পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি বিশ্ব ঘৰচিৰিকা দিৱস। বন্য-প্ৰাণী সংস্থাৰ শেহতীয়া তথ্যমতে বিশ্বত ৫০ শতাংশ ঘৰচিৰিকা হ্ৰাস পাইছে। সেয়ে আজি ২০মাৰ্চ দিনটোক ঘৰচিৰিকা সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিশ্বৰ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনে বিশ্ব ঘৰচিৰিকা দিৱস ৰূপে পালন কৰিছে।

২. আজিৰে পৰা নলবাৰীত ভাৰতীয় চিকিসা সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ ৩২সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন তিনিদিনীয়া কাৰ্যসূচীৰে “মেডিমীট-২০১৫” হিচাবে অনুষ্ঠিত হব। অবিভিক্ত নলবাৰী জিলাৰ শতাধিক চিকিসকক সামৰি অভ্যৰ্থনা সমিতিৰে চাৰিশৰো অধিক প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰীৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মাইও অতিথি ৰূপে অংশগ্ৰহণ কৰিব। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব শ্ৰীমন্ত চিকিতসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ উমেশ চন্দ্ৰ ডেকাই।

৩. আজি তেজপুৰ বিশ্ববিদ্যায়ৰ উদ্যোগত চৌহদত স্থাপিত হোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ আবক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে ভাৱে উন্মোচন কৰা হব। উপাচাৰ্য মিহিৰকান্তি চৌধুৰীয়ে পৌৰাহিত্য কৰিব লগা অনুষ্ঠানত উন্মোচক ৰূপে অংশ লব কথাশিল্পী ইমৰাণ শ্বাহ, ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে। এই আবক্ষ মূৰ্তি নিৰ্মাণ কৰিছে বিশিষ্ট ভাস্কৰ্য শিল্পী যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ বৰুৱাই।

৪. ছ’চাইটি হাৰনেছিং ইকুইমেণ্ট (SHE) নামৰ বলাৎকাৰ প্ৰতিৰোধী যন্ত্ৰ উদ্ভাৱন কৰি সংবাদ শিৰোনামত স্থান পোৱা অসমৰ ধেমাজি জিলাৰ গোগামুখৰ ৰিম্পী ত্ৰিপাঠীয়ে এইবাৰ উদ্ভাৱন কৰিছে DTMF Controlled Automatic Floor Cleaner নামৰ বিশেষ যন্ত্ৰ। তামিলনাডুৰ এছ আৰ এম বিশ্ববিদ্যালয়ৰ সহপাঠী তিনিগৰাকীৰ সহযোগিতাৰে নিৰ্মিত এই যন্ত্ৰটোৰে আমেৰিকাত অনুষ্ঠিত টেক্সা ইঞ্চণ্ট্ৰুমেণ্ট ইনভেশ্বন ডিজাইন কণ্ট্ৰ’ল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। ইয়াৰ বাবে ইউ টিউবত আপলোড কৰা যন্ত্ৰটোৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি TICC IDC2015-team 496 ক অনলাইন ভোটদানৰ বাবে সকলো সচেতন ৰাইজলৈ আহ্বান জনাইছে।

৫. অসমৰ পৰম্পৰাগত থলুৱা খাদ্য, পিঠা পনা, চাহ আদি এতিয়া মুম্বাইৰ দৰে মহানগৰতো সহজে উপলদ্ধ হব। “ভোগালী জলপান” নামৰ বিখ্যাত অসমীয়া খাদ্য-সামগ্ৰী প্ৰস্তুতকাৰী সংস্থাটোৱে www.northeastdelicacy.com নামৰ ৱেবচাইটটোৰ সহযোগত এই ব্যৱস্থা কৰিছে। সমগ্ৰ অসমতে ভোগালী জলপানৰ বিতৰক শাখা স্থাপনৰ বাবে উদ্যোগ লৈছে বুলি ভোগালী ফুড প্ৰডাক্ট লিমিটেডৰ সঞ্চালক অজিত শৰ্মা বৰুৱাই প্ৰকাশ কৰিছে।

