পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডিমাপুৰত কেঁচা তেজ 
আৰু পৰ্দাৰ আঁৰৰ কিছু কথা
দীপাংকৰ মল্ল বৰুৱা
নাগালেণ্ডৰ ডিমাপুৰত সংঘটিত হোৱা দুখজনক ঘটনাটোৰ পিছত হোৱা ঘটনা প্ৰবাহে কিছুমান ক্ষেত্ৰৰ নজনা বহু কথাই পোহৰলৈ আনিছে। সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা এই নিন্দাজনক নিশংস ঘটনাই ৰাইজকো সমাজ জীৱন আৰু ৰাজহুৱা প্ৰতিক্ৰিয়া, তাৰ আঁৰৰ ৰাজনীতি, ষড়যন্ত্ৰ সূত্ৰবোৰৰ প্ৰকাশিত-অপ্ৰকাশিত কথাই চ'ছিয়েল মেডিয়াতো খলকনি তুলিছে। বিভিন্ন দিশৰ কথাবোৰে পৰ্যবেক্ষক সকলকো নতুন অথচ যথেষ্ট স্পৰ্শকাতৰ চিন্তাৰ খোৰাক দিছে।

প্ৰথমেই, এজন অভিযুক্ত অপৰাধীক জনতাই কাৰাগাৰৰ পৰা উলিয়াই আনি মৰিয়াই মৰিয়াই হত্যা কৰাটোৱে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰৰ সম্পূৰ্ণ বিফলতা প্ৰতিপন্ন কৰিছে। সাধাৰণ জনতাই যদি বিনা বাধাই কাৰাগাৰৰ দুৱাৰ ভাঙি মানুহ এজনক উলিয়াই আনি উলংগ কৰি ৭ কিল’মিটাৰ পথ ৰাজপথত খোজকঢ়াই নি মাৰি পেলাব পাৰে, তেনেহ’লে কাৰাগাৰত বন্দী হৈ থকা সন্ত্ৰাসবাদী সকলক মোকলাই অনাও তেনেই সহজ কাম হৈ পৰিব। এই ক্ষেত্ৰত চৰকাৰী ব্যৱস্থাৰ চূড়ান্ত ব্যৰ্থতা গ্ৰহণযোগ্য নহয়। এতিয়া প্ৰশাসনীয় মূৰব্বীৰ কাৰণ দৰ্শোৱা কথা আৰু নিলম্বনেই যথেষ্ট নিশ্চয়কৈ নহয়। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেয়া কেন্দ্ৰ তথা ৰাজ্যৰ গৃহ বিভাগে নিশ্চিত কৰিবই লাগিব।

দ্বিতীয়তে, সকলোৱেই এই কথা জানেই যে,  নাগালেণ্ডত অ-নগা মানুহৰ জীৱন আৰু সম্পত্তি সদায়েই বিপদাপন্ন আছিল, আৰু আজি সেয়া অতি বেছি ভয়ানক হৈ পৰিছে। নগা চৰকাৰে উগ্ৰপন্থী সংগঠন সমুহক নিয়ন্ত্ৰণ কৰা নাই, কৰিব খোজা নাই বা সম্পূৰ্ণভাৱে বিফল হৈছে। উগ্ৰপন্থী আৰু নগা জাতীয়তাবাদী সংগঠন কিছুমানে একোখন সমান্তৰাল চৰকাৰ চলাই আছে। বলপূৰ্বক ধন দাবী, ভীতি প্ৰদৰ্শন, মাৰ ধৰ সততে দেখিবলৈ পোৱা ঘটনা হৈ পৰিছে। নাগালেণ্ডত চাকৰি, ব্যৱসায় বাণিজ্য কৰা লোক সকলে বিভিন্ন উগ্ৰপন্থী সংগঠনক ৰক্ষনাবেক্ষণৰ মাচুল (Protection Money) হিচাপে মাহিলি চান্দা দিয়াটো নিয়মত পৰিণত হৈছে। এই ঘটনাই তাত ভাৰতীয় প্ৰশাসনৰ সুদৃঢ় শাসন দাবী কৰিছে। যিকোনো মানুহৰে জীৱন আৰু নিৰাপত্তা নিশ্চিত কৰাৰ চৰকাৰী দায়িত্ব পালন কৰাত নেতা সকলক দায়িত্ব পালন কৰিবলৈকো দেশৰ সচেতন ৰাইজে আহ্বান জনাইছে।

তৃতীয়তে, এটা ধাৰণা হয় যেন, ভাৰতৰ ন্যায়পালিকা আৰু শাসন যন্ত্ৰৰ ওপৰত নাগা সকলৰ আস্থা নাইকীয়া হৈ পৰিছে। ধৰ্ষণৰ দৰে অপৰাধ নাগালেণ্ডত অতি গুৰুতৰ বুলি গণ্য কৰা হয়। কিন্তু দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াত প্ৰায়ে অপৰাধী নিৰ্দোষ বুলি প্ৰমাণিত হৈ শাস্তিৰ পৰা সাৰি যায় বুলি অভিযোগ আছে। সেয়েহে জনতাই আইন নিজ হাতত তুলি লৈ দৃষ্টান্তমুলক শাস্তি দিয়াৰ পোষকতা কৰিবলৈ লৈছে। ভাৰতীয় ন্যায় ব্যৱস্থাই নিজকে এই প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰাৰ ভীষণ প্ৰয়োজন আহিছে। দ্ৰুত ন্যায় ব্যৱস্থাৰ নিশ্চিতি আজিৰ তাৰিখত দেশৰ নাগৰিকক নিশ্চিতভাৱে দিব নোৱাৰিলে ডেমক্ৰেচিক এনে ম'বক্ৰেচিয়ে যে ধৰাশায়ী কৰিব তাৰো এটা ভয়ংকৰ ইংগিত এই ঘটনাই বহন কৰিছে।

চতুৰ্থতে,  নাগালেণ্ডত এচাম অ-নগা লোক সকলে স্থানীয় নগা ছোৱালী বিয়া কৰাই নানান সুবিধা লৈ আহিছে। এনে সুবিধা লোৱা সকলৰ ভিতৰত বংগভাষী মিঞা মুছলমান আগৰণুৱা হৈ আছে। মিঞা আৰু ছেমা নগা ছোৱালীৰ বৈবাহিক সম্পৰ্কৰ পলত তেওঁলোকৰ সতি সন্ততিয়ে ছেমিঞা নামৰ এটা নতুন সম্প্ৰদায় গঢ়ি তুলিছে। এই সম্প্ৰদায়টোৱে এফালে ডিমাপুৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিছে আনহাতে নগা সকলে পোৱা অধিকাৰ সমূহ হস্তগত কৰিব বিচাৰিছে। সেয়েহে মিঞা মুছলমান সকলক নগা সকলে পৰম শত্ৰু বুলি মনে মনে ভাবিবলৈ লৈছে। আৰু এনে ভাৱনাত সংগঠিত ৰূপত কোনো শক্তিয়ে এইবাৰ জাগৰিত কৰি এনেকুৱা ঘৃণনীয় হত্যাৰ বাবে উচতনি দিয়াৰ সন্দেহ বিভিন্ন মহলে প্ৰকাশ কৰিছে।

পঞ্চমতে, নাগালেণ্ডত ব্যৱসায় বাণিজ্য কৰা বহু সংখ্যক অ-নগা লোকে স্থানীয় নগা ছোৱালীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ডিমাপুৰত এক দেহ ব্যৱসায়ী চক্ৰ গা কৰি উঠিছে। হোটেলত ধনৰ বিনিময়ত এনে লোক সকলে নগা যুৱতীৰ লগত অভিসাৰত লিপ্ত হৈছে। দেহ ব্যৱসায়ী চক্ৰটোৱেও ইয়াৰে সুবিধা লৈ ‘হানি ট্ৰেপিঙ’ৰ দৰে পন্থা অৱলম্বন কৰি বলপূৰ্বক ধন ঘটাৰ পথ উলিয়াই লৈছে। এনে ধনৰ খেলিমেলি হ’লেই ব্যক্তিবিশেষৰ বিৰুদ্ধে ধৰ্ষণৰ "মিছা" অভিযোগ তৰাৰ এক গোপন ধাৰা সকলোৰে সমুখত অপেন চিক্ৰেট ৰূপে ধৰা দিছে।

ষষ্ঠতে ডিমাপুৰত হোৱা গণপ্ৰহাৰৰ নেপথ্যত ৰাজনৈতিক শক্তি জড়িত হৈ থকাৰো কথা এতিয়া ৰাইজৰ মুখে মুখে প্ৰচাৰিত হৈছে। মুখ্যমন্ত্ৰী জেলিযাঙক বিপদত পেলাবলৈ এটা বিৰোধী চক্ৰই ৰাইজৰ মাজত উত্তেজনা বিয়পাইছিল আৰু এই সমগ্ৰ কাণ্ডৰ পৰিকল্পনা কৰিছিল। যুৱকজনৰ হত্যা এক বৃহত্তৰ গেম প্লেনৰ অংশ আছিল। অ-নগা সকল, বিসেষকৈ মিঞা মুছলমান সকলক ভীতিগ্ৰস্থ কৰাৰ লগতে জেলিয়াং চৰকাৰক বিপদত পেলোৱাই মূল উদ্দেশ্য আছিল বুলিও স্থানীয়  বিভিন্ন সূত্ৰই আঙুলিয়াই দিছে।

