পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. কবি ভবেন বৰুৱা আৰু কলকাতাৰ বাংলা কবি শ্যামলকান্তি দাসলৈ ৰমানাথ ফাউণ্ডেচনে আগবঢ়াইছে পদ্মনাথ বিদ্যাবিনোদ আৰু ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য পুৰস্কাৰ। অহা ১৪ মাৰ্চত গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত এই বঁটা প্ৰদান অনুষ্ঠানতে পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মাৰক বক্তৃতা আৰু ভূ-পৰ্যটক ৰামনাথ বিশ্বাস স্মাৰক বক্তৃতাৰো আয়োজন কৰা গৈছে। বক্তৃতা প্ৰদান কৰিব চিন্তাবিদ ডঃ শিৱনাথ বৰ্মন আৰু কলকাতাৰ শিক্ষাবিদ ডঃ সুধাংশু শেখৰ মুখোপাধ্যায়ে। 

২. বিশ্বৰ বিভিন্ন স্থানৰ লগতে অসমতো কালি আন্তৰ্জাতিক নাৰী দিৱস উদযাপিত হয়। তেজপুৰৰ স্বামী বিবেকানন্দ কেন্দ্ৰই আয়োজন কৰা বিশেষ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা আঠ গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হয়।

৩. উত্তৰ-পূৱৰ লোকসকলৰ বাবে জি.এন.আৰ.চিয়ে আৰম্ভ কৰিছে দুৰ্ঘটনা সেৱা আঁচনিৰ। নৰ্থ ইষ্ট এছ’চিয়েছন ফৰ ৰ’ড ছেফটি নামৰ এই আঁচনিখন কালি গুৱাহাটীৰ নেডফি হাউছত মুকলি কৰে স্বাস্থ্য মন্ত্ৰী ডাঃ নজৰুল ইছলামে। এই বিশেষ কাৰ্ড সংগ্ৰহ কৰা ব্যক্তিলৈ ১লাখ টকা পৰ্যন্ত দুৰ্ঘটনাজনিত আঘাতৰ বাবে চিকিসা ব্যয় জি.এন.আৰ.চি হাস্পতালে আগবঢ়াব বুলিও সুখবৰ প্ৰকাশ পাইছে। পথ দুৰ্ঘটনাই নৱ-প্ৰজন্মৰ মাজত এক মহামাৰীৰ ৰূপ লৈছে বুলিও বিশেষজ্ঞ ডাঃ অতনু বৰঠাকুৰে তেখেতৰ ভাষণত আঙুলিয়াই লগতে এই বিষয়ত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীতাৰ বিষয়েও মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

৪. হোলী গীতৰ মুৰ্ছনা, তাল-খোল-আবিৰৰ ৰঙৰ মাজতে বৰপেটা সত্ৰৰ পাৰম্পৰিক দৌল উসৱ এইবাৰো পাঁচ দিনীয়াকৈ সফল সামৰণি পৰা বুলি জানিব পৰা গৈছে। এই উসৱৰ বাবে দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰাও পৰ্যটকে ভিৰ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. দক্ষিণ দিল্লীৰ ৩৯খন গাঁও আৰু উত্তৰ দিল্লীৰ ৫০খন গাঁৱক নগৰীকৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে দিল্লী উন্নয়ণ প্ৰাধিকৰণে। বিশেষ উন্নয়নমূলক সা-সুবিধা প্ৰদান কৰিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে বৰ্ধিত জনসংখ্যাৰ বাবে নিম্ন দৰৰ ঘৰৰো দিহা কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. দেশত নতুনকৈ স্থাপিত হোৱা বিভিন্ন কোম্পানী তথা উদ্যম সমূহে অহা ২০২০ বৰ্ষলৈকে প্ৰায় তিনি লাখতকৈ অধিক বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তিৰ বাবে নিয়োগৰ সম্ভাৱনা মুকলি কৰিব বুলি আশাপ্ৰদ খবৰ প্ৰকাশ পাইছে। মানৱ সম্পদ ব্যৱস্থাপনা সংস্থা সমূহৰ বিভিন্ন সমীক্ষাৰ পৰা এই কথা জানিব পৰা গৈছে।

৭. ধুবুৰীৰ পবিত্ৰ তীৰ্থস্থান আৰু পৰ্যটনস্থলী চান্দৰডিঙাত অহা ২৮-২০ মাৰ্চলৈ প্ৰথম চান্দৰডিঙা মহোসৱৰ আয়োজন চলিছে। থলুৱা সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰক মূল উদ্দেশ্যে হিচাবে লৈ আয়োজন কৰা এই প্ৰথমবাৰৰ আয়োজনলৈ অসমৰ ৰাজ্যপালেও উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰিছে।

৮. মঙলদৈত সেচ্ছাসেৱী সংস্থা "ছত্ৰ"ৰ উদ্যোগত কালি অনুষ্ঠিত হয় “মানসিক ৰোগীৰ চিকিসাত সামাজিক প্ৰতিবন্ধকতা আৰু ভ্ৰান্ত ধাৰণা” শীৰ্ষক এখনি সজাগতা কৰ্মশালাত।বিশিষ্ট সমাজকৰ্মী তথা “আশাদীপ”ৰ সঞ্চালিকা ডঃ অঞ্জনা গোস্বামীয়ে এই ক্ষেত্ৰখনত তেখেতৰ বিগত দুটা দশকৰ অভিজ্ঞতা স্থানীয় সামাজিক সংগঠন সমূহৰ পৰা অহা অংশগ্ৰহণকাৰী সকলৰ সমুখত ব্যক্ত কৰি এই ক্ষেত্ৰত সামাজিক সচেতনতা বৃদ্ধিৰ বিষয়টোত আলোকপাত কৰে।

৯. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি তথা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰা ১০ মাৰ্চ দিনটোক গোলাঘাটত অসমীয়া চলচ্চিত্ৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে পালন কৰিবৰ বাবে গোলাঘাট জিলা সাহিত্য সভাই বিশেষ আয়োজন কৰাৰ সুখৰ খবৰ। সিদিনা কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সহযোগত শিল্পী আইদেউ সন্দিকৈৰ সমাধি ক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

১০. উত্তৰ-পূৱ ভাৰত সাংস্কৃতিক সমন্বয়ৰ উদ্যোগত কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰিলে “অসমীয়া জাতি গঠনত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ” শীৰ্ষক মনোজ্ঞ আলোচনা চক্ৰৰ। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজিৰ ঐতিহাসিক বিশ্লেষণৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ অধ্যয়ন বিভাগৰ মূৰব্বী অধ্যাপক ডঃ উমেশ ডেকাই।

No comments:

Post a Comment