বিশ্লেষণঃ উত্তৰ-পূৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ সংকটঃ কেব-২০১৬ ক বাতিল কৰাব লাগিবই কিয়? :: ইন্দ্ৰজিৎ বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
বিশ্লেষণঃ  উত্তৰ-পূৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ সংকটঃ কেব-২০১৬ ক বাতিল কৰাব লাগিবই কিয়? :: ইন্দ্ৰজিৎ বৰা

বিশ্লেষণঃ উত্তৰ-পূৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ সংকটঃ কেব-২০১৬ ক বাতিল কৰাব লাগিবই কিয়? :: ইন্দ্ৰজিৎ বৰা

Share This
অৱশেষত উতকণ্ঠাৰ অৱসান ঘটাই প্ৰৱল বিৰোধৰ সন্মুখীন হোৱা নাগৰিকত্ব সংশোধনী বিল-২০১৬ অনিৰ্দিষ্ট কালৰ বাবে ওলমি ৰল উচ্চ সদনত। শেষ হ'ল ৰাজ্য সভাৰ চলিত অধিৱেশন, এই বিল উত্থাপন নোহোৱাকৈ! এই প্ৰৱল গণ প্ৰতিবাদক শক্তিশালী ৰূপত গঢ়ি তোলা ১০০টা গণ সংগঠন, নাগৰিক সমাজ আৰু উত্তৰ-পূৱৰ নতুন 'ৰাজনৈতিক' সমন্বয়ক ৰূপে মূৰ দাঙি উঠা কনৰাজ চাংমাকে ধৰি সকলোৱেই এই ক্ষণত অভিনন্দন পাবৰ যোগ্য। তথাপি যুক্তি যুদ্ধ চলি থাকিবই লাগিব, কাৰণ অনাগত সময়ত পুনৰ নিৰ্বাচনত অধিক সংখ্যাৰে শক্তিশালী হৈ আহিলে এই শাসকীয় দলে পুনৰ এই  উত্তৰ-পূৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাক সংকটলৈ ঠেলা বিলক পুনৰ পাছ কৰোৱাৰ অপচেষ্টা কৰিব। এই ক্ষণত সঠিক বিশ্লেষণ কৰি তলৰ কথাবোৰ ৰাইজে মনত পৰিস্কাৰ কৰি লোৱাটো ভাল। আৰু কিয় এই কেৱ-২০১৬ চিৰদিনৰ বাবে ভৱিষ্যতেও যাতে পাছ হব নোৱাৰে, সেই প্ৰতিৰোধ গঢ়াৰ প্ৰয়োজন সেই কথাবোৰ হৃদয়ংগম কৰি ৰখাটো অতি প্ৰয়োজনীয়।
“বিধেয়কখন জাতিধংসী, কিন্তু আন্দোলন কৰাৰ প্ৰয়োজন নাই” বুলি মেলা যুক্তিৰ পাতনিয়ে আচলতে নিৰ্বাচনী ৰাজনীতিতকৈ বেছি দূৰলৈ লৈ নাযায় । বিধেয়কখনৰ বিৰোধিতাত পৰিষ্ফুট হোৱা অসমীয়া জাতীয়তাবাদৰ স্বতঃস্ফুৰ্ত আত্মপ্ৰকাশক অপচয় কৰি কেৱল নিৰ্বাচনী মুনাফা অৰ্জন কৰাক লৈ আশংকিত হোৱাৰ থল নিশ্চয় থাকিব পাৰে । কিন্তু, সুবিধাবাদী বিধেয়কবোৰোধীসকলক আস্থাত ল’ব নোৱাৰাটোৱে বিধেয়কবিৰোধিতাৰ যুক্তিযুক্ততাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে ।

