পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
১. জাগুনৰ লোহিত গগৈৰ প্ৰশংসনীয় উদ্যমঃ চাহ জনগোষ্ঠী আৰু নেপালী ভাষালৈ অনুবাদ কৰি বাণীবদ্ধ ৰূপত প্ৰকাশ কৰিলে ডঃ ভূপেন হাজৰিকাৰ গীত৷ কাঠমাণ্ডুত উন্মোচন কৰিলে চাৰিটাকৈ গীত, নেপালৰ ৰাষ্ট্ৰপতিয়ে দিলে ৰাজ-আতিথ্য, কাকত গোষ্ঠীয়ে প্ৰদান কৰিলে "মিলাপ" সন্মান৷
অসম-নগালেণ্ড সীমা বিবাদক
 লৈ দিল্লীত বৈঠক

২. অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিগত তিনি বছৰত অ’ এন জি চিয়ে ব্যয় কৰিলে ২২কোটি টকা৷

৩. পৃথক ৰাজ্য বিচৰা আন্দোলনকাৰীলৈ চি.পি.আই দলে দিলে পৰামৰ্শঃ পৃথক ৰাজ্যৰে নহয়, সাংবিধানিক সুৰক্ষাৰে জনজাতীয় ৰাজ্য ঘোষণাৰেহে হব পাৰে খিলঞ্জীয়া জনজাতি সমূহৰ স্বাৰ্থ সুৰক্ষিত৷ তেলেংগানাৰ ইতিহাস, অৰ্থনীতি, সামাজিক গঠনৰ সৈতে অসমৰ জনগোষ্ঠীয় পৃথক ৰাজ্যৰ দাবীৰ কোনো ঐতিহাসিক মিল নাই৷

৪. মহিলাৰ কাৰিকৰী শিক্ষা প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি এই বছৰতে নাজিৰাত স্থাপিত হব মহিলা পলিটেকনিকঃ ৰাজ্য চৰকাৰে দিলে অনুমোদন, মহকুমাধিপতিক দিলে সুবিধাজনক স্থান নিৰ্বাচনৰ দ্বায়িত্ব৷

৫. তিতাবৰত দীপশিখা ফাউণ্ডেচনে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত কৰিলে কৰ্কট ৰোগ বিষয়ক সজাগতা শিবিৰঃ যোগদান কৰিলে মুম্বাইত কৰ্মৰত বিশিষ্ট অসমীয়া তথা দেশৰ আগশাৰীৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াই, দুই শতাধিক আক্ৰান্ত ৰোগীয়ে গ্ৰহণ কৰিলে পৰামৰ্শ৷

৬. অসম-নগালেণ্ড সীমা বিবাদৰ সমস্যাক লৈ দিল্লীত মুখামুখিকৈ বহিল দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীঃ ১৯২৫চনৰ সীমামতেই অসম-নগালেণ্ড সীমা বাহাল ৰখাৰ পোষকতা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ 

৭. প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক আঁচনিৰ অধীনত গ্ৰাম্য পথৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে পুনৰ ২৫৬কোটি টকা ৷

৮. "দৈনিক অসম" কাকতে ভৰি দিলে ৪৯তম বৰ্ষতঃ অসমৰ ইতিহাস আৰু জনজীৱনৰ সাক্ষী আৰু সংগী হৈ ৰোৱা এই কাকতখনৰ অৰিহণাক শ্ৰদ্ধাৰে সোঁৱৰিলে সচেতন ৰাইজে৷

৯. ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলসেৱা মুকলি কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থাঃ আইন হাতত তুলি লোৱা সকলক সঁকিয়াই দিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

১০. কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে দিলে নিৰ্দেশঃ অসমৰ পাঁচখন জিলা বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰত স্কুল-মাতৃ নিযুক্তিৰ বাবে দ্বায়িত্ব দিলে, বাবা চাহেব বি আৰ আম্বেদকাৰ ছচাইটি নামৰ এন.জি.অ’ক৷

১১. ৰহাত ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিলে মহিলা সৱলীকৰণৰ প্ৰশিক্ষণঃ প্ৰশিক্ষণ শিবিৰত অংশ লোৱা আত্ম-সহায়ক গোট সমূহলৈ কৰা হব ঋণ প্ৰদানেৰে স্বাৱলম্বনৰ পথ দেখুৱাৰো ল’লে উদ্যোগ ৷

