে যুৱ ছাত্ৰ পৰিষদে। এনেকৈ ভগাব লাগিলে ব্লক সমূহকে একোখন ৰাজ্যৰ মৰ্যদা দিব লাগিব আৰু পঞ্চায়ত সমূহক জিলা বুলি ঘোষণা কৰিব লাগিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। তেতিয়া গাঁওবুঢ়া পদৰ বাবেও এ.চি.এছ পাছ কৰা হব লাগিব বুলিও সন্দেহ প্ৰকাশ কৰিছে।
৮. কালিৰে পৰা দেশত নতুনকৈ আৰম্ভ কৰা হৈছে "প্ৰলোভন.কম" নামৰ ৱেবচাইট। এই ৱেবচাইট যোগে এতিয়াৰ পৰা প্ৰলোভনৰ ৰাজনীতিৰ সকলো আপডেট ৰাইজে পাব পাৰিব। কোন আঁচনিৰ নামত কি কি প্ৰলোভন দিয়া গৈছে নিৰ্বাচন নোহোৱা পৰ্যন্ত এই ৱেবচাইটযোগে সবিশেষ ডাউনলোড কৰিব পাৰিব। শেষ নিশাৰ খেলৰ সামগ্ৰী কোনো কত কৰ পৰা কেতিয়া সংগ্ৰহ কৰিব পাৰিব সেই বিষয়েও বাতৰি ইয়াত প্ৰকাশ কৰা হব।
৯. তিহাৰ জেলত সুব্ৰত ৰয়ে দাইলৰ সতে এটা ৰুটি খোৱাক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। বিনিয়োগকাৰীৰ ২০হাজাৰ কোটি হজম কৰাৰ পাছতো মানুহৰ পেটত ভোক থাকিব পাৰেনে বুলি প্ৰশ্ন তুলিলে সৰ্বহাৰা ইনভেষ্টৰ সংঘই।
১০. কাশ্মীৰত ঘৰ থকা এজাক ছাত্ৰই ক্ৰিকেটত পাকিস্তানী দল জয়ী হোৱাত উত্তৰ প্ৰদেশJ হোষ্টেলতে পাতিলে দীপাৱলী। এতিয়া বিশ্ববিদ্যালয়ে ৬৬জন এনে ছাত্ৰ বহিস্কাৰ কৰাৰ লগতে দেশদ্ৰোহীৰ গোচৰ তৰা কাৰ্যই এক আন্তৰ্জাতিক অভিলেখ গঢ়িছে। বিদেশ প্ৰেমৰ এনে মানৱীয় আদৰ্শৰ বাবে এওঁলোকক পুৰস্কাৰহে দিব লাগিছিল বুলি কিছু ছাত্ৰই মন্তব্য কৰিছে।

No comments:
Post a Comment