পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) অসমৰ পাট-মুগাক আধাৰ হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বপ্ৰতিভাৰে উজলি উঠিছে অসমৰ এগৰাকী বিজ্ঞানী। ৰেচমী আঁহেৰে কাণৰ পৰ্দা সৃষ্টি কৰি এতিয়া বিশ্বত ঈৰ্ষণীয় সফলতাৰ গৰাকী হোৱাৰ দিশে অগ্ৰসৰ হোৱা অসম সন্তান ড৹ ৰংগম ৰাজখোৱাৰ কথা সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ। অষ্ট্ৰেলিয়াৰ ডেকিন বিশ্ববিদ্যালয়ৰ গৱেষক ড৹ ৰাজখোৱা সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ 'চেন্টাৰ ফৰ মেটেৰিয়েলছ এণ্ড ফাইবাৰ ইন'ভেচন বিভাগত কৰ্মৰত। এই বিশ্ববিদ্যালয়খনৰ তত্ত্বাবধানতে এতিয়া প্ৰাকৃতিক সামগ্ৰীৰে কাণৰ পৰ্দা সৃষ্টি কৰিছে ড৹ ৰাজখোৱাই। 

২) ভাৰতীয় ক্ৰীড়া ইতিহাসত, লণ্ডন অলিম্পিকত ব্ৰঞ্জপদক জয়ী কৰাৰ পিছত পুনৰ বাৰ নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে ছাইনা নেহৱালে। যোৱা কালি ছাইনাই বিশ্বৰ এক নম্বৰ বেডমিন্টন খেলুৱৈ হিচাপে পৰিগণিত হোৱাতো প্ৰতিজন ভাৰতীয়ৰ বাবে সুখবৰ। দিল্লীত চলি থকা ইণ্ডিয়া অ'পেন ছুপাৰ ছিৰিজ টুৰ্নামেন্টত বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ খেলুৱৈ স্পেইনৰ জেৰ'লিনা মেৰিন ছেমি ফাইনেলত পৰাস্ত হোৱাৰ লগে লগে ছাইনাৰ এই পথ প্ৰশস্ত হয়। বিশ্ব বেডমিন্টনৰ শীৰ্ষ স্থান দখল কৰা ছাইনা হৈছে প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। 

৩) উত্তৰ-পূৰ্বাঞ্চলক জৈৱিক ক্ষেত্ৰৰূপে গঢ়াত বিশেষ ভূমিকা ল'বলৈ ‘ড'নাৰ মন্ত্ৰালয়’ আগবাঢ়ি অহাৰ বাতৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে সুখবৰ। কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে লগতে ঘোষণা কৰে যে সেই উদ্দেশ্যে আগত ৰাখি জৈৱিক বিষয়ৰ অধ্যয়নৰ বাবে দেশৰ উত্তৰ-পূৱ অঞ্চলত ৬খন জৈৱিক কলেজ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

৪) নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী মহিম বৰাক ২০১৪ বৰ্ষৰ পাপৰি কবি গণেশ গগৈ বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈ। 

৫)   দাদা চাহেব ফাল্কে বঁটা বিজয়ী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্ৰ পৰিচালক পদ্মভূষণ আদুৰ গোপালকৃষ্ণনক আজি অসম সাহিত্য সভাই প্ৰদান কৰিব 'ড৹ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা'। 

৬) কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ দাবী মতে কাজিৰঙাত গঁড়ৰ সংখ্যা ২,৪০১টা লৈ বৃদ্ধি। দৈনিক গঁড় হত্যাৰ খবৰ শুনি থকা সময়তে কৰ্তৃপক্ষই তাৎপৰ্যপূৰ্ণভাৱে দাবী কৰে যে ৰাষ্ট্ৰীয় উদ্যানখনত যোৱা বছৰতকৈ গঁড়ৰ সংখ্যা ৭২টা বৃদ্ধি পাইছে। গঁড় হত্যাৰ খবৰে প্ৰতি মূহুৰ্তত বিব্ৰত কৰা প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ বাবে এয়া সুখবৰ। 

৭) দেশৰ প্ৰাকৃতিক তেল আৰু গেছৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উত্তৰ-পূৰ্বাঞ্চলত লুকাই আছে ইয়াৰ সুবিশাল ভাণ্ডাৰ। কিন্তু ইয়াৰ অন্বেষণ আৰু উদ্‌ঘাটনৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাজনৈতিক পৰিস্থিতি আৰু উগ্ৰপন্থী সমস্যা প্ৰধান অন্তৰায়। দিল্লীত নৰ্থ-ইষ্ট মিডিয়া ফ'ৰামৰ উদ্যোগত আয়োজিত এক মত বিনিময় অনুষ্ঠানত এই মন্তব্য আগবঢ়াই আন্তৰ্জাতিক খ্যাতিসম্পন্ন তেল আৰু গেছ বিশেষজ্ঞ কমলেশ ত্ৰিবেদীয়ে। 

৮) ভাৰতীয় মূলৰ নোবেল বঁটাপ্ৰাপক প্ৰসিদ্ধ বিজ্ঞানী ছাৰ ভেংকটৰমণ ৰামকৃষ্ণন ইংলেণ্ডৰ প্ৰখ্যাত ৰয়েল ছ'চাইটীৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাতো প্ৰতিজন ভাৰতীয়ৰ বাবে ভাল খবৰ। সম্প্ৰতি ব্ৰিটিছ মেডিকেল ৰিছাৰ্চ কাউঞ্চিলৰ লেব'ৰেটৰী অৱ মলেকুলাৰ বায়ল'জীৰ উপ-সঞ্চালক পদত থকা ৰামকৃষ্ণনে চলিত বৰ্ষৰ ১ডিচেম্বৰত নতুন পদবীত যোগদান কৰিব। 

৯)  অসমীয়াত সাহিত্য চৰ্চা কৰা সকলৰ বাবে সুখবৰ। 'জীৱন' আলোচনীৰ উদ্যোগত আহ্বান কৰা হৈছে অসমীয়াত লিখাৰ প্ৰতিযোগিতা। সকলোৰে বাবে মুকলি প্ৰতিযোগিতাৰ বিভাগ সমূহ হৈছে অসমৰ বিষয়ে দহটা যোগাত্মক কথাক লৈ প্ৰবন্ধ, চিনাকি ব্যক্তিৰ সফল জীৱন সংগ্ৰামক লৈ প্ৰেৰণাদায়ক প্ৰতিবেদন, নিজৰ জীৱন কালত পূৰণ কৰিবা বিচৰা সপোনবোৰক লৈ ৰচনা (সৰ্বাধিক ১,০০০ শব্দত)। ৩০ এপ্ৰিলৰ ভিতৰত পোৱাকৈ 'জীৱন', ২য় মহলা, ২২ৰাজগড়, উপপথ-২ গুৱাহাটী-৩লৈ, বা অসমীয়া লিপিত লিখি ৯৮৫৪০-৪৯৫০৫(whatsapp) বা jeevan.initiative@gmail.com লৈ পঠিয়াব পাৰিব। 

১০) উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰৰ তৰফৰ পৰা কালি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ২০জন ব্যক্তিক বিনামূলীয়াকৈ কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰদান কৰা হয়। 

No comments:

Post a Comment