Saturday, March 28, 2015

পৰ্যবেক্ষণ

ভ্ৰাম্যমাণ থিয়েটাৰৰ পছো‌ৱা কোন দিশে বলিছে?
অৰুণজ্যোতি দাস

এটা সময় আছিল যেতিয়া ডেকাচামৰ ওপৰিও আমাৰ দেউতা, খুড়া, ককাদেউতাহঁতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনী বুলিলেই দহ-পোন্ধৰ কি.মি. বাট চাইকেল চলাই গৈ নাট উপভোগ কৰিছিল বা কৰিব বিচাৰিছিল। কাৰণ তেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰেই অসমত নাটকৰ স্বকীয় ৰূপ বজাই ৰাখি দৰ্শকৰ বৌদ্ধিক চেতনাক জাগ্ৰত কৰিব পাৰিছিল আৰু অভিনয়ৰ জৰিয়তেই প্ৰকৃত কলা প্ৰদৰ্শনেৰে মানুহৰ অন্তৰাত্মা জিনিব পাৰিছিল । ড০ ভ‌ৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা আদি নাট্যকাৰৰদ্বাৰা ৰচিত নাটকৰ কাহিনী আৰু সুদক্ষ অভিনয় তথা উপস্থাপন শৈলীয়ে অসমৰ থলু‌ৱা নাট্যপ্ৰেমীক বাৰুকৈয়ে আকৃষ্ট কৰিব পাৰিছিল । ইয়াৰে ফলস্বৰূপে অসমৰ ৰাইজে ভ্ৰাম্যমাণ থিয়েটাৰৰ এই জয়যাত্ৰাৰ প্ৰতি অন্তৰৰ পৰা পূৰ্ণ সমৰ্থনো জনাইছিল । কিন্তু এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰে কলাপ্ৰেমী ৰাইজৰ আস্থা আৰু ভৰসা যিদৰে আদায় কৰিব পাৰিছিল, সেই অনুপাতে বৰ্তমান সময়ত তেৰাসকলে অসমৰ ৰাইজক সঁচাকৈয়ে সুস্থ ধাৰাৰ চিত্তোকৰ্ষক ৰাষ্ট্ৰীয় মানৰ নাটক উপহাৰ দিব পাৰিছে নে?
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে এক বৰ্ণিল ইতিহাস বহন কৰি আহিছে । ১৯২১ চনতে ব্ৰজনাথ শৰ্মাই ‘শিলা কালিকা অপেৰা পাৰ্টী’ গঠন কৰি বাণিজ্যিক ‘যাত্ৰা দল’ৰ সূচনা কৰিছিল । যদিও বোলছৱি আৰু কলিকতীয়া থিয়েটাৰৰ প্ৰচলন তথা অন্য আৰ্থ-সামাজিক কাৰণত শৰ্মাই এই ন‌ৱতম ধাৰণা চেকা-চোৰোকাকৈ বজাই ৰাখি এসময়ত বিফল হৈ সম্পূৰ্ণভা‌ৱে বাদ দিব লগা হ’ল, তথাপি তেখেতৰ প্ৰচেষ্টাই নাট্যসাধনা কৰা উদ্যমীসকলক এক প্ৰেৰণাৰ জো‌ৱাৰ আনি নিলে যাৰ বলতেই ১৯৩৬ চনত ফনী শৰ্মাই আৰম্ভ কৰিলে ‘অসম ষ্টাৰ থিয়েটাৰ পাৰ্টী’ ৷ কিন্তু এই পাৰ্টীও বৰ বেছি দিন নচলিল । কেইবাবছৰৰ পাছত পাঠশালাৰ সদা লহকৰে প্ৰযোজনা কৰিবলৈ লয় ‘নটৰাজ অপেৰা’ । ইং. ১৯৬৩ চনত সদা লহকৰৰ ভ্ৰাতৃ অচ্যুত লহকৰে এই অপৰা দলকে কিছু পৰীক্ষা-নিৰীক্ষাৰে নিজাববীয়া ধ্যান-ধাৰণাৰে নতুনকৈ নামকৰণ কৰিলে ‘নটৰাজ থিয়েটাৰ’ আৰু সৃষ্টি হ’ল বিশ্বৰ ভিতৰতে উল্লেখনীয় এটি নাম –অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ। (উৎস:-কটনিয়ান, ৮১ সংখ্যা, অনুৰাগ শইকীয়াৰ লেখা আৰু বাবুল দাস ‘জীৱন নাটৰ ভাৱৰীয়া’) ।ইয়াৰ পাছৰে পৰাই অসমত কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ’ল যাৰ ফলতেই বৰ্তমানে ই এক থলু‌ৱা উদ্যোগলৈ পৰিণত হৈছে ।

