চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যান্ত্ৰিক মানৱ কৰি তুলিছো নেকি নৱ-প্ৰজন্মক?
লক্ষ্যজ্যোতি নাথ

"১০০ ভিতৰত মাত্র ৮৭ পাইছা, এই গতিৰে তোমাৰ কি হ'ব তন্ময়? তোমাৰ লগৰ শিল্পীয়ে ৯৪ পালে; তুমি যেনেকৈ হ'লেও ১ নম্বৰ হ'বয়ে লাগিব, এনেকৈ কম নম্বৰ পালে ডাঙৰ স্কুলত চিট নোপোৱা, চৰকাৰী স্কুলত সেই সাধাৰণ ল'ৰা-ছোৱালীৰ দৰে পঢ়িব লাগিব; দেখিছানে কাষৰ মানুহ ঘৰৰ দাদাজনে ইঞ্জিনিয়াৰ কৰে, অমুকৰ জীয়েকে ডাক্তৰ কৰে এই গতিত তুমি কি কৰিবা জীৱনত..." -এইবোৰ হৈছে আজিকালি বহু মাক-দেউতাকে নিজ সন্তানক প্রতিটো মূহূর্তত শুনাই থকা কিছুমান বাক্য। নিজৰ ল'ৰা-ছোৱালীৰ সেই ক্ষমতাখিনি থাকক বা নাথাকক সেইটো উপলব্ধি কৰিব সময় নাই, এটাই কথা পৰীক্ষাত ৯৯ পাব লাগিব, ১ নম্বৰ হ'ব লাগিব।
সৰুৰে পৰাই আমাৰ মাক-দেউতাকবোৰে সন্তানবোৰৰ মূৰত এই পোক সোমোৱাই দিয়ে, এবাৰো বুজিবলৈ মন নকৰে নিজ সন্তানটোৱেনো কি হ'ব বিছাৰে! লাগিলে সন্তানৰ লেখক, গায়ক, ফটোগ্রাফাৰ, শিক্ষক আদি হোৱা ইচ্ছা থাকক, কিন্তু পিতৃ-মাতৃয়ে সিহঁত টোপনিৰ পৰা চকু মেলাৰ পৰা শুবলৈ যোৱালৈকে এটা কথায়ে "তুমি ডাক্তৰ, তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব; তেতিয়া ধেৰ দৰমহা পাবা, ডাঙৰ গাড়ী, তিনি মহলীয়া ঘৰ সাজিব পাৰিবা.." ! যাৰ ফলস্বৰুপে নিজ সন্তানক ভালতকৈ ভাল, দামী স্কুলত পঢ়োৱা এক প্রতিযোগিতা আৰম্ভ হয়। আজিকালি মাক-দেউতাকে ভাবে চৰকাৰী বিদ্যালয় আৰু অসমীয়া মাধ্যমত পঢ়িলে সন্তানৰ ভৱিষ্যত অন্ধকাৰ। চাকৰি পোৱা দূৰৈৰ কথা, ক'ৰবাত ইংৰাজীত কথাও পাতিব নোৱাৰিব। সেইবাবে দামী (অলপ ষ্টাইলিচ নাম থকা) ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম লগাই দিয়ে। এইকাণ্ড বোৰ দেখি মোৰ কেতিয়াবা হাঁহি(!) উঠে।

ময়ো চৰকাৰী অসমীয়া মাধ্যমত পঢ়ি এতিয়া দেশৰ সন্মানজনক ঠাইত সৰুকৈ হ'লেও সন্মানজনক চাকৰি কৰি আছো। ইয়াত দুটা ভাষাই চলে হিন্দী আৰু ইংৰাজী। ক'তা অসমীয়া মাধ্যমত পঢ়িয়ো দেখোন আমি দুয়োটা ভাষা বুজো, ভঙা ভঙাকৈ বুলি অনুভৱ কৰিলেও মনৰ কথা স্পষ্টকৈ ক'বও পাৰো। অলপ দিনৰ পাছত যে আৰু ভালকৈ ক'ব পাৰিম তাত মোৰ বিশ্বাস আছে।  লগতে এনে বহু মানুহৰ নাম ক'ব পাৰিম, যিয়ে অসমীয়া মাধ্যমত পঢ়ি অসমত নহয়, ভাৰততে নহয়, বিদেশতো প্রতিষ্ঠিত হৈছে।