১২. তেজপুৰৰ বান থিয়েটাৰত উন্মোচিত হ’ল "নটসূৰ্য ফণী শৰ্মাৰ জীৱন আৰু প্ৰতিভা" শীৰ্ষক এখনি গ্ৰন্থৰঃ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশিত হ’ল গ্ৰন্থখন৷

১৩. অসমৰ ভ্ৰাম্যমাণ জনৰ এজন সৎ-নিষ্ঠাবন নাট্যকৰ্মী বিনু কলিতাৰ ওৰেটো জীৱনক লৈ "বিনু.... তাইৰ গুণৰ অনেক ৰেণু" নামৰ সোঁৱৰণি গ্ৰন্থ হ’ল উন্মোচিতঃ এগৰাকী শিল্পীৰ জীৱন সংগ্ৰাম হ’ল আলোকিত ৷

১৪. দ্বি-পাক্ষিক এদিনীয়া ক্ৰিকেট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ বিশ্ব অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় উদীয়মান স্পীনাৰ অমিত মিশ্ৰইঃ মুঠ ১৮উইকেটেৰে পালে জাৱাগল শ্ৰীনাথৰ শাৰীত স্থান ৷ জিম্বাৱৱেৰ বিৰুদ্ধে শৃংখলা জয় কৰিলে ভাৰতীয় দলেঃ বিদেশৰ মাটিত প্ৰথমটো হোৱাইট ৱাছ বিজয়ৰো নতুন অভিলেখ৷

১৫. আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত উত্তৰ-পূৱ ফুটবলঃ বৃহত্তৰ বেলতলা ক্ৰীড়া বিকাশ সমিতিৰ উদ্যোগত এই প্ৰতিযোগিতা আয়োজিত হৈছে জয়ৰাম মেধি আৰু লগুণ ক্ৰৰ সোঁৱৰণত৷

১৬. গুৱাহাটীৰ জজ খেলপথাৰত চলি থকা ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ছ’কাৰ ৭ প্ৰতিযোগিতাত অসমে প্ৰৱেশ কৰিলে ফাইনেলতঃ গুজৰাটক কৰিলে ৬-০ গ’লত পৰাজিত ৷

১৭. শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশঃ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন খোৱাৰ পূৰ্বে খাব লাগিব প্ৰধান শিক্ষক আৰু ৰন্ধন কৰ্মীয়ে৷ তাৰ ৩০মিনিট পাছতহে খাদ্য কৰিব পাৰিব বিতৰণ, ১ আগষ্টত শিক্ষা বিভাগৰ মন্ত্ৰী আৰু শীৰ্ষ আমোলাৰ বৈঠকৰ পাছতে তৎপৰ হৈছে শিক্ষা বিভাগ৷

চিন্তনীয় বাতৰিঃ
১. শিক্ষা বিভাগৰ মিড-ডে মিলঃ ৩.১০টকাত কি মানদণ্ডৰ খাদ্য খুৱাই এবাৰ চিন্তা কৰক ৷

২. উজনিত কেঁচা চাহপাতৰ অভাৱনীয় মূল্য হ্ৰাসঃ দাম কমিল ২০টাৰ পৰা ১০টকালৈ, ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে টি মনিটৰিঙ কমিটিয়ে৷

৩. ডিমৌ পলিটেকনিকৰ শিক্ষানুষ্ঠান নিৰ্মাণৰ ২২কোটি টকীয়া প্ৰকল্পত অনিয়মৰ অভিযোগঃ নিৰ্মাণৰ পিছতে খহি পৰা বেৰে পালে সংবাদ শিৰোনামত স্থান৷

৪. ডিব্ৰুগড়ত সাপ্তাহিক ইংৰাজী কাকত "দ্যা ফাৰ ইষ্টাৰ্ণ ৰিভিউ" উন্মোচনঃ পৰিচালন সম্পাদক ৰূপে সেৱা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰিপুঞ্জয় দাসে৷

৫. বঙাইগাঁৱৰ কীৰ্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙালে স্বাস্থ্য সেৱাৰ ৰূপঃ ৩০হাজাৰ লোকৰ বিপৰীতে মাত্ৰ দুজন চিকিৎসকে ৷

৬. বট’দ্ৰৱাৰ পানীত ওলাইছে ভায়বহ ফ্লৰাইডঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সজাগতা সভাৰ পাছত শংকিত হৈছে অঞ্চলবাসী ৷

No comments:

Post a Comment