পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খ‌ৱৰবোৰ
১) 'মায়া চেঞ্জী' নামৰ এগৰাকী তামিল যু‌ৱতীয়ে অসমীয়া ভাষা সাহিত্যৰ ঐতিহ্যক বিশ্ববাসীৰ আগত পৰিচয় দিয়াৰ উদ্দেশ্যে তামিল ভাষালৈ অনুবাদ কৰিছে 'নামঘোষা'। সম্প্ৰতি ডিব্ৰুগড়ৰ বো‌ৱাৰী এইগৰাকী তামিল নাৰীয়ে ইতিমধ্যে বৰগীতৰো হিন্দী অনুবাদ সম্পূৰ্ণ কৰিছে। লোকবাদ্য শিল্পী মাধ‌ৱ কৃষ্ণ দাসৰ পত্নীয়ে এই শুভ কৰ্মটিৰ বাবে ঘৰৰ শাহু-শাহু‌ৱেকৰ পৰা উৎসাহ আৰু সহযোগিতা পাইছে ।

২)   যদিও কিছু আপুৰুগীয়া অসমীয়া ছ‌ৱি সংৰক্ষণ কৰিব পৰা নগ'ল, তথাপি বৰ্তমানে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমে এটা আৰ্কাইভ আৰু সংগ্ৰহালয় স্থাপন কৰি এতিয়ালৈকে মুঠ ১২৯ খন ছ‌ৱি সংৰক্ষণ কৰা হৈছে । এনে সংৰক্ষিত হৈ থকা ছ‌ৱিৰ ভিতৰত কেইখনখনমান পুৰণি চলচ্চিত্ৰ হ'ল- জয়মতী, যোগ-বিয়োগ, ৰশ্মিৰেখা, অস্তৰাগ, সোণৰ হৰিণ, শকুন্তলা আদি ।

৩)  বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ প্ৰশাসনে জিলাখনত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪  ধাৰাৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ব্যহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহৰ বুকুত সন্ধিয়াৰপৰা পু‌ৱালৈকে যিকোনো ধৰণৰ নাওঁৰ চলচল নিষিদ্ধ কৰিছে ।

৪) আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)ৰ মূৰব্বী ক্ৰিষ্টিন লাগাৰ্ডে কালি নতুন দিল্লীত ভাৰতৰ  প্ৰধান মন্ত্ৰীৰ সতে আলোচনাত মিলিত হো‌ৱাৰ আগেয়ে মন্তব্য প্ৰকাশ কৰে যে ভাৰত বৰ্তমানে বিশ্ব অৰ্থনীতিৰ 'গুৰুত্বপূৰ্ণ শক্তি'ৰ দিশে ধা‌ৱমান । লাগাৰ্ডে আৰু কয় যে ভাৰত হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী অৰ্থনৈতিক শক্তি, যিয়ে নিকট ভ‌ৱিষ্যতত বিশ্বৰ অৰ্থনীতিত প্ৰভা‌ৱ বিস্তাৰ কৰিব ।

৫) 'যুগশংখ ' কাকতৰ প্ৰতিষ্ঠাতা ভগীৰাথ বৈধ্যনাথ নাথৰ ১০৮ তম জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে আগবঢ়াই অহা 'যুগশংখ সাহিত্য বঁটা' এইবেলি লাভ কৰিছে ড০ অনিমা গুহে । অন্যহাতে এইবছৰৰৰ 'যুগশংখ সাংবাদিকতা বঁটা' লাভ কৰিছে সাংবাদিক ন‌ৱজিৎ ভাগ‌ৱতী, নিখিল তালুকদাৰ, ইমামুদ্দিন চৌধুৰী আৰু মৌচমজ্যোতি বৈশ্যই । 

৬) অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটো‌ৱাৰ উদ্দেশ্যে আজিৰে সোনাৰাম উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰিছে 'মহাবাহু উৎস‌ৱ'ৰ ।সমাৰোহত পৰম্পৰাগত হস্তশিল্প আৰু কৃষিজাত সামগ্ৰী প্ৰদৰ্শন, চিত্ৰ-ভাষ্কৰ্য প্ৰদৰ্শন,  জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যসম্ভাৰ, শিশুৰ বাবে ক্ৰীড়া, বলুকা-শিল্প ইত্যাদি উপলব্ধ হ'ব ।

৭) গোসাইগাওঁ মহকুমাৰ ন‌ৱনিযুক্ত মহকুমাধিপতি মনোজ বৰু‌ৱাই অঞ্চলটোত বিভিন্ন ব্য‌ৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্তাধিকাৰীসমূহক তেওঁলোকৰ নামফলক বা বেনাৰ সমূহত অসমীয়া নাইবা বড়ো ভাষা ব্য‌ৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। পূৰ্বে কোনো প্ৰশাসনীয় বিষয়াই আজিকোপতি হাতত নোলো‌ৱা এনে কাৰ্যৰ বাবে বৰু‌ৱাক সুধী সমাজে প্ৰশংসা কৰিছে ।

৮) আন্তৰাষ্ট্ৰীয় বজাৰত  সোণৰ মূল্য  হ্ৰাস পাইছে । পূৰ্বৰ দামতকৈ ৭০ টকা কমি বৰ্তমানে দহ গ্ৰাম সোণৰ মূল্য ২৬,৩৫০ টকা হৈছে নতুন দিল্লীত ।

৯) তীৰ আৰু শেষ নাম্বাৰ লটাৰীৰ মুকলি বেহা চলি থকা বুলি বিভিন্ন অভিযোগ পো‌ৱাৰ পাছত অভয়াপুৰী প্ৰশাসনে কালি অভিযান চলাই বহু নথিপত্ৰসহ ৫ জন লোকক আটক কৰে । প্ৰশাসনৰ এনে কঠোৰ স্থিতি অসমৰ অন্য ঠাইতো অতিকেই প্ৰয়োজনীয় বুলি আলোচিত হৈছে ।

১০) কালি কাজিৰঙাত বনমন্ত্ৰী এটো‌ৱা মুণ্ডাই ঘোষণা কৰে যে অতি শীঘ্ৰেই ৰাজ্যৰ বন বিভাগত ১৫০০ জন বনকৰ্মীৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। এই নিযুক্তিত স্থানীয় শিক্ষিত নিবনু‌ৱা সকলক প্ৰাধান্য দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে ।
যুগুতালে অৰুণজ্যোতি দাসে

No comments:

Post a Comment