পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তৃতীয় বিকল্প, অখিল গগৈ ইত্যাদি
ধীমান সিনহা


তৃতীয় বিকল্প সম্পৰ্কীয় আলোচনাসমূহ প্ৰায় নিৰ্ণায়ক পৰ্য্যায় এটালৈ গতি কৰিছে। আচলতে অখিল হতে নতুন ৰাজনৈতিক দল ঘোষনা বুলিয়েই নহয়, তাৰ কিছু আগৰে পৰা লাহে লাহে ছবিখন পৰিস্কাৰ হ'ব ধৰিছিল। প্ৰাক্তন ভাজপা নেতা প্ৰদ্যুৎ বৰা দেৱে পদত্যাগ কৰাৰ কিছুদিন আগেয়ে মোলৈ ফোন এটা কৰিছিল। তেখেতে আচলতে বিভিন্ন জনৰ মতামত লৈছিল-তৃতীয় বিকল্প সম্পৰ্কে, তেওঁৰ নিজৰ ৰাজনৈতিক ভবিষ্যত সম্পৰ্কে। এজন প্ৰাক্তন ছাত্ৰ সংগঠক আৰু সাংবাদিক (যদিও শাৰীৰিক অসুস্থতাৰ বাবে মই কাৰ্য্যৰত নহয়) হিচাবে মোৰো মতামত লৈছিল। আমাৰ দীৰ্ঘ বাৰ্তালাপত মই তেওঁক শুভেচ্ছা জনাইছিলোঁ এইকাৰণেই যে তেওঁৰ দৰে অতি মেধাবী আৰু উচ্চশিক্ষিত ব্যক্তি এজন সক্ৰিয় ৰাজনীতিত আছে, কিন্তু তেওঁৰ বিকল্প সম্পৰ্কীয় ধাৰণাবোৰত মই আস্বস্ত হব পৰা নাছিলোঁ। যেন কিছু কাব্যিক আদৰ্শবাদ কলেজীয়া জীৱনৰ অথচ আন্তৰিকভাবে কিছু কৰাৰ ইচ্ছা। কিন্তু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত, সেই ষাঠীৰ দশকৰ দৰে ৰমন্যাসবাদী ৰাজনৈতিক স্বপ্ন কিমানদুৰ ৰাইজে গ্ৰহন কৰিব সেই সম্পৰ্কে মই সন্দেহ প্ৰকাশ কৰিছিলোঁ। তাৰ কাৰণো আছিল কিছুদিন আগতেই আম আদমী পাৰ্টীৰ ৰাজনৈতিক উত্থান আৰু পতন আমি দেখিছিলোঁ। আন্না আন্দোলনৰ সময়ত এনেকুৱা লাগিছিল যেন আৰব বসন্তৰ (আৰব স্প্ৰিঙ) দৰে এটা ভাৰতীয় বসন্তও আহিছে। সামগ্ৰিক পৰিবৰ্তনৰ বতাহ যেন বলিব আটাইকেইখন ৰাজ্যতে। পিছলৈ আপক সেই আন্দোলনৰে ৰাজনৈতিক উত্তৰসুৰী হিচাবে দেখা হৈছিল। কিন্তু ২০১৪ৰ লোকসভা নিৰ্বাচনত আপে সৰ্বভাৰতীয় স্তৰত বিশেষ কোনো সহাৰি নাপালে। লোকসভাৰ নিৰ্বাচনৰ আগলৈকে আশা কৰা হৈছিল অসমতো আম আদমী পাৰ্টি বিকল্প সম্পৰ্কীয় আলোচনাবোৰত বোধহয় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। নিৰ্বাচনৰ পৰবৰ্তী ঘটনাপ্ৰবাহে কিন্তু আপক ৰাজনৈতিক ভাবে নিশ্ছিন্ন কৰিলে।