"মাধ্যম কেতিয়াও শিক্ষ্যাৰ অন্তৰায় হ'ব নোৱাৰে"। অসমত আৰু এটা গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে, যিটো সমস্যাৰ কথা অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী,­ বৌদ্ধিক মহলে জানিও আওকান কৰি আছে। মই কেইবাজনো ইংৰাজী মাধ্যমৰ ছাত্র-ছাত্ৰীৰ সৈতে ব্যক্তিগত ভাৱে কথা পাতি গম পাইছো তেওঁলোকে অসমীয়া পঢ়িব নাজানে, যুক্তাক্ষৰ বুজি নাপাই (আনকি মেট্ৰিক পাছ কৰা পাছতো)। ই অসমীয়া ভাষাৰ বাবে এক ডাঙৰ সমস্যা সৃষ্টি কৰিব ভৱিষ্যতে। এই ক্ষেত্ৰত মই সেই ছাত্ৰ-ছাত্ৰীত কে তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক­হে দোষাৰুপ কৰিম কাৰণ তেওঁলোকে বাকী বিষয়বোৰ শিকোৱাত যিমানে জোৰ দিছে অসমতে মাতৃভাষা শিকোৱাত সিমান জোৰ দিয়া নাই, নহ'লেনো নিজ মাতৃভাষা পঢ়িব নোৱাৰেনে!! অসমৰ বৌদ্ধিক মহলে এই সমস্যাটোত যেন অলপ চকু দিয়ে। আজিকালি প্ৰথম, দ্বিতীয় শ্ৰেণীত পঢ়া পঢ়া কণ কণ ছাত্র-ছাত্রীবোৰৰ পিঠিত কঢ়িয়াই ফূৰা বেগটো দেখিলেই মোৰ ভয় লাগে। এনে লাগে পঢ়িবলৈ নহয় পিঠিত বোজা লৈ আর্মীৰ ট্রেইনিং কৰিবলৈ হে যেন গৈছে। আর্মীৰ ট্রেইনিংবোৰতো কঢ়িয়াব পৰা ক্ষমতাতকৈ অধিক বোজা পিঠিত দি প্ৰশিক্ষণ দিয়ে।
আজিৰ বহু কণ কণ ল'ৰা-ছোৱালীয়ে মার্বল খেলি পোৱা নাই, তামোলৰ ঢকোৱাই বনোৱা চুচৰি যোৱা গাড়ীত বহি পোৱা নাই, দুডাল গছত ৰছীৰে বান্ধি লৈ তাত বহি ঝুলনা খেলি পোৱা নাই, চাইকেলৰ টায়াৰ হাতেৰে চলাই চলাই দৌৰি পোৱা নাই। কোনো কোনো মাক দেউতাকে আকৌ সন্তানত মাটিত ভৰিতোও থব নিদিয়ে; লেতেৰা হ'ব, বেমাৰ হ'ব মাটিত খালী ভৰিৰে খেলিলে, তেনে মানসিকতা।

তেনে মাক-দেউতাকক মোৰ সুধিবলৈ মন যায় "আপুনি বাৰু সৰু থাকোতে চেণ্ডেল-জোতা পিন্ধিয়ে খেলিছিল নে? খালি ভৰিৰে খেলোতে আপোনাৰ কেইবাৰ অসুখ হৈছিল...?" সিদিনা বাইদেউ এগৰাকীৰ ঘৰলৈ গৈছিলো। তেখেতৰ ছোৱালীয়ে এইবাৰ ক্লাছ ফ'ৰ পাইছে। তাই মোক জীয়েকৰ পৰীক্ষাৰ মার্কশ্বিত আদি দেখোৱাই কিতাপবোৰ দেখুৱালে। মইতো তাইৰ কিতাপ দেখি অবাক। ইমান কিতাপ মই মেট্রিক দিওঁতেও পঢ়া নাই, তাই চতুৰ্থ শ্ৰেণীতে পঢ়িছে। বুজি নাপাওঁ আজিৰ শিক্ষা ব্যৱস্থাই কণ কণ ছাত্র-ছাত্রীক কি বনাব খুজিছে। যদি মনত ৰখা(স্মৃতি) শক্তি ওপৰত ভিত্তি কৰিয়ে কোন চোকা কোন চোকা নহয় নির্ণয় কৰিব খুজিছে তেন্তে এই ছাত্র-ছাত্রীবোৰক জোখতকৈ বেছি কিতাপ দি ইমান চাপ কিয় প্রয়োগ কৰা হৈছে? এটা নিদিষ্ট বয়সত স্মৃতি শক্তি কিমান হ'ব পাৰে তাৰ লগত তুলনা কৰি কিতাপ পঢ়িবলৈ দিব লাগে, অন্তত পাঠ্যপুথি।

