ৰাষ্ট্ৰীয় গুজৱঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱঃ

ৰাষ্ট্ৰীয় গুজৱঃ

Share This
(হাস্য ব্যংগৰে দেশৰ কৰুণ ছবিৰ সন্ধান)
১. শশী থাৰুৰে কৰিলে ঘোষণা, দেশত পিএইচডি প্ৰদান হাৰ বৃ্দ্ধি পালে ৪৯%৷ পিছে গৱেষণাৰ গুণগত ফলাফল সম্পৰ্কে প্ৰকাশ কৰিলে সন্দেহ৷ চিজেএম বিশ্ববিদ্যালয়ৰ দৰে এই উন্নত হাৰত অৰিহণা যোগোৱা বিশ্ববিদ্যালয় বন্ধ কৰি দিয়াৰ বাবে কৰিলে ক্ষোভ প্ৰকাশ৷ 
ফ্ৰী ইণ্ডিয়াৰ ফ্ৰী খানা
খাই লৈ গোৱা
ৰাষ্ট্ৰীয় গানা...

২. ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ল "ইন হোম" নামৰ পৰম্পৰাগত ভোজন গধূলি৷ বিভিন্ন সুস্বাদ্য আহাৰ গ্ৰহণ কৰাৰ পাছত গেঠেলা-গেঠেল পেটেৰ দুজন ৰাজনীতিকে কৰিলে মন্তব্য- আজিৰ খানাই প্ৰমাণ কৰিলে যে, দেশত এতিয়াও সুস্বাদ্যু আহাৰৰ অভাৱ হোৱা নাই৷ বাৰ টকাত কিয় ৰাষ্ট্ৰপতি ভৱনত বিনা পইচাতে এনে অপূৰ্ব খানা পোৱা যায়!

৩. বিদেশত বাস কৰা লোক সকলে এইবাৰ আনবাৰতকৈ ধুম-ধামেৰে পালন কৰিলে ভাৰতীয় স্বাধীনতা দিৱস৷ প্ৰাপ্ত খবৰ মতে আচলতে এক ডলাৰত ৬২টকা পোৱাৰ ফুৰ্তিতহে কৰিছিল এই জোৰদাৰ-উদযাপন৷ ভাৰতীয় মূল্যত তেখেত সকলৰ উপাৰ্জন বৃদ্ধি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে ধন্যবাদ সূচক পত্ৰ৷

৪. ইণ্ডিয়ান ইনক মানে ভাৰতীয় পুঁজিপতিৰ উন্নতিৰ হাৰ কমি যোৱাক লৈ ৰাজনৈতিক মহল চিন্তিত হৈ পৰাৰ খবৰ৷ তেখেত সকলৰ উন্নতিৰ হাৰ কমি যোৱাৰ কাৰণ হ’ল টু-জি, কয়লা, কে-জি বেচিন আদিত হোৱা কেলেংকাৰীবোৰত চকু চৰহাৰ কোপদৃষ্টি৷ স্বাধীনতা দিৱসৰ উপলক্ষে সেয়ে সকলোৰে নিৰ্বাচনী পুঁজি টনকিয়াল হোৱাকৈ ৰাজহুৱা সম্পদৰ লুণ্ঠনৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানীক স্বাধীনতা দিব লাগে বুলি কৰিলে এক সুৰে মত প্ৰকাশ কৰিলে সৰ্ব-দলীয় চান্দা বৰঙনি মঞ্চই৷

৫. ভাৰতীয় চফটৱেৰ কোম্পানীবোৰে আমেৰিকাত লবী বনাই ভিজা নীতি শিথিলকৰণৰ বাবে ঘোঁচ দিয়াৰ বাবে বেছি টকা ব্যৱহাৰ কৰিব বুলি কৰিলে তথ্য প্ৰকাশ৷ উল্লেখযোগ্য যে আমেৰিকাত এনে ঘোঁচৰ খোলা-বজাৰত কোনো আপত্তি নাই৷ তাকে দেখি ভাৰততো মুক্ত ঘোঁচৰ ব্যৱস্থা কৰিলে দেশৰ উন্নতি দ্ৰুততৰ হবই বুলি নীৰা বাডিয়া বাইদেৱে মত প্ৰকাশ কৰিছে৷

৬. ভাৰতলৈ আমদানি কৰিব নোৱাৰিব সোন৷ দক্ষিণ ভাৰতত ছোৱালী থকা মানুহবোৰ শংকাত ভোগাৰ চিন্তনীয় খবৰ৷ এক ডেৰ কেজি সোন দিব নোৱাৰিলে ছোৱালী কেনেকৈ বিয়া দিব বুলি শংকা প্ৰকট কৰি কয় যে, চিদা আমাৰ ফালৰ মানুহ হৈও এনে দক্ষিণ বিৰোধী নীতি গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক৷ মেডামৰ ইটালীত বিয়াত সোণ দিয়া নিয়ম নাই বুলিয়ে আমাৰ ইয়াত সেইটো ফৰ্মূলা নাখাটিব বুলি এখন স্মাৰক পত্ৰ মেডামৰ ঘৰলৈ ফেক্স কৰাৰ বাতৰি৷

৭. এইবাৰৰ খেলৰত্নৰ বাবে শ্বুটাৰ এজনৰ নাম মনোনয়ন কৰাক লৈ দেশজুৰি বিতৰ্ক৷ বিতৰ্কত ভাগ লৈ এজন বিজ্ঞলোকে ক’লে- গুলী চলোৱাটো এটা খেল নেকি? এইটো এটা ধেমালি নেকি? এইটো এটি চিৰিয়াছ বিষয়হে৷ কিয় ইয়াক খেল-ধেমালি আখ্যা দি গুলী চলোৱা এজনক খেল-ৰত্ন দিলে ই দেশৰ ল’ৰা-ছোৱালীক বন্দুক তুলিবলৈহে প্ৰেৰণা দিব৷ সেই সন্দৰ্ভত দিক-বিদিক সিঙে কয় যে আচলতে ৰাজীৱ গান্ধী খেল-ৰত্ন পুৰষ্কাৰটো দেশত ইমান জনপ্ৰিয় হোৱা নাই, ৰাইজে ভেলু্ বুজা নাই৷ সেয়ে এইবাৰ অলপ বিতৰ্ক সৃষ্টি কৰি চাৰৰ নামটো উজলাবলৈহে চেষ্টা কৰা হৈছে, নাথিং এলচ!

৮. ভাৰতীয় ন্যায় ব্যৱস্থা যে দোষী প্ৰমাণ কৰাত দুৰ্বল সেই সুযোগ গ্ৰহণ কৰিলে সতকাই ধৰ্মীয় সন্ত্ৰাসবাদেৰে ভাৰতক ব্যতিব্যস্ত কৰি থকা পাকিস্তান নিবাসী হাফিজ ছয়ীদে৷ ছয়ীদে ক’লে মোক সন্ত্ৰাসবাদী বুলি প্ৰমাণ কৰক, মই নিজেই খোজকাঢ়ি ভাৰতলৈ যাম৷ তাৰিখৰ পাছত তাৰিখ চলি থাকিব, জাজৰ পাছত নাতিনিয়েক জাজ হবহি, আমিও হাফিজ ছয়ীদ ভাৰতলৈ খোজেৰে নিজে আহি আত্ম-সমৰ্পন কৰালৈ আশাবাদী হৈ ৰম! ইয়াকে কয় হেনো বি পজিটিভ!

৯. কাশ্মীৰৰ মুইখমন্ত্ৰীয়ে দেশৰ পৰা তেওঁলোক পৃথক বুলি ভাষণত কৰি উৎসাহজনক মন্তব্য৷ পাকিস্তানে কৰিলে দেশৰ সৰ্বোচ অসামৰিক বঁটাৰ বাবে মনোনয়ন৷

১০. কেকোঁ সাপৰ ব্যৱসায়ত ধৰা পৰিল প্ৰাক্তন বিদ্ৰোহী৷ ব্যতিক্ৰমী ব্যৱসায়েৰে আদৰ্শ দেখুওৱাৰ বাবে "ব্যতিক্ৰম" নামৰ আলোচনীয়ে কৰি বৰ্ষ শ্ৰেষ্ঠ ব্যৱসায়ী বঁটাৰ বাবে নাম ঘোষণা৷

শেহতীয়া ৰাষ্ট্ৰীয় গুজৱৰ বাবে ইয়াতে ক্লিক কৰক৷

No comments:

Post a Comment