কথা-বাৰ্তাঃ আছুৰ অধিবেশন আৰু অসমৰ ছাত্ৰ-ৰাজনীতিৰ ভৱিষ্যতৰ ৰূপৰেখাঃ অধিবক্তা তথা লেখক ৰক্তিম শৰ্মাৰ সৈতে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ আছুৰ অধিবেশন আৰু অসমৰ ছাত্ৰ-ৰাজনীতিৰ ভৱিষ্যতৰ ৰূপৰেখাঃ অধিবক্তা তথা লেখক ৰক্তিম শৰ্মাৰ সৈতে

কথা-বাৰ্তাঃ আছুৰ অধিবেশন আৰু অসমৰ ছাত্ৰ-ৰাজনীতিৰ ভৱিষ্যতৰ ৰূপৰেখাঃ অধিবক্তা তথা লেখক ৰক্তিম শৰ্মাৰ সৈতে

Share This
আছুৰ অধিবেশন আৰু
অসমৰ ছাত্ৰ-ৰাজনীতিৰ ভৱিষ্যতৰ ৰূপৰেখা

অধিবক্তা তথা লেখক ৰক্তিম শৰ্মাৰ সৈতে সুখ-দুখ.কমৰ কথা-বাৰ্তা

প্ৰশ্নঃ১ অসমৰ সৰ্ব-বৃহৎ অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাবে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ দ্বায়িত্ব পালনত যোৱা দশকটোত সফল হৈছে বুলি আপুনি ভাৱেনে? দশকযোৰা নেতৃত্বৰ পাছত এইবাৰ নতুন সকলক দুধনৈ অধিবেশনত নেতৃত্ব গতাই দিবলৈ ওলোৱা বুলি জানিব পৰা গৈছে। নতুন নেতৃত্বৰ বাবে আপোনাৰ মতে প্ৰত্যাহ্বান সমূহ কেনে ধৰণৰ? 

উত্তৰঃ অৰাজনৈতিক কথাটোৱেই অশুদ্ধ। আছুৱে সদায়েই ৰাজনৈতিক বিষয়তে মাত মাতি আহিছে। সমাজখন যিহেতু ৰাজনীতিৰ সৈতে সংপৃক্ত সেয়ে এই ব্যৱস্থাত কোনেও অৰাজনৈতিক হৈ থাকিব নোৱাৰে। একআষাৰে কবলৈ গলে আছুৰ ৰাজনৈতিক ক্ষেত্ৰত সফলতাতকৈ বিফলতা অধিক। সফলতা এয়াই যে, অগপৰ মৃত্যুঘন্টা বজাৰ সময়তো এক শক্তিশালী জাতীয়তাবাদী সমৰ্থক সৃষ্টিৰে আছুই নিজৰ প্ৰভাৱ অসমৰ সমাজত অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। সফলতাৰ আনটো পিঠিত আছে সীমাহীন বিফলতা। বিগত দিনত আঞ্চলিকতাবাদী ৰাজনৈতিক শিবিৰ এটা শক্তিশালী ৰূপত তৈয়াৰ কৰাৰ যি অৱকাশ আছিল সেইক্ষেত্ৰত আছুই একোৱেই কৰিব নোৱাৰিলে। বৰং ৰাষ্ট্ৰবাদী বিজেপিৰ প্ৰতি বাট মোকোলাই দিয়া দেখা গল। 

জাতীয়তাবাদী দৃষ্টিভংগী প্ৰসাৰৰ বাবে মতাদৰ্শগত কোনো ষ্পষ্ট ধাৰণা আছুৰ থকা যেন নালাগে। সেয়ে আছু হৈ পৰা দেখা গল কংগ্ৰেছ- বিজেপিৰ দৰে শক্তিশালী ৰাষ্ট্ৰবাদৰ পোষকতা কৰা দলত যোগদানৰ বাটত এক জিৰণি কোঠা। সৰ্বানন্দ সোনোৱালৰ দৰে নেতাৰ বিজেপিত যোগদান আছুৰ মতাদৰ্শগত দুৰ্বলতাকেই সূচায়। নতুন নেতৃত্বৰ বাবে মৌলিক প্ৰত্যাহ্বান হৈছে এই ৰাষ্ট্ৰবাদৰ প্ৰসাৰ আৰু প্ৰপাগাণ্ডাৰ পৰা নিজৰ ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী চৰিত্ৰ জীয়াই ৰখাৰ প্ৰশ্নটো। ইয়াৰ দ্বাৰাই সমস্ত ৰাজনৈতিক অৱস্থান, নীতি, কৌশল আদি পৰিচালিত হব। 

