পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যৰ ৩৩টা সংগঠনৰে বৈঠকত মিলিত হৈ প্ৰচেষ্টা চলালে অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে।


২. বিশ্বকাপ ক্ৰিকেটত পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ জয় কৰিলে অষ্ট্ৰেলিয়াই। নিউজীলেণ্ডক সহজে পৰাভূত কৰা ফাইনেলৰ মেন অৱ দ্য মেচ লাভ কৰিলে জেমছ ফ’কনাৰে। অষ্ট্ৰেলিয়াৰ মিচাল ক্লাৰ্কক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰিলে শচীন টেণ্ডুলকাৰে।

৩. ফেমিনা মিছ ইণ্ডিয়া ২০১৫ৰ চূড়ান্ত বিজয়ী ৰূপে মুকুট অৰ্জন কৰিলে দিল্লীৰ অদিতি আৰ্যই। তেওঁ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। প্ৰথম আৰু দ্বিতীয় ৰানাৰ্চ আপৰ সন্মান লাভ কৰে আফ্ৰিন আৰু ভাৰ্তিকা নামৰ দুগৰাকী সুন্দৰীয়ে। অসমৰ ৰেৱতী ছেত্ৰীলৈ চ’ছিয়েল মেডিয়াত সৰ্বাধিক জনপ্ৰিয়তাৰ বাবে মিছ পপুলাৰৰ সন্মান প্ৰদান কৰা হয়। 

৪. কালি যোৰহাট জিলা পুথিভঁৰালৰ পিতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত প্ৰেমানন্দ ন্যাসৰ উদ্যোগত উন্মোচিত হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰৱাৰ ১৪ খণ্ডৰ সমগ্ৰ ৰচনাৱলী। অজয় ভট্টাচাৰ্য আৰু ডঃ সত্যকাম বৰঠাকুৰে এই ৰচনাৱলী সম্পাদনা কৰি উলিয়াইছে। উন্মোচনী সভাত ডঃ নগেন শইকীয়া, ডঃ কৰবী ডেকা হাজৰিকা, ডঃ কমলমল্ল বৰুৱা, ডঃ নীৰাঞ্জনা মহন্তকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে।

৫. কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি অহা ১ এপ্ৰিলৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ দাম সমগ্ৰ দেশতে প্ৰতি লিটাৰত ১টকাকৈ হ্ৰাস পোৱাৰ সম্ভৱনা। দিল্লী আৰু গুজৰাটত চিএনজি আৰু পিএনজিৰো দাম হ্ৰাস কৰা হব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় বজাৰ দৰলৈ চাই বাতৰি প্ৰকাশ পাইছে।

৬. নগাঁও জিলাৰ পুৰণা কাকী গাঁও পঞ্চায়তত যোৱা ২২মাৰ্চৰ পৰা তিৱা লোক নৃত্যৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অঞ্চলটোৰ ১৫০গৰাকী যুৱক-যুৱতীক লৈ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই।

৭. তিৱা স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ১কোটি ২৪লাখ টকা ব্যয়েৰে নিৰ্মিত হব জাগীৰোডৰ ছাৰাংকুছিত তিৱা সাহিত্য সভাৰ কাৰ্যালয়। তিৱা সাহিত্য সভা গঠনৰ ৩৬বছৰ পিছত তিৱা জাতিৰ প্ৰাণকেন্দ্ৰ তিৱা মাথনলাই তখ্ৰাৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিলে ভৈয়াম জনজাতি দপ্তৰৰ মন্ত্ৰী সুমিত্ৰা দলে পাটিৰে।

৮. বস্তুবাদী দৰ্শনৰ আলোকেৰে অসমৰ জাতীয় প্ৰশ্নসমূহৰ সমাধানৰ হেতু সমাজবাদৰ অসম পথ বা দক্ষিণ-পূৱ এছিয়া সম্পৰীক্ষাৰ তাত্বিক প্ৰায়োগিক মাৰ্গ নিৰ্ণয়ৰ ঘোষণাৰে কালি বাওঁ জাতীয়তাবাদী মৰ্চা, অসমৰ সাংগঠনিক দলিল আনুষ্ঠানিক ভাৱে নগাঁও প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়।

৯. ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে আমিনগাঁও ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এটা মল্লযুঁজৰ একাডেমী খোলাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হৈছে।ইয়াৰ বাবে বিভাগটোৱে দহ দিন পূৰ্বে ৯৮লাখ টকাৰ আবণ্টন দিয়াৰো সুখবৰ প্ৰকাশ পাইছে।

১০. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ সকলো জিলাৰ নাগৰিকপঞ্জী সেৱা কেন্দ্ৰ তথা এনআৰচিৰ ৱেবচাইটত লিগেচী ডাটা প্ৰকাশ পাইছে। ৰাইজক নিজৰ নিজৰ তথ্য সমূহ পৰীক্ষা কৰি শুদ্ধতা নিৰূপণ কৰি লবলৈ আহ্বান জনোৱা হৈছে।

No comments:

Post a Comment