পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কৰ্ণাটকৰ গুলবাৰ্গৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় মহিলা কবি সন্মিলনত ডিব্ৰুগড়ৰ কবি নিৰদা গগৈক সন্মানীয় গাৰ্গী এৱাৰ্ড, ক্ষীৰদা দেৱীক সুলভ সাহিত্য অকাডেমি বঁটা আৰু চিন্ময়ী গগৈক মিছ পপুলাৰ সন্মানেৰে সন্মানিত কৰাৰ সুখবৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা সন্মিলনখনত অসমৰ সাতাইশ গৰাকী মহিলা কবিয়ে অংশগ্ৰহ কৰিছে। অসমৰ প্ৰতিনিধি সকলে দ্বি-ভাষিক কাব্য সংকলন “নৱ-মল্লিকা” প্ৰকাশ কৰি উন্মোচন কৰাৰ উপৰিও নৃত্য-গীত, গৱেষণা পত্ৰ আদিৰে ভূয়শী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

২. অসমৰ গৌৰৱ ডঃ গুণাৰাম খনিকৰৰ জন্মদিনত কালি উন্মোচিত হয় ১৬৪পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থ। ফৰকাটিঙত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক ডঃ চাল্লা চাৰিৱালাই খনিকৰদেৱৰ একত্ৰ প্ৰচেষ্টাত প্ৰায় বাৰশ বনৌষধিৰ সংৰক্ষণৰ বিৰল কাৰ্যৰ প্ৰশংসা কৰে। সম্পূৰ্ণ কাৰ্যসূচী গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই বাণীবন্ধ কৰাৰ লগতে ডঃ খনিকৰৰ এক সাক্ষাতকৰো গ্ৰহণ কৰে। দুদিনীয়াকৈ এই জন্মদিনৰ কাৰ্যসূচী পালিত হয়।

৩. চলিত বৰ্ষৰ মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ ১০দনীয়া চূড়ান্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয়ে লেখক অমিতাভ ঘোষে। এই বঁটাৰ চূড়ান্ত ফলাফল অহা ১৯ মে’ত লণ্ডনত ঘোষণা কৰা হব।

৪. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত “সূৰ্য”ৰ নিবেদন “পদ্মা, কুন্তী ইত্যাদি” নাটকখন অহা ২৬ মাৰ্চৰ সন্ধিয়া ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হব। নাটখনিৰ ৰচনা অৰুণ শৰ্মা, পৰিকল্পনা আৰু পৰিচালনা নয়ন প্ৰসাদৰ।

৫. ভাৰতীয় ৰেল’ৱেই যাত্ৰীৰ অভিযোগ পঞ্জীয়নভুক্ত কৰিবলৈ ম’বাইল এপচ মুকলি কৰিছে। অভিয়োগ সমূহ www.coms.indianrailways.gov.in ৰ দ্বাৰা আৰু ৯৭১৭৬৩০৯৮২ নম্বৰত অভিযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। অভিযোগ দাখিলৰ পাছত অগ্ৰগতিৰ খতিয়ান লোৱাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই পদ্ধতিটোক অভিযোগ পৰিচালন পদ্ধতি (চিঅ’ এম এছ)  বুলি নামাকৰণ কৰা হৈছে।

৬. কালি ঘোষিত হৈছে ৬২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। “কুইন” ছবিলৈ শ্ৰেষ্ঠ হিন্দী ভাষাৰ ছবিৰ বঁটা তথা কংগনা ৰানাৱতলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। “মেৰি কম” ছবিলৈ শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা আগবঢ়োৱাৰো সুখবৰ। ৰজত কলম বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল অসমীয়া চলচ্চিত্ৰ অথেল’ আৰু ৰাভা ভাষাৰ ছবি অৰং। আঞ্চলিক ভাষাৰ শিতানত অসমীয়া আৰু ৰাভা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান কঢ়িয়ালে এই দুখন ছবিয়ে।

৭. বিশ্বৰ ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে গঁড় গণনা। ৮১ টা খণ্ডত ভাগ কৰি এই গঁড় গণনাৰ কাম আৰম্ভ কৰা হৈছে। ২৪৩জন গণনা কৰ্মীৰে ৪৫টা হাতী ব্যৱহাৰ কৰা হব আৰু অহা ২৫,২৬ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী বন্ধ থাকিব বুলিও বনবিভাগৰ সূত্ৰত প্ৰকাশ।

৮. গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত আন্তৰ্জাতিক খ্যাতি সম্পন্ন চিত্ৰ নিৰ্মাতা অদূৰ গোপালকৃষ্ণনে অহা ৩০ মাৰ্চত প্ৰদান কৰিব নৱম জ্যোতিপ্ৰসাদ আগৰৱালা স্মাৰক বক্তৃতা। এই স্মাৰক বক্তৃতাৰে চিনে ক্লাৱৰ সোণালী জয়ন্তী উদযাপনৰো শুভাৰম্ভ হব বুলি জানিব পৰা গৈছে।

৯. বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল আছুৰ দুধনৈ অধিৱেশন। দশকযোৰা নেতৃত্বই দ্বায়িত্ব দিলে নতুন প্ৰজন্মক। নতুন সভাপতি ৰূপে নিৰ্বাচিত হ’ল গোৱালপাৰাৰ দীপাংক কুমাৰ নাম আৰু সম্পাদক নিৰ্বাচিত ডিব্ৰুগড়ৰ লুৰিণজ্যোতি গগৈ।

১০. অসমত ২০১৬ মে’ৰ পূ্ৰ্বেই বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি প্ৰকাশ কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই। অসমীয়াৰ সংজ্ঞা অসম চুক্তি মৰ্মেই নিৰ্ধাৰণ কৰিবলৈ বিধান সভাৰ অধ্যক্ষক স্থিতি জনালে আমছুৱে।

No comments:

Post a Comment