প্ৰশ্নঃ২ অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে তথা সাংবিধানিক সুৰক্ষাৰ যিটো কথা বাৰে বাৰে উত্থাপিত হৈ আহিছে। সেয়া সঁচাই সম্ভৱনে? বাস্তৱত এনে সুৰক্ষা প্ৰাপ্তি সঁচাই হব, নে এয়া এক চিৰন্তন ৰাজনীতিৰ বিষয় হৈ ৰৈ যাব। 

উত্তৰঃ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা এটা আন্তৰ্জাতিক অধিকাৰ। তাৰ লগে লগে সংখ্যালঘুৰ অধিকাৰো। দুয়োটাৰে অধিকাৰ নিশ্চিত হব লাগিব। দুয়োটাৰ তাল মিল খুৱাব নোৱাৰিলে ই ভেকোভাওঁনা হবগৈ। সকলো সমস্যাৰে সমাধান আছে। সকলোকে আস্থাত লৈ ইয়াৰ সমাধান কৰিব লাগিব।

প্ৰশ্নঃ৩ আছুৰ সাংগঠনিক ভেঁটি যোৱা দশকটোত থৰক বৰক হৈছে নেকি? প্ৰকৃততে বিভিন্ন নৃ-গোষ্ঠীয় ছাত্ৰ সংগঠন সমূহৰ উত্থানে আছুক দুৰ্বল কৰিছে নেকি? যদিও ২৬টাকৈ জনগোষ্ঠীয় সংগঠনে ছাত্ৰ সন্থাৰ সৈতে সহযোগিতাৰে কাম কৰিছে বুলি প্ৰচাৰ হৈ আছে। তথাপিও আছুক এতিয়া অসমীয়াৰ গাৰ্জেন বুলি মানি লবলৈ অস্বীকাৰ কৰা সংগঠন আমছুৰ দৰে সংগঠনেও প্ৰত্যাহ্বান জনাইছে। এনে প্ৰত্যাহ্বান আৰু ইয়াৰ ভৱিষ্যত সন্দৰ্ভত আপোনাৰ কেনে অনুভৱ।

উত্তৰঃ জনগোষ্ঠীয় সংগঠনবোৰৰ উত্থান এক অৱধাৰিত পৰিস্থিতিৰ মাজেৰে হৈছে। কোনোৱে তাক অস্বীকাৰ কৰিব নোৱাৰে। আছুৱে কেতিয়াও জনগোষ্ঠীবোৰক সঠিকভাবে প্ৰতিনিধিত্ব কৰিব নোৱাৰাৰ ব্যৰ্থতাই ইয়াৰ অন্যতম কাৰণ। ভৱিষ্যতে ঐক্যবদ্ধ সংগ্ৰামৰ ভিত্তিত সকলো জনগোষ্ঠীৰ সম অধিকাৰ সম মৰ্যাদাক শ্ৰদ্ধা জনোৱাৰ মাজেৰেহে অসমৰ ভবিষ্যত নিৰ্ণয় হব। একমাত্ৰ আত্মনিৰ্ধাৰণৰ সংগ্ৰামেহে ইয়াৰ বাট মোকোলাব পাৰিব। তাৰোপৰি খিলঞ্জীয়াৰ অধিকাৰৰ বাবে আছু সহিতে অন্য জনগোষ্ঠীয় সংগঠনবোৰৰ একতা প্ৰতিস্থাৰ আশা কৰিব পাৰি। খিলঞ্জীয়া মুছলমান সকলক এই সংগ্ৰামত চামিল কৰিব নোৱাৰিলে আমছুৰ দৰে সংগঠনবোৰৰ প্ৰভাৱ অদূৰ ভবিষ্যতে বঢ়াৰ অনুমান কৰিব পাৰি।

প্ৰশ্নঃ ৪ অসমত ধৰ্মৰ ভেটিত ৰাজনৈতিক ঘৃণাৰ সৃষ্টি তথা মেৰু বিভাজনৰ ৰাজনীতিকে গা কৰি উঠা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সামুহিক ছাত্ৰ সমাজক অৰাজনৈতিক ভাৱে কোনো লক্ষ্য উদেশ্যৰ প্ৰতি বান্ধি ৰাখিব পাৰিছেনে? ৰাজনৈতিক মতাদৰ্শ চিনিব পৰাকৈ ৰাজনৈতিক শিক্ষাৰে অসমৰ ছাত্ৰ সমাজক পুৰঠ কৰিব পৰাকৈ কিবা সফলতা আছুৱে সঁচাকৈ দাবী কৰিব পাৰেনে? 

