হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আজি ঘনচিৰিকা দিৱস উপলক্ষে সদৌ অসম চোৰাং চিকাৰী সংঘই প্ৰকাশ কৰিছে আন্তৰিক অভিনন্দন। কাজিৰঙাৰ বাংলাদেশী বিচৰণ কেন্দ্ৰত সেই উপলক্ষে ঘন-চিৰিকা শ্বুটিং প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে বুলি গোপন খবৰ।


২. কাহিলাপাৰাক লুণ্ঠনপাৰা অথবা ঘোঁচখোৰপুৰ নামাকৰণ কৰিবলৈ দাবী তুলিলে সদৌ অসম মাদ্ৰাছা শিক্ষক সংঘই। মাদ্ৰাছা প্ৰাদেশিকীকৰণ আৰু চাকৰিৰ নামত অভূতপূৰ্ব লুণ্ঠনে অভিলেখ সৃষ্টি কৰালৈ সংগতি ৰাখিয়ে এই নামাকৰণ কৰিবলৈ ৰসাল গগৈলৈ তেওঁলোকে দাবীপত্ৰ ফেক্স কৰা বুলিও জানিব পৰা গৈছে।

৩. ৰাজ্য সভাৰ ভিতৰত মহৰ তাণ্ডৱত থাকিব পৰা নাই বুলি বাতৰি প্ৰকাশ পাইছে। সেই কাৰণেই টেণ্ডুলকাৰে মহৰ কামোৰ খোৱাতকৈ ৰাইজৰ ধনেৰে দৰমহা লৈ আজ টক চেনেলত বহি এক্সট্ৰা ইনকাম কৰি থকা বুলিও চকু-চৰহা সাংবাদিক সন্থাই প্ৰকাশ কৰিছে।

৪. বড়োলেণ্ডতো ইলেকচন জিকাৰ লগতে অহা বিধান সভাতো বিপুল ভাৱে জয়ী হব বুলি দাবী কৰিলে ৰসাল গগৈয়ে। তেখেতে কয় যে পৌৰ নিগমত শৌচনীয় পৰাজয়টোনো কি ডাঙৰ কথা! মায়েঙৰ বেজ লগোৱা নাছিলে বাবেহে হাৰিলে হেনো, এইবাৰ বড়োলেণ্ডলৈ ডাইনী মন্ত্ৰ, ভোটাৰ বশীকৰণ মন্ত্ৰ আদিৰে সু-সজ্জিত কৰি মায়ঙৰ বেজৰ দল নিৰ্বাচনী যুঁজৰ বাবে সাজু কৰা বুলিও ৰসাল গগৈ চাৰে প্ৰকাশ কৰিছে।

৫. কালি বিমানবন্দৰত লেণ্ডিং কৰাৰ কথা গম পোৱাৰ পাছতে আবেলিৰ ভিতৰত “ডিব্ৰুগড়ত আন্না” নামৰ এখন নাটক লিখি উলিয়ালে অসমৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টই। এই নাটকৰ ঠিক আগে আগে “ৰাঙলীত ৰাজনৈতিক নৃত্য নাটিকা” নামৰ এখনি গীতি নৃত্য নাটিকাও প্ৰযোজনা কৰিবলৈ লোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। নৃত্য নাটিকাত কৃষককান্ত গগৈ, কবিকমল মেধি আদিয়েই আধুনিক ৰাজনৈতিক নৃত্য প্ৰদৰ্শন কৰিব বুলি নাট্যকাৰে প্ৰকাশ কৰিছে।

৬. অসমীয়াৰ সংজ্ঞা অভিযান নামৰ এটি ৰোমাঞ্চকৰ, দুঃসাহসিক অভিযানৰ আয়োজন কৰিছে শিৱসাগৰীয়া বিধান গগৈয়ে। তেওঁৰ দুঃসাহসিক অভিযানলৈ সকলোকে মাতিছে যদিও ৰাজনৈতিক জীৱন বিপন্ন কৰি তাত ভাগ লোৱাতকৈ মোৰ পোলোকা মৰাই উত্তম বুলি বেছি ভাগ দল-সংগঠনে সভাৰ নিমন্ত্ৰণী পায়েই ফৰিং চিটিকা দিয়া বুলিও দুখবৰ জানিব পৰা গৈছে। 

৭. সদৌ ফেঞ্চী বজাৰ বেপাৰী সংস্থাৰ পৃষ্ঠপোষকতাত সদৌ অসম বুঢ়াভকত ছাত্ৰ সন্থাৰ বহুদিনীয়া মেলা এখন দুধনৈৰ পাৰত অনুষ্ঠিত হৈছে। অনা-অসমীয়া পৃষ্ঠপোষকৰ ধনেৰে খিচিৰি খাই অসমীয়া বুঢ়াভকত সকলে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে নৈৰ পাৰতে তিনি শইত শপত গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

৮. বাংলামূল উজ্বল ভট্টচাৰ্যক প্ৰত্যাহ্বান জনাইছে সদৌ অসম বগাটুপি ছাত্ৰ সংস্থাই। নিজৰ বংশলতাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰি নিজকে খিলঞ্জীয়াৰ আচল গাৰ্জেন বুলি কৰা দাবীক পূৰ্ণ প্ৰতিষ্ঠা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে। পিছে দাড়িত ৰঙ লগোৱাত ব্যস্ত থকাৰ বাবেই ভট্টাচাৰ্যই এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ মুখ খুলিব পৰা নাই বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৯. মহাপণ্ডিত চুব্বু স্বামীক অসমত মহাধৰ্ম-ৰত্ন সন্মান কৰিব লাগে বুলি দাবী তুলিছে গেৰুৱা ফেন ক্লাৱে। চুব্বু স্বামীৰ নামৰ আগত পাৰিলে অতি সোনকালেই মহাপুৰষ শব্দ সংযোজিত কৰাৰ লগতে শ্ৰীশ্ৰী শ্ৰীমন্ত উপাধিও লগোৱাৰ দিহা কৰা ভাল হব বুলিও ক্লাৱে গুনাগঁথা কৰাৰ গোপন খবৰ।

১০. আমেৰিকাত বানপানী হয়, গুৱাহাটীতো। মুম্বাইত ক্ৰিকেটৰ জুৱা হয়, গুৱাহাটীতো। কালি গুৱাহাটীত কোটি টকীয়া ক্ৰিকেট জুৱাৰে অসমী আইৰ মুখ উজ্জ্বল কৰিবলৈ প্ৰচেষ্টা চলোৱা কেইবাজনো নৱ-প্ৰজন্মক লালটুপি সংঘই হাত-কেৰেয়াৰে সম্বৰ্ধনা জনায়। এতিয়া ৰঙাঘৰত আলহী কৰি শুশ্ৰূষা কৰাৰো সু-ব্যৱস্থা কৰা হৈছে বুলিও সংঘই প্ৰকাশ কৰিছে।

No comments:

Post a Comment