চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সমাজসে‌ৱা কৰাৰ হেঁপাহ
অৰুণজ্যোতি দাস
সম্প্ৰতি অসমত দেখা পো‌ৱা অতি সুলভ দৃশ্য হৈছে নিৰ্বাচন উপলক্ষে হো‌ৱা উলহ-মালহ । আসনখন লাগিলে পঞ্চায়তৰ সভাপতি পদৰেই হওঁক, পৌৰসভাৰ সদস্য পদৰেই হওঁক অথবা বিধায়ক-সাংসদৰে হওঁক, কোনে কিমান আসন অধিকাৰ কৰিব পাৰে, তাৰেই প্ৰতিযোগিতা চলে অবিৰত। প্ৰাৰ্থীসকলৰো খদমদম লাগে । কোনফালে কেনেকৈ অংক মিলাব পাৰি তাৰেই হিচাপ-নিকাছে সকলো প্ৰাৰ্থীৰে খা‌ৱন-শো‌ৱন হৰণ কৰে । তেৰাস‌ৱৰ নিৰ্বাচনী প্ৰচাৰ দেখি এনে লাগে যেন কোনে কিমান সাঁচতীয়া ধন খৰছ কৰিব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে । পোষ্টাৰ-বেনাৰৰ পৰা আৰম্ভ কৰি,বেণ্ড-পাৰ্টী,চাহ-পানী আৰু মদ-মাংসৰ ‘খানা’লৈকে সকলো তেওঁলোকে যোগান ধৰে । আৰু ভা‌ৱি আচৰিত লাগে, নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰিবলৈও কোনো এজনে যেন কণমানো কুন্ঠাবোধ নকৰে । কাৰণ, তেওঁলোক অতি নিশ্চিত যে, এবাৰ জয়ী হ’ব পাৰিলেই এই খৰছ হো‌ৱা পইচাখিনিৰ বিনিময়ত তাৰ হাজাৰগুণৰ মুনাফা লুটিব পাৰিব।

এনে লাগে যেন, নিৰ্বাচনৰ দিনকেইটাত প্ৰাৰ্থীসকলৰ সাংগোপাংগ নেতা, পালি-নেতাসকলো কিবা এক অজান ৰাগীৰে মতলীয়া হয়, যি নিচাৰ আমেজ সাধাৰণ মানুহৰ বাবে হয়তো বোধগম্য নহয় । প্ৰাৰ্থীগৰাকীৰ বাবে কাম কৰা প্ৰতিজনেই যেন তেওঁক জিকাবৰ বাবে প্ৰাণ দিবলৈও সাজু আছে । কিন্তু আজিৰ দিনত স্বাৰ্থবিহীন এনে আনুগাত্য সহজে দেখা পো‌ৱা নাযায়। স্বাভা‌ৱিকতেই প্ৰশ্ন হয়, তেওঁলোকে সঁচাই নিস্বাৰ্থভা‌ৱে তেওঁলোকৰ জনপ্ৰিয়(!) দলপতিজনৰ বাবে কাম কৰিব বিচাৰিছে নে ? আচলতে এই প্ৰশ্নৰ উত্তৰ সকলো‌ৱে জানেই – সেয়া হৈছে তেওঁলোকৰ দলপতিজন জিকাৰ পাছত তেওঁলোকক নিশ্চয় ঠিকা-ঠুকলি বা অন্য কোনো সংস্থাপনৰ ব্য‌ৱস্থা প্ৰাৰ্থীজনে দিব লাগিব। শুনিবলৈ পো‌ৱামতে, চুব্বা ডাঙৰীয়াৰ দৰে বিয়াগোম শক্তিশালী প্ৰাৰ্থীৰ ক্ষেত্ৰত অনুগামীসকলৰ বন্দো‌ৱস্তবোৰো হেনো বৰ আকৰ্ষণীয় হয়! গতিকেই এই কথা অতি সহজেই অনুমেয় যে, এনে বন্দো‌ৱস্তৰে দায়বদ্ধ হৈ থকা জননেতা এজনে নিৰ্বাচনত জিকাৰ পাছত নিশ্চয় সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবেই নানান প্ৰকাৰে দুৰ্নীতিত লিপ্ত হ’বলগীয়াত পৰে। 

নিৰ্বাচনৰ প্ৰচাৰ তথা অন্য কুটনীতিত নিজৰ খৰছ হো‌ৱা ধন(মূলধন!) সমুদায় হস্তগত কৰাৰ পাছতহে তেখেতে চিন্তা কৰিবপৰা হয় লাভ-লোকচানৰ হিচাপ । বহুতো ধনকুবেৰে আকৌ এইসকলক নিৰ্বাচনৰ আগেয়ে ‘ফাইনেঞ্চ’ৰ সুবিধা প্ৰদান কৰে । গতিকে ক’ব পাৰি, ভাৰতবৰ্ষত বৰ্তমানে ৰাজনীতি ‘খেলা’ বিষয়টো এটা উত্তম বিনিয়োগৰ আহিলা হিচাপেই বিবেচিত হৈ আহিছে। নহ’লে মাত্ৰ পাঁচবছৰতে সীমিত দৰমহাৰে এজন মন্ত্ৰী বা বিধায়কে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সুযোগ পায় ক’ত ? 

আৰু এই ধাৰাটোকেই লক্ষ্য কৰি বহু চতুৰ ধুৰন্ধৰ লোকে দুৰ্নীতিৰ বিষবাস্প ৰাজনীতিৰ প্ৰতিটো চুকে-কোণে বিয়পাই পেলাইছে । সেয়া হ’বলা আজিকালি গা‌ৱেঁ-ভূঞেঁ, চহৰে–নগৰে জনপ্ৰতিনিধি হো‌ৱাৰ উজান উঠিছে । তেওঁলোকৰ দৃষ্টিত পদবীটো কিমান গুৰুতৰ, সেয়া সিমান ডাঙৰ কথা নহয়, মাথো তেওঁ জনসে‌ৱা(!) কৰিবলৈ পালেই হ’ল । এনে জনসে‌ৱকৰ পৰা সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰিব ? আমাৰ সন্দেহ হয়, এনে প্ৰাৰ্থী এজন নিৰ্বাচনত জিকাৰ পাছত হয়তো তেওঁ নিজৰ ঘৰৰ কাষেৰে যো‌ৱা ৰাষ্টাটোৰ মেৰামতিও কৰাবলৈও যেন পাহৰি যাব । 

এখন স্বচ্ছ নিকা দেশ গঢ়িবলৈহ’লে নাগৰিকসকলে কৰ্মক্ষম আৰু সৎ প্ৰতিনিধি নিৰ্বাচন কৰাটো অতিকেই জৰুৰী । কিন্তু যেতিয়ালৈকে এই দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ভোটটিৰ মূল্য বুজি নাপাব,তেতিয়ালৈকে আমি নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰেই দশা হৈ থাকিব । অৱশ্যে ইয়াৰ বাবে প্ৰকৃত সমাজমুখী, পৰোপকাৰী অন্তৰৰ যোগ্য মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোও অতিকেই দৰকাৰী । আমাৰ দেশত দেখা যায় যে, নিৰ্বাচনৰ আগদিনা কোনো‌ এজন লোকে মাত্ৰ দহ টকা এটাও প্ৰাৰ্থী এজনৰ পৰা লৈ যদি নিজৰ ভোটটো বিক্ৰী কৰিছে, তেন্তে নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছত তেনে দহটকীয়া হাজাৰটা নোটৰ বিনিময়তহে তেওঁ নিজৰ প্ৰমাণপত্ৰখন বা অন্য ৰাজ-সাহাৰ্য এটা প্ৰাৰ্থীজনৰপৰা পাবলৈ সক্ষম হয় । এইধৰণৰ শিক্ষা চকুৰ আগতে পাই থাকিও আমাৰ ভোটাৰসকলৰ জ্ঞান নহয়, কাৰণ ভাৰতৰ অধিকাংশ অশিক্ষিত লোকেই ক্ষণিকৰ ভোগ নিবাৰণৰ বাবেই ব্য‌স্ত থাকে, যাৰ কোনো দূৰদৰ্শিতা নাই । আৰু এই সুযোগৰ পূৰামাত্ৰেই সদ্ব্য‌ৱহাৰ কৰি আহিছে বছৰৰ পাছত বছৰ ধৰি আমাৰ ধুৰন্ধৰ ৰাজনীতিকসকলে ।

আমাৰ আহ্বান, দেশৰ সে‌ৱাৰ বাবে ,দহৰ মংগলৰ বাবে নি:স্বাৰ্থভা‌ৱে কাম কৰিবলৈ যু‌ৱপ্ৰজন্ম ওলাই আহক । ৰাজনীতি এটা এনে বিষয়, যাক সম্পূৰ্ণভা‌ৱে অৱহেলা কৰি আমাৰ অৰ্থনীতি বা সমাজ-ব্য‌ৱস্থা চলিব নো‌ৱাৰে । গতিকে ইচ্ছা থাকিলে আমিয়েই আমাৰ দেশৰ ভ‌ৱিষ্যৎ গঢ়িব পাৰো । কুশাসনৰ কবলৰ পৰা দেশখনক বচাব পাৰো । যিসকলে প্ৰত্যক্ষ ৰাজনীতিৰপৰা দূৰত থাকিব খোজে, তেওঁলোকে স্বেচ্ছাসে‌ৱী সংগঠন খুলি সমাজসে‌ৱা কৰিব পাৰে । মুঠৰ ওপৰত, সুঁতি যিয়েই নহওঁক লাগিলে, বৰ্তমান সময়ত আমাক নেতাৰ প্ৰয়োজন হো‌ৱা নাই ; প্ৰয়োজন হৈছে সুদক্ষ সমাজসে‌ৱকৰহে ।
(লেখাটি আমাৰ অসম কাকততো ১৪ মাৰ্চ ২০১৫ৰ দিনা প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages