মিচা ক’লে কি ডাল হব - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মিচা ক’লে কি ডাল হব

Share This
#সুৰজিত নেওঁগৰ কলমতঃ[লঘু ৰচনা]
গেলা গৰমত আকৌ উদ্ভৎ চিন্তা . . .জাতীয় সংগঠনৰ দায়-বদ্ধতা কিমান?

আমাৰ জাতীয় সংগঠনসমুহৰ অসমৰ খিলঞ্জীয়া, ল'কেল, ভূমিহীন, সৰ্বহাৰা, বিদেশী, স্বদেশী, ভূমিপুত্ৰ সকলৰ প্ৰ্তি দায়বদ্ধতা কিমান? বৰ ক্ৰিটিকেল কুৱেচ্চন নহয়নে? হওঁতে অলপ খেলি মেলি নথকা নহয়...। উদাহৰণ কেইটামান চাওক . . .

(১) 
এই ধৰক, ৰাষ্ট্ৰীয় ঘাইপথেদি এখন গাড়ী তীব্ৰ গতিত গৈ আছে; পথৰ দুয়োকাষে এক তৃতীয়াংশ অধিকাৰ কৰি "ৰাজহুৱা সম্পত্তিক নিজৰ সম্পত্তি" বোলা কথাষাৰৰ দ্বাৰা উদ্ভুত্ত হোৱা স্থানীয় লোকে দীঘলীয়াকৈ ধান শুকোৱাই আছে। হঠাৎ এৰাল চিগি সন্মুখলে গৰু এটা দৌৰি আহিল আৰু চালকৰ হাজাৰ চেষ্টা স্বত্বেও এক অৱধাৰিত দুৰ্ঘটনাৰ পৰা গৰুটোক বচাব নোৱাৰিলে। তাৰ পিছত দূটা সম্ভাব্য পৰিস্থিতি - গাড়ীখন পথৰ কাষৰ খাৱৈত বাগৰি পৰিল আৰু ওচৰৰ মানুহ আহি গৰুটো মৰাৰ বাবে গাড়ীখন জ্বলাই দিলে। নহলে গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰি পলাই গ'ল। 

এতিয়া কল্পনা কৰকছোন তাৰ পিছত... এজম দুজন কৈ ওচৰৰ ৰাইজ ওলাই আহিল; তাৰ মাজতে ধুমকেটুৰ দৰে উপস্থিত হ'লহি এশৰো অধিক জাতীয় সংগঠনৰ কোনো এটাৰ এজন দায়িত্বশীল সদস্য। "পথ অৱৰোধ কৰিব লাগে।" মাত্ৰ উচ্চাৰণ হ'ল কি নহ'ল; ৰাইজ ৰাস্তাত বহিলেই। এফালে উদাত্ত ভাষন, আনফালে ৰাইজৰ 'হয় হয় বা হায় হায়'। আৰু

ৰাস্তাৰ দুয়োমুৰে যান বাহনৰ দীঘলীয়া শাৰি। শেষত কেই ঘন্টামানৰ পাছত এজন দণ্ডাধীশ/পুলিচ বিষয়া/উপায়ুক্ত/চক্ৰবিষয়াক (দুৰ্ঘটনাৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি) স্মাৰক পত্ৰ প্ৰদান। .... জাতীয় সংগঠনৰ এৰাব নোৱাৰা অৱদান... নহয়নে?

(২) 

