চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিকল্পৰ সন্ধানঃ 
সকলো সৎ নেতা একেখন মঞ্চত থিয় হওক
প্ৰতিম প্ৰতাপ বৰুৱা


এখন দেশত দুজন ইঞ্জিনিয়াৰ আছিল। যদু আৰু মধু। দুয়ো দুখন প্ৰদেশত থাকে, দুয়ো চৰকাৰী চাকৰি কৰে আৰু দুয়ো বন্ধু। এবাৰ বহুদিনৰ মূৰত যদু মধুৰ ঘৰলৈ আলহী খাবলৈ গ’ল। মধুৰ ঘৰ-দুৱাৰ দেখি যদু হতবাক হ’ল – ইমান ধুনীয়া। যদুৱে মধুক সুধিলে – ইমানখিনি কেনেকৈ কৰিলা? উত্তৰত মধুৱে যদুক খিৰিকীৰ কাষলৈ নি দূৰৰ নদীখনৰ ওপৰত থকা দলংখনলৈ আঙুলিয়াই দেখুৱালে আৰু ক’লে – “সৌ দলংখন দেখিছা? সেই দলংখনেই মোক এই ঘৰটো দিলে।“ কিছুদিনৰ পিছত এইবাৰ মধু যদুৰ ঘৰলৈ আলহী খাবলৈ আহিল। যদুৰ ঘৰ-দুৱাৰ দেখি এইবাৰ মধুৰ মূচকঁচ যোৱা অৱস্থা। মধুৱে যদুক সুধিলে – ইমানখিনি কেনেকৈ কৰিলা? উত্তৰত যদুৱে মধুক খিৰিকীৰ কাষলৈ নি দূৰৰ নদীখনলৈ আঙুলিয়াই দেখুৱালে আৰু ক’লে – “সৌ দলংখন দেখিছা? সেই দলংখনেই মোক এই ঘৰটো দিলে।“ মধু আচৰিত হ’ল আৰু যদুক সুধিলে – “কোনখন দলং? তাত দেখোন দলং নায়েই।“ যদুৱে উত্তৰ দিলে – “আছে বন্ধু আছে। সেই নদীখনৰ ওপৰত সেই ঠাইত এখন দলং আছে। আমি দলং তেনেকৈয়ে সাজো। নিৰ্মাণ সম্পূৰ্ণ হৈ যায়, কিন্তু দলংখন কোনেও দেখা নাপায়।“


সম্প্ৰতি বাতৰিত ওলোৱা কথাবোৰ, যেনে – কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধনৰ খৰছৰ হিচাপ দাখিল কৰিব নোৱাৰাৰ কাৰণে কেন্দ্ৰই নতুনকৈ ধন আৱন্টন দিব নোখোজা, প্ৰায় প্ৰতিদিনে বাতৰি কাকতত একো একোটা কোটিটকীয়া কেলেংকাৰীৰ খবৰ, ক্ষমতাৰ প্ৰতি নিৰ্ল্লজ লালসা, পদোন্নতি পোৱাৰ পিছতো নতুন পদত যোগ নিদি এঢাপ তলতে থাকি যাবলৈ ইচ্ছা কৰা আদি, দেখি-শুনি আমাৰ মনলৈ ওপৰত দিয়া কৌতুকটো আহিল। যি কি নহওক, অসমৰ আৰ্থিক পৰিস্থিতি যে অতি বেয়া, অসমৰ ৰাজকোষ যে শক্তিহীন সেইটো সকলোৱে জানে আৰু একে সময়তে অসমৰ আজিৰ এই অনুন্নত পৰিস্থিতিটোৰ কাৰণে কোন জগৰীয়া সেইবোৰ যিহেতু সকলোৱে জানেই সেয়ে সেইবোৰ কথা দোহৰাৰ সকাম নাই। আমি বিশ্বাস কৰো অসমৰ উন্নতি নোহোৱাৰ মূলতে দায়ী চৰকাৰী তন্ত্ৰটোৰ সকলো স্তৰলৈকে বিয়পি যোৱা দুৰ্নীতি আৰু অপেছাদাৰীত্ব। লগতে আমি বিশ্বাস কৰো যে দুৰ্নীতি সদায় একেবাৰে ওপৰমহলৰ পৰাই আৰম্ভ হয় আৰু ওপৰ মহলৰ ৰক্ষণাবেক্ষণ নাথাকিলে তলৰ স্তৰত চৰকাৰী দুৰ্নীতিয়ে গা কৰিব নোৱাৰে বা বৰ্তি থাকিব নোৱাৰে। কিন্তু একেসময়তে আমি এইটোও বিশ্বাস কৰো যে সন্মুখত আহি থকা সাধাৰণ নিৰ্বাচনটোৱে অসমক এতিয়া অতি প্ৰয়োজনীয় হৈ পৰা সকাহটো দিব পাৰে আৰু সেই নিৰ্বাচনে অসমলৈ পৰিবৰ্তনো আনিব পাৰে। ২০১৬ ৰ সেই নিৰ্বাচনটোত আমি কাক নিজৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিম বা নিজৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ আমাৰ হাতত কি কি বিকল্প থাকিব? 

