ASD 198: 4TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 198: 4TH MAY 2013

ASD 198: 4TH MAY 2013

Share This

আজিৰ নিৰ্বাচিত ই-গ্ৰন্থৰ ফ্ৰী ডাউনলোডঃ
ৰোজা লুক্সেমবুৰ্গ
রোজা লুক্সেমবুর্গ 
২. চেক্সপীয়েৰৰ ৰচনা সম্ভাৰ
The Complete Works of William Shakespeare
৩. চেক্সপীয়েৰৰ
"TWELFTH NIGHT"
৪. চেক্সপীয়েৰৰ কবিতা 





শেহতীয়া লেখাঃ

১. ই-সাহিত্য শিতানত




#মাধুৰীমা ঘৰফলীয়া

২. মিচা ক’লে কি ডাল হব শিতানতঃ


ৰসাল কল্প-কথাঃ আজিৰ অতিথি বিশিষ্ট কবি ডালিম কুমাৰ
#অজয় লাল দত্ত

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৮তম সংখ্যাঃ ৪মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

সুখৰ খবৰঃ

১. ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ সফলতাৰ ধ্বজ কঢ়িয়ালে ৯জনকৈ অসম সন্তানে ৷

২. সুধাকণ্ঠৰ প্ৰতিচ্ছবি লৈ সমূহীয়া দৌৰত ভাগ লব এক হাজাৰ নাগৰিকে লখিমপুৰত অহা ৫মে’তঃ ভূপেনদালৈ জনাব শ্ৰদ্ধাঞ্জলি ৷

৩. অৰুণাচলত ধনেশ পক্ষীৰ সংৰক্ষণৰ কাম কৰা ভাৰতৰ অপৰাজিতা দত্ত সহ ৮ গৰাকীলৈ গ্ৰীণ অস্কাৰ ২০১৩ ৷

৪. ঘোষিত হ’ল মাধ্যমিকৰ টেট’ পৰীক্ষাৰ ফলাফলঃ খালী পদ ৬হাজাৰ, উত্তীৰ্ণ ৩১১৭জনহে, উত্তীৰ্ণৰ হাৰ ৬.৮১%

৫. এইবাৰ চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰই অনুষ্ঠিত হ’ল নিয়োগ মেলা গুৱাহাটীতঃ সংস্থাপিত হ’ল ৫০০০ নিবনুৱা !

৬. গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৈধুৰী চিকিৎসালয়ত ৰোগীৰ সতে মত বিনিময় কৰিলেহি মিচ ইউনিভাৰ্চ কানাডাৰ ছাহাৰ বিনিয়াজে ৷

৭. নাৰীৰ সফলতাৰ ধ্বজ উৰুৱাই UPSCৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে কেৰেলাৰ হৰিথাই ৷

৮. অহা ৭মে’ত পৰিকল্পনা আয়োগৰে মুখ্যমন্ত্ৰীৰ বৈঠকঃ ১৬ হাজাৰ কোটিৰ বাবে তুলি ধৰিব প্ৰস্তাৱ ৷

৯. ছিণ্ডিকেট ৰোধিবলৈ এইবাৰ প্ৰশাসনৰ নতুন জালঃ ছীল কৰি দিলে পল্টন বজাৰ পাইকাৰী মাছ বেচা-কিনা সমবায় সমিতিৰ কাৰ্যালয় ৷

১০. ক্ষোভৰ বৰ্হিপ্ৰকাশঃ পাকিস্তানী কাৰাবন্দীক জেলতে আক্ৰমণ কৰিলে আন কয়দীয়ে, জম্মু কাশ্মীৰত ৷


১১. গুৱাহাটীৰ ৰাজগড়ত সৈনিকৰ জিৰণি ঘৰ "সৈনিক ভৱন"ৰ নৱ-নিৰ্মিত ভৱন মুকলি কৰিলে অসমৰ ৰাজ্যপালে ৷

