ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
অসমৰ নতুন উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৪ৰ আধাৰত
মুকলি হওক স্বাৱলম্বনৰ হাজাৰটা পথ
আজিৰে পৰা কাৰ্যকৰী হৈছে অসমৰ নতুন উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৪।  নিজাববীয়া প্ৰয়াসেৰে ক্ষুদ্ৰ উদ্যোগী ৰূপে প্ৰতিষ্ঠিত হবলৈ বিচৰা আৰু আধুনিক জগতখনত খাপখোৱা বৃত্তিধাৰী হবলৈ চেষ্টা কৰা অসমৰ নতুন প্ৰজন্মৰ সৱলীকৰণৰ উদেশ্যেৰেই বাবেই এই উদ্যোগ আৰু বিনিয়োগ নীতি তৈয়াৰ কৰা হৈছে।

এই নীতিৰ আধাৰত কাঁহ পিতলকে ধৰি অসমৰ বিভিন্ন পৰম্পৰাগত উদ্যোগত নিয়োজিত অভিজ্ঞ শ্ৰমিকেও এতিয়া নিজাববীয়াকৈ কোনো উদ্যোগ স্থাপন কৰিব খুজিলে এতিয়াৰ পৰা বেংকত ঋণৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হব নলগীয়াকৈ চৰকাৰে আৰম্ভ কৰিছে "এঞ্জেল ফাণ্ড"।  


এই ব্যৱস্থাৰে অসমত নতুন উদ্যোগীয়ে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু সাধাৰণ ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই ফাণ্ডৰ পৰা প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক প্ৰাথমিক মূলধনৰ অভাৱত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ৰক্ষা কৰিবলৈ পাঁচ লাখ টকা পৰ্যন্ত কেৱল ৫শতাংশ সুতৰ হাৰত ঋণ প্ৰদানৰ ব্যৱস্থা হব।। গোটেই বছৰ ধৰি চলিব লগা আঁচনিখনৰ সুবিধা উদ্যমী নৱ-প্ৰজন্মও নিজৰ ঠাইতে গ্ৰহণ কৰিব পাৰিব।

এই আঁচনিৰ উল্লেখনীয় দিশ সমূহ গৈছে-
১. ইয়াৰ বাবে কোনো মাটি বন্ধকী বা তেনেধৰণৰ গাৰাণ্টী দিয়াৰ প্ৰয়োজন নাই। এই সুবিধা ক্ৰেডিট গাৰাণ্টী ট্ৰাষ্টে দিয়া সুবিধাৰ দৰেই উপলব্ধ কৰোৱাৰ ব্যৱস্থা হব।
২. ক্ষুদ্ৰ উদ্যোগৰ বাবে হব দ্ৰুত আৰু সহজ ঋণৰ ব্যৱস্থা। 
৩. সৰ্বোচ্চ প্ৰকল্প ব্যয় ১০লাখ টকাৰ ৮০শতাংশ বা ৫লাখ টকাৰ ঋণ যিটোৱেই উচিত বিবেচিত হয় তাকেই আগবঢ়োৱাৰ ব্যৱস্থা হব।
৪. মহিলা, শাৰীৰিকভাৱে বাধাগ্ৰস্ত, অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থী সকলে অগ্ৰাধিকাৰ লাভ কৰিব।
৫. সুতৰ হাৰ অতি কম, ৫শতাংশই প্ৰযোজ্য হব।
৬. উদ্যোগ স্থাপন হোৱাৰ প্ৰথম ১০মাহলৈ সুত লোৱা নহয়।
৭. উদ্যোগীৰ নিজা বৰঙণিৰ পৰিমান, নতুন গোটৰ বাবে ১৫শতাংশ, চলিত গোটৰ বাবে ২০শতাংশ।

বহুমুখী বৃত্তি পাৰদৰ্শিতা বিকাশ আঁচনিঃ 
এই আঁচনিখন অসমৰ গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰজন্মক আধুনিক জগতখনৰ লগত খাপ খোৱাকৈ নিত্য নতুন বৃত্তি গ্ৰহণ কৰিব পৰাকৈ প্ৰশিক্ষিত আৰু পাৰদৰ্শী কৰাৰ দেশত এই নতুন উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৪ৰ অংশ হিচাবেই আৰম্ভ কৰা হৈছে। এই উদ্দেশ্যে অসমৰ প্ৰতিটো ব্লকতে "বহুমুখী বৃত্তি পাৰদৰ্শিতা বিকাশ কেন্দ্ৰ" স্থাপন কৰিবলৈ লোৱা হৈছে। এই আঁচনিৰ আধাৰত আধুনিক যুগত চাহিদা বঢ়া বৃত্তি সমূহৰ ওপৰত যুৱ প্ৰজন্মক প্ৰয়োজনী প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে প্ৰকাশ কৰিছে।

এই আঁচনিৰ উপৰিও বিভিন্ন এনে আঁচনিৰ সুফল লাভ কৰিবলৈ নৱ-প্ৰজন্মক সচেতন কৰাটো অতীৱ প্ৰয়োজনীয়।  এই আঁচনি কাৰ্যকৰী কুশলতাৰে সম্পন্ন হলে অসমৰ নিবনুৱা সমস্যাৰ পৰা বহুতো নতুন ক্ষুদ্ৰ উদ্যোগী তথা স্বাৱলম্বী ব্যক্তি গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। তাৰ বাবে সামাজিক সংগঠন, ছাত্ৰ সংগঠন, জাতি ভিত্তিক গণ সংগঠন সমূহে নিজৰ নিজৰ সংস্পৰ্শত থকা লোকসকলক সঠিক দিহা দি সহায় কৰাৰ প্ৰয়োজনীয়তা আছে। তেহে অসমৰ নৱ-প্ৰজন্মই স্বাৱলম্বী হৈ উঠি ৰাজ্যৰ লগতে দেশৰ প্ৰগতিৰ প্ৰতি নিজৰ অৰিহণা যোগাৱ পাৰিব।

1 comment:

  1. Jani val lagil....Ei lone r babe jikono Bankt ye apply karibo parim ne ??

    ReplyDelete