এটা কথা অস্বীকাৰ কৰা বৃথা যে অসমৰ ৰাজনীতি জগতখন উখল-মাখল যদিও সেই জগতখনত আচলতে এটা ভেকুৱাম আছে। কাৰণ অসমৰ ৰাজনীতিত বহু আগৰেপৰাই আৰু এতিয়াও উপযুক্ত তথা সৎ নেতৃত্বৰ অভাৱ আছে। পৰম্পৰাগত আৰু আবেগিক ৰাজনীতিৰ দিন যে লাহে লাহে উকলি আহিছে আৰু ভোটাৰসকলক যে সকলো সময়তে আবেগেৰে বা মিছা সপোন দেখুৱাই প্ৰলোভিত কৰিব নোৱাৰি সেইটো এতিয়া সকলোৱে হৃদয়ংগম কৰা উচিত। বিকল্প হিচাপে উপযুক্ত, সৎ আৰু দক্ষ নেতৃত্ব থাকিলে যিকোনো ঢৌ বা যিকোনো আৱেগ যে ফুটুকাৰ ফেন হ’ব পাৰে সেয়া ইতিমধ্যে দিল্লীত প্ৰমাণিত হৈছে। আজিৰ এই পেছাদাৰীত্বৰ যুগত জনগণে ৰাজনীতিকসকলৰ পৰাও তাৎক্ষণিকভাৱে ফলাফল বিচাৰে আৰু ফলাফল শূণ্য হ’লে বা আশা কৰাৰ বিপৰীত হ’লে ৰাইজে সেই ৰাজনীতিকক প্ৰথম সুবিধাতে নাকচ কৰিব পাৰে – সেইটোও লাহে লাহে প্ৰমাণিত হৈছে। 

দূৰ্ভাগ্যজনক যে অসমৰ ক্ষেত্ৰত আমাৰ সন্মুখত এতিয়ালৈকে তেনেকৈ কোনো ৰাজনৈতিক বিকল্প নাই যাক সহজে আৰু নিশ্চিন্তমনে বিশ্বাস কৰিব পাৰি। অসমৰ বৰ্তমানৰ শাসনাধিস্থ দলটোৰ বিষয়ে বা সেই দলটোৰ নেতৃত্বৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দুৰ্নীতি, অপশাসন, অপেছাদাৰিত্ব, দাম্ভিকতা আদিৰ উদাহৰণ হৈ এই দলটোৰ নাম থাকি যাব। আনটো ৰাষ্ট্ৰীয় দলৰ বিষয়েও নতুনকৈ কোৱাৰ একো প্ৰয়োজন নাই। স্থানান্তৰত আমি বহুদিন আগতেই লিখিছিলো যে এসময়ত ৰজনজনাই যোৱাকৈ প্ৰচাৰ কৰা তথাকথিত “ভাল দিন” অসমৰ বাবে নাহে। সকলো আনুসংগিক পৰিৱেশ পৰিস্থিতি একে থকাৰ পিছতো একেটা কামকে এবাৰ বিৰোধিতা (লগতে বিৰোধিতাৰ নামত ধৰ্ণা আন্দোলন আদি) কৰিবলৈ যিমানখিনি যুক্তি বিচাৰি পায়, নিৰ্বাচনী বৈতৰনী পাৰ হোৱাৰ পিছত সেই একেখিনি মানুহেই সেই একেটা কামকে সমৰ্থন কৰিবলৈও যদি সিমানখিনি যুক্তিয়েই বিচাৰি পায় তেন্তে আমি সেই কথাবোৰ আৰু সেই কথাবোৰ কোৱা মানুহখিনিক আমি কেনেকৈ বিশ্বাস কৰিম? একেসময়তে অসমত আঞ্চলিকতাবাদী ৰাজনীতি আৰম্ভ কৰা দলটোৰ ওপৰত অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস কিমানকন বাকী ৰৈছেগৈ সেয়া সন্দেহৰ বিষয়। জাতি-ধৰ্মৰ নামত ৰাজনীতি কৰি ক্ষমতা দখল কৰিব বিচৰা দলসমূহক আমি আগৰেপৰাই সন্দেহৰ চকুৰে চাই আহিছো। তেন্তে এতিয়া বিকল্প হিচাপে কি বাকী থাকিল? 

