পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আয়াৰলেণ্ডৰ বেলফাষ্টত অনুষ্ঠিত বিশ্ব পুলিচ আৰ্চাৰী আৰু ফায়াৰ গেমচত অসমৰ ডিপুল বড়োৰ তিনিটাকৈ স্বৰ্ণ পদক বিজয়ৰ জৰিয়তে, মুঠ চাৰিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে অভাৰঅল চেম্পিয়নৰ খিতাপ জয় কৰে ভাৰতীয় পুলিচ আৰ্চাৰী দলে৷

পবিত্ৰ ঈদৰ নামাজ
২. লেটিন আমেৰিকাৰ গুৱাটেমালা আৰু এল ছলভাডৰত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হ’ল অসমৰ বাৰ্ডি বড়োঃ শেহতীয়াকৈ বাৰ্ডিয়ে ছাব জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপো জয় কৰিছে৷

৩. অসমত শীঘ্ৰে গঠিত হব উচ্চ সদনঃ ৪২খন আসন, নতুন মন্ত্ৰী হব পাৰিব ৬জন৷ শীতকালীন অধিৱেশনতে বিধেয়ক উত্থাপনৰ সম্ভাৱনা ব্যক্ত কৰিলে কপিল ছিবালে ৷

৪. ইণ্ডিয়ান ডেণ্টেল এচোচিয়েছন(অসম শাখা)ই লিখিলে মুখ্য ন্যায়াধীশলৈ চিঠিঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে সকলো ধৰণৰ ধঁপাত (চিগাৰেট আৰু গুটখা উভয়েই) নিষিদ্ধকৰণ কিয় কৰা নহব তাৰ কাৰণ দৰ্শাবলৈ ৰাজ্য চৰকাৰলৈ নিৰ্দেশ৷

৫. অলিম্পিক পদক বিজয়ী মেৰী কমৰ ইম্ফলত থকা আঞ্চলিক বস্কিং ফাউণ্ডেচনত এটা আউটড’ৰ হ’ল নিৰ্মাণৰ বাবে অতিৰিক্ত পুঁজিত অনুমোদন দিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়েঃ আগতেও ৩.০৬কোটি টকাৰ আৰ্থিক সাহাৰ্যৰে উন্নীত কৰা হৈছিল কেন্দ্ৰটোৰ আন্তঃ গাঁথনি ৷

৬. জাৰ্মানীত হোৱা জুনিয়ৰ মহিলা হকী বিশ্বকাপত ব্ৰঞ্জৰ পদক বিজয়ী দলৰ সদস্যা প্ৰতিগৰাকীলৈ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেচ মন্ত্ৰণালয়ে আগবঢ়ালে ১লাখকৈ টকাৰ পুৰস্কাৰঃ শ্ৰেষ্ঠ খেলুৱৈ ৰাণী ৰামপাললৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে দহ লাখ টকাৰ পুৰস্কাৰ, প্ৰশিক্ষক বলদেৱ আৰু আন পাঁচগৰাকী বিজীয় দলৰ হাৰিয়ানাৰ খেলুৱৈলৈকো পাঁচলাখকৈ টকাৰে প্ৰেৰণা দিয়াৰ সুখবৰ৷

৭. আজি পবিত্ৰ ঈদঃ মাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত উৎসৱমুখৰ হৈ পৰিছে দেশ৷ সকলো ইছলামধৰ্মী দেশবাসীলৈ অসমীয়া সুখ দুখৰ তৰফৰ পৰাও জ্ঞাপন কৰিছো শুভেচ্ছা ৷

৮. জলাশয় সংৰক্ষণ আইন প্ৰণয়নৰ পিছতো মহানগৰীৰ জয়াশয়সমূহতে স্বয়ং ৰাজ্য চৰকাৰেই ভূমি আবণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন লৈ আদালতৰ দ্বাৰস্থ হ’ল হোমেন বৰগোহাঞিৰ নেতৃত্বত বুদ্ধিজীৱি৷

