সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
ৱেবচাইটৰ বাতৰি সন্দৰ্ভত
#ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানকে আদি কৰি বিভিন্ন ধৰণৰ ৱেবছাইট সংবাদ মেলা বা সভা পাতি উন্মোচন কৰে যাতে ৰাইজৰ মাজত ৱেবছাইটৰ বিষয়ে প্রচাৰ হয় । কিন্তু, দেখা যায় যে এনে ৱেবছাইট উন্মোচনৰ বাতৰি সাধাৰণতে বাতৰি কাকতৰ মহানগৰ সংস্কৰণ বা স্থানীয় সংস্কৰণত প্রকাশ পায় । তাৰ ফলত যি উদ্দেশ্য আগত ৰাখি টকা-পইচা খৰচ কৰি সংবাদ মেল বা সভা আয়োজন কৰে,সেই উদ্দেশ্য সফল নহয় । 

এই পত্রৰ দ্বাৰা বাতৰি কাকতবোৰৰ সম্পাদকসকলক অনুৰোধ কৰিছোঁ যে এনেধৰণৰ ৱেবছাইট উন্মোচনৰ বাতৰিবোৰ যাতে বাতৰি কাকতৰ সকলো সংস্কৰণতে প্রকাশ কৰে । 

তাৰোপৰি , ৱেবছাইট উন্মোচন বিষয়ৰ বাতৰিত কেতিয়াবা ৱেবছাইটৰ ঠিকনা উল্লেখ নকৰে আৰু কেতিয়াবা ৱেবছাইটৰ ঠিকনা ভুলকৈ উল্লেখ কৰে । ৱেবছাইটৰ ঠিকনা যাতে শুদ্ধকৈ প্রকাশ পায় তাৰ প্রতি সাংবাদিকসকলে মন-কাণ দিয়ে যেন ।


No comments:

Post a Comment