Saturday, March 7, 2015

জীৱনৰ অনুভৱ

তাইক কেনেকৈ পঢ়ুৱাম?

প্ৰতিম প্ৰতাপ বৰুৱা

মোৰ এজন জ্যেষ্ঠ, সন্মানীয় বন্ধুৱে বহুতদিন আগতেই মোক শিকাইছিল– “তুমি “মানুহ” বিচাৰি ফুৰা নহয়। তুমি জীৱনৰ অভিজ্ঞতা অৰ্জন কৰিব বিচাৰা নহয়। এটা কাম কৰিবা। যিমান পাৰা সিমান মানুহৰ লগত কথা পাতিবা আৰু কথা পাতোতে তুমি সন্মুখৰ মানুহজনক নিজৰ কথাবোৰ তোমাক যিমান পাৰে সিমান খুলি ক’বলৈ বাধ্য কৰাবা। কিন্তু তুমি কেতিয়াও কোনো মানুহৰ গোপনীয়তা ভংগ নকৰিবা। তুমি আনৰ বিশ্বাসভাজন হ’বা। মানুহৰ লগত আলোচনা কৰোতে বা কথা পাতোতে আনৰ কথাখিনি কেনেকৈ শুনিব লাগে সেইটো তুমি প্ৰথমতে শিকি লোৱা। তুমি জানানে কথা পাতোতে আনৰ কথাবোৰ কেনেকৈ শুনিব লাগে? তুমি আনৰ কথাবোৰ মনোযোগ দি শুনিবা। তুমি তেওঁলোকৰ কথাবোৰ তোমাৰ সম্পূৰ্ণ অনুভূতিৰে শুনিবা। বহুতে এটা ভুল কৰে – তেওঁলোকে মাত্ৰ উত্তৰ দিবৰ বাবেহে আনৰ কথাবোৰ শুনে। তেওঁলোকে আনৰ লগত কথা পাতোতে নিজে বেছিকৈ কথা কয় আৰু নিজৰ কথাৰ মাজে মাজে আনে কোৱা কথাবোৰ শুনোতে তেওঁলোকে মাত্ৰ এটা কথাই ভাবি থাকে যে এতিয়া ইয়াৰ উত্তৰ কেনেকৈ দিব পাৰি। তেওঁলোকৰ আনৰ কথা শুনাৰ ধৈৰ্য্য নাথাকে। কিন্তু তুমি এই ভুলটো নকৰিবা। মাত্ৰ উত্তৰ দিবৰ বাবে তুমি আনৰ কথাবোৰ নুশুনিবা, তুমি তেওঁলোকৰ কথাবোৰ বুজিবৰ বাবে শুনিবা। মানুহ বিচাৰি পাবলৈ হলে তুমি তেওঁলোকে কোৱা কথাবোৰ মনোযোগেৰে, হৃদয়ৰ সমস্ত অনুভূতিৰে শুনিবই লাগিব আৰু কথাবোৰ তুমি উত্তৰ দিবলৈ নহয়, কথাবোৰ তুমি বুজিবলৈ শুনিব লাগিব। তুমি খুব ধৈৰ্য্যৰে আনৰ কথাবোৰ শুনিব লাগিব। কথাৰ মাজে মাজে তুমি মানুহজনক এটা দুটা প্ৰশ্ন কৰিবা যাতে তোমাৰ সেই প্ৰশ্নবোৰে মানুহজনক নিজৰ কথাবোৰ কৈ যোৱাত সহায় কৰে। কিন্তু প্ৰশ্ন কৰোতে সদায় এটা কথা মনত ৰাখিবা যে তোমাৰ প্ৰশ্নবোৰে তেওঁক অস্বস্তিত পেলাব নালাগিব। আৰু তুমি কেতিয়াও কোনো কথাতে ৰায়দান দিব নোৱাৰিবা। কিবা কথাত ভাল বা বেয়া বুলি ৰায়দান দিবলৈ তুমি কোন? আনৰ লগত কথা পাতোতে তুমি যদি ৰায়দান বা সিদ্ধান্ত দিবলৈ আৰম্ভ কৰি দিয়া তেন্তে মানুহজনে তোমাৰ লগত হৃদয় খুলি কথা পতা বন্ধ কৰি দিব। সেয়া তোমাৰ কাম নহয়। তোমাৰ কাম মাত্ৰ মানুহজনৰ কথাবোৰ শুনি নিজকে তেওঁৰ ঠাইত থিয় কৰাই লৈ কথাবোৰ বুজি লোৱাটো। আৰু তুমি আনৰ লগত কথা পাতোতে নিজৰ কথাবোৰ বা নিজৰ সমস্যাবোৰ তেওঁক ক’বলৈ চেষ্টা নকৰিবা, তুমি মানুহজনৰ কথাবোৰ অথবা তেওঁ কোৱা বিষয়টোৰ ওপৰতহে কথা পাতিবা। মনত ৰাখিবা মানুহজনে তোমাৰ লগত তোমাৰ বিষয়ে কথা পাতিবলৈ আগ্ৰহী নহয়, মানুহ সদায় মাত্ৰ নিজৰ কথাবোৰতহে আগ্ৰহী। এনেকৈয়ে তুমি মানুহক বুজিবা, এনেকৈয়ে তুমি মানুহৰ কাষ চাপি যাবা। ওলোটাকৈ ক’লে এনেকৈয়ে মানুহ তোমাৰ কাষ চাপি আহিব।“ 