৬. আমেৰিকা যুক্তৰাষ্ট্ৰত সুদীৰ্ঘকাল এগৰাকী দক্ষ সাংবাদিক হিচাবে কৰ্মৰত অসমীয়া মহিলা সাংবাদিক এছ মিত্ৰা কলিতাক প্ৰখ্যাত দৈনিক কাকত লছ এঞ্জেলছ টাইমছৰ পৰিচালন সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে। কোৱাটৰ্জ, মিণ্ট আদিৰ দৰে কাকতত কৰ্ম তথা সম্পাদনাৰে অভিজ্ঞ কলিতাৰ জন্ম নিউৱৰ্কৰ ব্ৰুকলিনত। তেওঁ অসমীয়া, স্পেনিছ আৰু হিন্দী ভাষাও সলসলীয়াকৈ কব পাৰে বুলি অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছে।

৭. উত্তৰ-পূৱৰ বিকাশক দ্ৰুত কৰাৰ লক্ষ্যৰে এতিয়াৰ পৰা প্ৰতি পষেকত কমেও আঠজনকৈ কেন্দ্ৰীয় মন্ত্ৰী উত্তৰ-পূৱ ভ্ৰমণলৈ অহাটো বাধ্যতামূলক কৰিছে বিজেপিয়ে। এহা এপ্ৰিল মাহত সভাপতি অমিত শাহেও উত্তৰ-পূৱ ভ্ৰমণ কৰিব। ড’নাৰ মন্ত্ৰীৰ সৈতে দলটোৰ উত্তৰ-পূৱৰ ৰাজ্য সকলৰ প্ৰভাৰী সকলেও বিভিন্ন সমস্যা সমাধানৰ বিষয়ে বিতংকৈ আলোচনা কৰা বুলিও সূত্ৰত প্ৰকাশ।

৮. অহা ৩১ মাৰ্চৰ ভিতৰতে ৰাজ্যৰ দহখন জিলাত ৭২৩৪গৰাকী টেট উত্তীৰ্ণ শিক্ষক নিযুক্তি দিব অসম চৰকাৰে। বিত্ত বিভাগৰ পৰা অনুমোদন লাভৰ পাছতে এই নিযুক্তি লাভ কৰিব লগীয়া টেট উত্তীৰ্ণৰ তালিকা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে। বৰপেটাত ৮৪০, বঙাইগাঁৱত ৫৮৮, কাছাৰত ২০৯, দৰঙত ৪৮, ধুবুৰীত ২৬২০, গোৱালপাৰাত ৩৫৫, কৰিমগঞ্জত ৭০৮, মৰিগাঁৱত ৮০১ আৰু তিনিচুকীয়াত ১৯২ গৰাকী শিক্ষকক নিযুক্তি দিয়া হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক যাত্ৰাৰ শুভাৰম্ভৰ ক্ষণত আশীষ দিবলৈ অসমত উপস্থিত হৈছে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰে। কালি নিশাতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত কটাই আজি মৰাণৰ দিৰৈ- ৰাঙলীত চলি থকা কৃষক মুক্তিৰ অধিবেশনত অংশ লব। মাটি অধিগ্ৰহণ অধ্যাদেশৰ বিৰুদ্ধে তেখেতে পৰবৰ্তী কি স্থিতি গ্ৰহণ কৰে সেয়াও লক্ষণীয় হব বুলিও পৰ্যবেক্ষক সকলে মত প্ৰকাশ কৰিছে।

১০. বেচৰকাৰী, অপ্ৰাদেশীকৃত বিদ্যালয় সমূহৰ বিষয়ে বৰ্ধিত গোচৰ সংখ্যালৈ দৃষ্টি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায় প্ৰদান কৰিছে। অসম চৰকাৰক বেচৰকাৰী তথা অপ্ৰাদেশীকৃত শিক্ষানু্ষ্ঠান সমূহৰ ওজৰ-আপত্তি সমূহ নিশ্পত্তিৰ বাবে চাৰি মাহৰ ভিতৰত প্ৰতিখন জিলাত বিশেষ ন্যায়াধিকৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই বিষয় সমূহ জিলা পৰ্যায়তে বিচাৰ কৰি নিষ্পত্তি কৰিবলৈকো উচ্চ ন্যায়ালয়ে পৰামৰ্শ প্ৰদান কৰিছে।

No comments:

Post a Comment