আজিৰ ভাল খবৰবোৰ
১. ছত্তিশগড়ৰ দুৰ্গম প্ৰান্তত জনজাতীয় লোকসকল মাজত যোগাযোগ, সংবাদ পৰিবেশন তথা স্থানীয় লোকসংগীতৰ প্ৰচাৰৰ ডিজিটেল মাধ্যম "চি জি নেট স্বৰ" স্থাপন কৰা ভাৰতীয় সাংবাদিক শুভ্ৰাংশু চৌধুৰীক কালি লণ্ডনত প্ৰদান কৰা হয় "ডিজিটেল এক্টিভিজম" বিষয়ক বঁটা। মূলসুঁতিৰ পৰা আঁতৰত থকা সকলৰ বাবে মোবাইল আৰু কমিউনিটি ৰেডিঅ'ৰ এই সংযোজনৰ বাবে তেখেতক এই বঁটাৰে সন্মানিত কৰা হয়।
২. চাৰি দশকৰ পাছত দৃষ্টিশক্তি ঘূৰাই পালে চন্দ্ৰপুৰৰ ৮৬বছৰীয়া মাণিক টুমুঙে। 'অসমীয়া প্ৰতিদিন' কাকতত পৰিয়ালৰ চাৰিজনৰ তিনিওজনেই আৰ্থিক দৈন্যতাৰ বাবেই অন্ধত্ব বহন কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পাছতে পানীখাইতী মিনি স্বাস্থ্যকেন্দ্ৰৰ ডাঃ বিমল পাটোৱাৰীয়ে উদ্যোগ লৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিতসালয়লৈ নি অস্ত্ৰোপচাৰৰ সহায়ত পিতা-পুত্ৰ দুয়োকে দৃষ্টিশক্তি ঘূৰাই দিয়াৰ প্ৰশংসনীয় কাম কৰাৰ খবৰ পোৱা গৈছে।
৩. প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত আয়োজিত হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ বঁটা প্ৰদান অনুষ্ঠান "প্ৰাগ চিনে এৱাৰ্ডছ ২০১৪"। আজি সন্ধিয়া প্ৰাগ চেনেলে অসম চ'ছাইটি অৱ বেংগেলুৰুৰ সহযোগত এই বৰ্ণাঢ্য আয়োজন কৰিছে বেংগেলুৰুৰ কুৰামংগলাৰ এন.জি.ভি ইনড'ৰ ষ্টেডিয়ামত। অসমীয়া চিনেমা জগত তথা সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত কলা-কুশলী সকলে এই উদ্দেশ্যে বেংগলুৰুত উপস্থিত হৈছেগৈ।
৪. অসমৰ বিশিষ্ট ইতিহাসবিদ তথা গৱেষক প্ৰসেনজিত চৌধুৰীৰ "ৰাম কথা" আৰু প্ৰসেনজিত চৌধুৰী-অধ্যাপক ডঃ শিৱনাথ বৰ্মনে যুটীয়াভাৱে লিখা "বাস্তৱ নে বিভ্ৰম"ৰ বাংলা সংস্কৰণ কালি কলকাতা প্ৰেছ ক্লাৱত হ'ল উন্মোচিত। উন্মোচন কৰিলে প্ৰখ্যাত ভাষাবিদ পবিত্ৰ সৰকাৰে। মূল অসমীয়া ভাষাৰ পৰা বাংলা ভাষালৈ গ্ৰন্থ দুখন অনুবাদ কৰিছে গুৱাহাটীৰ পৰা প্ৰকাশিত বাংলা দৈনিক "সংবাদ লহৰী"ৰ সম্পাদক উদয়ন বিশ্বাসে।
৫. কাইলৈ গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত মাণিক চন্দ্ৰ চৌধুৰী সোঁৱৰণী বঁটাৰে সম্মানিত হব বিশিষ্ট লেখক হোমেন বৰগোহাঞিক। এই বঁটা গ্ৰহণ কৰি বৰগোহাঞিদেৱে মাণিক চন্দ্ৰ চৌধুৰীৰ বিষয়ে এটা সাৰুৱা ভাষণো প্ৰদান কৰিব। বিয়লি ৩বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হব।
৬. ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সংস্কাৰ ৰংতলী, নতুন দিল্লীৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত যোৱা কালিৰে পৰা ২৮মাৰ্চলৈ আয়োজিত হৈছে শিশু উপযোগী সংগীত মধুৰ পুতলা নাচৰ নাট "এক্ৰছ দা চি"। অনুৰূপা ৰয়ৰ ৰচনাত এটি এণ্টাৰ্কটিকাৰ পেংগুইনে সাগৰ পাৰহৈ আফ্ৰিকালৈ কৰা পৰিভ্ৰমণত বন্ধুত্ব গঢ়াৰ সুন্দৰ প্ৰক্ৰিয়াক এই নাটেৰে তুলি ধৰা হৈছে।
৭. জজ খেলপথাৰত অনুষ্ঠিত সুৰেণ ৰাম ফুকন সোঁৱৰণী মহাৰাণা শতবাৰ্ষিকী প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হ'ল নৱজ্যোতি ক্লাৱ। অন্তিম অভাৰৰ পাঁচটা বল বাকী থকা অৱস্থাত নৱজ্যোতি দলে বাড ক্লাৱে দিয়া ১৮৮ৰাণৰ লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।
৮. কালি ভাৰতে বাংলাদেশত চলি থকা টি-২০ বিশ্বকাপ ক্ৰিকেটত নিজৰ প্ৰথমখন খেলতে পাকিস্তানক পৰাজিত কৰে। সাত উইকেটত পাকিস্তানক পৰাজিত কৰা ভাৰতীয় দলে এই প্ৰতিযোগিতাত চেম্পিয়ন হব পাৰিব বুলিও ক্ৰিকেটপ্ৰেমী সকলে আশা প্ৰকাশ কৰিছে।
৯. বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত স্থাপিত হ'ল এটি পুথিভঁৰাল। পুথিভঁৰালটো উদ্বোধন কৰি ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যখনত প্ৰাথমিক-মাধ্যমিক বিদ্যালয় সমূহৰ শিক্ষাদানক মূল্যায়নৰ বাবে মূল্যায়ন আয়োগ গঠনৰ কৰিলে পোষকতা ।
১০. বঙাইগাঁও কলেজৰ সোণালী জয়ন্তী উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় বক্সিং টুৰ্নামেণ্টখন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে। অহা ৩-৬ এপ্ৰিললৈ আয়োজিত হোৱা এই প্ৰতিযোগিতাখনিত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ মেৰী কম আৰু শিৱ থাপায়ো উপস্থিত থাকি প্ৰতিযোগী সকলক প্ৰেৰণা যোগাব বুলি আয়োজক সকলে প্ৰকাশ কৰিছে।


১১. লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ হ'ল মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। জনপ্ৰতিনিধিৰ ঘোষিত সম্পত্তি দেখি ৰাইজে সচকিত। কোটিপতি ৰাজনৈতিক নেতাৰ ভিৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰতো ধনবলৰ অভাৱ হোৱা সকলৰ ছবি ম্লান কৰাৰ উজলিল চিন্তাজনক ছবি।
১২. অহা ২৬মাৰ্চৰ পৰা ৫ এপ্ৰিলৈকে বিড়ি-চিগাৰেট বিক্ৰী নকৰে অসমৰ পাণ দোকান ব্যৱসায়ী সন্থাই। সুৰা-বিডি়-চিগাৰেট আদি বন্ধ নকৰি কেৱল জৰ্দা, গুটখা বন্ধ কৰাৰ চৰকাৰী বিধেয়কৰ প্ৰতিবাদতে এই কাৰ্যসূচী পালন কৰা হব বুলি জানিব পৰা গৈছে।
১২. কৃষক নেতা অখিল গগৈলৈ পুনৰ তিনিটা গোচৰত জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয় আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। অহা সপ্তাহৰ ভিতৰতে বাকী গোচৰ সমূহতো জামিন লাভ কৰি তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব বুলি আশা প্ৰকাশ পাইছে।
১৩. ইণ্টাৰনেটত আটাইতকৈ বেছিকৈ মানুহে সন্ধান কৰা ভাৰতীয় ৰাজনৈতিক নেতাৰ শীৰ্ষস্থান পালে নৰেন্দ্ৰ মোদীয়ে। অষ্টম স্থানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্থান লাভ কৰাৰ খবৰ প্ৰকাশ সংবাদ মাধ্যমত। অহা ৩১মাৰ্চত পুনৰ অসম ভ্ৰমণলৈ আহিব মোদী, তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত কৰিব সভা।
১৪. সদৌ অসম কৰ্মচাৰী পৰিষদে অহা ৩১মাৰ্চত সাংবাদিক, ৰাজনীতিবিদ প্ৰয়াত দেৱ কুমাৰ বৰাৰ স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। তৃতীয় মৃত্যু-বাষিকীত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেই কৰ্মচাৰী পৰিষদে বিগত বৰ্ষৰ দৰেই এই আয়োজন কৰা বুলি জানিব পৰা গৈছে।
১৫. নলবাৰী জিলা ভিত্তিত আয়োজিত মাৰাথান প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰূপে পৰিগণিত হ'ল গুৱাকুছিৰ নূৰ মহম্মদ আলি। স্থানীয় কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ ৬৬ সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষেই আয়োজিত হৈছিল এই মাৰাথান প্ৰতিযোগিতাখনি।
১৫. নলবাৰী জিলা ভিত্তিত আয়োজিত মাৰাথান প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰূপে পৰিগণিত হ'ল গুৱাকুছিৰ নূৰ মহম্মদ আলি। স্থানীয় কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ ৬৬ সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষেই আয়োজিত হৈছিল এই মাৰাথান প্ৰতিযোগিতাখনি।
No comments:
Post a Comment