যতীন বৰা, পূৰ‌ৱী শৰ্মাৰ দৰে বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে ভ্ৰাম্যমানতেই নিজৰ কেৰিয়াৰ গঢ়িবলৈ সুযোগ পায় । অসমৰ চলচ্চিত্ৰ উদ্যোগে যেতিয়া সমান্তৰালভা‌ৱে ফেৰ মাৰি ভ্ৰাম্যমাণতকৈ বেছি সফল আৰু জনপ্ৰিয় হ’বলৈ ধৰিলে তেনে সময়তে ভ্ৰাম্যমাণৰ হেৰু‌ৱা জনপ্ৰিয়তা ঘুৰাই আনিবলৈ ১৯৮০ চনত কহিনুৰ থিয়েটাৰে মঞ্চলৈ আমন্ত্ৰণ কৰিলেচলচ্চিত্ৰ জগতৰ শীৰ্ষৰ তাৰকা নিপন গোস্বামীক । ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখনিৰনাট্যৰূপে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে । ঠিক সেইদৰেই, লাহে লাহে দৰ্শকক চমক লগাবৰ বাবেই আৰম্ভ হ’ল ‘দস্যুৰাণী ফুলনদে‌ৱী’, ‘বীৰাপ্পান’ৰ দৰে বহু চৰ্চিত বিষয়ৰ নাট্যৰূপ প্ৰদৰ্শনৰ। অন্যহাতে, গা‌ৱেঁ-ভূঞেঁ প্ৰদৰ্শিত হো‌ৱা এই ভ্ৰাম্যমাণ দলসমূহে সাধাৰণ মানুহক বেছি আকৰ্ষিক কৰিবৰ বাবেই সংযোজন কৰিবলৈ ল’লে মঞ্চত বিশেষ কাৰিকৰী কলা-কৌশলৰ । ‘টাইটানিক’, ‘হাইজেক’ আদি নাটকে ভ‌ৱামতেই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিলে আৰু সেই সফলতাকে সাৰোগত কৰি বৰ্তমানে প্ৰায় আটাইবোৰ থিয়েটাৰেই কোনোবা নহয় কোনোবা বছৰ তেনে আশ্চৰ্যময় প্ৰযুক্তিগত কাৰুকাৰ্য ব্য‌ৱহৃত নাটক মঞ্চস্থ কৰিবলৈ ধৰিলে ৷ এই প্ৰৱণতাই ভ্ৰাম্যমাণৰ নাটকবোৰক প্ৰকৃতাৰ্থত কাৰুকাৰ্যসৰ্বস্ব কৰিপেলালে ৷ এনে ধাৰা প্ৰ‌ৱৰ্তনৰ ফলত নাট্যগোষ্ঠীসমূহ আৰ্থিকভা‌ৱে লাভান্বিত হৈছে সঁচা, কিন্তু তাৰ বিনিময়ত কাহিনী, অভিনয় বা অন্য সকলো দিশতে নাটসমূহৰ সামগ্ৰিক মান অতি নিম্ন হৈ পৰিল ।