মানুহৰ লগত কথা পাতোতে মই বন্ধুৰ এই উপদেশখিনি সদায় মনত ৰাখো আৰু সেইমতে কথা পাতিবলৈ চেষ্টা কৰো। মানুহৰ লগত কথা পতাৰ (art of talking) বা মানুহৰ কথা শুনাৰ (art of listening) যিটো কলা, সেই কলাটো আয়ত্ব কৰিবলৈ চেষ্টা কৰিছো। আগতে অনুভৱ নহৈছিল, কিন্তু এতিয়া অনুভৱ কৰো যে প্ৰায় প্ৰতিজন মানুহৰ ওচৰতেই আনক ক’বলগীয়া বহু কথা জমা হৈ থাকে। প্ৰায় প্ৰতিজন মানুহেই নিজৰ কথাবোৰ কাৰোবাক ক’ব খোজে। উপযুক্ত শ্ৰোতাৰ সন্মুখত মানুহে নিজকে খুলি দিব বিচাৰে। সমাজৰ একেবাৰে উচ্চস্থানত থকাজনৰ পৰা আৰম্ভ কৰি নিশা ৰাস্তাৰ কাষৰ ফুটপাথত শোৱা গৃহহীনজনলৈকে, মন্দিৰৰ পূজাৰীজনৰ পৰা আৰম্ভ কৰি মানুহ হত্যাকাৰী অপৰাধীজনলৈকে বহুজনৰ লগত কথা পতাৰ আৰু তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনাৰ অভিজ্ঞতা হৈছে মোৰ। সেই অভিজ্ঞতাই মোক সমৃদ্ধ কৰিছে আৰু একেসময়তে মোক শিকাইছে যে কিছুমান কথা/কাম ভাল বা বেয়া, শুদ্ধ বা অশুদ্ধ আদি বুলি একেবাৰতে সিদ্ধান্ত দি দিয়াটো উচিত নহয়। ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ সংজ্ঞা সকলো সময়তে ইমান সহজ নহয়। কি বিচিত্ৰ মানুহৰ এই জীৱন! পৰিস্থিতিয়ে, সমাজৰ কিছুমান অদ্ভূৎ নিয়মে, কিছুমান বাধ্যবাধকতাই মানুহৰ জীৱন কেনেকৈ সলনি কৰি দিয়ে, কেনেকৈ মানুহে বাধ্যত পৰি অনিচ্ছাসত্বেও কিছুমান দুখজনক সিদ্ধান্ত ল’বলগীয়া হয় সেয়া বুজি উঠিছো মানুহৰ লগত কথা পাতি। 

