Tuesday, March 31, 2015

ইতিবাচক ব্যতিক্ৰম

পদপথত পাচলি বিক্ৰীৰে "হিউমেনিটী হস্পিটাল" প্ৰতিষ্ঠা কৰা সাহসী নাৰী সুভাষিণী
ৰূপাংকৰ চৌধুৰী
আমাৰ সমাজত বহুত কমসংখ্যক ব্যক্তি আছে যিয়ে সপোন দেখিবলৈ সাহস কৰে আৰু তাতকৈও কমসংখ্যক ব্যক্তি আছে যিয়ে সেই সপোন বাস্তৱত ৰূপায়িত কৰে। অপৰ্য্যাপ্ত চিকিৎসা সেৱাৰ পৰিণতিত ২৩বছৰ বয়সত পতিহীনা হোৱা, এগৰাকী নাৰীয়ে ৬৫বছৰ বয়সত নিজৰ একাণপতীয়া প্ৰচেষ্টাৰ দ্বাৰা এখন চিকিৎসালয় নিৰ্মাণ কৰি তুলিছে। আশা এটাই, তেখেতৰ জীৱনত হোৱা নিষ্ঠুৰ ঘটনাৰ  দৰে যাতে অন্য সকল আৰু বলি হব লগা নহয়। 

এই প্ৰেৰণাময়ী নাৰী সুভাষিণীৰ জন্ম হৈছিল পশ্চিমবংগৰ এক দুখীয়া কৃষক পৰিয়ালত। তেখেতৰ ১২বছৰ বয়সতে বিয়া হৈছিল। চৰকাৰী চিকিৎসালয়ত সুচিকিৎসাৰ অভাৱত তেখেতৰ স্বামীৰ মৃত্যু ঘটে। তেতিয়া সুভাষিণীৰ বয়স মাথোঁ ২৩ বছৰ। সুভাষিণীৰ স্বামী দুখীয়া শ্ৰমিক আছিল। নিজৰ সন্তান কেইজনৰ লগত তেতিয়া সুভাষিণী অকলশৰীয়া। সেই সময়তে তেখেতে পণ ল'লে যে অপৰ্যাপ্ত স্বাস্থ্য সেৱাৰ বাবে সুভাষিণীয়ে সন্মুখীন হোৱা সমস্যাৰ যাতে আন কোনেও বলি হ'ব নালাগে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব, এই জীৱনতে।

পৰবৰ্ত্তী ২০বছৰ তেখেতে লোকৰ ঘৰত বাচন ধোৱাৰ কাম, জোতা প'লিচ, নিৰ্মাণকাৰ্যৰ শ্ৰমিক আদিৰ কাম কৰিছিল। তাৰ পাছৰ ২০বছৰত তেখেতে কলকতাৰ পাৰ্ক চাৰ্কাছত শাক-পাচলিৰ দোকান দিবলৈ আৰম্ভ কৰিছিল আৰু জীৱনৰ বিলাসিতাৰ বাবে এক পইচাও খৰছ কৰা নাছিল- কাৰণ তেখেতে মনতে এখন চিকিৎসালয় নিৰ্মাণ কৰাৰ সপোন পুহি ৰাখিছিল!!

"মই সেই তাহানি, কেতিয়াবা ৫পইচা আৰ্জন কৰোঁ। তাৰে দুপইচা ভাড়া দিওঁ, দুপইচাৰ খাওঁ আৰু এপইচা মই সাঁচি থওঁ।"- তেখেতে সেই পুৰণি দিনবোৰ মনত পেলাই কয়। 

সুভাষিণীৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ আছিল তেখেতৰ জ্যেষ্ঠ পুত্ৰ- অজয়। অজয় মেধাবী ছাত্ৰ আছিল কিন্তু সুভাষিণী তেওঁক পঢ়াবলৈ অসমৰ্থ। সেয়েহে সুভাষিণীয়ে অজয়ক অনাথ-আলয়লৈ পঠিয়াই দিয়ে। কালক্ৰমত অজয়েও সংঘাতময় জীৱনৰ মাজেদি এজন চিকিৎসক হবলৈ সক্ষম হৈছে।

১১৯৩চনৰ শেষৰ পিনে, সুভাষিণীয়ে নিজৰ জীৱনৰ সাঁচতীয়া ধনেৰে কিনা এক একৰ মাটিত এটা অস্থায়ী ঘৰ সাঁজে। আন এখন চিকিৎসালয়ত নিজৰ কৰ্ম শেষ কৰি অজয় আৰু তেখেতৰ লগৰ আন এজন চিকিৎসকে তাতে নিজৰ সেৱা আগবঢ়াই মাকৰ সপোন পূৰা কৰিবলৈ চেষ্টা কৰিলে। প্ৰথম দিনা খনেই তেওঁলোকে ২২২জন ৰোগীক চিকিৎসা প্ৰদান কৰে। সুভাষিণীয়ে ৰোগীসকলক শাৰীপাতি ৰৈ থকা দেখি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে। "কিন্তু এয়াই যথেষ্ট নহয়। আমি এখন চিকিৎসালয় নিৰ্মাণ কৰিব লাগিব।" আৱেগিক হৈ তেখেতে অজয়ক ক'লে।

সেয়েহে তেখেতে পুনৰ পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ আন এজন সন্তান সুজয়েও ইতিমধ্যে স্নাতক ডিগ্ৰী প্ৰাপ্ত হৈছিল। সুজয়েও মাকক পাচলি বিক্ৰীত সহায় কৰাত লাগি গ'ল আৰু বেচিকৈ ধন সাঁচিবলৈ সক্ষম হ'ল। বৰপুত্ৰ অজয়ে বিভিন্ন কৰ্পৰেট গোষ্ঠী সমূহক অনুদানৰ বাবে অনুৰোধ কৰাত লাগি গ'ল আৰু ১৯৯৫চনৰ ৫ফেব্ৰুৱাৰীত ৰাইজৰ সৰ্বাংগীন সেৱাত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এবছৰ পিছত, ১৯৯৬চনৰ ৯মাৰ্চত, দুমহলীয়া- "হিউমেনিটী হস্পিটাল" ৰাইজৰ বাবে মুকলি কৰে। 

আটকধুনীয়া এই চিকিৎসালয়খন তিনি একৰ মাটিত বিস্তৃত আৰু এতিয়া আটাইতকৈ দক্ষ চিকিৎসক আৰু সা-সৰঞ্জামেৰে সমৃদ্ধ। দুখীয়াৰ বাবে অতি জটিল অস্ত্ৰোপচাৰ মাত্ৰ ৫হাজাৰ টকাৰ ভিতৰতে কৰা হয় আৰু সৰু-সুৰা চিকিৎসা মাথোঁ দহ টকাৰ সামন্য বৰঙণিৰে কৰা হয়। 

অজয় আৰু তেওঁৰ চাৰিজন ভাই-ভনীয়ে সুভাষিণীৰ চালিকা শক্তি। অজয়ে ৰোগীৰ চিকিৎসা কৰে, তেওঁৰ পত্নীয়ে ৰোগীৰ খোৱাৰ যতন লয় আৰু ভনীয়েকে নাৰ্চৰ সেৱা আগবঢ়ায়। অজয়ৰ হাতত সমস্ত দায়িত্ব সঁপি, সুভাষিণীয়ে এতিয়া নাতি-নাতিনীৰ তদাৰক কৰে। কিন্তু সুভাষিণীয়ে এতিয়াও কয় যে তেখেতৰ মিছন এতিয়াও সম্পূৰ্ণ হোৱা নাই।
( সমলৰ উৎস- The Logical Indian) 

1 comment: