জুতি লগা আখলঃ তিল আৰু কঠাল গুটিৰ সোৱাদময় ব্যঞ্জন :: ৰুমঝুম শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলঃ তিল আৰু কঠাল গুটিৰ সোৱাদময় ব্যঞ্জন :: ৰুমঝুম শইকীয়া

জুতি লগা আখলঃ তিল আৰু কঠাল গুটিৰ সোৱাদময় ব্যঞ্জন :: ৰুমঝুম শইকীয়া

Share This
আজি এটা খাটি অসমীয়া ব্যঞ্জনৰ দিহা দিবলৈ লোৱা হৈছে, ৰাইজে কেনে পালে জনালে ভাল পাম।
অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক
প্ৰয়োজনীয় উপকৰণসমূহ
১. কঠালৰ গুটি ৪০০গ্ৰাম, 
২. ক'লা তিল টেবুল চামুচেৰে ৪ চামুচ,
৩. মজলীয়া আকাৰৰ দুটা নহৰু,
৪. আদা এক ইঞ্চি জোখৰ এডোখৰ, 
৫. ৫টা কেঁচা জলকীয়া- ৰঙা জলকীয়া হ'লে ভাল, 
৬. ২টা পিঁয়াজ,
৭. এটা নেমু, 
৮.  ১০০ মিলিলিটাৰ মিঠাতেল, 
৯. এমুঠি ধনিয়া, 
১০. নিমখ অনুমানিক জোখ অনুসৰি৷

সোৱদময় ব্যঞ্জন

ৰন্ধন পদ্ধতি: 
কঠালৰ গুটিকেইটা বাকলি গুছাই ভালদৰে ধুই সিদ্ধ (বইল) কৰি লব৷ ক'লা তিলখিনি পোনতে ভাজি লৈ পিছত মিক্সিত গুড়ি কৰিব৷ এতিয়া কেৰাহিত তেল গৰম কৰি তাত দুফালকৈ কটা জলকীয়া কেইটা দি দিব৷ মিহি মিহিকৈ কাটি লোৱা নহৰু আৰু আদা কেৰাহিত দি ভালদৰে মিহলাই লব৷ এতিয়া তিলৰ গুড়িখিনি আৰু সিজোৱা কঠালগুটি তাত দি সেইখিনি ভালদৰে লৰাই দিব৷ নেমুৰ ৰস আৰু নিমখ নিজৰ অনুমানিক জোখমতে এইখিনিত মিহলাই দিয়ক৷ তাত মিহিকৈ কূটা পিঁয়াজ আৰু ধনীয়াখিনি মিহলাই ঢাকি থওক আৰু জুইৰ পৰা নমাই দিয়ক৷ 

এইদৰেই আপোনাৰ খাদ্য পৰিবেশন কৰিবৰ বাবে প্ৰস্তুত হৈ উঠিল৷ এইখিনিক পৰঠা,ৰুটি বা ভাতৰ সৈতে ১০৷১২জনক আপ্যায়ন কৰিব পাৰিব৷
সুখ-দুখৰ আন আন 'জুতি লগা আখল'ৰ দিহা পঢ়িবলৈ ক্লিক কৰকঃ

No comments:

Post a Comment