তাৰ পিছত নতুনকৈ আশা কৰিবলগীয়া এটাই নতুন সামাজিক প্ৰতিবাদী শক্তি আছিল- অখিল গগৈ আৰু তেওঁৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি। গুণাগঁথা আৰম্ভও হৈছিল যে তেওঁলোকে নতুন দল খুলিব কাৰণ যোৱা বিধানসভা নিৰ্বাচনৰ পৰাই অখিলে কাক ভোট দিব আৰু নিদিব এই সম্পৰ্কে ৰাজহুৱা পৰামৰ্শ (ফটোৱা?) দিবলৈ আৰম্ভ কৰিছিল। আনকি যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ কিছুমান বিশেষ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান কৰিছিল। ৰাজহুৱা স্বাৰ্থতে নিশ্চয়, যদিও ৰাজনৈতিক ৰসিক সকলে আমোদ পাইছিল বাম আদৰ্শৰে দীক্ষিত এজনে হিন্দু জাতীয়তাবাদী প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনোৱা কাৰ্য্যত। আৰু শেষলৈ সেয়াই হ'ল কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিলে সংগঠনটোৰ মৰাণ অধিবেশনত।

অখিল মোৰ অনুজ প্ৰাক্তন সতীৰ্থ আৰু ব্যক্তিগত ভাবে মই সুখী যে তেওঁ আনুষ্ঠানিক ৰাজনীতিলৈ আহিছে। কিন্তু তাতকৈ বেছি প্ৰত্যাশা কৰিবলৈ আজিৰ দিনটোত মই অপাৰগ। কাৰণ অখিল সম্পৰ্কে কিছুমান মৌলিক মতাদৰ্শগত পাৰ্থক্যও আছে, তেতিয়াও আছিল। মই নিয়ন্ত্ৰিত পুঁজিবাদত বিশ্বাসী, তেওঁলোকে বাম আদৰ্শত। আচলতে এনেধৰণৰ সমস্যা অখিলে যেতিয়া ছাত্ৰৰাজনীতিত প্ৰথমতে ভৰি দিছিল তেতিয়াও আছিল। মজাৰ কথা যিবোৰ ৰাজনৈতিক দন্দ্ব সেইখিনি সময়ৰ কটনত আমি অনুভব কৰিছিলোঁ একেধৰণৰ দন্দ্বই আজি বিৰাজ কৰিছে অখিলহঁতৰ ৰাজনৈতিক দলৰ স্থিতি লৈ। আমি তেতিয়া কটনত আছু কৰোঁ, আলোচনী সম্পাদকো আছিলোঁ, তাৰ পিছৰ বছৰ অখিল আলোচনী সম্পাদক হয়। আছু সমৰ্থনতে বিজয়ী হৈছিল তেওঁ, কিন্তু সেইখিনি সময়তে কংকন ডেকা (দা) নামৰ বাম আদৰ্শৰ ছাত্ৰ নেতা (আইছা, চি পি আই এম এল) এজনৰ আদৰ্শগত প্ৰভাব পৰিবলৈ পৰে তাৰ ৰাজনৈতিক দৃষ্টিভংগীত। তাৰ কাৰ্য্যকালৰ শেষলৈ সি আমাৰ পৰা বহুত আতৰি গৈছিল, আমাক এৰাই চলিব খোজে, কথাত শ্লেষ আৰু তিৰ্য্যকতা, মই বুজিছিলোঁ তেওঁৰ বাম আদৰ্শীকৰণ সম্পূৰ্ণ হৈছে। 

