হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. দুপৰীয়া অসমৰ বাবে ৮খন কেন্দ্ৰীয় আঁচনিৰ ধন কাটি দিলে কেন্দ্ৰই, আবেলিলৈ ৩.৫০ টকা মানকৈ লিটাৰ পেট্ৰল ডিজেলৰ দাম বঢ়ালে, সন্ধিয়ালৈ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰিলে, ৰাতিলৈ চিলিণ্ডাৰৰ দামো বৃদ্ধি কৰি সোধালে ৰাম টাঙোন। সেয়ে এই আশাৰে ভোট দিয়া সকলক ইউ-টাৰ্ন চৰকাৰে দিয়া প্ৰতি উপহাৰবোৰৰ বিষয়ে সঘনে আৰু সহজে জানিবলৈ ৰামটাঙোন.কম নামৰ বেৱচাইট খোলাৰ সুখবৰো প্ৰকাশ পাইছে। ইয়াত ইউ-টাৰ্ন চৰকাৰে দিয়া ৰাম-টাঙোন সমূহৰ খবৰ ডাঁৰৰ বাতৰি ডাঁৰে পৰিবেশন কৰা হব বুলিও জানিব পৰা গৈছে। 

২. অকলে কৃষক গগৈৰ পাছত এইবাৰ অকলে প্ৰদূত বৰাই নিজা ৰাজনৈতিক দল খুলিব বুলি ঘোষণা কৰিছে। সেয়ে অকলে দল খুলি অকলে একনায়কত্ববাদী নেতা হোৱাৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবেও আন এটা ৱেবচাইট লন্স কৰা হৈছে। বেৱচাইটোৰ নাম অকলে-জিন্দাবাদ.কম বুলিও জানিব পৰা গৈছে। 

৩. কাশ্মীৰত বাঘ-ছাগৰ মিলনক লৈ অবিজিত ভট্টাচাৰ্যই এখন নাটক ৰচনা কৰি উলিওৱা বুলি জানিব পৰা গৈছে। নাটকখনিৰ নাম “বাপ-বেটীৰ সৈতে নৰেনভাই” বুলিও জানিব পৰা গৈছে। ইয়াৰ আগে আগে এখনি গীতি নৃত্যনাটিকাত হুৰিয়তৰ নৃত্যদলে নৃত্য কৰাৰ লগতে চাজাদকাই লনৰো বিশেষ নৃত্য সন্নিবিষ্ট কৰা হব বুলিও নাট্যকাৰে প্ৰকাশ কৰিছে। 

৪. আজিৰ পৰা অসমতো হৈছে বাজেট অধিবেশন। ৰাষ্ট্ৰীয় ভিত্তিত সাধাৰণ ৰাইজক মাধমাৰ সোধোৱাৰ পাছত ৰাজ্যিক ভিত্তিক মাধমাৰ সোধোৱাৰ বাবেই এই আয়োজন চলিছে বুলি জ্যোতিষ হিৰো ইয়ঙে প্ৰকাশ কৰিছে। অৱ্শ্য খাটি ৰত্ন ভাণ্ডাৰৰ পৰা বাজেটি প্ৰতিৰোধী তাবিজ পিন্ধিলে বাজেটৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰিব বুলিও ইয়ঙদেৱে প্ৰকাশ কৰিছে। 

৫. বিধান সভাৰ অধিবেশনৰ সমান্তৰালকৈ লাষ্টগেট প্ৰতিবাদী সপ্তাহো পালন কৰিবলৈ লোৱা হৈছে। এই উদযাপনৰ সৈতে সংগতি ৰাখি অনশন, ধৰ্মঘট, সত্যাগ্ৰহ আদিৰ প্ৰদৰ্শনী পাতিবলৈ আয়োজন কৰা হৈছে। কেৰেপ কৰিবলৈ এৰা জনপ্ৰতিনিধি সকলকো এই প্ৰদৰ্শনীস্থলীত দৰ্শন দিবলৈ সচেতন নাগৰিক সন্থাই আহ্বান জনাইছে। ২০১৬লৈনো কিমান দূৰ বুলি ইংগিত দিও সন্থাই মন্ত্ৰী-বিধায়ক সকলক সহানুভূতিমূলক দৰ্শন দান কৰি নিজৰ ইমেজ উজলাই লবলৈকো আহ্বান জনাইছে। 

