জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হোলী উৎসৱ, আপোনাৰ সুৰক্ষা আৰু যতন
ৰূপাংকৰ চৌধুৰী
ৰঙ আৰু আনন্দৰ বাতৰি লৈ হোলী আহি পালেহি! জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলোৱে মিলি ফাকুৱা উৎসৱত আত্মহাৰা হৈ যাব। কিন্তু হোলী খেলি আজৰি হোৱা পিছত থাকি যায় ৰঙৰ দাগ। যিবোৰ ছাল আৰু চুলিৰ পৰা আঁতৰ কৰিবলৈ যিমান কষ্ট হয়, মূহুৰ্ত্তৰ বাবে ফাকুৱাৰ খেলাৰ আনন্দ নোহোৱা কৰি দিয়ে। অপ্ৰিয় হ'লেওঁ সত্য এই দাগ আঁতৰ কৰাত নিহিত হৈ থকা কষ্ট খিনিৰ বাবেই বহুতে হোলী খেলাৰ পৰা বিৰত থাকে। তাৰ লগতে থাকে কিছুমান অনাকাংক্ষিত,অপ্ৰিয় তথা অসামাজিক পৰিস্থিতি। আহক আমি কেইটামান বিশেষ কিটিপ সাউতকৈ জানি থওঁ যাৰ সহায়ত হোলী উৎসৱৰ পিছৰ সময়খিনি যাতে বিৰক্তিকৰ নহয়- 
  • যিমান পাৰে প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ নিজেও কৰক আৰু ওচৰে-পাজৰে থকা সকলোকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাওঁক 
  • কিবা কাৰণত যদি প্ৰাকৃতিক ৰঙৰ ব্যৱস্থা কৰিব নোৱাৰে তেন্তে 'উচ্চ মানদণ্ড'ৰ কৃত্ৰিম ৰঙ ব্যৱহাৰ কৰক। 
  • যিমান পাৰে ৰঙা আৰু গুলপীয়া ৰঙৰ ব্যৱহাৰ কৰক। বেঙুনীয়া, সেউজীয়া, হালধীয়া, কমলা আদি ৰঙত মাত্ৰাধিক অপকাৰী ৰাসায়নিক পদাৰ্থ থাকে। 
  • নিশ্চিত কৰিব যাতে ফাকুৱা খেলাৰ আগত আৰু পিছত আপুনি দৈনন্দিন ব্যৱহাৰ কৰা মুখত ঘঁহা ক্ৰীম সানি লৈছে। 
  • চুলিখিনিৰ সুৰক্ষাৰ বাবে পাৰিলে টুপিৰ ব্যৱহাৰ কৰক। 
  • নিশ্চিত কৰক যাতে পাউডাৰ বা তেনেকুৱা ধৰণৰ কোনো দ্ৰব্য যাতে আপোনাৰ চকুত নোসোমাই। চকুৰ সুৰক্ষাৰ বাবে গগ্‌লচ ব্যৱহাৰ কৰক। 
  • দাঁতৰ সুৰক্ষাৰ বাবে 'দাত-টুপি' ব্যৱহাৰ কৰিব পাৰে যাতে কৃত্ৰিম ৰঙৰ অত্যাচাৰত আপোনাৰ দাঁত দাগী নহয়। 
  • ·একেবাৰেই অলাগতীয়াল কাপোৰযোৰ উলিয়াই হোলীৰ দিনা পিন্ধিবলৈ সাজু কৰি ৰাখক যাতে আপুনি কাপোৰ ধুবলৈ অযথা সময়ৰ অপচয় কৰিবলগীয়া নহয়। 
  • হোলীৰ ৰঙৰ অত্যাচাৰৰ পৰা যিমান পাৰে নিজৰ মুখখনক বচাবলৈ চেষ্টা কৰক। অন্যাথা ওঁঠ আৰু চকু জোৰকৈ বন্ধ কৰি ৰাখক। 
  • হোলীৰ দিনাখন মাত্ৰাধিক নিচা কৰি গাড়ী চলোৱাৰ পৰা নিজৰ লগতে আনকো বিৰত ৰাখক। 