তাৰ পিছৰ বছৰ তেওঁ সাধাৰণ সম্পাদক খেলিব, আছুৰ সমৰ্থন বিচাৰিলে। সেই সময়টো ছাত্ৰ ৰাজনৈতিৰ অতি অশান্ত সময় আছিল, হিতেশ্বৰ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই অভূতপূৰ্ব ধনবল আৰু বাহুবলেৰে প্ৰায় সকলো একতা সভা হস্তগত কৰিছিল। যদিও অখিল সম্পৰ্কে আমাৰ আদৰ্শগত পাৰ্থক্য হব ধৰিছিল সেয়া অনানুষ্ঠানিক আছিল কাৰণ তেওঁ কেতিয়াও আইছাৰ আনুষ্ঠানিক সদস্য নাছিল আৰু সেয়া হ'লে তেওঁ ৰাজনৈতিক ভাবে ধ্বংস হৈ গ'লহেতেন কটনৰ ছাত্ৰৰাজনীতিত। তদুপৰি মই নিশ্চিত আছিলোঁ আন যিয়েই নহওক তেওঁ অন্ততঃ মুৰ বিক্ৰী নকৰে, সেয়া তেতিয়াৰ ছাত্ৰৰাজনীতিত অতি দৰকাৰী আছিল (বোধহয় আজিও, যদিও ছাত্ৰৰাজনীতি ইমান অশান্ত নহয় এতিয়া)। আৰু সৰ্বোপৰি কটনৰ ৰাজনৈতিক পৰিস্থিতি এনেকুৱা আছিল যে যদি আমি নতুন প্ৰাৰ্থী দিওঁ আৰু অখিলো উঠে তেতিয়াহ'লে কংগ্ৰেছৰ প্ৰাৰ্থী ওলাই যোৱাটো ধূৰূপ। সাতে পাঁচে ভাবি আছুৰ ফালৰ পৰা আমি তেওঁকে সমৰ্থন কৰিবলৈ সিদ্ধান্ত ললোঁ, যদিও মই ভালকৈ জানিছিলোঁ যে সি আমাৰ লগত নাথাকে। অৱশেষত অখিল জিকিল, কেতিয়াও কংগ্ৰেছৰ বহতীয়াও নহ'ল কিন্তু আশংকা কৰাৰ দৰেই আমাৰ লগতো নাথাকিল। তাৰ কাৰণে মই বহুদিন আছু নেতৃত্বৰ কথা শুনিবলগীয়া হৈছিল আৰু পিছলৈ বিশুদ্ধ আছু প্ৰাৰ্থী জিকাইহে সেই দোষমুক্ত হৈছিলোঁ।

কিন্তু আজিৰ অখিলক মই সামাজিক প্ৰয়োজন বুলিয়েই ভাবোঁ। যথেষ্ট কষ্টেৰে তেওঁ ৰাইজক সংগঠিত কৰিছে আৰু আজিৰ এই স্থান পাইছে। কিন্তু মৌলিক দন্দ্ববোৰ আজিও প্ৰায় একেই। তেওঁ আহ্বান কৰিলে মানুহে গুলি খাবলৈকেও ওলাই আহে সেই গুণ আজিৰ নেতাৰ বাবে বিৰল। কিন্তু একেখিনি মানুহেই তেওঁ যেতিয়া কংগ্ৰেছক ভোট নিদিবলৈ নিৰ্দেশনা দিয়ে সেই কথা নুশুনে। আচলতে অখিলে স্থান লৈছে পাৰম্পৰিক বাম দলসমূহৰ অনস্তিত্ব আৰু জাতীয়তাবাদী শক্তি সমূহৰ দ্বাৰা সৃষ্টি হোৱা স্বপ্নভংগৰ শূণ্যতাৰ। ৰাইজে বিচাৰে মনৰ ক্ষোভবোৰ নিৰ্দ্বিধাই, সাহসেৰে ক'ব পৰা এজন বিদ্ৰোহী নায়ক- লাগে ৰাজনৈতিক ব্যাকৰণত কিছু অস্পষ্টতাই থাকক। অখিলে আৰু কৃষক মুক্তিয়ে সেই গণ মনঃস্তত্বৰ সেই প্ৰয়োজন পূৰ কৰিছিল, সম্পূৰ্ণ বেলেগ ব্যাকৰণক লৈ প্ৰফুল্ল ভৃগুয়ে আশীৰ দশকত যিদৰে কৰিছিল। সেই কথাটো অখিলেহঁতেও ভালকৈ বুজে। তাৰ ফলত ক্ষণে সৰ্বহাৰাৰ আন্তৰ্জাতিকতাবাদ আৰু সামগ্ৰিক পৰিবৰ্তনৰ কথা, ক্ষণে জাতীয়তাবাদী বা আন্দোলনৰত আইসকলৰ লগত নাম এফাকি। খুউব দোষৰ কথা নিশ্চয় নহয়, কাৰণ অইন বিলাকতো আদৰ্শগত ভাবে আৰু দেউলীয়া। 