৬. ৰাহুল বাবা সভাপতি হ’লে প্ৰিয়ঙ্কা বাইদেউ সাধাৰণ সম্পাদক হব বুলি খবৰ পোৱা গৈছে। ঘৰ ঘৰ কা খেল নামৰ চিৰিয়েলখনতে এনে পৰিবৰ্তন অহা কেইমাহ মানতে দেখিবলৈ পোৱা যাব বুলি চতুৰ্থ স্তম্ভ এণ্টাৰটেইনমেণ্টে খবৰ প্ৰকাশ কৰিছে। ৰবাৰ্ট ভিনদেউৱে মাটিৰ লোভ এৰি চিৰিয়েলখনতো গেষ্ট হিচাবে এক্টিং কৰিবলৈকো ৰাহুল বাবা ফেন ক্লাৱে আহ্বান জনাইছে। 

৭. অসম হাতী পাৰ্টিৰ অফিচত এতিয়া বিবাহ বাহৰ নোহোৱাক লৈ সদৌ গুৱাহাটী অভিভাৱক সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। এই ভৱিষ্যতবাণী কৰা জালুকগুটি শৰ্মাক এই বিষয়ে স্পষ্টীকৰণ দাবী কৰাৰো গোপন খবৰ। 

৮. কইনাধৰা প্ৰডাকচনে নতুন নাট “ৰাইজপাল কা লক্ষ্মণ ৰেখা” প্ৰযোজনা কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। ৰসাল গগৈ ৰচনাৰে আৰু কনপোনা গগৈৰ পৰিচালনাৰে এই নাটকখন কাজিৰঙাৰ হিৰ’ সোনামুৱা মুণ্ডায়ো অভিনয় কৰিছে বুলি জানিব পৰা গৈছে। খাৰঘূলিৰ সুন্দৰ লোকেচনত ইয়াৰ প্ৰথমভাগৰ চিত্ৰগ্ৰহণ কালি সম্পূৰ্ণ হোৱা বুলিও ৰসাল গগৈ দেৱে প্ৰকাশ কৰিছে। 

৯. বিশিষ্ট নাট্যকাৰ, অভিনেতা কৃষককান্ত গগৈৰ ৰচনাৰে “সৰ্বা-দ্যা খলনায়ক” নামৰ এখনি অসমীয়া কথাছবি নিৰ্মাণ কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। সুচতুৰ অভিনেতা গগৈয়ে নিজকে নায়ক ৰূপে প্ৰত্যাবৰ্তন কৰাৰ সপোনেৰে সৰ্বা-দ্য খলনায়ক ছবিখন নিৰ্মাণ কৰা বুলিও জানিব পৰা গৈছে। ছবিখনৰ প্ৰযোজনাৰ ধন সম্পৰ্কে এতিয়াও নিশ্চিত নোহোৱাত পদুম সংঘই নখ বাচনি মাৰিবৰ বাবেও সাজু হোৱাৰ খবৰো এতিয়া সচেতন মহলত ফাটিফুটি ওলাইছে। 

১০. অসমত এখন ৰহস্যমূলক ধাৰাবাহিক “তৃতীয় বিকল্প”ৰ চিত্ৰগ্ৰহণ চলি আছে। এই ধাৰাবাহিকত হাতী, নাঙল, ফটা ছাতি, তলা, কাচি, হাতুৰী ইত্যাদি লৈ ব্যৱসায় কৰা লোকসকলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। পিছে পৰিচালক কোন হব তাকে লৈ এতিয়াও ঠিক কৰিব নোৱাৰাত এই ধাৰাবাহিকখন ৰাজহুৱা শ বাহী হোৱাৰ পৰ্যায়লৈ অৱনতি ঘটিব বুলি সাংস্কৃতিক পৰ্যবেক্ষকে সম্ভাৱনা প্ৰকাশ কৰিছে।

No comments:

Post a Comment