প্ৰকৃততে বিধেয়কখনৰ বিৰোধিতা কিয় হ’ব লাগে ? মূল প্ৰশ্নটো হ’ল বিধেয়কখন অসাংবিধানিক, মধ্যযুগীয়া আৰু আধুনিক জাতিৰাষ্ট্ৰৰ সামাজিক নৈতিকতাৰ পৰিপন্থী । কিন্তু জনপ্ৰিয় যুক্তিবোৰ পঢ়িলে এই সম্পৰ্কে স্পষ্টবাদিতা থকা যেন নালাগে ৷ বৰঞ্চ আন্দোলনকাৰী সকলৰ দ্বাৰাহে বিচলিত হৈ বিধেয়ক বিৰোধিতাৰ শ্ৰেণীবিভাজন কৰা দেখা গৈছে ৷ আন্দোলনবিৰোধী সকলৰ মতে বিধেয়কখন নপঢ়াকৈয়ে নিজৰ নিজৰ ধাৰনা মতেহে অসমীয়া মানুহে আন্দোলনত লিপ্ত হৈছে ৷ বিদেশীবিৰোধী খিলঞ্জীয়া অসমীয়া মানুহ হেনো পৰম্পৰাগতভাৱে আবেগিক ৷ এয়া কি জন্মসূত্ৰে আহিছে নেকি? অসমীয়া জাতীয়তাবাদৰ দুৰ্বল আৰ্থ-সামাজিক ভেঁটিয়েই এই আবেগৰ মূল কাৰণ । আকৌ মুছলমানসকল এই বিধেয়কৰ ভিতৰত পৰা নাই বাবে হেনো পূৰ্ব বংগীয় ‘মুছলমানপ্ৰেমী’সকলে বিৰোধিতা কৰিছে আৰু মুছলমানসকলে হেনো অকল ধৰ্মীয় কাৰণত বিৰোধিতা কৰিছে ৷ এনেদৰে বিৰোধিতাৰ শ্ৰেণীবিভাজন কৰি নিজৰ বিমূড়তা প্ৰকাশ কৰিছে নে বিধেয়ক সমৰ্থকৰো এনে এটা শ্ৰেণী আছে বুলি দাবী কৰিছে ৷ প্ৰশ্ন হ’ল বিৰোধিতা আৰু সমৰ্থনৰ এনেধৰণৰ শ্ৰেণী বিভাজন থাকিব পাৰেনে ?

অনস্বীকাৰ্য যে গণতান্ত্ৰিক সমাজত দাবী উত্থাপন অথবা বিৰোধিতা কৰাৰ অধিকাৰ নিশ্চয় সকলোৰে আছে, কিন্তু সকলোবোৰ যুক্তিসংগত নহ’বও পাৰে ৷ তেন্তে, নিশ্চিতভাৱে বাগধাৰামূলক বিৰোধিতা বা সমৰ্থনবিলাকত সমাধান থাকিব নোৱাৰে, কাৰণ গণতান্ত্ৰিক ৰাষ্ট্ৰত সমাধান একপক্ষীয় কেতিয়াও হ’ব নোৱাৰে ৷ সমাধান সদায় সামগ্ৰিক আৰু মৌলিকতাৰ ওপৰত প্ৰতিষ্ঠিত হয় ৷ কিন্তু কৌশলগতভাৱে এই ”সামগ্ৰিক”টো অস্তিত্বহীন বা ভুৱা বুলি অপপ্ৰচাৰেৰে নিচাসক্ত কৰি পেলোৱা হয় ৷ তেনেদৰে জনমানসত মুষ্টিময় উদ্যমত তেওঁলোকৰ অনুকুলে থকা বাগধাৰাই জনপ্ৰিয় হৈ প্ৰতিষ্ঠা লাভ কৰে ৷ সেয়ে সামগ্ৰিকতা অনুধাৱন কৰাটোও সহজ হৈ নাথাকে ৷ বিজ্ঞ বুলি ভবা জনেও উজুটি খায়, প্ৰলোভিত হয় ৷ কিন্তু প্ৰতিজন দায়িত্বশীল মানুহেই এই সামগ্ৰিক সত্তাটো উপলব্ধি নকৰিলে মধ্যযুগীয়া ৰাগীত মতলীয়া হৈ থকাৰ সম্ভাৱনাই বেছি ৷

তেন্তে বিধেয়ক বিৰোধিতাৰ মৌলিক ভিত্তি কি ? প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ আগতে ভৰতৰ নাগৰিকত্ব আইন ১৯৫৫ ৰ পাঁচবাৰকৈ সংশোধন হৈছে । কিন্তু ধৰ্মক নাগৰিকত্ব নিৰ্ণয় আৰু বাসিন্দাসকলৰ মাজত শ্ৰেণীবিভাজনৰ ভেটি হিচাবে লোৱাটো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে একেবাৰে বিৰল পদক্ষেপ । প্ৰস্তাৱিত বিধেয়কখনৰ দ্বাৰা আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলক ধৰ্মীয় উৎপীড়ণৰ ভেটিত নাগৰিকত্ব প্ৰদানৰ বিশেষ ব্যৱস্থাই ভাৰতবৰ্ষলৈ হোৱা প্ৰব্ৰজন আৰু বিদেশী অথা অবৈধ অনুপ্ৰৱেশৰ সংজ্ঞা নিৰূপক এতিয়াৰ আইনলৈ ব্যতিক্ৰম আনি নিসন্দেহে ধৰ্মক নাগৰিকত্ব আইনৰ নতুন ভিত্তি কৰি পেলোৱা হৈছে । দৰাচলতে এই ক্ষেত্ৰত ভাৰতীয় সংবিধান আৰু নাগৰিকত্ব আইন ১৯৫৫ ত সন্নিৱিষ্ট আভ্যন্তৰীণকৰণ নীতিৰ বিপৰীতে ইচলাম ধৰ্মাৱলম্বীসকলক অৱশিষ্ট শ্ৰেণীত বিভক্ত কৰি দেশ বিভাজনৰ সাম্প্ৰদায়িক ব্যাখ্যাৰ পুনৰাবৃত্তি কৰা হৈছে । উল্লেখযোগ্য যে দেশ বিভাজনৰ পটভূমিলৈ চালে নিঃসন্দেহে জিন্নাৰ আদৰ্শবাদী সতীৰ্থ সাৱাৰকাৰহে আছিল । নিশ্চিতভাৱে এনে প্ৰৱণতা ভাৰতবৰ্ষৰ চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ পৰিপন্থী । ভাৰতবৰ্ষৰ এই চেকুলাৰ ৰাষ্ট্ৰ দৰ্শন সংবিধানৰ ২৬ আৰু ২৯ নং অনুচ্ছেদত সন্নিৱিষ্ট আছে । কোনো নীতি নিৰ্দ্ধাৰণে ভাৰতীয় নাগৰিকত্বৰ সংঘীয় আৰু চেকুলাৰ ভেটিক প্ৰত্যাহ্বান জনাব নোৱাৰে আৰু তেনে কৰাটো সাংবিধানিক নৈতিকতাৰ পৰিপন্থী হ’ব ।

