পলকতে সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখৰ খবৰ

পলকতে সুখৰ খবৰ

Share This
১. নগাঁও চহৰত হব নলা-নৰ্দমাৰ উন্নয়নঃ ১৯.২৪কোটি টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে৷

২. নলবাৰীয়ে লাভ কৰিব ২২.৯২কোটি টকীয়া ১০০খন বিচনাযুক্ত প্ৰসূতি ও শিশু ৰোগৰ চিকিৎসালয়ঃ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় প্ৰাংগনত চকু অস্ত্ৰোপচাৰ কক্ষৰ উন্মোচনীৰ সতেই স্থাপিত হ’ল আধাৰশিলা ৷

৩. অৰুণাচলৰ চিজুচাত অনুষ্ঠিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ দিৱস WWF,ভাৰতৰ উদ্যোগতঃ পাক্কে বাঘ্ৰ্য সংৰক্ষিত বনাঞ্চলত অতি কষ্টৰে সেৱা কৰা ১৬জনীয়া প্ৰাক্তন সেনা আৰু স্থানীয় যুৱকেৰে গঠিত দললৈ দেশৰ বিভিন্ন জনে পঠিওৱা অভিনন্দন বাৰ্তাও কৰা হয় পাঠ৷

৪. ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে তথা শ্ৰদ্ধাঞ্জলি গীতেৰে বাণ থিয়েটাৰে সুঁৱৰিলে বিগত ৩১বছৰ ধৰি ৰখীয়াৰ ভূমিকাৰে অতন্দ্ৰ প্ৰহৰীৰ সেৱা কৰা ভোগৰাম ডেকাকঃ সদ্য প্ৰয়াত ডেকাৰ ভূমিহীন পৰিয়াললৈ মাটি আৱণ্টনৰ প্ৰতিশ্ৰুতি দিলে তেজপুৰৰ বিধায়ক ৰাজেন বৰঠাকুৰে৷
নিউৱৰ্কত ভাৰতীয়ই আয়োজন কৰা
স্বাধীনতা দিৱসৰ পেৰেডত আন্না হাজাৰে

ফটো সৌজন্যঃ ৰিফাট মান্নান
৫. ৰাঁচীত চলি থকা ২৫তম পূৱ মণ্ডল জুনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপত দ্বিতীয় দিনাও উজ্জীৱিত প্ৰদৰ্শনেৰে অসম দলে অৰ্জন কৰিলে ১৪টাকৈ পদক৷

৬. চীনত চলি থকা এছিয়ান য়ুথ গেচমৰ জুডো ইভেণ্টত মণিপুৰৰ এছ কবিতাৰ ব্ৰঞ্জৰ পদৰে জিলিকালে ভাৰতৰ পদক তালিকা৷

৭. তিনি শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহণেৰে উখল-মাখল হ’ল তেজপুৰৰ পল’ ফিল্ডঃ আজিৰ পৰা আৰম্ভ হ’ল আন্তঃ জিলা বেডমিণ্টন৷

৮. উনত্ৰিশ ঘণ্টীয়া কাউণ্টডাউনৰ পাছত অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ ছত্তিশ ধাৱান স্পেচ চেণ্টাৰ পৰা আজি উৎক্ষেপন হব  জি.এম.এল.ডি-৫ নামৰ ৰকেটঃ ই কঢ়িয়াই নিব ১৯৮২ কেজিৰ কমিউনিকেচন চেটেলাইট৷ থলুৱা ক্ৰাইয়’জেনিক ইঞ্জিনেৰে কৰা হব এই উৎক্ষেপন৷

৯. ৰাজীৱ গান্ধীৰ জন্ম-দিৱসৰ লগত সংগতি ৰাখি কাইলৈ অসমত খাদ্য সুৰক্ষা আঁচনি ৰূপায়নৰ শুভাৰম্ভ সমাবেশৰ আয়োজনঃ সৰুসজাই ক্ৰীড়া প্ৰকল্পত হব এই অনুষ্ঠান দিনৰ এঘাৰ বজাৰ পৰা৷

১০. সীমা বিশ্বাসৰ অভিনয়েৰে অহা ২১-২২ আগষ্টৰ সন্ধিয়া ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব গিৰিশ কাৰ্নাডৰ নাটক, ৰবিজিতা গগৈৰ পৰিচালনাৰে "ব্ৰকেইন ইমেজেছ"৷

১১. ডিগবৈৰ মহিলা মহাবিদ্যালয়ে অনুষ্ঠিত কৰিলে "মুগা খেতিৰ প্ৰসাৰ" সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যা.ৰ আলোচনাচক্ৰৰঃ বিভিন্ন কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকাই কৰিলে অংশগ্ৰহণ৷

১২. ছিলঙত অসম ৰাইফলছ কৰ্তৃপক্ষই তৈয়াৰ কৰি উলিয়াইছে এক অত্যাধুনিক গল্ফ ক’ৰ্ছঃ উত্তৰ-পূৱৰ গল্ফ খেলুৱৈ সকলক ই উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে আছাম ৰাইফলছ কৰ্তৃপক্ষই৷

১৩. উত্তৰ-পূৱ সীমান্ত ৰেল’ৱেৰ অন্য এক সফলতাঃ বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত শৃংখলাবদ্ধতা তথা সময়সূচীমতে সেৱাৰ ক্ষেত্ৰত ৯০% সফল বুলি কৰিলে ঘোষণা ৷

১৪. ফটোগ্ৰাফী ক্লাৱ অৱ আই আইটি গুৱাহাটীয়ে বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰাকক্ষণত কালি আয়োজন কৰিলে "গুৱাহাটী হেৰিটেজ ফটো ৱাক" নামৰ এক ব্যতিক্ৰমী ফটোগ্ৰাফী অনুষ্ঠানৰ৷