কিন্তু সমস্যাটো হ'ল এনেধৰণৰ দ্বন্দ্বেৰে প্ৰতিবাদৰ প্ৰতীক হ'ব পাৰি কিন্তু দীঘলীয়া ইনিংছ খেলা ৰাজনৈতিক শক্তি হোৱাটো টান, বিশেষকৈ এনে এটা যুগত য'ত বামপন্থা এটা ৰাজনৈতিক শক্তি হিচাবে প্ৰায় নাইকিয়া হৈছে। প্ৰদ্যুৎ বৰাদেৱৰ বিকল্পৰ ধাৰণাৰ দৰেই অখিলৰ অত্যাধিক বাম প্ৰৱণতা মোৰ কিছু বাস্তৱবিৰোধী যেন লাগে। যেতিয়ালৈকে প্ৰতিবাদী ব্যক্তিত্ব বা সংগঠন কৰি আছে চলি আছে, কিন্তু যেতিয়াই সেই ৰূঢ় পাৰম্পৰিক অংকবোৰ আহিব, ভোটবেংক, ধৰ্ম, জাতি, অৰ্থৰ কথা তেতিয়া মই নাভাবো প্ৰতিবাদী অখিলক (বা নতুন দলটোক) ৰাইজে ৰাজনৈতিক ক্ষমতাৰ প্ৰতিভূ বুলি গ্ৰহন কৰিব। তাৰ প্ৰমাণ এবাৰ পাই থৈছে। তেনেকুৱা হব লাগে নে নালগে সেয়া আদৰ্শবাদ আৰু তত্বগত প্ৰশ্ন, কিন্তু ৰিয়েলপলিটিকে সেয়াই কয়। তাতে এই যুগত গাঁৱৰ আখল আৰু বিশ্ববিদ্যালয়ৰ কেন্টিনত শ্ৰেণীদ্বন্দৰ চৰু নিসিজে।

কিন্তু তাতেই অখিলে সময় লৈছে। এতিয়া ৰাজনৈতিক দল গঠন কৰিছে ঠিকেই কিন্তু এতিয়াই নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহন নকৰে। সমৰ্থক সকলক কৈছে যিসকলে টিকেটৰ আশাত আহিছে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। তাৰমানে তেওঁলোকে একধৰণৰ ৰাজনৈতিক সংগঠনৰ জন্ম দিছে যি সম্পূৰ্ণভাবে ৰাজনৈতিক দল নহয়, অন্ততঃ নিৰ্বাচনকেন্দ্ৰিকতাৰ পৰা। মানে প্ৰেছাৰ গ্ৰুপৰ দৰে। তাতে দুটা কথা আহিব, এই হেচাঁ প্ৰদানৰ ৰাজনীতি কৰি কেতিয়াবা তেওঁলোক পাৰম্পৰিক ৰাজনৈতিক মূল্যবোধক বিধ্বস্ত কৰি 'নতুন সময়'ক আনিবলৈ সক্ষম হ'ব নে। যি 'সময়'ৰ পিছত আনকি তেওঁলোকে নিৰ্বাচনমূখীও হ'ব পাৰে। নে পানীত নামি ভিজাৰ ভয় কৰিছে? মই ভাবো অখিলৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হ'ল সি অসমীয়া মানুহৰ প্ৰতিবাদী মানসপটৰ হে প্ৰতিভূ, বাস্তৱ ৰাজনীতিৰ বাবে ৰাইজৰ বাচনি বেলেগ। গতিকে নতুন ৰাজনৈতিক দলটোৱে যদি আজিয়ে নিৰ্বাচন অংশগ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে খুউব বেছি কেইখনমানহে বোধহয় আসন পালেহেঁতেন। তাতকৈ কৃষক মুক্তিৰে ৰাজনৈতিক মূল্য দেখোন বেছি আছিল। এনেবোৰ কাৰণতে হয়তো সময় লৈছে, কিন্তু তাৰ পিছত মানুহে নিৰ্বাচনত অংশ নলোৱা প্ৰেছাৰ গ্ৰুপটোক জানো আকোৱালি ল'ব? মই ভাবো এয়াও একপ্ৰকাৰ ৰাজনৈতিক ৰমন্যাসবাদ। আৰু কাইলৈ যে তেওঁলোকৰ দ্বাৰা সামগ্ৰিক বিপ্লব আহিব (চুবুৰীয়ে চুবুৰীয়ে যৌথ কৃষিপাম, নদীয়ে নদীয়ে সৰু সৰু বান্ধ আদি) সেই কথা ভবাসকলেও কিন্তু মূৰ্খৰ স্বৰ্গতে বাস কৰিছে।