কিছুমান ব্যক্তিগত বিদ্যালয়ে আকৌ নিজৰ বিদ্যালয়খনৰ নাম জিলিকাবলৈ, নিজৰ আধুনিকতা দেখুৱাবলৈ কিতাপৰ সংখ্যা বৃদ্ধি কৰে। মুঠৰ ওপৰত আজিৰ ছাত্র-ছাত্রী সাধাৰণ মানৱ নহয়, যেন যান্ত্রিক মানৱহে। ৰাতিপুৱা শুই উঠিয়ে টিউচন, তাৰ পাছত স্কুল, তাৰ পাছত অলপ জিৰাই আকৌ টিউচন নহ'লে মোবাইল/কম্পিউটাৰতে ভিডিঅ' গেম, তাৰ পিছত ৰাতি পঢ়া আৰু তাৰপাছত শুই পিছদিনা সেই একেই কর্ম। বহুতেই আমীৰ খানৰ "থ্ৰী-ইডিয়ট" আৰু "তাৰে জমীন পৰ" চিনেমাখন নিশ্চয় চাইছে। যিসকলে আজিলৈকে চোৱা নাই সেইসকলক মই চাবলৈ অনুৰোধ কৰিছো। 

তাৰোপৰি বিশেষকৈ যিসকল মাক-দেউতাকৰ সন্তান প্রথম শ্রেণীৰ পৰা সপ্তম শ্রেণীলৈকে পঢ়ি আছে, তেওঁলোকে যোৱা ২ জানুৱাৰীত 'টেক ইট ইজি' নামৰ হিন্দী চলচিত্র এখন মুক্তি পাইছে, সেইখন ছবি চোৱাতো অতিশয় প্ৰয়োজনীয় বুলি অনুভৱ কৰো। 'টেক ইট ইজি' চিনেমাখনত বলীউদৰ কোনো খ্যাতনামা অভিনেতা-অভিনেত্রী নাই সেইবাবে জনসাধাৰণৰ মাজত ভালকৈ প্রচাৰ হোৱা নাই, কিন্তু সকলোৰে বাবে উপভোগ্য বৰ সুন্দৰ চিনেমা। এই চিনেমাখন চালেই এই বিষয়ে  ক'ব খোজা বহু কথাই নিজেই বুজি পাব।

এই তীব্র প্রতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ ফলত কণ কণ ছাত্র-ছাত্রীৰ মনত ইজনে সিজনৰ প্রতি কিদৰে গোপন শত্ৰুতা গঢ়ি উঠে সেইকথা "'টেক ইট ইজি" চিনেমাখনত ভালদৰে দেখুওৱা হৈছে। এই শত্ৰুতা আমাৰ বাবে বা অভিভাৱকৰ বাবে সাধাৰণ কথা, কিন্তু সেই কণ কণ ছাত্র-ছাত্রীৰ বাবে ই এক মানসিক অশান্তিৰ কাৰণ হৈ পৰে। বহু পিতৃ-মাতৃয়ে সন্তানক প্রথম হ'বলৈ দিয়া হেঁচাও সন্তানৰ বাবে এক মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে, সেইকথা অতি সুক্ষ্মভাৱে অভিভাৱকে নজৰ দিব লাগে। আপোনাৰ সন্তান যাতে প্ৰতিযোগিতা আৰু আধুনিকতাৰ দৌৰত পৰি প্ৰকৃতিৰ সৈতে ছিন্নমূল হোৱা যন্ত্ৰ মানৱলৈ পৰিণত নহয় তাৰ বাবেই আপোনালোকেই সচেতন হব লাগিব। এয়া অভিভাৱক সকলৰ বাবে সঁচাই এক প্ৰত্যাহ্বানেই।
লেখক নৌ সেনাবাহিনীত মুম্বাইত কৰ্মৰত, ফোন-৯৯৬৯৩৪০৫৮৭

No comments:

Post a Comment