বাৰেৰহনীয়া অসমীয়া সংস্কৃতি ৰক্ষাৰ্থে বিহু/পূজাৰ সময়ত চান্দা বিচাৰি কেইজনমান ডেকাই ঘৰে, দোকানে, পেট্ৰল পাম্পে বৰঙনী সংগ্ৰহ কৰিছে। নিজ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থতে বাটৰ কচু গাত ঘহি নোলোৱা বেছিভাগেই 'প্ৰাণ ঢালি' বৰঙনী দিছে। কোনোবা জনক আকৌ ধৰক সাংগঠনিক কামতে ইফাল সিফাল কৰিবলৈ বাইক, গাড়ীত পেট্ৰ্ল/ডীজেলৰ দৰকাৰ হৈছে; পিছে আমাৰ ৰংচঙীয়া সংস্কৃতিৰ ভু ভা নোপোৱা পেট্ৰ্ল পাম্পৰ কৰ্মচাৰি বা মালিকৰ লগত লাগিল খকা-খুণ্ডা। বিনামূলীয়াকৈ আৰু কিমান পেট্ৰ্ল/ডীজেল দিব... বচ, আমাৰ জাতীয় জীৱনৰ ধ্বজাবাহী কোনো জাতীয় সংগঠনৰ এই বীৰ সেনানী সকল জপিয়াই পৰিল ... নিমিষতে পাম্পৰ সকলো আচ-বাব,আইনাৰ টুকুৰা ভু-লুন্থিত। প্ৰ্শাসনে মৰ সাহ কৰি যদি এজন দুজন বীৰক গ্ৰেপ্তাৰ কৰে, তাৰ পিছত আৰু কোনে পায়??!! অনিৰ্দিষ্ট কাললৈ অসম বন্ধ। আমাৰ প্ৰ্তি 

জাতীয় সংগঠনৰ এয়া অৱদান নহয় বুলি আপুনি ডাঠি ক'ব পাৰিবনে ??

(৩) 
তিনিটা চোৰ - আলি, ৰহমান আৰু বসুমতাৰি। এনেই তিনিওটাই তামাম দোষ্ট। নিজ পৰিশ্ৰমৰ পৰা হোৱা উপাৰ্জনৰ পৰা তিনিওটাই মুটামুটি ভাল জীৱন যাপন কৰি আছে। চুলাইৰ ডেইলী কোটা আৰু বাকী খানা-পিনাৰ পিছত মাতাল হৈ লাগিল এদিন কাজিয়া, মাৰা-মাৰিৰ পিছত বসুমতাৰি মৰি থাকিল। পিছ দিনাৰ পৰা পৰিস্থিতি লাহে লাহে উত্তেজনাপূৰ্ণ হৈ আহিল। আকৌ আবিৰ্ভাৱ কোনো জাতীয় সংগঠনৰ সচেতন সদস্য; মচলা, ৰহন আদিৰ প্ৰ্কোপত তিনি চোৰৰ কাজিয়াই গৈ পালেগৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰুপ। পিছৰ খিনি ক'ম জানো ? এতিয়াও আপুনি ক'বনে আমাৰ সচেতন, দেশৰ, দহৰ হকে প্ৰাণ পৰ্য্যন্ত আহুতি দিবলৈ সদাপ্ৰস্তুত কিছু জাতীয় সংগঠনৰ আমাৰ প্ৰ্তি দায়বদ্ধতা নাই বুলি?? 

(৪) 

গুৱাহাটী - উত্তৰ পূৱৰ দুৱাৰ মুখ আৰু প্ৰকৃতিয়ে অকৃপন হাতেৰে সজাই পৰাই আমালৈ অগবঢ়োৱা এক অনুপম অৱদান। এফালে বূঢ়ালুইত আৰু কেইবাখনো পাহাৰে চাৰিওফালে আগুৰা আমাৰ ৰাজধানী চহৰ খনে বিশ্বৰ যিকোনো ধুনীয়া ঠাইৰ সতে ফেৰ মাৰিব পৰা ক্ষমতা আছে... কিন্তু.... কি কিন্তু আৰু? এজাক বৰষুণত টকালা পাহাৰৰ মাটি পানীৰ লগত বৈ আহি কেনে এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে সেয়া নেদেখাজনে কল্পনাও কৰিব নোৱাৰে। মাজে মাজে গুৱাহাটীখন ভেনিচ যেনো হয়..!! মাটি কালিৰে ক্ৰমবৰ্ধমান এইহেন চহৰলৈ বহু যুগ ধৰি বিভিন্ন লোকৰ পেটৰ ভাত মুঠি মোকলোৱাৰ স্বাৰ্থতে প্ৰবজন হৈ আহিছে। বহু লোকে পাহাৰৰ ওপৰত হাবিভাঙি, মাটি কাটি ঘৰদুৱাৰ সাজিছে। কোন বৈধ কোন অবৈধ কথাটো অলপ গণ্ডগোলীয়া। পিছে আমাৰ সেই গোলাঘাটৰ ফালৰ খেতিয়্ক জনযে,হাত-মুৰ জোকাৰি, চিঞৰি চিঞৰি কথা কয়, তেওঁ আৰু তেওঁ নেতৃত্ব দিয়া জাতীয় সংগঠনটোৰ মতে কিন্তু এই পাহাৰ কটা, হাবিভঙা সকলো বৈধলোক। তাৰ বাবে লাগিলে গুৱাহাটী উটিয়েই যাওক। পাহাৰ শেষ হৈ যাওক, কোনো কথা নাই। কেতিয়াবা বিলৰ পাৰত, কেতিয়াবা পাহাৰৰ ওপৰত, কেতিয়াবা পৃথানীৰ ঘৰৰ চোতালত ধৰ্না আন্দোলন চলি থাকে হাতত এসোপা সচা মিছা তথ্য থকা কাগজ লৈ। কুৰি শতিকাৰ আটাইতকৈ মহান পৰিশ্ৰমী খেতিয়্কৰ সন্মান পাওঁ পাওঁ অৱস্থাত থকা এইজনাৰ নেতৃত্বত থকা জাতীয় সংগঠনটোৰ তেনে হলে আপুনি দায়বদ্ধতা নাই বুলি ক'ব নেকি??!!