এনে পৰিস্থিতিত অহা বিধানসভা নিৰ্বাচনলৈ কোনো বিৰাট জোটৰ সম্ভাৱনা দেখা নাই, কিন্তু বোধহয় ভাজপাৰ কিছু ক্ষতি হ'লেও হ'ব পাৰে। বা কংগ্ৰেছৰ কিছু লাভ। কিন্তু কৃষক মুক্তিৰ অধিবেশনলৈ তোৰণ আদিৰে আদৰিও অগপৰ নিৰ্বাচনী অদৃষ্টৰ বিশেষ পৰিবৰ্তন হ'ব বুলি মনে নধৰে। অখিলে যদিও চৰ অঞ্চললৈ বৰকৈ যায়, ন-অসমীয়া মুছমান সম্প্ৰদায়ৰ অবিসম্বাদী যাদুগৰ কিন্তু এতিয়াও বদৰুদ্দিন চাহাবেই। শ্ৰেণী দ্বন্দৰ পাঠবোৰ এলোটা মন্ত্ৰপূত পানীৰে আজিও মচি পেলায় আজমলে। তদুপৰি তেওঁলোকৰ প্ৰতি বিশেষ প্ৰীতিয়ে কিন্তু খিলঞ্জীয়া অসমীয়া শ্ৰেণীটোক আতঁৰাব নতুন ৰাজনৈতিক দলটোৰ পৰা। শিৱনাথ বৰ্মন যিমান প্ৰয়োজনীয় দেবেন দত্ত ছাৰহঁতো কিন্তু সিমানেই দৰকাৰী অখিল হঁতৰ।

গতিকে তৃতীয় বিকল্প সম্পৰ্কে ভীষণ আশাবাদী হ'ব পৰা নাই, না নতুন দলটোৰ আশাতীত ৰাজনৈতিক সাফল্য সম্পৰ্কে। মই এতিয়া ৰাজনৈতিকেভাবে নিৰপেক্ষ, বিশেষ অনুৰাগ বিৰাগ নাই কাৰো প্ৰতিয়েই, গতিকে নতুন বতাহ বলিলে স্বস্তিহে অনুভব কৰোঁ- উৎকট পূণঃপৌনিকতাৰ পৰা কিছু মুক্তি। তাতে অখিল, কমল হত মোৰ ভাতৃসম। কিন্তু এতিয়াও সিহঁতৰ বহুবাট যাবলৈ বাকী আছে, ৰাষ্টা কিছু পৃথক, কিন্তু একেবাৰে আওহতীয়াও নহয়। আশাকৰোঁ এদিন লগ পাম আকৌ, বিশুদ্ধ তাত্বিক কাৰণত নহলেও অন্তত: 'কৌশলগত মধ্যমপন্থা'ৰ খাতিৰতে।

লেখাটি দৈনিক অগ্ৰদূত কাকতত পূৰ্বতে প্ৰকাশ পাইছে।

No comments:

Post a Comment