পলকতে সকলো সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সকলো সুখৰ খবৰ

পলকতে সকলো সুখৰ খবৰ

Share This
১. শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি চৰাইদেউৰ সোণাৰি নগৰৰ প্ৰিন্সি গগৈয়ে দেখুওৱাইছে সাধনাৰ এক অনন্য উদাহৰণঃ হাত বিহীন ভাৱে জন্ম লাভ কৰা কিশোৰীজনীয়ে ভৰিৰে ছবি আঁকিয়েই আৰ্জন কৰিছে বহু প্ৰতিযোগিতাত শ্ৰেষ্ঠতা, প্ৰশংসা লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পীৰো ৷

২. "প্ৰয়োজন বোধে ন্যায়াধীশেই পালন কৰিব লাগিব সমাজকৰ্মীৰ ভূমিকা" বুলি মন্তব্য কৰি ন্যায় ব্যৱস্থাই লব লগা ভূমিকাৰ বিষয়ে আঙুলিয়াই দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য-ন্যায়াধীশ পি চথাশিৱমেঃ উন্মোচন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন৷

৩.  বৈষ্ণৱী সকলৰ তীৰ্থ ভ্ৰমণৰ এক সু-পৰিকল্পিত আঁচনি ৰূপায়নৰ বাবে অসম পৰ্যটন বিকাশ কৰ্পৰেচনলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে আঠ কোটি টকাৰ অনুদান৷

৪.  সৰ্ব-ভাৰতীয় বাৰ কাউণ্সিলে প্ৰস্তাৱিত নেচনেল জুডিচিয়েল কমিচন বিলৰ কৰিলে বিৰোধিতাঃ ই দেশৰ ন্যায়াধীশ নিযুক্তি আৰু ন্যায়াধীশৰ কাৰ্যত ৰাজনৈতিক নেতাৰ অযথা হস্তক্ষেপহে বৃদ্ধি কৰিব বুলি কৰিলে মত প্ৰকাশ ৷

৫. ৰাজ্যত স্থাপিত  হব ৬টা তথ্য প্ৰযুক্তি কেন্দ্ৰ আৰু ১২টাকৈ সম্প্ৰসাৰিত কেন্দ্ৰ৷ উত্তৰ পূৱৰ বাবে অনুমোদিত হোৱা কেন্দ্ৰৰ ৩৮৮ কোটি টকাৰ ভিতৰত ১১০কোটি টকা ৰখা হৈছে অসমৰ বাবেই৷ প্ৰথম পৰ্যায়ত গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, শিলচৰ আৰু কোকৰাঝাৰত স্থাপিত হব কেন্দ্ৰ কেইটি৷

৬.  ঝুমুৰ সংস্কৃতিক ক্ৰমে বিশ্ব-দৰবাৰলৈ উলিয়াই নিয়াৰ মানসেৰে বৰগাঙৰ ৰঙাগড় চাহ বাগিচাত যুৱক সংঘৰ দ্বাৰা সফল ভাৱে আয়োজিত হ’ল প্ৰথম বাৰ্ষিক ঝুমুইৰ প্ৰতিযোগিতা ৷

৭.  নিউজ টাইমৰ বাতৰিৰ ভিত্তিত ভঙাগড় ফ্লাইঅভাৰৰ তলৰ পৰা পৰিত্যক্তা তথা ৰোগাক্ৰান্ত ৰেণুকা বৰ্মনক উদ্ধাৰ কৰি যাৱতীয় চিকিৎসাৰ বাবে দ্বায়িত্ব ল’লে হেল্প এইড নামৰ সামাজিক সংগঠনেঃ স্থান দিব তেখেতসকলৰ বৃদ্ধ আৱাসতো৷

৮.  গুৱাহাটীত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে প্ৰথমবাৰৰ বাবে সু-সংহত ডিজিটেল শিক্ষণ কৰ্মশালাৰ কৰে আয়োজনঃ ৪৫খন বিদ্যালয়ৰ শিক্ষক সকলক ডিজিটেল পদ্ধতিৰে শিক্ষা প্ৰদানৰ পদ্ধতি সম্বন্ধে প্ৰশিক্ষণ প্ৰদান কৰে৷

৯. আজি মায়ঙক বিষয় ৰূপে লৈ উৎপল বৰপূজাৰী দেৱে নিৰ্মাণ কৰা তথ্যচিত্ৰ হৈছে মুম্বাইত প্ৰদৰ্শিত৷

১০. শুৱালকুছিৰ পাটৰ কাপোৰৰ ভৌগোলিক পৰিচয়ৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া উপ-সমিতিয়ে ৮জুলাইত কৰিলে কাম আৰম্ভঃ এই সমিতিয়ে লব লগা প্ৰচেষ্টাৰে এই উদ্যোগক সুৰক্ষা দিব পৰা যাব বুলি সচেতন মহলে কৰিলে আশা প্ৰকাশ৷

১১. অৱশেষত বহী পুনৰীক্ষণে আনিলে সুখবৰঃ মেট্ৰিকৰ প্ৰথম দহটাৰ মাজত স্থান পালে অদ্ৰিজ অগ্নিক আৰু শিৱসাগৰৰ শশাংক শেখৰ শইকীয়াই৷

১২. ভাৰতীয় ৰেলৱে কেটাৰিঙ আৰু টুৰিজিম কৰ্পৰেচনৰ ডাইৰেক্টৰ ৰূপে দ্বায়িত্ব লাভ কৰিলে এজন অসমীয়াইঃ বিশিষ্ট শিল্পী তথাত কুইজ মাষ্টাৰ ৰূপে খ্যাত আৰ এন কলিতাই লাভ কৰিলে পেশাগত ক্ষেত্ৰত এই সফলতা৷

১৩. অসম শক্তি উৎপাদন কোম্পানীয়ে ১০০মেগাৱাট শক্তি সম্পন্ন নামৰূপ ৰিপ্লেচমেণ্ট প্ৰকল্পত বিলম্ব কৰাৰ বাবে চুক্তি বাতিল কৰা ভাবুকি দিলে ভাৰত হেভী ইলেক্ট্ৰিকেল কোম্পানীক৷

১৪. ৰাজ্যৰ কৃষি বিভাগে কেন্দ্ৰীয় আঁচনিৰ অধীনত চাউল উৎপাদনৰ লক্ষ্য স্থিৰ কৰিলে ৬১লাখ মেট্ৰিক টনঃ ১.৫৫ লাখ হেক্টৰত বৰ্ণ সংকৰ বীজ আৰু পৰিমিত সাৰ প্ৰয়োগেৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ঠিক কৰিছে বাট৷

১৫. অহা জানুৱাৰী মাহত ধেমাজিত অনুষ্ঠিত হব বৰগোহাঞি বংশাৱলী সকলৰ সন্মিলনঃ ১৯২১ চনৰ পৰা প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে এই বংশাৱলী৷ আগন্তুক সন্মিলনত থাইলেণ্ড, ভিয়েটনাম আৰু লাওচৰ পৰাও কেইবাজনো বিদেশী অতিথিয়ে কৰিব অংশগ্ৰহণ৷

১৬. মৰিগাঁৱত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা গোচৰত অভিযুক্ত চিকিৎসকক ন্যায়ালয়ে বিহিলে দুবছৰৰ কাৰাদণ্ড৷

No comments:

Post a Comment