ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ 
বিশেষ আৰ্থিক অনুদান
ৰূপাংকৰ চৌধুৰী

ভাৰতীয় ষ্টেট বেংকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ১০০কৌটি টকীয়া আৰ্থিক অনুদান আগবঢ়াব ৰাজহুৱা খণ্ডৰ এই বেংকটোৱে। 

ভাৰতীয় চাহ নিগমৰ নিয়ম অনুযায়ী যিসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ ইতিমধ্যে নিজাকৈ চাহ বাগান আছে তথা প্ৰয়োজনীয় তথ্য-পাতি সঠিক ভাৱে মজুত আছে, তেনেকুৱা প্ৰত্যেকজন ক্ষুদ্ৰ খেতিয়কে ষ্টেট বেংকৰ এই আৰ্থিক অনুদানৰ লাভ উঠাব পাৰিব। ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বাঞ্চল আঞ্চলিক কেন্দ্ৰৰ মুখ্য মহা প্ৰবন্ধক, সঞ্জয় কুমাৰ মাগুৱে এই কথা সদৰী কৰে। 

ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত প্ৰত্যেকটো খণ্ডৰ খেতিয়কলৈ বিশেষতঃ চাহ পাতৰ সৰু ক্ষুদ্ৰ কাৰখানা প্ৰতিষ্ঠা কৰিবলৈ আৰু কেঁচা চাহ পাত কঢ়িয়াবলৈ প্ৰয়োজন হোৱা গাড়ী কিনিবলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। 

''চাহপাত উৎপাদিত অঞ্চল সমূহত থকা আমাৰ বেংকৰ শাখা সমূহে এক নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰত এক জৰীপ আৰম্ভ কৰিব। প্ৰাথমিক পৰ্যায়ত আমি ৩০০০ ক্ষুদ্ৰ চাহ খেতিয়কৰ লক্ষ্য আগত ৰাখি ১০০কৌটি টকাৰ আৰ্থিক অনুদান আগবঢ়াম। এই আঁচনিৰ দ্বাৰা অসমকে ধৰি অৰুণাচল প্ৰদেশ, নগালেণ্ড আৰু মেঘালয় ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল উপকৃত হ'ব'- মাগুৱে সদৰী কৰে। 

''আমি জ্ঞাত যে অসমৰ নিবনুৱা সমস্যা লাঘৱ কৰাৰ লগতে অসমত অৰ্থনৈতিক ক্ষেত্ৰখনলৈ এক যোগাত্মক ধাৰা কঢ়িয়াই আনিবলৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।'' মহা প্ৰবন্ধক জনে লগতে ব্যক্ত কৰে। 

উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ মূল সূঁতিলৈ লৈ আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা প্ৰয়াসক গুৰুত্ত্ব প্ৰদান কৰি ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক শাখাই দেশৰ এই অঞ্চলৰ নিবনুৱা যুবক-যুৱতীসকলক পৰ্যটন উদ্যোগৰ লগত জড়িত কৰিও বিশেষ কিছুমান আঁচনি পৰিকল্পনা কৰি আছে। এই ক্ষেত্ৰত ছিকিম আগৰণুৱা। ছিকিমৰ উদাহৰণ আগত ৰাখি, প্ৰচুৰ সম্ভাৱনা থকা এই অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ লগত নিজকে জড়িত কৰি নিবনুৱা স্ব-নিয়োজনৰ নিশ্চিত কৰি অৰ্থনৈতিক স্বাৱলম্বিতা পথ দেখুৱাব পাৰি।

এই বিশেষ আঁচনিৰ সৈতে সংলগ্ন কৰি অসমীয়া উদ্ভাৱক উদ্ধৱ ভৰালী দেৱৰ আৱিস্কাৰ কম খৰচী চাহ প্ৰস্তুতকাৰী যন্ত্ৰটো প্ৰতিষ্ঠা কৰাৰ কথাও ৰাইজে চিন্তা কৰিব পাৰে। তেখেতৰ সৈতে এই বিষয়ে সবিশেষ https://www.facebook.com/uddhab.bharali.3?fref=ts যোগেও পৰামৰ্শ লব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি আমাৰ অসম তথা উত্তৰ-পূৱৰ নৱ-প্ৰজন্ম উপকৃত হওক, তাকেই কামনা কৰিলো।

No comments:

Post a Comment