এটা সৰু, তেনেই সাধাৰণ কথোপকথনৰ উদাহৰণ দিছো। সিদিনা এটা সৰু কামত আমাৰ ঘৰৰ সন্মুখৰ বাটটোৰ কাষতে বহি চিলাই মেচিন এটা লৈ কাম কৰা দৰ্জীজনৰ ওচৰলৈ গৈছিলো। আগতেও সৰু-সুৰা কাম কৰাবলৈ সেই দৰ্জীজনৰ ওচৰলৈ গৈছো আৰু কাপোৰবোৰ দি গুছি আহিছো, পিছত গৈ কাপোৰবোৰ লৈ আহিছো, কিন্তু কোনোদিন তেওঁৰ লগত তেনেকৈ কথা পতা নাই। সিদিনা এটা সৰু কাম লৈ তেওঁৰ ওচৰলৈ গৈ তেওঁক ক’লো – “তুমি মোৰ কামটো এতিয়াই কৰি দিয়া। মই বাট চাইছো। একেবাৰতে লৈ যাম, আকৌ এবাৰ নাহো আৰু।“ দৰ্জীজনে কাম আৰম্ভ কৰিলে আৰু মই তেওঁৰ লগত কথা পতা আৰম্ভ কৰিলো – 
- আৰু কোৱাচোন। কেনে আছা? 
- ভালেই আছো চাৰ।
- আজি দেখোন তোমাৰ ওচৰত সিমান কাপোৰ নাই। আজি সিমান কাম নাই নেকি? 
- নাই চাৰ, আজি সিমান কাম নাই। ইমান ঠাণ্ডা বতৰ। এনেকুৱা বতৰত আমাৰ সিমান কাম নাথাকে। 
- এদিনত কিমান টকা উপাৰ্জন কৰা? 
- কৰো আৰু। সদায় একে নাথাকে। 
- তথাপিও কোৱাচোন বাৰু। 
- কেতিয়াবা ৩০০ টকা, কেতিয়াবা ৪০০ টকা। 
- তুমি ক’ত থাকা? 
- নৰেলাত।
- নৰেলা? ইয়াৰ পৰা নৰেলালৈ ৩০-৩৫ কিলোমিটাৰ। তুমি সদায় ইমান দূৰৰ পৰা আহা? 
- আগতে ইয়াতে আছিলো। আজিকালি নৰেলাত থাকো। মই তাত ৫০ গজ মাটি কিনিছিলো বহুতদিন আগতে। এতিয়া তাতে দুটা কোঠাৰ ঘৰ এটা সাজিলো।
- বা:। খুব ভাল কথা। তুমি মাটি কিনা কিমান দিন হ’ল? কিমানত কিনিছিলা? 
- বহুতদিন হ’ল। তেতিয়া চিনাকী মানুহ এজনৰ যোগেদি সেই মাটিখিনি ১লাখ টকাতে পাইছিলো। এতিয়া সেইখিনিৰ দাম ১৫ লাখ হ’ল। 
- খুব ভাল কথা। জানি খুব ভাল পালো। এয়াহে পৰিশ্ৰমৰ ফল। নিজৰ ঘৰত থকাৰ সুখ বেলেগ। নহয় জানো? বাৰু, তুমি বিহাৰৰ নহয় জানো? 
- হয় চাৰ। বিহাৰৰ সমষ্টিপুৰৰ। দিল্লীত প্ৰায় ২৫ বছৰমান হ’ল। ইয়াৰ আগতে মই দিল্লীৰ কেইবাখনো কাপোৰৰ দোকানত কাম কৰিছো। 
- তোমাৰ ঘৰত আৰু কোন কোন আছে? 
- পত্নী আৰু সন্তান দুটি। সিহঁত ১৬ আৰু ৯ বছৰীয়া। দুয়োটাই পঢ়ি আছে।
- খুব ভাল কথা। সিহঁতক খুব ভালকৈ পঢ়ুৱাবা। তাৰ কাৰণে তুমি যিমান বেছি প্ৰয়োজন হয় সিমান বেছিকৈ কাম কৰা, লাগিলে তোমাৰ পত্নীকো এই কামবোৰ শিকাই লোৱা। কিন্তু সিহঁতক তুমি পঢ়োৱাবাই। সিহঁত তোমাতকৈ ডাঙৰ মানুহ হ’ব লাগিব। 
- নাজানো চাৰ! কেনেকৈ কি কৰিব পাৰো চাওঁ। নোৱাৰিম চাগে। ছোৱালীজনী ১৬ বছৰীয়া হ’লহি। আৰু দুবছৰমান পিছত তাইক বিয়া দিব লাগিব। 
মই তেতিয়াহে গম পালো দৰ্জীজনৰ প্ৰথম সন্তানটি ছোৱালী। ইয়াৰ আগলৈকে “মেৰে দ’ন’ বচ্ছে” বুলি কওঁতে মই সন্তানদুটি লৰা নে ছোৱালী ধৰিব পৰা নাছিলো।

দৰ্জীজনক পুনৰ সুধিলো – 
- দুবছৰমান পিছত মানে? ইমান সোনকালে তাইক কিয় বিয়া দিবা? 
- আৰে! আপুনি নাজানে নেকি? আমাৰ তাত ছোৱালীবোৰক ১৮-১৯ বছৰ বয়সত বিয়া দিব লাগে। তাতকৈ দেৰী হ’লে ভাল ল'ৰা পোৱা নাযায়। আপুনিতো জানেই আমাৰ ছোৱালীৰ বিয়াত যৌতুক দিবলগীয়া হয়। মোৰ ছোৱালীজনীক বিহাৰৰ আমাৰ গাঁৱলৈ নি তাৰে লৰাৰ লগত বিয়া দিম। দিল্লীৰ লৰাৰ একো বিশ্বাস নাই। কিন্তু যৌতুকত কমেও ১ লাখ টকা নগদ ধন দিব লাগিব। তাৰোপৰি সোণৰ অলংকাৰ, টিভি, কুলাৰ, আলমাৰী, চোফা, বাচন-বৰ্তন, কাপোৰ-কানি আদি দিব লাগিব। লগতে খোৱা-বোৱা আছেই। কমেও ৫ লাখ টকা লাগি যাব। ক’ৰপৰা পাম? মোৰ কামটো আপুনি দেখিছেই। গতিকে হাইস্কুলৰ পিছত তাইক আৰু নপঢ়োৱাও।
- কিন্তু তাই যদি পঢ়িবলৈ মন কৰে তেতিয়া? 
- তাই মন নকৰে চাৰ। তাইক বিহাৰলৈ লৈ যাম।
- তুমি সঁচাকৈ কৈছানে যে তাই পঢ়িবলৈ মন নকৰে? আৰু তাই ইমান কম বয়সতে বিয়া হ’বলৈ মন কৰিবনে? 

কিছু সময় মনে মনে থাকি দৰ্জীজনে পুনৰ ক’লে – 
- মই নাজানো। কিন্তু তাইৰ যৌতুকৰ বাবে মই টকা গোটাবই লাগিব। তাইক পঢ়ুৱাই থাকিলে টকা গোটাব নোৱাৰিম। তাই যদি ল'ৰা হ’লহেঁতেন তেতিয়া অসুবিধা নাছিল। ওলোটাই আমিহে যৌতুক পালোহেঁতেন। 
- তাৰমানে তুমি যৌতুক প্ৰথা সমৰ্থন কৰা। 
- মই নাজানো। কিন্তু আমাৰ সমাজত এয়াই নিয়ম। মই এতিয়া দুই-আঢ়ৈ বছৰৰ ভিতৰতে ৫ লাখ টকা গোটাবই লাগিব। নহ’লে ছোৱালীজনীক বিয়া দিব নোৱাৰিম। 

ইতিমধ্যে তেওঁ মোৰ কামটো কৰি অঁতাইছিল। তেওঁক সুধিলো – কিমান দিব লাগিব? তেওঁ ক’লে – “একো নালাগে চাৰ। আপুনি ইমান সময় থিয় দি কথা পাতিলে। আপোনাৰ লগত কথা পাতি মনটো ভাল লাগি গ’ল।"

মই ক’লো – “আৰে! সেইটো আকৌ কেনেকুৱা কথা? তুমি কাম কৰিছা, কামৰ বিনিময়ত তোমাৰ প্ৰাপ্যখিনি তুমি ল’বই লাগিব। আমাৰ বন্ধুত্ব নিজৰ ঠাইত আৰু তোমাৰ কাম নিজৰ ঠাইত।“ এইবুলি মই তেওঁলৈ পঞ্চাছটকীয়া এখন আগবঢ়াই দিলো। তেওঁ ১০ টকা ৰাখি বাকীখিনি মোক ঘূৰাই দিলে – “আপ্‌নে মোঝে দোষ্ট ব’লা চাৰ।" মই ক’লো – “হা। তুম মেৰে দোষ্ট হ’। হ’ কি নেহী? হা? কিন্তু ছোৱালীজনীক পাৰিলে পঢ়ুৱাবা। চেষ্টা কৰিবাচোন, পাৰিবা। আৰু তাইৰ বিয়ালৈ মোক মাতিবা। মাতিবা নে নামাতা?"

উভতি আহিলো। মনলৈ ভাব আহিল – এনেকৈয়ে কিছুমান সামাজিক নিয়মে, কিছুমান ধ্যান-ধাৰণাই, কিছুমান কথাই, কিছুমান পৰিস্থিতিয়ে, কিছুমান বাধ্যবাধকতাই এজন পিতৃক অসহায় কৰি তোলে। তেওঁক কিছুমান কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। এনেকৈয়ে একো একোজনী কম বয়সীয়া ছোৱালীৰ বহুত সপোন মনতে মাৰ যায়। 

মানুহে মানুহৰ বাবে, সমাজৰ বাবে কৰিবলগীয়া বহুত কাম বাকী আছে। মানুহৰ লগত কথা পাতিলে বহুত কথা গম পোৱা যায়। 

No comments:

Post a Comment