মুকলি চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


মাননীয় দেৱেন দত্তলৈ মুকলি চিঠিঃ
আহক, বাংলাদেশী চিনাক্তকৰণৰ নেতৃত্ব দিয়ক
মাননীয় দেৱেন দত্ত মহোদয়,
ইতিপূৰ্বেও আপোনাৰ বাবে কলমৰ চিয়াঁহী খৰচ কৰিছো, আজি আকৌ দূৰ্ভাগ্যজনকভাৱে আপোনালৈ একলম লিখিবলৈ বাধ্য হৈছোঁ। ২৮ জুন ২০১৫ তাৰিখে গুৱাহাটীত প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলত প্ৰসংগ ক্ৰ্মে মুখ্যমন্ত্ৰী তৰুণ গগৈক বাংলাদেশী দেখুৱাবলৈ গৈ আপুনি বসবাস কৰা বেলতলা অজন্তা পথৰ কাষত পুৱা ৬ বজাৰ পৰা ৮ বজালৈ থাকিলেই অবৈধ বাংলাদেশী দেখিব বুলি কোৱাৰ লগতে অটোচালক, ৰিক্সাচালকৰ বুজনসংখ্যকেই বাংলাদেশী বুলি প্ৰকাশ কৰিছে। এই অভিযোগ তথ্যৰ ওপৰত ভিত্তি কৰা নে অভিযোগৰ আঙুলি উঠাই প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ অন্য এক প্ৰচেষ্টাহে তাকে লৈ আমি সন্দিহান হৈছো।

আমি নকওঁ অসমত বাংলাদেশী নাই বুলি। কিন্তু আপোনালোকে বিভিন্ন মঞ্চত বিভিন্ন সময়ত দি থকা পৰিসংখ্যা চকুমুদি আমি মানি ল’ব নোৱাৰো। মানুহৰ ধৰ্ম, বেশভূষা বা ভাষাৰ ব্যৱহাৰৰ ভিত্তিত উপৰুৱাকৈ তোলা এনে আঙুলিয়ে অসমখনক অতদিনে সন্দেহ আৰু অশান্তিৰ বীজহে সিঁচি আহিছে। বিশেষকৈ খাটি খোৱা শ্ৰমজীৱি একাংশ লোক সমাজৰ স্বয়ম্ভু অভিভাৱকৰ হাতত নিগৃহীত হব লগাও হৈছে।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু এক সুনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত হোৱাকৈ এক সঠিক পৰিসংখ্যা আৰু পদ্ধতিগতভাৱে বিদেশী বহিস্কাৰৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অধ্যাবধিকৰণৰ কাম চলি আছে। এনে অপবাদ তথা সন্দেহৰ বলি হৈ পদে পদে লাঞ্চনাৰ বলি হব লগা সাধাৰণ লোক সকলেও এই পদক্ষেপলৈ আশাৰে বাট চাইছে। এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান তথা অপবাদৰ পৰা মুক্তিৰ বাট বিচাৰিচে। এই প্ৰক্ৰিয়াৰ প্ৰাথমিক পৰ্যায় চলিছেহে। সময়ত নিশ্চয়কৈ দেখা যাব কিমান বিদেশী আছে, কিমান স্বদেশী আছে। আৰু তাৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে দ্বায়িত্ব গ্ৰহণ কৰিছেই।

এতিয়া আহিছো মূল প্ৰসংগলৈ, গুৱাহাটীৰ বেলতলাৰ অজন্তা পথত আপুনি মুখ্যমন্ত্ৰীক দেখুৱাব খোজা অবৈধ বাংলাদেশী মুখ্যমন্ত্ৰীয়ে সেই পথতে নিজৰ ঘৰ থাকিলেও আপোনাৰ আহ্বানত সম্ভৱত অধ্যয়ন নতুবা তদন্ত কৰিবলৈ নাহে। কিন্তু আপুনি যিসকল লোকলৈ সন্দেহৰ আঙুলি টোৱাঁইছে আমি সেইসকলৰ বংশধৰ, আত্মীয় নতুবা তেওঁলোকৰ মাজৰ এজন হিচাপে অবৈধ বাংলাদেশী চিনাক্তকৰণত আপোনাৰ সৈতে আমি সহযোগ কৰি বাংলাদেশী চিনাক্তকৰণ কৰিব বিচাৰো। আছেনে আপোনাৰ সৎ সাহস ? যদি আছে আমি এদল যুৱকে আপোনাক দলপতি কৰি বাংলাদেশী অনুসন্ধান অভিযান চলাবলৈ প্ৰ্স্তুত আছো। আশা কৰোঁ আপুনি নি:সংকোচে দিন-বাৰ ঠিক কৰি কাকতৰ মাধ্যমেৰে আমাক অৱগত কৰিব। হাতে-কামে যদিহে সেয়া কৰিব নোৱাৰে তেন্তে বাংলাদেশী প্ৰ্সংগত অনাগত দিনত এটি টু-শব্দও উচ্চাৰণ নকৰিব, অন্যথা অসমবাসীয়ে আপোনাক ভণ্ড বুলি জানিব।

বিনীত
আশ্ৰাফুল হুছেইন
বহৰি, বৰপেটা
মোবাইল নম্বৰঃ ৮৮৭৬৪-৮৫৩৩৫

7 comments:

  1. আমি চাই আছো ।।।।---robiul Hussain,kalatoli bazar,kamrup.

    ReplyDelete
  2. ভাই। একদম ঠিক কৈছে। আমিও চাব খুঁজো।

    ReplyDelete
  3. Plz send the letter to him in registered post.

    ReplyDelete
  4. NRCৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত প্ৰকৃত ভাৰতীয় বুলি চিনাকি হৈ যোৱাৰ পাছতো এই জাতিটোক এই সম্প্ৰদায় টোক সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ দিবনে?
    লুংগী-টুপি পিন্ধা, ৰিক্সা- ঠেলা চলোৱা বিশেষকৈ মিঞা সমাজৰ লোকসকলক তথাকথিত কিছুমান নেতা, বুদ্ধিজিৱী আৰু সমাজৰ সচেতন নাগৰিকেও বাংলাদেশী বুলি অভিহিত কৰাটো একপ্ৰকাৰ ফেশ্বন হৈ পৰিছে।

    ReplyDelete
  5. আশ্ৰাফুল হুছেইন ডাঙৰীয়া aapuni Deben Dutta'ai kua lok hakol(goteibor nahaleo kisuman 2 asei) bangladeshi je nahoi aapunar hatat ki praman ase.....aapunar dare bangladeshi priti thakoka lokar babe asom etiyao aboidha bangladeshir mukto bisornbhumi hoi ase....aapunaloke loke dekhakoi bangladeshi khedibo lage buli koi kintu sarkare jadi khedar karone jadi ekhojo aguar sesta kore aapunalokei nirih manuhok harasastir kotha koi gotei bangladeshik raxonabexonor sesta kore....
    aru deben dutta debok bangladeshi proshongot kotha nakoboloi upodesh(apunar bhasat satarkobani'o hobo pare) diboloi aapuni kun.....

    Dibakar Mahanta

    ReplyDelete
  6. " कहने की सीमा होती है
    सहने की सीमा होती है ,
    कुछ मेरे भी वश मे है
    कुछ सॊच समझ अपमान करो मेरा ... "
    by Harivansh Rai Bachchan

    ReplyDelete
  7. Tar mana ki axomot Bangaladeshi ba Pub Pakistani mulor oboidho anuprabekh kari nai niki????

    ReplyDelete