৯. তেজপুৰ মহাবিদ্যালয়ত উন্মোচিত হ’ল বিশেষ গ্ৰন্থঃ ডঃ ৰঞ্জন কলিতাৰ সম্পাদনাৰে "নাৰী আৰু মানৱ অধিকাৰ" শীৰ্ষক তখন বৃহৎ কলেবৰৰ গৱেষণামূলক গ্ৰন্থৰ লগতে ডঃ ভাৰত চন্দ্ৰ বৰুৱা আৰু ধৰ্মেন্দ্ৰ কুমাৰ বৰুৱা সম্পাদিত গ্ৰন্থ "পুৰোধা"ৰ উন্মোচন কৰা হয় মহাবিদ্যালয়খনৰ ৪৯তম প্ৰতিষ্ঠা দিৱসত৷

১০. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অভয়াপুৰীত পাঁচদিনীয়া শংকৰী সংগীত কৰ্মশালাঃ খোলবাদন, বৰগীত, দিহানাম, শংকৰীনৃত্যৰ প্ৰদান কৰে প্ৰশিক্ষণ৷

১১. অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিতাবৰ শাখাই বোকাহোলা বাগিচাৰ ফেক্টৰীৰ পৰা উদ্ধাৰ কৰিলে ২৮জন শিশু শ্ৰমিকঃ শিশু শ্ৰমিক আইন আৰু শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত ৰুজু কৰিলে গোচৰো৷

১২. মোবাইল কোম্পানী মাইক্ৰমেক্সৰ সহ-প্ৰতিস্থাতা ৰাজেশ আগৰৱালাসহ উত্তৰ দিল্লী মিনিউচিপাল কৰপৰেচনৰ তিনি কনিষ্ঠ অভিযন্তা, বিষয়া সহ মুঠ ছয়জনকৈ লোক ঘোচ দিয়াৰ অভিযোগত সাতদিনৰ বাবে চিবিআইৰ জিম্মালৈ৷

১৩. প্ৰায় এহাজাৰ কোটিৰ লোন অনাদায়ৰ পৰ্টফলিঅ’ বিক্ৰী কৰি নিজৰ অৱস্থা উন্নীত কৰিবলৈ সিদ্ধান্ত লৈছে ভাৰতীয় ষ্টেট বেংকে ৷

১৪. অগপৰ নেতৃত্বত ছটা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই সাক্ষাৎ কৰিলে ৰাজ্যপালকঃ ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণত দাবী কৰিলে ৰাজ্যপালৰ হস্তক্ষেপ৷

১৫. অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত দ্বাদশ স্মাৰক বক্তৃতা আজিঃ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত এই বক্তৃতা প্ৰদান কৰিব দিল্লীৰ "চেণ্টাৰ ফৰ দ্য ষ্টাডী অৱ ডেভেলপিং ছ’চাইটিজ"নামৰ সমাজ গৱেষণা কেন্দ্ৰৰ ছিনিয়ৰ ফেল’, লেখিকা তথা মানৱ অধিকাৰ কৰ্মী মধু পূৰ্ণিমা কিশ্বৰে৷

১৬. ৰহাৰ মীন মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল "প্ৰতিষ্ঠিত নৱ-প্ৰযুক্তিৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতত মাছৰ উৎপাদন বৃদ্ধিৰ কৌশল": বিল-জলাশয়ৰ সঠিক ব্যৱহাৰ আৰু সমস্যা সমূহৰ স্থায়ী সমাধানৰ সন্ধানেহে সফলতা আনিব বুলি দৃঢ়মত প্ৰকাশ কৰে বিশিষ্ট অতিথি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱাই৷

১৭. হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ ব্যৱস্থাপনাত "গৰমৰ বন্ধত নাটক শিকোঁ আহাঁ" শীৰ্ষক নাট কৰ্মশালাৰ সফল সামৰণিঃ মঞ্চস্থ হ’ল "চোৰকে মোৰে পালে, বেজৰ নাকত খৰে খালে" আৰু "ফুটিল ফুটিল নুফুটিল থাক" নামৰ দুখনকৈ শিশু নাটো ৷

No comments:

Post a Comment