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ কথা কৈছে। অসমত আম আদমি পাৰ্টীয়ে লাহে লাহে ঠন ধৰিছে। এজন শক্তিশালী যুৱ নেতাই এটা ৰাষ্ট্ৰীয় দল ত্যাগ কৰি নতুন ৰাজনৈতিক দল এটা গঠন কৰাৰ কথা চিন্তা কৰিছে (বুলি তেওঁ নিজেই ঘোষণা কৰিছে)। আমাৰ অসুবিধাটো এইখিনিতেই হৈছে। বিকল্প হিচাপে অসমবাসীৰ সন্মুখত তিনিটা দল কিয়? দুৰ্নীতি, অপশাসন, প্ৰতিশ্ৰুতিভংগ, জাতি-ধৰ্মৰ ৰাজনীতি আদিৰ বিৰোধিতা কৰা, উচ্চশিক্ষিত, পেছাদাৰী, দক্ষ আৰু সৎ লোকসকল একেখন মঞ্চত এনেলগে থিয় হৈ অসমৱাসীৰ সন্মুখত এটা উপযুক্ত ৰাজনৈতিক বিকল্প কিয় দিব নোৱাৰে? “কমন মিনিমাম প্ৰগ্ৰাম” ঘোষণা কৰি কেইবাটাও ৰাজনৈতিক দল একেলগ আগতেও হৈছে, কিন্তু তাৰ ফলাফল আশা কৰাৰ দৰে নহয়। “কমন মেক্সিমাম প্ৰগ্ৰাম” থকাৰ পিছতো অসমত তিনিটা ৰাজনৈতিক বিকল্প কিয় সৃষ্টি কৰিব খোজা হৈছে সেয়া বুজিবলৈ আমি সক্ষম হোৱা নাই। 

আমি আশা কৰো অসমত এটা নতুন আৰু শক্তিশালী ৰাজনৈতিক বিকল্পৰ সৃষ্টি হওক যাৰ ওপৰত অসমবাসীয়ে নিচিন্তভাৱে ভৰসা কৰিব পাৰে। সেই বিকল্পই আমাক কেইজনমান এনে জন-প্ৰতিনিধি দিয়ক যি সঁচা অৰ্থত অসম আৰু অসমীয়াৰ জন-প্ৰতিনিধি হ’ব। ধূৰ্ত, সুবিধাবাদী, দুৰ্নীতিবাজ, অপেছাদাৰী, ক্ষমতাৰ অপব্যৱহাৰকাৰী, গণবিচ্ছিন্ন কোনো ৰাজনীতিকক সেই প্ৰস্তাবিত মঞ্চখনত স্থান দিয়া নহওক। সেই বিকল্পৰ “কমন মেক্সিমাম প্ৰগ্ৰাম”ৰ প্ৰথম প্ৰগ্ৰামটোৱেই হওক এখন দুৰ্নীতিমুক্ত অসম গঢ়ি তোলা। এনে এটা বিকল্পৰ বাবে আমি অপেক্ষাৰত। 

No comments:

Post a Comment