উত্তৰঃ বিগত দিনৰ বহু ত্ৰুটি-বিচ্যুতি, হিন্দুত্ববাদী সংগঠনৰ কৌশলৰ পিছতো আছুই অসমত এক ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী আদৰ্শ বজাই ৰাখিবলৈ সক্ষম হৈছে। তাক কোনোবাই অস্বীকাৰ হয়তো কৰিব পাৰে ।কিন্তু আছুৰ মাজত হিন্দুত্ববাদীৰ প্ৰৱেশ অসম আন্দোলনৰ সময়ৰে পৰা। হিন্দুত্ববাদী সংগঠনবোৰে এতিয়াও যে সেই ব্লুপ্ৰিন্ট তৈয়াৰ কৰা নাই তাক কব নোৱাৰি। এইক্ষেত্ৰত আছুৰ নেতৃত্ব সচেতন নহলে অসমত ধৰ্মীয় মেৰু বিভাজনত এটা ইটা আছুৰ পৰাও আহিব আৰু সেই অভিযোগৰ পৰা আছুৱে নিস্তাৰ নাপাব ।

প্ৰশ্নঃ ৫ আছুক প্ৰত্যাহ্বান জনাবলৈ অসমত বিজেপি, কংগ্ৰেছ, বাওঁ, সংখ্যালঘু আদি বিভিন্ন দল-সংগঠনৰ ছাত্ৰ সংগঠনে চেষ্টা চলাই আছে। বিভিন্ন সময়ত স্কুল-কলেজৰ নিৰ্বাচনত ধন-বল জন বল আদিৰ প্ৰয়োগেৰেও প্ৰচেষ্টা চলাই আহিছে। কৃষক মুক্তিৰ ছাত্ৰ মুক্তিয়েও যথেষ্ট প্ৰসাৰতা লভিছে। ইয়াৰ পাছতো আছুৰ প্ৰাসংগিকতা কিন্তু কোনো দিনেই অসমৰ স্কুল-কলেজৰ পৰা কমি যোৱা নাই। ছাত্ৰ ৰাজনীতিত ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাপুষ্ট শক্তি সমূহৰ হাতত অৰাজনৈতিক শক্তি হিচাবে আছুৱে সফল ভাৱেই যুঁজ দি অহা বুলি আপুনি ভাবেনে? 

উত্তৰঃ এইটো উত্তৰ ওপৰতেই আছে। চৰ্বিত চৰ্বন নকৰো।

প্ৰশ্নঃ ৬ আছুকে ধৰি অসমৰ বিভিন্ন সংগঠনে অসমৰ নৱ-প্ৰজন্মক চান্দা-বৰঙণিৰ অপসংস্কৃতিৰ মাজলৈ লৈ গৈছে। অলপ আগৰণুৱা ল'ৰা মানেই হাতত পেড-ৰছিদ থকা অৱস্থালৈ পৰ্যবসিত হোৱাৰ অভিযোগ। এই সহজ ধনেই সামাজিক কাম-কাজ প্ৰতি আকৰ্ষণৰ এটা কাৰণ আৰু ন ন সংগঠনৰ সৃষ্টি হোৱা ধাৰাটো বিষয়ত আপুনি কি ভাবে। এনে অপ-সংস্কৃতিয়ে জাতিটোক কলৈ লৈ যাব। 

উত্তৰঃ কৰ্মসংস্কৃতি সৃষ্টিৰ মাজেৰে সংগঠনলৈ পুঁজি আৰু সাধাৰণ লোকৰ সৈতে সংপৃক্ত হব পৰাকৈ নিজৰ ষ্টাইল সলনি নকৰিলে ব্লেকমেইলিং, ধনদাবী, ফিটিংবাজ আদি অভিযোগৰ পৰা মুক্তি নাই। সংগঠনলৈ পুঁজি আহিব পৰা এক ব্যৱস্থা তৈয়াৰ কৰাৰ ক্ষমতা কিন্তু আছুৰ আছে।

প্ৰশ্নঃ ৭ বৃহৎ নদী-বান্ধ বিষয়ক স্থিতিত ২৬টা গণ সংগঠনৰ সৈতে আছুৱে গ্ৰহণ কৰা স্থিতিত আপুনি সন্তুষ্ট নে? অনাগত সময়ত বিষয়টোত কি স্থিতি গ্ৰহণ কৰিলে অসম তথা ভাৰতীয় মানুহৰ মংগল হব বুলি আপুনি ভাবে। নীতিগত কথাত আছুৱে আপোচ কৰাৰ সম্ভাৱনা কিমান? 