সপ্তমতে, এই দুভাৰ্গ্যজনক ঘটনাটো সম্প্ৰদায়িক কাৰণত হোৱা নাছিল যদিও এচাম মুছলমানৰ লগত জড়িত দল সংগঠনে ঘটনাটোক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাম কৰিছে। গণপ্ৰহাৰত মৃত্যু হোৱা যুৱকজন মুছলমান হোৱা বাবেই অসমৰ মুছলমান সকলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমছুৰ উদ্যোগত বিভিন্ন ঠাইত প্ৰতিবাদ, বিক্ষোভ, পথ অৱৰোধ সংঘটিত হৈছে। এটা মহলে ঘটনাটো মুছলমানৰ ওপৰত অত্যাচাৰ বুলি প্ৰচাৰ কৰি ঘটনাটোক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। মুছলমান অধ্যুষিত অঞ্চলত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাৱে ৰাইজক উত্তেজিত কৰি তোলা হৈছে। মুঠতে ঘটনাটোৰ পৰা মুনাফা লুটিবলৈ বিভিন্ন সংখ্যালঘু দল সংগঠন তত্পৰ হৈ পৰিছে। কথাবোৰ অলপ ধৈৰ্য সহকাৰে বুজি বা বুজাই দিয়াতকৈ ধৰ্মৰ ভেটীত সহানুভূতিৰ খেল খেলিবলৈ ধৰাটো দৃষ্টিকটু হৈ পৰিছে।

শেষত, এই ঘটনাটোৱে বহু চৰ্চিত উত্তৰ পূৰ্বাঞ্চলৰ একতা আৰু ঘনিষ্ঠতাৰ ওপৰত প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ ওপৰত অন্য ৰাজ্যত আক্ৰমণ হ’লে একগোট হৈ থিয় দিয়া ৰাজ্য সমুহৰ নিজৰ মাজতেই খিয়লা খিয়লি চকুত লগা হৈ পৰিছে। ঘটনাটোৰ ফলত নগা আৰু অসমীয়াৰ মাজত চেঁপা উত্তেজনাই বিৰাজ কৰিছে। অসম নাগালেণ্ড সীমান্ত পুনৰ অস্থিৰ হৈছে। অসমৰ পৰা নাগালেণ্ডলৈ যোৱা ট্ৰাক সমুহ বন্ধ কৰি অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হৈছে। নগা উগ্ৰপন্থীয়ে অসমীয়াক আক্ৰমণৰ ভাবুকি দিছে।

এতিয়া সচেতন ৰাইজে বিষয় সমূহ আৰু পৰ্দাৰ আঁৰৰ পৰা নতুন নতুন ঘটনাৰ ষড়যন্ত্ৰ কৰিব পৰা কু-শক্তি সমূহলৈ তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজন হৈছে। এনে ঘটনাৰ যাতে পুণৰাবৃত্তি নহয়, এই ঘটনাৰ পৰা যাতে প্ৰতি-আগ্ৰাসী ৰূপত নতুন সংঘৰ্ষৰ উচতনি সৃষ্টি কৰা নহয় তাৰ প্ৰতিটো সমাজৰ লগতে প্ৰশাসনে সজাগ হৈ থকাৰ অতীব প্ৰয়োজন হৈছে। বিনা-বিচাৰে কোনো মানুহকেই ন্যায়িক জিম্মাৰ পৰা আনি দেশৰ বিধি-ব্যৱস্থাক বুঢ়া-আঙুলি দেখুওৱাৰ দৰে ঘটনাত জড়িত সকলক ন্যায় ব্যৱস্থাই উচিত বিচাৰ কৰিবই লাগিব। স্পৰ্শকাতৰ ভাৱে সামাজিক দ্বন্দবোৰ নিৰসন কৰিলেহে সকলোৰে মংগল হব সেয়াও সকলোৱে উপলব্ধি কৰিব লাগিব।

1 comment:

  1. পঢ়ি বৰ ভাল লাগিল৷ বহুতো গুৰুত্বপূৰ্ণ চিন্তন আৰু তথ্য সুমাই আছে৷

    ReplyDelete