১৫. আজি বিশ্ব আলোকচিত্ৰ দিৱসঃ কেমেৰাৰ লেন্সত জীৱনৰ অন্বেষণ কৰা ফটোগ্ৰাফাৰ তথা আলোকচিত্ৰ সাংবাদিক  সকললৈ অসমীয়াৰ সুখ দুখৰ পৰা জ্ঞাপন কৰিছো আন্তৰিক শুভেচ্ছা৷

১৬. প্ৰস্তাৱিত বড়োলেণ্ডত সকলো জনগোষ্ঠীকে সম-অধিকাৰ দিয়াৰ নিশ্চিতি প্ৰদানৰ লক্ষ্যৰে ১৫ অবড়ো সংগঠনৰেৰে বিএনচিয়ে কৰিলে গুৱাহাটীত বৈঠক৷

১৭. অহা ২০ আগষ্টত ভাৰত-ৰত্ন ৰাজীৱ গান্ধীৰ জন্ম দিৱসঃ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ সংগঠনৰ অধ্যক্ষ মণিশংকৰ আয়াৰৰ উপস্থিতি আয়োজিত হৈছে এক বিশাল সভাৰ ৷

১৮. টংলাত আলমা মেটা আৰু নীলাচল ইংলিচ স্কুলৰ উদ্যোগত অনুষ্ঠিত হ’ল আৰ্ট এণ্ড ক্ৰাফটৰ প্ৰদৰ্শনীঃ শিশু সকলে প্ৰস্তুত কৰা বিভিন্ন আৰ্হি বা চানেকীৰ প্ৰদৰ্শনীৰে সৃজনীশীলতা উঠিল উজলি ৷

১৯. চলি আছে ভাৰত-বাংলাদেশ ভূমি হস্তান্তৰ বিলৰ প্ৰতিবাদঃ অগপই আজি পালন কৰিব ক’লা দিৱস৷

২০. শিৱসাগৰত আৰক্ষীয়ে উৎখাত কৰিলে অঘোষিত পতিতালয়ঃ তিনিজনক পঠালে জেল’লৈ৷

২১. শিৱসাগৰৰ স্বেচ্ছাসেৱী সংগঠন "সম্প্ৰীতি"য়ে শীঘ্ৰেই আৰম্ভ কৰিব এটা বৃদ্ধ আবাসঃ পৰিয়ালৰ পৰা পৰিত্যক্ত হোৱা জ্যোষ্ঠ জনক ইয়াতে প্ৰদান কৰা হব আশ্ৰয়৷

২২. উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে তথ্য বিশ্লেষণ তথা গৱেষণা পদ্ধতিৰ বাবে গ্ৰহণ কৰিছে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীঃ ২৬-৩১ আগষ্টলৈ বামুনিমৈদাস্থিত জেভিয়াৰ ইন্সষ্টিউট অৱ মেনেজমেণ্ট এণ্ড ইনফৰমেচন টেকনলজিৰ প্ৰেক্ষাগৃহত প্রশিক্ষণ প্ৰদান কৰিব ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যাপকে৷

২৩. মাহমৰা সমষ্টিত মুঠ ১১খনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে লাভ কৰিলে প্ৰাদেশিকীকৰণৰ পদঃ শিৱসাগৰৰ মুঠ ৪৩৩টা পদৰ বাবে বিতৰণ কৰিলে নিযুক্তিপত্ৰ৷

২৪. আকৌ বাঢ়িল সোনৰ দামঃ দহ গ্ৰামত ৩১,৫২৫টকাৰ দৰে এতিয়া দিব কম দামত সোন কিনা সকললৈ বিনিয়োগৰ লাভালাভ৷

২৫. শিৱসাগৰত অনুষ্ঠিত হ’ল পঞ্চম বাৰ্ষিক ৰামৰাজা সিংহ স্মাৰক বক্তৃতানুষ্ঠানঃ "ইতিহাস আৰু ঐতিহাসিক উপন্যাস একে সাহিত্য নহয় বুলি আঙুলিয়াই দিলে" মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী ডঃ প্ৰদীপ হাজৰিকাই ৷

২৬. কৰ্ণাটক ক্ৰিকেট এছ’চিয়েছনৰ মহাৰজত জয়ন্তীত ৪জন প্ৰাক্তন অধিনায়কে কৰিলে মন্তব্যঃ নিৰ্বাচকে নতুন প্ৰতিভাৰ পৰিসংখ্যাতকৈ গুৰুত্ব দিয়া উচিত গুণগত মানদণ্ডকহে৷

২৭. বিশ্ব এথলেটিকছঃ ২০০মিটাৰতো স্বৰ্ণ পদক জয়েৰে ওছেইন বল্টে কৰিলে হেট-ট্ৰিক৷

২৮. শিৱসাগৰত অনুষ্ঠিত বিষ্ণুৰাম নাথ সোঁৱৰণী ফুটবলৰ সফল সামৰণিঃ সৃষ্টিভূমি গোষ্ঠী হ’ল চেম্পিয়ন৷

২৯. আটক হ’ল বৌদ্ধ গয়াৰ বিস্ফোৰণত জড়িত দুই অভিযুক্তঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ নিৰ্দেশত দাৰভাংগা আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে এই সফলতা৷

৩০. চেমচুঙে অতি সোনকালেই হাতঘড়ী সদৃশ মোবাইল ফোন বজাৰত মুকলি কৰিব বুলি প্ৰকাশ কৰিলে তথ্য ৷

No comments:

Post a Comment