Saturday, August 31, 2013

জীৱন যৌৱনঃ (সম্পৰ্ক) চিঠি

#মাধুৰীমা ঘৰফলীয়াৰ কলমতঃ
দেহ, মন, পবিত্ৰতা ইত্যাদি...

প্ৰতি
অভিজ্ঞান,
আপোনালৈ চিঠি লিখাৰ কথা মই ভবা নাছিলোঁ কিন্তু কংকনৰ মন্তব্যটোৱে মোক ভবাই তুলিলে...বহুবাৰ নিজকে চালি-জাৰি চালো মোৰ নিজৰে কিমান সাহস আছে ।

কিমান দূৰ মই নিজকে সৎ বুলি দাবী কৰিব পাৰোঁ.... বাৰে বাৰে আপোনাৰ চিঠিখন পঢ়িছোঁ । খেপিয়াই চাইছোঁ নিজৰ অতীতটোক কোনোবা খিনিত মই বাৰু খহি পৰিছিলোঁ নেকি নে আন কাৰোবাক খহি পৰোঁতে সমালোচনা কৰিছিলোঁ । 
এইখিনিতে এটা কথা কওঁ অভিজ্ঞান আমাৰ সমাজ ব্যৱস্থাই আমাক বহু দূৰ ভীৰু হোৱাত বৰঙণি যোগাইছে । আজি মই মোৰ কথা মুকলি কৈ ক'ব পাৰোঁ, কাৰণ মই জানো মোৰ ঘৰখন, মোৰ সংগীজন আকাশৰ দৰে। সততাক তেওঁলোকে সদায় শ্ৰদ্ধা কৰে। কিন্তু আন এজন সংগী, আন এখন ঘৰে সেইটোক পাপ বুলি ক'ব পাৰে। বিশেষকৈ এজনী ছোৱালী ক্ষেত্ৰত । এনে কিমানজন ডেকা ওলাব যি বুকুত হাত থৈ দৃঢ়তাৰে ক'ব পাৰিব মই এনে এজনী ছোৱালীক আঁকোৱালি ল'ম যি এসময়ত নষ্ট হৈছিল৷ কিন্তু আজি মোৰ ভালপোৱাই তাইক জীৱনটো নতুন ধৰণে ভাবিবলৈ শিকাইছে । 

অভিজ্ঞান....আমাৰ সমাজত সৎ হ'বলৈ গ’লে তেওঁক সমাজৰ পৰাই বহিষ্কাৰ কৰি দিব । 


মোৰ আদৰ্শ ব্যক্তি গৰাকীয়ে এদিন মোক সুধিছিল-তোৰ এই ল’ৰালিৰ প্ৰেমত তই কিমান তললৈ নামিছ ? তেওঁৰ চকুত চকু থৈয়ে মই উত্তৰ দিছিলোঁ-যিমান তললৈ নামিলে প্ৰেম পবিত্ৰ হৈ থাকিব সিমান তললৈ ।

মই উত্তৰ দিবলৈ আজিও ভয় নকৰো । কাৰণ মই জানো মই নিজৰ কাষত সৎ। যদি কেতিয়াবা কিবা কাৰণত কোনোতো মুহূৰ্তত দুৰ্বল হৈছোঁ, তাকো মই আজি ভুল বুলি নাভাবোঁ,কাৰণ সেইসময়কণতো সেয়া ভুল বুলি ভবা নাছিলোঁ । 

আনে নভবা কথাবোৰ যদি পাপ বুলি কোৱা হয় মই আজন্ম তেনে পাপত ডুব গৈ থাকিব খুজোঁ,যদিহে সেই পাপে মোৰ আপোনবোৰক আঘাত নকৰে । তললৈ নমাই নিনিয়ে মোৰ আদৰ্শক । আশা কৰো কংকনে ইয়াৰ পাছত ক'ব নোৱাৰিব সৎ সাহসেৰে কোনেও উত্তৰ দিব নোৱাৰে ।
আৰু এটা কথা অভিজ্ঞান,আনক চৰিত্ৰহীন বুলি আখ্যা দিয়া মহান লোক সকলৰ জীৱনতো অলপ ভালদৰে জুমি চাবাচোন চৰিত্ৰহীনতাৰ গোদাম এটা তেওঁলোকে লৈ ফুৰে । দেহৰ পবিত্ৰতাৰ ভিত্তিত মানুহক শ্ৰেণী-বিভাগ কৰা সকলে নিজৰ মনৰ পবিত্ৰতাখিনি ৰাখিব নোৱাৰিহে তেনেবোৰ কাম কৰি থাকে।

বিশ্বাস আজিও আছে অভিজ্ঞান । ভালপোৱা হেৰাই যোৱা নাই । আৰু বিশ্বাস, ভালপোৱাৰ কাষত এই শৰীৰক লৈ উঠা প্ৰশ্নবোৰ, সমাজৰ ভিন্ন তৰল নিয়মবোৰ বহুত তুচ্ছ ৷
ইতি
......

No comments:

Post a Comment