জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাউমিন আৰু কণীৰ কাটলেট 
ৰুমঝুম শইকীয়া
উপকৰণসমূহ :  
সৰু চাউমিন দুপেকেট, কণী দুটা, পিঁয়াজ মজলীয়া এটা, সৰু গাজৰ এটা, ৰঙা-সেউজীয়া কে'পচিকাম, কেঁচা জলকীয়া আৰু ধনীয়া নিজৰ অনুমানমতে, নিমখ আৰু ৰিফাইন তেল জোখমতে৷

ৰন্ধন পদ্ধতি:
চাউমিনখিনি বইল কৰি ঠাণ্ডা কৰি লওক৷ গাজৰটো ৰুকনিৰ ডাঙৰ ফালেৰে ৰুকি লওক৷ কেপচিকাম,পিঁয়াজ,কেঁচা জলকীয়া আৰু ধনীয়া কাটি-কুটি লওক৷

কণী দুটা ভালদৰে ফেটি লওক৷ কুটা পাচলিখিনিত নিমখ দি কণীৰ লগত মিহলাই লওক৷ এতিয়া চাউমিনখিনিও লাহে লাহে মিশ্ৰণৰ সৈতে যোগ দিয়ক৷ তাৰ পিছত ৰিফাইন তেলত মিশ্ৰণৰ আধা আধাকৈ দুটা কাটলেট হোৱাকৈ দুয়োফাল ভালদৰে ৰঙচুৱা আৰু মচমচীয়াকৈ ভাজক৷ এতিয়া চচৰ লগত গৰমে গৰমে পৰিবেশন কৰক৷ 
(এয়া দুটা কাটলেটৰ পৰিমানৰ জোখ)

No comments:

Post a Comment