লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে কৰুণ ছবিৰ সন্ধান)
১. ৰসাল গগৈয়ে লৰাব নোৱাৰে হিমু বাবাৰ চকী! হেড-মাষ্টৰৰ দুৰ্বলতাৰ ফাইল কেৰাণী বাবাৰ গডৰেজত সুৰক্ষিত হৈ থকাৰ গোপন খবৰ৷
মানি থাকিলে, জৰুৰ জৰুৰ
চুম্মা চুম্মা আহিবই!

২. অসমত সাক্ষাৎকাৰ লবলৈ নাই কোনো ভালকাম কৰা ব্যক্তি৷ সেয়ে সেই অভাৱ দূৰ কৰিবলৈ এইবাৰ টিভিত জীৱনৰ সাৰগৰ্ভ কথাৰে সাক্ষাৎকাৰ দি ৰাইজক মানসিক সমল যোগাব মণি কুমাৰ চুম্মাই৷ জালিয়াতি, লটাৰি, বহু-বিবাহ আদি সম্পৰ্কত অতি কাৰ্যকৰী টিপচ পাবলৈ চাই থাকক ফিউজ লাইভৰ "ৰজাঘৰৰ আদালত" কাৰ্যসূচী৷

৩. এইবাৰ মেট্ৰিক পৰীক্ষাত ফাষ্ট ডিভিজন পোৱা গুণ্ডা টাইপৰ ল’ৰা সকললৈ দিয়া দিয়া হব বিনামূলীয়া বাইক৷ পাৰ্টিৰ ৰেলীত ঘূৰাৰ বাবে প্ৰতিশ্ৰুতি দিলেই লেপটপৰ সলনি লব পাৰিব বাইক!

৪. আকৌ কটা গ’ল দুটাকৈ গঁড়ৰ খৰ্গ৷ হাবি-বননি মন্ত্ৰীয়ে কৰিলে মন্তব্য- অলপ কমিলিহে সঠিককৈ যতন লোৱাত সুবিধা হব! উগ্ৰপন্থীয়ে বন্য চিকাৰ কৰি সময় নষ্ট কৰাটো অসমৰ মানুহৰ পক্ষে সুৰক্ষাৰ কথাহে বুলিও তেখেতে মন্তব্য কৰে৷

৫. বিদ্যুত বৰদলৈ দেৱলৈ এইবৰ্ষৰ বিশ্ব কাৰ্বন ক্ৰেডিট সংস্থাৰ "আন্ধাৰ-ৰত্ন" পুৰস্কাৰ৷ পীক আৱাৰ্চত বিজুলী যোগান ব্যাহত ৰাখি বিজুলী শক্তিৰ সংৰক্ষণ তথা তাৰ দ্বাৰা দেশৰ বাবে কাৰ্বন ক্ৰেডিট আৰ্জন কৰাৰ বাবেই তেখেতে এই বঁটাৰ বাবে হৈছে মনোনীত৷

৬. ভাৰতত মুকলি হ’ল ৰ’লছ ৰয়ছৰ ৪.৬কোটি টকীয়া গাড়ী৷ ৰাজ্য ঘোষণা হ’লেই অসমৰ তিনিওখন হব লগা নতুন ৰাজ্যৰ সকলো নেতালৈ ৰেহাই মূল্যত এই গাড়ী যোগান ধৰিব বুলি আশ্বাস দিলে কৰ্তৃপক্ষই৷ আপোনালোক কোটি টকীয়া হওকচোন প্ৰথমে, ডীলাৰ আমি বহাই দিম চিন্তা নকৰিব বুলি তিনিও ৰাজ্যৰ দাবী সমিতিলৈ পঠালে ফেক্স৷

৭. পুনৰ শিৰোনামৰ পৰা নামিব নোখোজা হ’ল মৰিয়নিৰ ৰাতিৰ ৰজা ৰূপকোঁৱৰ কুৰ্মীয়ে৷ এইবাৰ পুলিচৰ মূৰা ফালি গঢ়িলে নতুন অভিলেখ৷

৮. সকলো বগা কোট পিন্ধি থেটিচস্কোপ ডিঙিত আৰিলেই নহয় ডাক্তৰ! মহিন্দৰ মোহন চৌধুৰী হস্পাতালত প্ৰসূতি বিভাগৰ ৰাউণ্ড মাৰি থাকোতে ধৰা পৰিল ভুৱা ডাক্তৰ৷ এতিয়াৰ পৰা ৰোগী চোৱাৰ আগেয়ে পৰিয়ালৰ মানুহে ডিগ্ৰীৰ চাৰ্টিফিকেট পৰীক্ষা কৰাৰ নতুন ব্যৱস্থা হব প্ৰৱৰ্তন৷

৯. বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰিলে ভাৰতৰ ব্যৱসায়ীয়ে৷ দেশতে অবৈধভাৱে মজুতকৰি চুপাৰ প্ৰফিট পালে ৰপ্তানিৰ কি প্ৰয়োজন বুলি ওলোটাই প্ৰশ্ন কৰিলে ব্যৱসায়ীক মহলে৷

১০. উদ্যোগ বিভাগে ব্যক্তিগত উদ্যোগক হাজাৰ হাজাৰ কোটিৰ ৰাজ-সাহাৰ্য দি নিজে বন্ধ কৰি ৰাখিলে ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ "বিলাই দিয়াৰ আনন্দ" নামৰ উদ্যোগ বিভাগৰ নতুন হাতপুথি অহা গ্ৰন্থমেলাত হব উন্মোচন৷

No comments:

Post a Comment