উত্তৰঃ নদীবান্ধ বিষয়ত আছু আৰু ২৬টা জনগোষ্ঠীয় সংগঠনৰ ভূমিকা সন্দেহজনক। বিশেষজ্ঞই কি কয় তাৰে ভিত্তিত সিদ্ধান্ত লোৱা দৰকাৰ। চাচটেইনেবল ডেভেলপমেন্টৰ সূত্ৰক মই বিশ্বাস কৰো।এইক্ষেত্ৰত আছুই আপোচ কৰিলে জনগণে কেতিয়াও ক্ষমা নকৰিব।

প্ৰশ্নঃ ৮ বিদেশী বহিস্কাৰ আৰু কোনো কালেই বাস্তৱত সম্ভৱ নহয়। আমেৰিকাৰ দৰে দেশেই এইকাম কৰিব নোৱাৰি অনুপ্ৰৱেশকাৰীক লিগেলাইজ কৰাৰ দিশে কাম কৰিছে। অসমৰ বাবে বাস্তৱৰ কথা অনুধাৱন কৰি আছুৰ দৰে সংগঠনে কেনে স্থিতি গ্ৰহণ কৰা উচিত। 

উত্তৰঃ বিদেশী বহিস্কাৰ হয়তো কোনোকালে সম্ভৱ নহয় সেয়া সঁচা। এতিয়া এন.আৰ.চিখন প্ৰস্তুত কৰাত আছুৱে সহযোগ কৰা উচিত।এই বিষয়ে সংঘাত হব পৰা বিষয়বোৰ আওঁকান কৰি খিলঞ্জীয়াৰ অধিকাৰৰ বাবে আছুৱে সংগ্ৰাম কৰা উচিত। সংখ্যালঘুৱেও যাতে নিজৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাব লগা হৈ পুনৰ সংঘাতময় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও এক বিজ্ঞানসন্মত দৃষ্টিভংগী লোৱা উচিত।

প্ৰশ্নঃ ৯ অসমত উন্নত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আছুৱে লব লগা ভূমিকা সঠিককৈ পালন কৰিব পাৰিছে বুলি আপুনি ভাবেনে? সফল সকলক সম্বৰ্ধনা, কেইটামান নকৈ প্ৰতিষ্ঠা কৰা বুক বেংক, কেইটামান কম্পিউটাৰ শিক্ষা কেন্দ্ৰ, পুথিভঁৰাল, গ্ৰীষ্মকালীন শিক্ষা শিবিৰ, কেৰিয়াৰ দিহা আদিৰে চেষ্টা চলাই থকা আছুৱে শৈক্ষিক ক্ষেত্ৰত বিশ্বমানৰ অসমীয়া নৱ-প্ৰজন্ম গঢ়িবৰ বাবে কিদৰে অৰিহণা যোগাব পাৰে বুলি আপুনি ভাবে। পৰিবৰ্তিত বজাৰ আৰু প্ৰযুক্তি, প্ৰতিযোগিতালৈ নজৰ ৰাখি প্ৰশ্নটো উত্থাপন কৰা হৈছে। 

উত্তৰঃ শিক্ষা ব্যৱস্থাৰ সংশোধন কৰাৰ বাবে সংগ্ৰাম কৰাত আছু ১০০% বিফল। উচ্চশিক্ষাক ব্যক্তিগতকৰণৰ মাজেৰে যি হঠকাৰী সিদ্ধান্ত চৰকাৰে কৰিবলৈ গৈছে, সৰ্বশিক্ষাৰ মাজেৰে শিক্ষাৰ ভেকোভাওঁনা কৰা, ইংৰাজী মাধ্যমৰ প্ৰসাৰৰ বিৰূদ্ধে যি কৰিব লাগিছিল আছুৱে একো কৰা চকুত পৰা নাই। এক নিকা আৰু বিশ্বমানৰ শিক্ষাৰ প্ৰসাৰৰ বাবে একো পৰিকল্পনা আছুৰ দেখা নাযায়।