চিন্তনীয় খবৰঃ

১. পাকিস্তানত হত্যা কৰা সৰৱজিত সিঙৰ মৃতদেহত নাছিল হৃদপিণ্ড আৰু বৃক্কঃ ভাৰতীয় চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্যই বোৱাইছে ক্ষোভৰ বন্যা ৷ ২১টা টোপধ্বনিৰে পাকিস্তানী ন্যায় ব্যৱস্থালৈ বুঢ়া আঙুলি দেখুৱাই সৰৱজিতলৈ ভাৰতে জনালে ৰাষ্ট্ৰীয় সন্মানঃ লোকে লোকাৰণ্য ভিখিৱিণ্ডত হ’ল শেষকৃত্য ৷

২. সাৰদাৰ বিস্কুট ফেক্টৰী উন্মোচন কৰি এতিয়া বিপদত পৰা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কৰিলে গ্ৰহ নক্ষত্ৰ অৱস্থানেৰে জ্যোতিষ বিদ্যা জাহিৰ ৷

৩. বুটমাহৰ বিষক্ৰিয়াৰ ঘটনা ৰঙিয়াতঃ চল্লিশজনকৈ অধিক মহিলা-শিশু আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি ৷

৪. অখিল গগৈয়ে তুলিলে অভিযোগ, উদ্যোগ স্থাপনৰ নামত লোহিয়া, পৃথানী আদি ব্যৱসায়ীৰ দলে কৰিছে অসমৰ ভূ-সম্পদৰ লুণ্ঠনঃ কৃষক মুক্তিয়ে অহা ৯মে’ত উত্তাল কৰিব দিছপুৰ ৷

৫. নামনি অসমত ধুমুহাৰ তাণ্ডৱঃ বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি ৷

৬. বঞ্চিত খিলঞ্জীয়া মউচলমান ক্ষোভঃ সংখ্যালঘু উন্নয়ন পুঁজি ব্যৱহাৰৰ নীতি সলনিৰ দাবী তুলিলে ঐক্য মঞ্চই ৷

৭. এচিএছৰ জনজাতিৰ বাবে সংৰক্ষিত পদত অজনজাতিৰ লোকৰ নিযুক্তিৰ অভিযোগ তুলিলে ট্ৰাইবেল সংঘই ৷

৮. বিশ মিনিটৰ বাবে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে অগপ নেতৃত্বইঃ বিদেশী, বাংলাদেশক মাটি, চীট ফাণ্ড কাণ্ডকে ধৰি সমস্যাৰ বাবে দায়ী কৰি মুখ্যমন্ত্ৰীক অপসাৰণৰ তুলিলে দাবী ৷

৯. বট’দ্ৰৱাৰ ৰাজহুৱা বিলৰ জৰীপ চলোৱা মণ্ডলক নিগ্ৰহৰ ঘটনাঃ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই অপৰাধীক, তাকে লৈ প্ৰতিক্ৰিয়া ৷

১০. ৰাষ্ট্ৰীয় শিবিৰতে অসমীয়া আৰ্চাৰৰ আত্মহত্যা পুণেতঃ পৰিয়ালে তুলিলে তদন্তৰ দাবী ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. বেনজিৰ ভূট্টোৰ হত্যাৰ গোচৰৰ তদন্তকাৰী অধিবক্তা চৌধুৰী জুলফিকৰ আলীক হত্যা পাকিস্তানত ৷

২. দিল্লীত অনশনৰ অনুমতি নাপায় শ্ৰীনগৰলৈ উভতি আহিল য়াছিন মালিক ৷

৩. সামৰণি পৰিল প্ৰচাৰ অভিযানঃ আজি কৰ্ণাটকত বিধান সভাৰ নিৰ্বাচন ৷

৪. সজ্জন কুমাৰ ফাঁচীৰ দাবীৰে শিখ সংগঠনে কৰিলে দিল্লী উত্তালঃ যন্তৰ মন্তৰত পালন কৰিলে অনশন ৷

৫. চিৰিয়েলৰ মহাৰাণী একতা কাপুৰৰ বালাজী টেলি-ফিল্মছৰ বিৰুদ্ধে ৩০ কোটি টকাৰ কৰফাঁকিৰ অভিযোগ ৷

No comments:

Post a Comment