বিধেয়কখনে পোনপটীয়াকৈ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ (সমতাৰ অধিকাৰ) উলংঘন কৰিছে যিটো হ’ল সংবিধানৰ অস্তিত্ব নিৰূপক মৌলিক গাঁথনি । এইক্ষেত্ৰত কিছুৱে এনেদৰে মতপোষণ কৰা দেখা গৈছে যে সংবিধানৰ এই অনুচ্ছেদ কেৱল ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰতহে প্ৰযোজ্য । এইটো সত্য নহয় কাৰণ সংবিধানৰ ১৪ নং অনুচ্ছেদ মতে “The state shall not deny to any person equality before the law or the equal protection of the laws withn the territory of India”। ১৯৬১ চনৰ দশৰথ আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্য, ১৯৬৪ চনৰ দেৱদশন আৰু ভাৰত ৰাষ্ট্ৰ আৰু ১৯৬২ চনৰ সাধাৰণ সঞ্চালক আৰু এ ৰঙ্গাচাৰিৰ গোচৰৰ ৰায়বিলাকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষন আছিল এনেধৰণৰ, “Articles 14-16, taken together, enshrine the principle of equality and absence of discrimination. While the principle is generally stated in Article 14, which extends to all persons, - citizens or aliens, Articles 15 and 16 deal with particular aspects of that equality which are available to citizens only” ।

অন্যহাতেদি ১৯৪৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ ভাৰতীয় নাগৰিকত্বৰ ওপৰত হোৱা সংবিধান সভাৰ বিতৰ্কৰ পৰা সংবিধানৰ ১৪ নং অনুচ্ছেদৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰি । এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান তাৰ পাছৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ সংবিধানবিলাকতকৈ মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছু পৃথক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত দেশৰ যিকোনো বাসিন্দাৰ কাৰণে কিছুমান মৌলিক অধিকাৰ সুনিশ্চিত কৰা হৈছে । তাৰ বিপৰীতে, পাছৰ প্ৰায় সংবিধানবিলাকত কেৱল নাগৰিকৰ মৌলিক অধিকাৰৰ কথা কোৱা হৈছে । ১৯৪৬ চনৰ ২৩ ডিচেম্বৰত কে টি শ্বাহে উল্লেখ কৰা মতে ভাৰতীয় সংবিধান সভাই এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত সন্নিৱিষ্ট আভ্যন্তৰীণকৰণ আৰ্হি গ্ৰহন কৰিছিল । সংবিধান সভাৰ সদস্য কে টি শ্বাহে উল্লেখ কৰা মতে, “It may be said that the Constituent Assembly followed the inclusive model of the United States, by not limiting all fundamental rights to citizens, but only those which required a relationship of obligation between citizens and the state. While the general level of civilization and the amenities of life provided there under would be common to citizens and strangers, certain rights of citizens which become the obligation of the state are necessarily confined or at least primarily belong to the citizen.”