  • হোলী উৎসৱৰ চূড়ান্ত সময়-খিনিত পাৰিলে নিজৰ ঘৰতে আৱদ্ধ হৈ থাকক। মনত ৰাখিব, ফাকুৱাৰ দিনটোত অতি প্ৰিয় বন্ধুজনেও এক বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। 
  • স্থায়ী দাগ বহুৱাই দিয়া ৰঙৰ ব্যৱহাৰ পৰিহাৰ কৰক। কোনোবাই আপোনাৰ চেহেৰাত তেনেকুবা কিবা ব্যৱহাৰ কৰিলেও লগে -লগে তাক চাবোনেৰে ঘঁহি নোহোৱা কৰিবলৈ চেষ্টা নকৰিব। কিছু সময় ৰওক আৰু 'মইচুৰাইজিং ক্লীনজাৰ'ৰ সহায়ত যিমান পাৰে ৰঙবোৰ আঁতৰাবলৈ চেষ্টা কৰিব। তাৰ পিছতহে চাবোনৰ ব্যৱহাৰ কৰক।
  • ·গা ধোৱাৰ আগতে শুকান কাপোৰেৰে গা-মূৰ চাফা কৰি ল'ব। তাৰ পিছত 'মইচুৰাইজিং ক্লীনজাৰ'ৰ সহায়ত যিমান পাৰে ৰঙবোৰ আঁতৰাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা গা ধোৱাৰ সময়ত অতিৰক্ত ঘঁহনিৰ ফলত হ'ব পৰা শাৰিৰীক আৰু মানসিক পীড়া বহু পৰিমাণে লাঘৱ হ'ব। 
  • পচা কণী আদি মূৰলৈ দলিয়ালে বেয়া নাপাব, সেয়াই আপোনাৰ চুলিত 'কণ্ডিচনাৰ'ৰ কাম কৰিব। কিন্তু মবিল, টাৰ আদিৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰক। 
  • মনত ৰাখিব, পুলিচ আৰু আইন আছে। কোনোবাই ভদ্ৰতাৰ সীমা চেৰাই গ'লে পুলিচ আৰু আইনৰ সহায় নিশ্চয় ল'ব পাৰে আপুনি। 
  • হোলী খেলাৰ বহুত দেৰি পিছত হে গা ধুবলৈ যাব। বাৰে-বাৰে ঘঁহি-ঘঁহি গা ধুই থাকিলে আৰু মুখ আৰু দেহৰ চালত চাপ পৰিব পাৰে যাৰ দ্বাৰা চাল ৰুক্ষ হোৱা সম্ভাৱনা থাকে। 
  • ·আপোনাৰ যদিহে চালৰ এলাৰ্জি আছে তেন্তে ফাকুৱা খেলাৰ পৰা বিৰত থাকক। এনেকুৱা পৰিস্থিতিত এবাৰ চালৰ ক্ষতি সাধন হোৱাৰ পিছত চালৰ বিশেষজ্ঞ চিকিৎসকৰ ওচৰত যোৱাৰ কোনো অৰ্থই নাথাকে। 
  • ·প্ৰয়োজনীয় ঔষধ-পাতি যেনে- পেইন কিলাৰ, এণ্টি-এলাৰ্জিক, জ্বৰ-চৰ্দিৰ ঔষধ মজুত ৰাখক। 
হোলীৰ আনন্দ সকলোৱে উপভোগ কৰক কিন্তু প্ৰয়োজনীয় সাৱধানতাও অৱলম্বন কৰক। মনত ৰাখিব, আপোনাৰ আনন্দৰ কষ্ট যাতে আনে ভুগিব নালাগে। উৎসৱবোৰৰ স্বকীয়তা বজাই ৰাখি উপভোগ কৰিলে সকলোবোৰ উৎসৱে সকলোৰে বাবে সমানে উপভোগ্য হৈ পৰে। সদৌ শেষত 'অসমীয়াৰ সুখ-দুখ'ৰ পৰিয়ালৰ পৰা আপোনালোক আটাইকে ফাকুৱা উৎসৱৰ  আন্তৰিক শুভেচ্ছা জনালো। লগতে সুৰক্ষিত ভাৱে ফাকুৱা উপভোগৰ বাবে জনালো আহ্বানো।

No comments:

Post a Comment