জনপ্ৰিয়তা অৰ্জন আৰু বাণিজ্যিক মুনাফা লাভৰ দৌৰত বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰসমূহত দেখা পো‌ৱা আৰু এটি ধাৰা হৈছে দেহ-মন ৰোমাঞ্চিত কৰিব পৰা উদ্দাম নৃত্যৰ প্ৰচলন । হিন্দী চলচ্চিত্ৰৰ পৰা অনুকৰণ কৰা এনে ‘আইটেম চঙ’ৰ প্ৰ‌ৱৰ্তনৰপৰা প্ৰযোজকসকলে নাটক এখন ‘হিট’ কৰাব পাৰিব বুলি আশা কৰিছে আৰু নিশ্চয় এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছে । কিছুবছৰ আগলৈকে ভ্ৰাম্যমাণ থিয়েটাৰত বিশেষ ৰস নো‌পো‌ৱা আমাৰ উঠি অহা নতুন ডেকা চামো আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰত তিৎকাৰী মাৰিবলৈ যো‌ৱা হৈছে কে‌ৱল এনে ‘আইটেম চঙ’ৰ প্ৰচলনত কোবতেই । এনে নৃত্যৰতা যু‌ৱতীৰ দেহৰ ভংগীমা বৰ্তমানে মঞ্চৰ বাহিৰত দৰ্শকৰ কিছু সমুখলৈ আনি চকু জিলমিলাই ধৰা পোহৰেৰে সৈতে প্ৰদৰ্শন কৰাৰ ব্য‌ৱস্থা কৰা হৈছে । টকা অৰ্জনৰ অন্ধ অভিলাসত মগ্ন আজিৰ চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেত্ৰীয়েও এনে নগ্নতাক গ্লেমাৰ বা ফেছন নাম দি বিনাদ্বিধাৰে আঁকো‌ৱালি লৈছে । আমাৰ শংকা হয়, এনে গ্লেমাৰৰ বশ‌ৱৰ্তী হৈ ভ্ৰাম্যমাণ থিয়েটাৰে পশ্চিমীয়া আদৰ্শৰে অনুপ্ৰাণিত হৈ অনাগত সময়ত যু‌ৱতী অভিনেত্ৰীক দৰ্শকৰ মাজত অৰ্ধনগ্ন কৰি বেল্লী ডান্স বা প’ল ডান্স কৰাবলৈ যাতে উদ্যত নহয় । 

এনে গ্লেমাৰমুখী বাণিজ্যিক মনোভা‌ৱৰ বাবেই ভ্ৰাম্যমাণে সাম্প্ৰতিক সময়ত যদিও চেঙেলীয়া আৰু অশিক্ষিত খাটিখো‌ৱা দৰ্শকক মন ভুলাব পৰিছে, তথাপি কিন্তু অসমৰ নিৰ্বাচিত নাট্যপ্ৰেমীৰ মাজত পূ্ৰ্বৰ তুলনাত জনপ্ৰিয়তা বহু পৰিমাণে হেৰু‌ৱাইছে । একাংশ দৰ্শকৰপৰা ক্ৰম:শ আস্থা হেৰু‌ৱাবলৈ হো‌ৱা অ‌ৱস্থাটো যিকোনো এটা উদ্য‌োগ বা কৰ্ম-সংস্কৃতিৰে কোনো এক ভাল লক্ষণ বুলি ক’ব নো‌ৱাৰি । গতিকে আমি আশা কৰোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহে ক্ষন্তেকীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ স্বাৰ্থত নাটকৰ মান নিম্ন কৰি, চমক দেখু‌ৱাই অসমীয়া সংস্কৃতিত কালিমা লগো‌ৱা কাণ্ড কৰি টকা অৰ্জন কৰাতকৈ নাটকৰ দৰে এটা সমাজমুখী প্ৰত্যক্ষ আহিলাক কিদৰে সমাজৰ ভালৰ বাবে ব্য‌ৱহাৰ কৰিব পাৰি, কিদৰে মানুহৰ মনত সুস্থ মান‌ৱতাবাদী এক পৰি‌ৱেশ গঢ়ি তুলিব পাৰি অথ‌ৱা সুস্থ কলা-সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰি তাৰহে চিন্তা-চৰ্চাত মনোনি‌ৱেশ কৰা উচিত ।

No comments:

Post a Comment