প্ৰশ্নঃ ১০ ছাত্ৰ নেতা মানেই বগা চোলা, ক'লা পেণ্ট, বলেৰ'-স্কৰপিঅ' লৈ পৰিবৰ্তিত হোৱা অসমৰ ছাত্ৰ নেতা সকলৰ মাজত কি পৰিবৰ্তন আপুনি আশা কৰে। ছাত্ৰ ৰাজনীতিৰ পৰা অৱসৰৰ নিৰ্দিষ্ট বয়স থকা উচিত নে? গণতান্ত্ৰিক ভাৱে নিৰ্বাচনৰ জৰিয়তে দুই-তিনি বছৰৰ মূৰে মূৰে যি কোনো সংগঠনৰে নেতৃত্ব সলনি হোৱাটো উচিত নহয়নে? ফাঁচী বজাৰেই হওক বা দালাল ঠিকাদাৰেই হওক, চান্দা নিৰ্ভৰ সংগঠন হোৱা বাবেই অসমৰ ছাত্ৰ সংগঠন সমূহে নৈতিক ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত নামিব পৰা নাই নেকি? এই ক্ষেত্ৰত বাস্তৱিকতে দুৰ্নীতি, অনিয়ম, কলা-বাজাৰীৰ সৈতে কিমান আপোচ কৰিব লগা হয় বুলি আপুনি অনুভৱ কৰে। 

উত্তৰঃ নতুন নেতৃত্বৰ বাবে বাট উলিয়াই দিয়াটো গণতন্ত্ৰৰ ভিতৰতে পৰে। অৱশ্যে ছাত্ৰ সংগঠন এটাৰ নেতৃত্বৰ অৱসৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট বয়স থাকিব লাগে বুলি মই নাভাবো । ব্যক্তি এজন বৃদ্ধাৱস্থাতো ছাত্ৰ হব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত ছাত্ৰ সমাজৰ পৰা নেতৃত্ব লব পাৰে বুলি ভাবো।

প্ৰশ্নঃ ১১ অসমৰ ছাত্ৰ ৰাজনীতিয়ে ৰাজ্যখনৰ সকলো স্তৰৰ লোককে, সকলো জাতি জনগোষ্ঠীয়ে আপোন বুলি ভাবিব পৰা ৰাজনৈতিক নেতৃত্ব গঢ়ি দিব পাৰিছেনে? আছুৰ পৰা অৱসৰ লোৱা ছাত্ৰ-নেতা সকলে ৰাজনৈতিক ভাৱে কোন শিবিৰত অৱস্থান লৈ অসমৰ বাবে ভৱিষ্যতে কাম কৰিলে বেছি ভাল হব বুলি আপুনি ভাৱে? 

উত্তৰঃ নিঃসন্দেহে আছুৰ পৰা গৈ জাতীয়তবাদী আঞ্চলিকতাবাদী ৰাজনীতিত অংশগ্ৰহণেৰেহে আছুৰ নেতৃত্বই নিজৰ সততা ৰাখিব পাৰিব।

প্ৰশ্নঃ ১২ অহা দহ বছৰৰ পাছত অসমৰ ছাত্ৰ ৰাজনীতিৰ ৰূপৰেখা কি হবগৈ বুলি আপুনি আশা কৰে। অসমীয়া জাতি বুলি এটা ধাৰণা ধৰি ৰাখিব পৰাকৈ অসমৰ নৱ-প্ৰজন্মই নিজকে নেতৃত্ব দিব পাৰিবনে? আপোনাৰ মতে অনাগত দশকৰ বাবে পাঁচটো মূল প্ৰত্যাহ্বান কি কি হব?

উত্তৰঃ মই আশাবাদী। ভৱিষ্যত অসম নৱপ্ৰজন্মৰ হাতত। এই নৱপ্ৰজন্ম হব প্ৰগতিশীল, যুক্তিবাদী আৰু প্ৰকৃত জনগনৰ প্ৰতিনিধি। আছুৰ নেতৃত্বই পূৰ্বৰ সকলো ভুল ত্ৰুটিৰ পৰা শিক্ষা লৈ এক সঠিক মতাদৰ্শৰে ভৱিষ্যতে ছাত্ৰ ৰাজনীতিক শক্তিশালী কৰিব নোৱাৰিলে সেয়া এক ট্ৰেজেদী হবগৈ। অনাগত দশকৰ বাবে বহুজাতিকৰ হাতৰ পৰা শিক্ষাক মুক্ত কৰি সকলোৰে বাবে শিক্ষাৰ অধিকাৰ, গণতানন্ত্ৰিক অধিকাৰ বজাই ৰখা, অতিৰাষ্ট্ৰবাদক বাধা দিয়া, ধৰ্মীয় সাম্প্ৰদায়িকতাক বাধা দিয়া, জনগোষ্ঠীয় সমন্বয় আৰু আঞ্চলিকতাবাদী ৰাজনীতিক শক্তিশালী কৰা আদি প্ৰত্যাহ্বান মুখ্য হব ।

No comments:

Post a Comment