জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
চিকেন মম’ৰ ৰেছিপি
চিকেন মম’

উপকৰণ
১. মুৰ্গী মাংস একেবাৰে সৰু সৰুকৈ কুটা  (প্ৰায় গুৰিৰ নিচিনা) একাপ
২. ময়দা দুই কাপ৷
৩. ৰঙা পিঁয়াজঃ ২টা
৪. আদাঃ এক ইঞ্চি মানৰ আদা সৰু সৰু মিহিকৈ কুটি লব ৷
৫. লহৰুঃ পাঁচ ফোটা (সৰু সৰুকৈ টুকুৰা কৰি লোৱা)
৬. জলকীয়াঃ ২টা (সৰু সৰুকৈ টুকুৰা কৰি লোৱা)
৭. চ’য়া চছঃ সৰু চামুচেৰে দুচামুচ৷
৮. নিমখ স্বাদ অনুসৰি ৷
৯. অকনমান ৰিফাইন তেল ৷

ৰন্ধন প্ৰণালীঃ
ময়দা খিনিত স্বাদ অনুসৰি নিমখ দি প্ৰয়োজনীয় পানী দি সানি লওক৷ আনফালে বইল কৰি লোৱা গুৰি গুৰি চিকেনৰ টুকুৰাখিনি যতনাই লওক৷ পিঁয়াজ খিনি মিহিকৈ কুটি লওক৷ এতিয়া আদা, নহৰু, জলকীয়া, নিমখ, চয়া চছ দি একেলগে সানি লওক৷ এতিয়া কেৰাহীত অলপমান ৰিফাইন তেল গৰম কৰি লওক আৰু তাতে একেলগে সানি লোৱা মিশ্ৰন খিনি অলপ ভাজি লওক৷

এতিয়া সানি থোৱা ময়দাখিনিৰ পৰা লুচি বেলিবলৈ লোৱাৰ দৰে সৰু সৰু বল বনাই লওক৷ এতিয়া এটা এটাকৈ বেলিবলৈ আৰম্ভ কৰক আৰু ভাজি লোৱা মিশ্ৰণ খিনি ভিতৰত ভৰাই মম’ৰ আকৃতিত আগবোৰ লগ লগাই ধুনীয়াকৈ গঢ় দিয়ক৷ 

এতিয়া এইখিনি লৈ ১৫মিনিট ভাপত সিজাওক আৰু আপোনাৰ মম’ হৈ যাব চকুৰ পচাৰতে, গৰমা-গৰম ৰেডী! এইদৰে ৰান্ধি ঘৰতে মহানন্দে লোভনীয় মম’ৰ সোৱাদ লওঁক৷

আখলৰ দিহাঃ মুম্বাইৰ পৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তী ৷

2 comments:

  1. Mrs Chakraborty, bor bhal lagile recipe to, aponi Mumbai t kot thake nu.

    ReplyDelete
  2. MUR DORE MOMO PRIYO MANUHOK BOR UPAKAR KORILE DEI...DHANYABAD.

    ReplyDelete