এইয়া মাত্র হাজাৰটাৰ ভিতৰত কেইটামান নগন্য উদাহৰণহে . . . .

হলেও, মোৰ কিন্তু বিশেষ এটা কথাত আমাৰ জাতীয় সংগঠনৰবোৰৰ দায়বদ্ধতাৰ অভাৱ বাৰুকৈয়ে অনুভুত হৈছে...!! এই যে যোৱা কেইদিনৰ উৎকৎ গৰম; চাৰিওফালে অসমৰ খিলঞ্জীয়া, ল'কেল, ভূমিহীন, সৰ্বহাৰা, ভূমিপুত্ৰ, বিদেশী, স্বদেশী সকলোৱে চটফটাই মৰিছে; বটলে বটলে ঠাণ্ডাই হওক গৰমেই হওক কল্ডড্ৰিংক খাইছে (পি ছে), উজাগৰি নিশা যাপন কৰিছে তাৰ প্ৰ্তি কিন্তু কাৰোৰ কাণসাৰ নাই। 

কেৱ্ল মাত্ৰ আমাৰ দৰে নগন্য লোকেহে ফেচবুকত আস্ফালন কৰি মৰিছো। আপুনি দেখিছেনে এই গৰমৰ বিৰুদ্ধে কোনো এটা জাতীয় সংগঠনে এষাৰ হলেও মাত মাতিছে?? ওহো; নাই..কাৰো কোনো সাৰ সুৰ নাই। মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জাঘৰ যত আমাৰ ভগৱানসকলে বাস কৰে, তাৰ সন্মুখত অন্তত ধৰ্না এটাকে দিব পাৰিলেহেতেন.... প্ৰ্তিকী অনশন এটাকেই যদি কৰিলেহেতেন... বা ভগৱানে লওকেই বা নলওকেই, স্মাৰক পত্ৰ এখনকে দিব পাৰিলেহেতেন .... চেষ্টা এটা কৰি চোৱাত আপত্তি ক'ত কওকছোন? এইবোৰ কৰাৰ পাছত যদি ভগৱানে নুশুনে বা গৰম নকমায় তেতিয়া আমাৰ সকলোবিলাক জাতীয় সংগঠন মিলি অনিৰ্দিষ্ট কাললৈ অসমবন্ধ দিব পাৰিলেহেতেন... আমিও তেতিয়া অলপ সকাহ পাই গেলা উৎকৎ গৰমত কাম কাজ নকৰি ঘৰতে বহি টিভি চিৰিয়েল বা চেম্পিয়ঞ্চ ট্ৰফিকে চাই থাকিলোহেতেন ... নাই, দায়বদ্ধতা বোলা বস্থুটো একেবাৰে নাই আমাৰ জাতীয় সংগঠন বোৰৰ দেই... আপোনালোক (জাতীয় সংগঠন) এতিয়াও জীয়াই আছে বুলি জনাব পৰা ইমান ডাঙৰ সুযোগ এটা হেৰোৱালে দেই .... 

[ এতিয়া আৰু লাভ নাই, ইতিমধ্যে এটোপ দুটোপ বৰষুণ পেলাইছেই ..]

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages