সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অহংকাৰ অথবা হীনমন্যতা 
ড° বুলজিৎ বুঢ়াগোহাঁই 
মাননীয় সম্পাদক মহোদয়, 
কোনো লোকে নিজৰ সা-সম্পত্তি , শিক্ষা-দীক্ষা, জীৱিকা-বৃত্তি আদি বিষয়বোৰ লৈ অহংকাৰ কৰা অথবা হীনমন্যতাত ভোগা উচিত নহয়। সমাজত সকলো শ্রেণীৰ লোকৰ সমানে গুৰুত্ব আছে। হাতৰ পাচোঁটা আঙুলি যেনেকৈ সমান নহয়, ঠিক তেনেকৈ সমাজৰ কোনো এগৰাকী ব্যক্তিও আন এগৰাকী ব্যক্তিৰ সৈতে সকলো বিষয়তে সমান হোৱা সম্ভৱ নহয় ।

গতিকে, আনৰ লগত সমান হবৰ বাবে প্রতিযোগিতাত নামি মানসিক অশান্তি সৃষ্টি কৰাৰ সলনি সকলোৱে নিজ নিজ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি সুস্থ মানসিকতাৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা ভাল।

No comments:

Post a Comment