পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সাহিত্য অকাদেমিয়ে ২০১৪ চনৰ অনুবাদ সাহিত্যৰ বঁটাসমূহ ঘোষণা কৰিছে। অসমীয়া ভাষাৰ বাবে ২০১৪ চনৰ সাহিত্য অকাদেমিৰ অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট লেখক-অনুবাদক বিপুল দেউৰীলৈ। আমিশ ত্ৰিপাঠীৰ বিখ্যাত গ্ৰন্থ “দ্য ইম্মৰটেলছ অৱ মেলুহা”ৰ অসমীয়া ৰূপান্তৰৰ বাবে এই বঁটা দেউৰীদেৱলৈ আগবঢ়োৱাৰ সুখবৰ।

২. অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ নামত ৰাজ্য চৰকাৰে এটা ৰাজ্যিক বঁটা প্ৰৱৰ্তন কৰিব বুলি কালি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই সিদ্ধান্তক ৰাজ্যৰ বৌদ্ধিক মহলৰ লগতে শ্বহীদগৰাকীৰ জন্মস্থান দিখৌমুখবাসীয়েও বিপুল আদৰণি জনাইছে।

৩. অসম বিধান সভাত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা এইবৰ্ষৰ বাজেটত হস্তনিৰ্মিত সোণ ৰূপৰ অলংকাৰ, মহিলাই ব্যৱহাৰ কৰা সামগ্ৰী, এম্ব্ৰইডাৰী, খাৰু, পাঁচশ টকাৰ কম মূল্যৰ শাড়ী, লেখন সামগ্ৰী, স্কুলৰ বেগ, ৰেচম শিল্প, চিল্ক সূতা, কেনছাৰ ৰোগৰ ঔষধ, ঔষধযুক্ত অক্সিজেন, যান-বাহনৰ প্ৰৱেশ কৰ, এম্বুলেঞ্চ কঢ়িওৱা ভেনৰ কৰ, অসমত বনোৱা বিলাতী সুৰা ৰপ্তানি কৰ আদি হ্ৰাস কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৪. অসমৰ এইবৰ্ষৰ বাজেটত প্ৰতিশ্ৰুতিৰ সমাহাৰ ঘটাৰ লগতে বহু পুৰণা আঁচনিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ লোৱা হৈছে, লগতে ছখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ ওলোৱা বুলিও ঘোষণা কৰা হৈছে। ৰাজ্যিক কৰ্মচাৰীৰ বাবে দৰমহা আয়োগৰ গঠন, মহিলা কৰ্মচাৰীলৈ দুটা নাবালক শিশু পৰ্যন্ত সৰ্বোচ্চ দুবছৰৰ বাবে শিশু প্ৰতিপালন ছুটী মঞ্জুৰ কৰাৰো প্ৰস্তাৱ ৰখা হৈছে বুলি সুখবৰ প্ৰকাশ পাইছে।

৫. ডিমাপুৰৰ বৰ্বৰ কাণ্ডৰ বাবে কালি কেন্দ্ৰীয় আৰু নগালেণ্ড চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নগালেণ্ৰ কাৰাগাৰ মহাপৰিদৰ্শকক ডিমাপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ অধিবক্তা ৰাজীৱ কলিতাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই জাননী জাৰি কৰিছে।

৬. “কল্প”ৰ উদ্যোগত আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ, সংগীত নাটক অকাডেমীৰ সহযোগত তেজপুৰৰ মহাভৈৰৱ মন্দিৰ প্ৰাগংণত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সপ্তম প্ৰাগজ্যোতি আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোতসৱৰ। সূুদূৰ কলম্বিয়াৰ নৃত্যশিল্পী কেৰলিনা প্ৰডাই শিৱৰ নটৰাজ নৃত্যৰ প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰা বুলিও জানিব পৰা গৈছে।

৭. কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা ভূমি অধিগ্ৰহণ বিযেকখনত কালি ৯টাকৈ সংশোধনীৰ প্ৰস্তাৱ লোকসভাত গৃহীত হয়। বিৰোধী দলে ৫২টা সংশোধনীৰ প্ৰস্তাৱ দিছিল যদিও শাসকদল তাত ৰাজী নহ’ল। এতিয়া ৰাজ্য সভাত শাসক দল সংখ্যা গৰিষ্ঠতা নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সংশোধনী বিধেয়কৰ ভৱিষ্যত কি হব সেয়া অতিশয় লক্ষণীয় হব।

৮. “নিৰৱধি গধূলি” শীৰ্ষক শ্ৰব্য চিডি এখন যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয়। শিল্পী কিশোৰ নাথ, জয়ন্তী ডেকা আৰু দিবাকৰ বৰাই কণ্ঠদান কৰা চিডিখন উন্মোচন কৰে বিশিষ্ট শিল্পী জে পি দাস আৰু কুল বৰুৱাই। ধ্ৰুৱ প্ৰডাকচনৰ নিবেদন এই চিডিখনৰ প্ৰযোজিকা সবিতা দাস নাথ আৰু সংগীতসজ্জা অভিজিত বৰ্মনৰ।

৯. কালি বালিপাৰা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন শৈলী শিক্ষা বিষয়ক এখনি ছয়দিনীয়া শিবিৰ অনুষ্ঠিত হৈছে। এইট ব্ৰাদাৰ্ছ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগতে এই শিবিৰ অনুষ্ঠিত হৈছে।

১০. অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত অসমৰ সমূহ জাতি-জনগোষ্ঠী আৰু বৃহত্তৰ সমাজ জীৱনৰ মাজত সমন্বয় সূত্ৰ স্থাপনৰ বাবে ২০১৩ চনৰে পৰা অনুষ্ঠিত কৰি অহা “সেতুবন্ধন” এইবাৰ অহা ১৪-১৫ মাৰ্চত ধুবুৰী জিলাৰ সত্ৰশালৰ শ্ৰীশ্ৰীৰামৰায় কুঠী সত্ৰৰ নৰনাৰায়ণ ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। কেন্দ্ৰীয় জনজাতি উন্নয়ন মন্ত্ৰী জুৱেল অৰামেও অংশ লব লগা মুকলি সভাত স্মৰণিকা “শুক্লধ্বজ” উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই।

No comments:

Post a Comment