গতিকে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খনে অৱতাৰনা কৰা মৌলিক প্ৰশ্নটো হ’ল সাংবিধানিক নৈতিকতা আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ ভাৰতীয় সাংবিধানিক গনৰাজ্যৰ ওপৰত বাৰুকৈয়ে পৰিব । অসমৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ দিশত এই বিধেয়কখনৰ প্ৰভাৱ যে নেতিবাচক তাত কোনো সন্দেহ নাই । ই উচ্চতম ন্যায়ালয়ৰ বিদেশী বিতাড়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ দিয়া নিৰ্দেশনাৰ এক সম্পূৰ্ণ বিপৰীত পদক্ষেপ । ইতিমধ্যে, উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন ১৯৮৬ ৰ ৬-ক (৩) আৰু (৪) ধাৰাৰ সাংবিধানিক ন্যায্যতাৰ প্ৰশ্নত অসম চুক্তিৰ আধাৰত সীমান্ত বেৰা সুনিশ্চিত কৰা, অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিতাড়নৰ প্ৰক্ৰিয়া উন্নিতকৰণ কৰা আৰু নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় প্ৰমানপত্ৰ আদায়) নীতি ২০০৩ ৰ অন্তৰ্গত অসমৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছিল । মূলতঃ ভৰতবৰ্ষৰ স্বাধীনতাৰ সমকালিক সময়ছোৱাৰ বিভাজন-কেন্দ্ৰিক সাম্প্ৰদায়িক ৰাজনীতি, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ কেন্দ্ৰৰ প্ৰভূত্বশীল আচৰণ আৰু সংসদীয় গণতন্ত্ৰৰ নিৰ্বাচন-কেন্দ্ৰিক অধোগতিয়েই অনুপ্ৰৱেশৰ সমস্যাটো ভয়াবহ কৰি তুলিলে ।  

এটা কথা স্পষ্ট যে ১৯৭৬ চনত সংবিধান সংশোধন কৰি প্ৰস্তাৱনাত চেকুলাৰ শব্দটো অন্তৰ্ভুক্ত কৰাৰ কাৰণেহে ভাৰতবৰ্ষ এখন চেকুলাৰ ৰাষ্ট্ৰ হৈ যোৱা নাই । স্বৰাজোত্তৰ ভৰতৰ সামাজিক চেকুলাৰকৰণ ধৰ্ম অথবা অন্যান্য পৰিচিতিবিলাকৰ মাজত নিহিত থকা মধ্যযুগীয়া প্ৰভূত্বশীল উপাদানসমূহৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ অবিহনে অসম্ভৱ । সেয়ে পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰসমূহ মৌলিক অধিকাৰৰ উৰ্দ্ধত নহয় । ব্যক্তিগত বা গোষ্ঠীগত অধিকাৰ মৌলিক প্ৰয়োজনীয়তাৰ উৰ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যাভাম্বী ৷ স্বৰাজোত্তৰ ভাৰতবৰ্ষত সাংবিধানিক চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়নৰ দিশত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ওপৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । এনে আলোচনাই সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ অন্তৰালৰ আচল ছবিখন স্পষ্ট কৰিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থা নিৰূপন হ’ব ৷

কিন্তু তেনে এক প্ৰাসঙ্গিক আলোচনাৰ বিপৰীতে, অনুপ্ৰৱেশৰ ধৰ্মভিত্তিক পৰিসাংখ্যিক তথ্যৰ আলমত হিন্দু সংস্থাপনৰ যুক্তিযুক্ততাৰে বিধেয়কখনৰ ন্যায্যতা প্ৰতিপন্ন কৰিব পৰাকৈ বাগধাৰাৰ সৃষ্টি হৈছে । সঁচা কথা, শতকৰা অংশ হিচাবে অসমৰ মুছলমান জনসংখ্যা ১৯০১ চনত ১২.৪ পৰা ১৯৫১ চনত ২৫.৪ লৈ বৃদ্ধি হৈছিল । এয়া ঔপনিৱেশিক সময়ৰ কথা । তাৰ পাছত ক্ৰমে ১৯৭১ চনত ২৪.৬ আৰু ২০১১ চনত ৩৪.২ শতাংশ হ’লগৈ । তাৰ বিপৰীতে হিন্দু জনসংখ্যা ১৯৫১ চনত ৭০.৮ শতাংশৰ পৰা ২০১১ চনত ৬১.৫ শতাংশলৈ হ্ৰাস পায় । কিন্তু, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এই অনুপ্ৰৱেশ অথবা জনসংখ্যা বৃদ্ধিৰ দৰে এনে সমস্যাৰ সমাধান কি ধৰ্মীয় মেৰুকৰণেৰে সমাধান হ’ব ? বিদেশী বিতাৰণৰ ক্ষেত্ৰত স্পষ্ট নীতি, সামগ্ৰিকভাৱে জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়ন, সামাজিক সংস্কাৰ আৰু চেকুলাৰকৰণৰ কোনো গত্যন্তৰ নাই । ধৰ্মীয় মেৰুকৰণ হ’ল মধ্যযুগীয়া পিপাসা আৰু ই সমস্যাৰ জটিলতাহে বৃদ্ধি কৰিব । নিৰ্বাচনী ৰাজনীতিৰ নামত যিকোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণ অনৈতিক ৷

No comments:

Post a Comment